দ্যা অ’পেন উইণ্ড’ – মেঘালী দিহিঙ্গীয়া
“এয়া ল৷ বোকাখাতত আৰু গাড়ীৰপৰা নামিব নালাগে, একেবাৰে জখলাবন্ধাতে কিবা এটা খাই লবি৷”
বাছৰ খিৰিকীৰে ডাঙৰদাই টোপোলা এটা আগবঢ়াই দিলে৷ দুটা চিপচৰ পেকেট, এটা মেংগ জ্যুচৰ বটল আৰু এপেকেট বাদাম… গোটেইকেইটাই মোৰ পচন্দৰ বস্তু৷ বিশেষকৈ অলপ দূৰলৈ বুলি যাত্ৰা কৰোতে বাছত উঠিয়ে প্ৰথমে মই এইকেইটা বস্তুৱে গোটাই লওঁ৷ যাত্ৰাৰ বিৰক্তিও কমে, পেটৰ ভোকো গুচে৷ ডাঙৰদাই জানে, সেয়ে মই নোকোৱাকৈয়ে আনি দিছে৷
“এভ’মিন এটা আনি দিওঁ নেকি? “ সদায়ে সোধাৰ দৰে ডাঙৰদাই আজিও সুধিলে৷
“নালাগে হেৰৌ, এভ’মিন আকৌ কিয়? মোৰ দেখোন বাছত বমি হ’বলৈ কেতিয়াবাই এৰিলে৷ “
কিঞ্চিত বিৰক্তি দেখুৱাই কথাটো ক’লো যদিও মনে মনে অলপ হাঁহিও উঠিল, ইহঁতে এতিয়াও মোক সৰু ছোৱালী বুলিয়ে ভাবে৷ মোৰ প্ৰতিটো সৰু সুৰা কথাই মনত ৰাখে৷ নহ’লেনো বাৰু শিৱসাগৰৰপৰা অহা ডাইৰেক্ট বাছখন নাপালো বুলিয়ে যোৰহাট পাবহিনে মোক তেজপুৰৰ গাড়ীত উঠাবলৈকে৷ প্ৰায় তিনিবছৰেই হ’ল তেজপুৰত চাকৰিটো পোৱাৰ, তাৰে দুটা বছৰ যিমানবাৰ ঘৰলৈ অহাযোৱা কৰিলো, প্ৰতিবাৰেই নিবলৈ আৰু থবলৈ ডাঙৰদাই হওক বা সৰুদাই হওক তেজপুৰ পায়হি৷ সিহঁতৰ মানেকত মই এতিয়াও ভূ-ভাৰস্তৰ আও ভাও নোপোৱা এজনী সৰু ছোৱালী৷ খঙো উঠে, উপায়ো নাই… মা-দেউতাৰো চিন্তা, ছোৱালীজনী আগতে কলেজলৈকো অকলে গৈ পোৱা নাই, ইমানদূৰ বাট কেনেকৈ অহা যোৱা কৰিব৷ এইবছৰৰ পৰাহে মোৰ থেনথেননিত অতিষ্ঠ হৈ দেউতাই মোক অকলে অহা-যোৱা কৰাৰ পাৰ্মিশ্বন দিছে, পিছে সেই একেই… কোনোবা এটাই আহি বাছত মোৰ সুবিধা হোৱাকৈ খিৰিকী কাষৰ ছিটটোত বহাই দিয়াৰপৰা মিছন চাৰিআলিত নামি একেবাৰে ৰুমত নোসোমোৱালৈকে প্ৰায় ত্ৰিশবাৰমান ফোন কৰিব৷
বাছখন প্ৰায় ভৰ্তিয়ে হ’ল, এৰিবলৈ আৰু পাঁচমিনিটমান আছে৷ পচন্দ মতেই বাওঁফালে তৃতীয় শাৰীত খিৰিকী কাষৰ ছিটটো পালো৷ তেজপুৰলৈ যাওঁতে বাছৰ খিৰিকীৰে বাদাম চোবাই চোবাই কাজিৰঙা আৰু বুঢ়াপাহাৰৰ সেউজীয়া খিনি উপভোগ কৰাৰ মজাই সুকীয়া৷ বাছত টোপনি যোৱাৰ অভ্যাস টোও একেবাৰেই নাই, সেয়ে সদায় খিৰিকী মুখৰ ছিটটোকে বিচাৰো৷
