গিয়েৰলেছ পিকনিক – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য
যোৱা কেইদিনমানৰ পৰা শনিবাৰৰ ৰাতিবোৰ ভালকৈ টোপনি যাব পৰা নাই। ঘৰৰ সন্মুখেদি অহা-যোৱা কৰি থকা পিকনিক দলবোৰৰ বাবেই মোৰ এই দুৰাৱস্থা। যিটো ভলিউমত মিউজিক চিষ্টেমবোৰৰ চাউণ্ড দিয়ে, মা কচম, সাংস্কৃতিক সন্ধিয়া যেন লাগে। ৰাতিপুৱা ৩টা মান বজাৰ পৰা যোৱাবোৰৰ উৎপাত আৰম্ভ হয় আৰু ৰাতি ১২টা মানলৈকে ঘূৰি অহাবোৰৰ উৎপাত চলিয়েই থাকে।
যোৱা দেওবাৰে পুৱাই সাৰ পোৱা কাৰণে সোনকালে উঠি বাৰাণ্ডাতে বহি পিকনিক পাৰ্টিবোৰেই চাই আছিলো।নতুন ট্ৰেভলাৰ গাড়ী এখন কম ভল্যিউমত মহেন্দ্ৰ হাজৰিকাৰ গান বজাই গৈছে।
“মোৰে বান্ধৈ ঐ, মেলি দেচোন,মেলি দেচোন, বনিজৰে নাঁও।”
গাড়ীখনৰ ওপৰত এসোপামান স্পীকাৰ আছিল যদিও ল’ৰাকেইটাই অতিমাত্ৰা ভল্যিউমত গান বজোৱা নাছিল। বিকট চিঞঁৰ-বাখৰৰ গানবোৰ শুনি ঘৰৰ ভিতৰত ভোৰভোৰাই চাহ বনাই গুৱাল গালি দি থকা পত্নীৰ গালিবোৰৰ কিয়দাংশ যে অহা সপ্তাহত আমাৰ বাল্যবন্ধুবোৰে আয়োজন কৰা পিকনিকটোৰ ওপৰতো আছিল মোৰ বুজাত কোনো অসুবিধা হোৱা নাছিল।
ট্ৰেভেলাৰখনত যোৱা ল’ৰাকেইটা আৰু সিহতৰ গানটো শুনিয়েই ময়ো ভিতৰলৈ চাই চিঞঁৰ লগালো, -“বোলো দেখিছা, এইবোৰ হে সংস্কাৰী ল’ৰা, একদম আমাৰ দৰে। ইমান ধুনীয়াকৈ ভদ্ৰভাৱে বহি গৈছে, হৈ-হাল্লা নাই, গানবোৰো আমাৰ জামানাৰে, এইবোৰকহে পিকনিক পাৰ্টি বুলি কয়।”
“আমাৰো পিকনিকটো অহা শনিবাৰে এনেকুৱাই হ’ব”বুজিছা।”
“হ’ব হ’ব, মোক শিকাব নালাগে, তোমালোকৰ পিকনিকৰ কথা, আগতেও দেখিছো বহুত। সোঁ-ভৰি, বাওঁ-ভৰি লগ-লাগি আহে সন্ধিয়া ঘৰ সোমাওঁতে, পঞ্চাছ পাৰ্চেণ্ট ৰঙাপানীৰ বাজেট তোমালোকৰ, গাহৰিৰ পৰা মুৰ্গীলৈকে নোখোৱা মাংস নাই, সকলো জনা আছে মোৰ”।
“গোটেইজাক মদাহী, তিৰি-ছলি ঘৰত এৰি থৈ কি কি ফুৰ্তি কৰা পিকনিকত গৈ চব জানো মই, যোৱাবাৰ দেখোন ৰূপক বোলাজন কপিলীৰ সেই বোকা পানীৰ নিজৰাটোৰ মাজতে জলহস্তীৰ দৰে পৰি থাকিল পিচদিনালৈকে, আৰু বাকীকেইটাই গমেই নাপালা লগৰীয়া এজন ক’ত পৰি থাকিল”।
“পিকনিকত গৈ নব বিবাহিত যুৱক সন্ধানহীন। হে হৰি! কি কি যে নিউজ শুনিলোঁ গোটেই ৰাতিটোত, ৰাতিপুৱা বোকাই-পানীয়ে, লুতুৰি-পুতুৰি হৈ নিচা ফটাতহে আহি ঘৰ পালে যেনিবা সেইজনা মহাপুৰুষ”। “ঘৈণীয়েকজনীলৈ দুখেই লাগে মোৰ, কিমান আশাত যে বিয়া হৈছিল বেচেৰীজনী।”
“ধেৎ, সকলোকে একাকাৰ নকৰিবাচোন। ৰূপকৰ কথা বেলেগ, সকলোৱে তেনেকৈ নাখায় নহয়, তাতে এইবাৰ অনুপ দা, সঞ্জয় দা, গৌতম মামাও যাব আমাৰ লগত, অলপ বয়সীয়া কেইজনমান থাকিলে এনেও কমিব দিয়া এইবাৰ।”
“কি? কোন কোন যাব আৰু তোমালোকৰ লগত?”