বাছখন ষ্টাৰ্ট দিলে, কেবিনৰ আৰু শেষৰ ফালৰ ছিট দুটামান খালী হৈ আছে, বাইপাছত ভৰ্তি হৈ যাব৷ মোৰ কাষৰ ছিটটোতো এতিয়ালৈকে কোনো বহিবলৈ অহা নাই৷ কোন বা আহে, যোৱাবাৰ তামোলতি বুঢ়ী এজনীৰ লগত বহি কমখন হাৰাশাস্তি খোৱা নাই৷ দহমিনিটৰ মূৰে মূৰে বুঢ়ীৰ তামোলৰ পিক পেলাবৰ হয় আৰু প্ৰতিবাৰেই খিৰিকীৰে পিক পেলাওঁতে মোৰ গাৰ ওপৰত বুঢ়ীৰ গাৰ ৮০% ওজন এৰি দিয়ে৷ শেষত উপায়হীন হৈ বোকাখাতৰ পৰা বুঢ়ীক মোৰ প্ৰিয় ছিটটো এৰি দিব লগা হ’ল৷
বাছখনে গতি ললে৷ ডাঙৰদাই খিৰিকীৰ কাষ চাপি আহি ক’লে, “ডাঙৰবেগটো ডিকিত ভৰাই দিছো, লেপটপৰ বেগটো তোৰ ছিটৰ ওপৰত৷ পাৰ্ছ আৰু ম’বাইল ভালকৈ ধৰি লবি, বৰকৈ টোপনি নাযাবি৷ ম’বাইল চাইলেণ্ট কৰি নথবি, মাহঁতে ফোন কৰিব৷ ভালকৈ যাবি৷ “
মই হাত জোকাৰিলো৷ ডাঙৰদাৰ হাতখন লাহে লাহে নেদেখা হৈ আহিল৷ এইবাৰ কাণত ইয়াৰফোন লগাই ভালকৈ আঁউজি বহি ললো৷ কাষৰ ছিটটো এতিয়াও খালী৷ পিছলৈ এবাৰ চালো, প্ৰায়বোৰ আসনেই ভৰ্তি হ’ল৷ সোঁফালে মই বহা ছিটৰ সমান্তৰালকৈ থকা ছিট দুটাত পেয়াৰ এটা, ছিট দুটা লৈছে, কিন্তু দেখাত এটা ছিটত বহা যেনেই লাগিছে৷ তাৰ আগত এহাল বুঢ়া বুঢ়ী৷ পাছলৈ সৰু ছোৱালী দুজনী, সিহঁতৰ পাছতে মানুহ এহাল, হয়তো ছোৱালী দুজনীৰ মাক-দেউতাক৷ দেউতাকজনে মাকলৈ পলিথিন কেইটামান আগুৱাই দিছে, হয়তো ৰাস্তাত বমি হ’ব বাবে আগতীয়া ব্যৱস্থা৷
দৃশ্যটো দেখি মোৰ হাঁহি উঠিল, মেট্ৰিক দিয়াৰ আগলৈকে ময়ো গাড়ীত উঠিবই নোৱাৰিছিলো, উঠিলেই বমি হয়৷ এই কথাটো লৈ সৰুদাৰ যে কিমান আপত্তি আছিল, সি অলপ বেছি চিকচাক বাবে৷ তেতিয়াও মোক খিৰিকী কাষৰ ছিটটোৱে দৰকাৰ হৈছিল সদায়৷ পাছলৈ কিন্তু কেনেকৈ নাজানো, মোৰ এই বেমাৰটো নিজে নিজে ভাল হৈ গ’ল৷ এতিয়া বাছত বহুত দূৰলৈকে গ’লেও মোৰ একো অসুবিধা নহয়৷ অৱশ্যে সেই আগৰ কথা মনত ৰাখিয়ে ডাঙৰদাই এতিয়াও মোক বাছত উঠিলেই এভ’মিন খোৱাৰ কথা কয়৷
বাইপাছত বাছখন কিছুসময়ৰ বাবে ৰ’ল৷ প্ৰায় ২৭/২৮ বছৰীয়া ডেকা এজন ফোঁপাই-জোঁপাই বাছখনত উঠিল, আৰু ইফালে সিফালে চাই মোৰ কাষৰ ছিটটোতে বহি ললে৷ মই কেৰাহিকৈ চালো এবাৰ, মক্কেলটো বেয়া নহয়৷ হওক তেও, যোৱাবাৰ তামোলৰ পিকত হোৱাৰ দৰে দুৰৱস্থা অন্তত নহয় এইবাৰ মোৰ৷
পাঁচমিনিটৰ পাছত বাছখনে আকৌ গতি ললে৷ খিৰিকীৰে বাহিৰলৈ চাই ম’বাইলত শুনি থকা গানৰ ভলিউম বঢ়াই দিলো৷ লাইফ ইন এ মেট্ৰ’ৰ মোৰ প্ৰিয় গানকেইটা৷
তেনেতে মন কৰিলো, মোৰ সহযাত্ৰীজনে উচপিচাই আছে৷ এওঁৰ আকৌ কি বা হ’ল! ভালকৈ লক্ষ্য কৰিলো এইবাৰ… অবিন্যস্ত চুলি, চেভ নকৰা দাড়ি, ব্লু টি ছাৰ্ট, সামান্য বিবৰ্ণ জিনচ্, ৰীবকৰ ডুপ্লিকেট জোতা, চকুত সস্তীয়া চানগ্লাছ, হাতত এটা ক’লা ৰঙৰ পুৰণি পুমা বেগ৷ কিছু দুশ্চিন্তাই লগ দিলে মোক, সামান্য উঠি লেপটপৰ বেগটো নমাই হাতত ললো৷ ক’বতো নোৱাৰি, আজিকালি কি কি ধৰণৰ ঘটনা ঘটি থাকে৷
বাছখন তীব্ৰবেগেৰে আগবাঢ়িছে৷ যাত্ৰীসকলে শোৱাৰ যো-জা কৰিছে৷ এইফালে মোৰ সহযাত্ৰীজনৰ উচপিচনি কমা নাই, কপালত বিন্দু বিন্দু ঘাম৷ মোৰ মনত এটা ভয়ে খুন্দিয়ালে, যুৱকজন কোনো সশস্ত্র সংগঠনৰ সদস্য নহয়তো, বাছৰ ভিতৰতো ছানগ্লাছযোৰ কিয় পিন্ধি আছে? চকুহাল লুকুৱাই ৰখাৰ কি কাৰণ থাকিব পাৰে! হাতৰ বেগটো ইমান জোৰেৰে খামুচি কিয় ধৰি আছে, বোমা চোমা লুকুৱাই অনা নাইতো বেগত!
বোমা? ? কলিজাটো ধপধপাই উঠিল মোৰ, ভয়ে ভয়ে এবাৰ যুৱকজনৰ মুখলৈ আৰু আনবাৰ বাছখনৰ যাত্ৰীবোৰৰ মুখলৈ চালো৷ সকলো টোপনিত লালকাল, মাত্ৰ সেই প্ৰেমিকযুগল ব্যস্ত প্ৰেমালাপত৷
এইহাল… টিঙিচকৈ খঙটো উঠি আহিল মোৰ৷ এফালে ৰাজ্য চৰকাৰে টেটৰ শিক্ষকৰ দৰমহাৰ ধন মোকোলাই দিব পৰা নাই, আৰু এইফালে ইহঁতৰ অ’পেন ৰোমাঞ্চ চোৱা…যেন সঞ্জয় লীলা ভাঞ্চালীৰ নাম স্থিৰ নোহোৱা চিনেমাৰ নবাগত হিৰ’ হিৰ’ইনহে৷
যুৱকজনে আৰু বেছিকৈ উচপিচাইছে, আৰু বেছিকৈ ঘামিছে৷ কি কৰা যায়? কণ্ডাক্টৰজনকে কওঁ নেকি ইংগিতেৰে? নাঃ… নোৱাৰি, কোন মুহূৰ্তত বেগৰপৰা পিষ্টল উলিয়াই মোৰ খ’পৰি উৰুৱাই কি ঠিক!