চকু দুটা কমাৰশালিত জ্বলি থকা কয়লাৰ দৰে টিকটিকিয়া ৰঙা কৰি বাহিৰলৈ ওলাই আহিল শ্ৰী মতী।
“দাদা, মামা এইবোৰ দেখুৱাই লাভ নাই মোৰ আগত। তোমাৰ এই দাদা, মামাবোৰ কোন কিমান মদাহী জনা আছে মোৰ, ছোৱালী দুজনীৰ মূৰত ধৰি সেইবিধ নাখাও বুলি শপত খালেহে যাব পাৰিবা, নহ’লে নৌ অপশ্যন তোমাৰ সন্মুখত।”-কিবা কিবি ভোৰভোৰাই শ্ৰীমতী ভিতৰ সোমাই গ’ল।
ধেৎ চাল্লা!কিহে পাইছিল এইজনীক পুৱাই পুৱাই জোকাই ল’ব, এইবোৰ পিকনিকৰ গাড়ী দেখুওৱাতকৈ এমাজন বা ফ্লিপকাৰ্টত কিবা অফাৰ দুটামান দেখুৱালেই চাগে মোৰ পিকনিকটো এপ্ৰুভ হ’লহেতেন। ময়ো এৰা ভকত নহয় বাপ্পেকে, অস্ত্ৰ মোৰ ওচৰতো আমেৰিকাৰ সমানে আছে, বেলেগ অস্ত্ৰ এপাত এৰিব লাগিব দুপৰীয়া মানে, এতিয়া জ্বলা-জুইত ঘীঁ ঢালি কি লাভ হ’ব! দৈনিক বাতৰিখনকে উলিয়াই পঢ়াত লাগিলোঁ।
“হেৰা, মাংস অলপ আনো নেকি দেওবৰীয়া বজাৰৰ পৰা”- জোখতকৈ বেছিয়েই কোমল হ’ল মোৰ মাতটো, নহ’লেও উপায় নাই, এইটো পিকনিকত যাব নোৱাৰিলে যে লগৰবোৰে তিৰি ভুছূং বুলি হাঁহিব।
“মোৰ সময় নাই মাংস বনাই থাকিব, পৰীক্ষাৰ বহি চাবলগীয়া আছে”,-একদম কিম জং ডনে ডোনাল্ড ট্ৰাম্পক দিয়াৰ দৰে হুংকাৰ দি ক’লে।
“তোমাক কোনে বনাব কৈছেহে, খাবহে কৈছোঁ। মন নাথাকিলে নাখাবা তুমি, ইহতকেইটাই খাব নহয়, মই বনাম”,- ময়ো অমৰীশ পুৰীৰ দৰে গৰগৰীয়া মাত এটা উলিয়াই উত্তৰটো দিলোঁ।
উত্তৰ দিয়েই সেপ ঢুকিলো, অৱশ্যে উপায়ো নাই। পিকনিকত যাব নোৱাৰিলে যে লগৰবোৰে তিৰি ভুছূং বুলি হাঁহিব।
“যি কৰা কৰি থাকা, মুঠৰ ওপৰত ডু নট ডিষ্টাৰ্ব মি নাও, আৰু ইহতৰ মূৰত ধৰি শপত নোখোৱালৈকে পিকনিকত যাব নোৱাৰা তুমি, মোৰ শেষ কথা”, -কিবা নিউক্লিয়াৰ মিছাইল এটা ঘৰৰ আশে পাশে ক’ৰবাত পৰা যেন লাগিল।
মাংস বনালোঁ, ভাত খালোঁ আৰু সকলোকে খুৱালোঁ। সন্ধিয়ালৈ বতৰো ঠাণ্ডা, ঘৰৰ পৰিবেশো ঠাণ্ডা, মাজতে এমাজন বোলা অনলাইন দানৱটোৱে মোৰ কেইহাজাৰমান নগধ ধন শৰাধ কৰিলে। হ’লেও উপায় নাই পিকনিকত যাব নোৱাৰিলে যে লগৰবোৰে তিৰি ভুছূং বুলি হাঁহিব।