চকুপানী ওলাই আহিল মোৰ৷ সৰুদাই থৈ যাওঁহি বুলি কৈছিল, কিয় যে মানা কৰিলো ওস্তাদি মাৰি৷ আজি যদি বোমাত উৰি যাওঁ কি হ’ব…মা-দেউতা জীয়াই থাকিবনে মোৰ কিবা এটা হ’লে! ডাঙৰদাই অহাবাৰ বাৰ্থদেত টেবলেট এটা দিয়াৰ কথা, সৰুদাৰ পাল পৰিছে স্পেচিয়েল ডিজাইনৰ জয়পুৰী লেহেংগা এযোৰ৷ পিছে নেক্সট বাৰ্থদেলৈকে চাউলমুঠি আছে নে নাই তেৰাইহে জানে…! !
নুমলীগড় পালোহি, মাজতে মাৰ ফোন এটাও আহিল৷ একো কবও নোৱাৰিলো, কেনেকৈ কওঁ? কি বুলি কওঁ?
যুৱকৰ উচপিচনি আৰু বাঢ়িছে৷ মাজতে মোৰ মুখলৈকো চোৱা যেন পালো৷ হে প্ৰভু, মোৰপৰাই কামফেৰা আৰম্ভ কৰো বুলি ভাবিছেনেকি?
“ভণ্টি, ছিটটো ছেঞ্জ কৰিবানেকি প্লিজ? মোৰ মানে অলপ প্ৰবলেম হৈছে৷ “
কি কয়, কি কয় এওঁ? খিৰিকী কাষৰ ছিটটো লাগে? কিয়? খিৰিকীৰে কাৰোবাক টাৰ্গেট নকৰেতো! উপায় নাই, উঠি দিবই লাগিব৷ লাহেকৈ উঠি এৰি দিলো মোৰ প্ৰিয় ছিটটো মহাপুৰুষ জনাক৷
খিৰিকীৰ কাষৰ ছিটটোত বহি লৈয়ে চিধাই বেগৰ চেইনত হাত দিলে যুৱকজনে৷ হে ভগৱান, তাৰমানে মই ভবাটোৱে হয়৷ মোৰ বুকুৱে ধান বনাদি ধমধমাবলৈ লাগিল৷ নাচাওঁ বুলিও কেৰাহিকৈ তাৰ হাত খনৰ ফালে চাই পঠিয়ালো৷
হাতখন বেগৰপৰা ওলাই আহিল এটা সৰু ক’লা পলিথিনৰ সৈতে৷ ল’ৰাটোৱে খিৰিকীৰে মূৰটো সামান্য উলিয়াই পলিথিনটো মুখত হেঁচি ধৰিলে…
আৰু…
ওৱক, ওৱৱৱককক, ওৱৱৱৱৱৱককককক…■■
5:16 pm
ইছ ইছ!!!ধুনীয়া আপিটোৰ ওচৰত বহি তেনেই পাট্টা কাটিলে অই..বৰ সুন্দৰকৈ বৰ্ণনা কৰিছা ভাল লাগিল
8:02 pm
পঢ়ি ভাল লাগিল
8:47 am
আহ,,,, কি বৰ্ণনা।ভাল লাগিল পঢ়ি
2:30 pm
সাৱলীল বৰ্ণনা।
2:30 pm
সাৱলীল বৰ্ণনা।
3:37 pm
বৰ ধুনীয়া আছিল এইটো! লিখি থাকিবা!
6:09 pm
ভাল লাগিল।