ছোৱালী দুজনীৰ লগত সন্ধিয়া বিচনাখনতে বাগৰি এনেই কিবাকিবি ধেমালী কৰি আছিলো, লগৰ দুজনমানৰ ফোন আহিল, কথা পাতিলোঁ, সিহতৰ হাঁহি-মাতত বুজিব পাৰিলোঁ যে সিহতেও আজিহে এপ্ৰুভেল পাইছে, নহলে পিকনিক বুলি হঠাৎ ইমান উৎসাহ ক’ৰ পৰা আহিব। হওঁক তেও, সিহতো তিৰি ভুছূং বুলি জনাজাত হ’ব নালাগে ভৱিষ্যতে, ভগৱানে সকলোকে এনেকুৱা এগৰাকী লক্ষ্মীসদৃশ ভাৰ্য্যা দিয়ক।
শ্ৰীমতী আৰু ছোৱালীদুজনীৰ লগত কথা-পাতি থাকোতেই গুম গুম শব্দ কৰি কিবা এটা আমাৰ ঘৰৰ ফালে আগুৱাই আহি থকা যেন লাগিল। পিকনিকৰ গাড়ীয়েই হ’ব বুলি মই নিশ্চিত হ’লো, যিমানে ওচৰ চাপি আহিছে সিমানেই বুকুত কোনোবাই হাতুৰীৰে কোবাই থকা যেন লগিছে, ছোৱালী দুয়োজনী দৌৰি গৈ মাকৰ বুকুৰ মাজত সোমাইছে ভয়ত।
“তোমালোক বাহিৰত ওলাই নাহিবা, মই চাই আহোঁ কোন এইকেইটা পাগল”, -গাড়ীখন আমাৰ ঘৰৰ সন্মুখত ৰখা কাৰণে বাহিৰ ওলাই আহিলোঁ।
চোতালৰ বাহিৰৰ গেটখন খুলিয়েই গাড়ী আৰু ভিতৰৰ ল’ৰাজাকৰ অৱস্থা দেখি গেট খোলা ৰাখিয়েই ভিতৰলৈ দৌৰিলো, এইখন গাড়ী শ্ৰীমতীয়ে দেখিব লাগিলে মই যে তিৰি ভুছূং উপাধিৰে বিভূষিত হ’ম সেইটো নিশ্চিত। সেইখন ৰাতিপুৱা মই প্ৰশংসা কৰি কৰি এপ্ৰুভেল লোৱা আমাৰ জামানাৰে গান শুনি ভাল পোৱা ল’ৰাকেইটাৰ ট্ৰেভলাৰখন। ঘৰৰ দৰ্জাখনৰ হুকটো বাহিৰৰ পৰা লগাই আকৌ ওলাই আহিলো ৰাস্তালৈ।
“ইয়ো ইয়ো, হানি সিংগা”,- যিটো ভল্যিউমত বজাইছে হাৰ্ট দুৰ্বল মানুহৰ সেইস্থানতে পৰলোকপ্ৰাপ্তিৰ সম্ভাৱনা আছে।
ওচৰলৈ গ’লো, গাড়ী নহয় যেন দেওধানী নৃত্যহে চলি আছে কামাখ্যাধামত। বেছিভাগৰ গাৰ ওপৰ অংশত একমাত্ৰ গেঞ্জীটোৰ বহিৰে একো নাই। এই পুহমহীয়া ঠাণ্ডাকো নেওচি হাত দুখন দুয়োফালে মেলি দি আলুখেতিৰ মাজত দিয়া ছোঁটোৰ দৰে থিয় হৈ মূৰটো জোঁকাৰি আছে কেইজনমানে।
দুজনমানে খিৰিকীৰ বাহিৰত মূৰটো ওলিয়াই ‘হহহককক,হহহককক’ ধৰণৰ বিকট শব্দ কৰাত লাগিছে, দুজনমান গাড়ীৰ বাহিৰত ওলাই আহি গাড়ীৰ চকাকেইটাক সাৰথি কৰিয়েই নাচি আছে।
“বৌলৌ তাৰা ৰা ৰা!”,”বোলো তাৰা ৰা ৰা” -মোক টানি নি এজনে বান্দৰে গছৰ ডালত জঁপিওৱা ধৰণৰ ভংগীমাত নাচিব ধৰিলে।
ময়ো বোলো “তাৰা ৰা ৰা, অহা শনিবাৰৰ কাৰণে অলপ প্ৰেকটিছ কৰোঁ”।
হানি সিংৰ পৰা দলেৰ মেহেন্দীলৈকে সকলোৰে গানবোৰৰ ডেন্স সিহতৰ নখদৰ্পনত। ৰাতিপুৱা যোৱা ইমান নিমাখিত ল’ৰাকেইটা আৰু এতিয়াৰ এইকেইটাৰ মাজত আকাশ-পাতাল পাৰ্থক্য।
ড্ৰাইভাৰক বিচাৰিব লাগিল সোনকালে, শ্ৰীমতী ওলাই আহি এইকেইটাক দেখিলে মোৰ পিকনিক কেনচেল।
কিবাকৈ গৈ ড্ৰাইভাৰটোক বিচাৰি পালো, -“ দাদা, আপুনিও তাৰা ৰা ৰা নেকি? নে অলপ সুস্থ আপুনি?”
“মই খোৱা নাই হে দাদা, ইহঁতক কেনেকৈ ঘৰ পোৱাওগৈ সেইটোহে চিন্তা মোৰ এতিয়া, সকলোবোৰ আউট।“
“ৰাতিপুৱা যাওঁতে দেখোন বৰ ধুনীয়াকৈ গৈছিল? কি হ’ল এতিয়া?”
“ৰাতিপুৱা যে গিয়েৰ লগাই নাছিল এজনৰো, সেইকাৰনে চুপ-চাপ আছিল, দিনটো গিয়েৰ লগালে আৰু এতিয়া এই অৱস্থা”,- ড্ৰাইভাৰজনে ক’লে।
“দাদা,এটা কাম কৰক আপুনি”, -মই ক’লোঁ ড্ৰাইভাৰজনক।
“কি কাম?”
“আৰে, আপুনি গিয়েৰ লগাওক এইবাৰ, মানে গাড়ীৰ গিয়েৰ লগাওক আকৌ। গাড়ীখন অলপ স্পীডত আগুৱাই দিয়ক, দেখিব সকলো দৌৰি-দৌৰি গাড়ীত উঠিব”।
পৰিকল্পনা মতেই গাড়ী আঁতৰিল ঘৰৰ সন্মুখৰ পৰা।
উফ ৰক্ষা!খেদিলোঁ চাল্লা পাগলকেইটাক।এইকেইটাক শ্ৰীমতীয়ে দেখিলে মোৰ পিকনিকটোও এইবাৰ গিয়েৰলেচ হোৱাটো খাটাং আছিল। ঘৰৰ বাৰাণ্ডাত উঠি স্বস্তিৰ নিশ্বাস এৰিলোঁ, এইবাৰৰ কাৰণে বাচিলোঁ তিৰি ভুছূং হোৱাৰ পৰা।
কব নোৱাৰাকৈয়ে অহা শনিবাৰৰ কথা ভাবি মোৰ কণ্ঠত গুণগুণনি আহিল “বোলো তাৰা ৰা ৰা”।
☆★☆★☆
4:01 pm
পুনৰ এবাৰ পঢ়িলো। খুব ভাল লাগিল।
5:26 pm
বহুত ধন্যবাদ আপোনাক।