প্রেমত ঘূৰে ভূমণ্ডল – সঞ্জীৱ মজুমদাৰ
চাকৰি জীৱনৰ প্ৰথম অৱস্থাত গুৱাহাটীৰ ঘৰখনলৈ বৰ মনত পৰি আছিল। ব’হাগ বিহু আহি পোৱাত মনটো গুৱাহাটীলৈ বুলি উৰা মাৰিলে। গৰু বিহুৰ আগদিনাখনেই দুটা কেজুৱেল লিভ সাঙুৰি, ছুটি লৈ নাইট চুপাৰযোগে ঘৰ পালোহি। গৰু বিহুৰ দিনা চানমাৰী বিহুৰ প্ৰথমদিন। সন্ধিয়া সাজি-কাছি যাবলৈ ওলাওঁতেই শিৱসাগৰৰপৰা মোৰ ৰুমমেট প্ৰসেনজিতৰ ফোন আহিল, –
“কল’নীত ‘চি’ টাইপ কোৱাৰ্টাৰ এটা এলট কৰিছে।”
প্ৰায় সাত মাহৰ প্ৰতীক্ষাৰ মূৰত কোৱাৰ্টাৰ ‘এলট’ হোৱা বুলি শুনি মনটো ভাল লাগি গ’ল।
“পিছে এটা প্রব্লেম আছে। আমাৰ লগত আৰু দুজন বেলেগ মক্কেলো দিছে।”
প্ৰসেনজিতে কথাষাৰ, চানা চোবাই চোবাই কোৱা যেন লাগিল।
মই ক’লো, – “মানে এটা কোৱাৰ্টাৰ চাৰিজনে শ্বেয়াৰ কৰিব লাগিব?”
প্ৰসেনজিতে পুনৰ ক’লে, – “নহ’লে কোৱাৰ্টাৰ বাদ দিওঁ, এতিয়া যেনেকৈ আছো, তেনেকৈ বাহিৰতেই থাকো।”
মই সুধিলো, – “সেই মক্কেল দুটা ক’ৰ?”
“দুয়োটা ড্ৰিলিঙৰ, ঘৰ গুৱাহাটীৰ ফালে ক’ৰবাত।”
নাম কি বুলি সোধাত, সি নাজানো বুলি ক’লে।
মই ক’লো, -“গুৱাহাটীৰ ফালৰ হ’লে মই চিনি পাবও পাৰো আৰু নাপালেও মই মেনেজ কৰিম, তুমি কোৱাৰ্টাৰৰ চাবি লৈ সোমাই দিয়া। মই বিহু শেষ কৰি গৈ আছোঁ।”
সি ক’লে “ওকে, মই কাইলৈ চাবি লৈ ল’ম। তোমাৰ আৰু মোৰ বস্তু বাহানি দুই এদিনৰ ভিতৰত শ্বিফ্ট কৰিম। তুমি কি কৰি আছা?”
“মই এতিয়া চানমাৰীৰ বিহু চাবলৈ বুলি ওলাইছিলো, তোমাৰ ফোন আহিল। তুমি কোৱাৰ্টাৰ কাইলৈ ল’ম বুলি ক’লা, কিন্তু কোৱাৰ্টাৰ এটা এতিয়াই ল’লাই যেন লাগিছে।”
প্ৰসেনজিতে হাঁহি হাঁহি ক’লে,- “তুমি নাই, গতিকে কোৱাৰ্টাৰেই ল’লো।”
ফোনটো কাটি মই মটৰ চাইকেল ষ্টাৰ্ট দিলো। বাটত মোৰ বাল্যবন্ধু নয়নক পিছফালে তুলি ল’লো। মোৰ বাল্যবন্ধু নয়নৰ বিষয়ে একেটা শাৰীত ক’বলৈ গ’লে ক’ব লাগিব যে সি এজন দুৰ্দান্ত অথচ নীৰৱ প্ৰেমিক। তাৰ প্ৰেম কাহিনীৰ কোনো সীমাৰেখা নাই আৰু সেইকথা মোৰ বাহিৰে অইন কোনেও নাজানে। আমাৰ সময়ৰ টি চি স্কুলৰ পৰা কালিৰাম মেধি ছোৱালী হাইস্কুল তথা নুনমাটিৰ আদৰ্শ হিন্দী বিদ্যালয়ৰ পৰা সন্দিকৈ ছোৱালী মহাবিদ্যালয়লৈকে সকলো ছোৱালীকে সি চিনি পায়। বিশেষকৈ ধুনীয়া ছোৱালীবোৰৰ নাম ঠিকনা তাৰ কণ্ঠস্থ। টিউচন ক্লাছৰ ছোৱালীবোৰ আৰু স্কুললৈ যোৱাৰ সময়ত চিটি বাছ ষ্টেণ্ডত ৰৈ থকা ছোৱালী, তাৰ নেটৱর্কৰপৰা কোনো সাৰি নগৈছিল। সৰস্বতী পূজাৰ দিনা বাইকৰ পিছফালে বহি, ছোৱালীবোৰৰ বিষয়ে অতি নিষ্ঠা সহকাৰে সি, যি ধাৰাবাহিক বিৱৰণী প্ৰস্তুত কৰিছিল, এতিয়াৰ টিভি চ্যানেলবোৰে দেখিলে লাজ পালেহেঁতেন। আমাৰ সময়ত এটা বৰ আমোদজনক কথা আছিল। এতিয়াৰ প্ৰজন্মৰ বাবে সত্যযুগৰ কথা যেন লাগিব পাৰে অৱশ্যে। ল’ৰাবোৰে স্কুলৰ, কলেজৰ তথা কোচিং ক্লাচৰ অথবা নিজ নিজ এলেকাৰ ছোৱালীবোৰক ‘এইজনী মোৰ’ বুলি ট্যাগ লগাই দিয়াৰ পিছত সাধাৰণতে বন্ধুমহলৰ কোনেও, সেই ট্যাগলাইনক উলংঘা নকৰিছিল। সেয়া চৰম একপক্ষীয় প্ৰেমেই নহওক কিয়! এক কথাত কোনোবা এজনে মোৰ বুলি কোৱাৰ পিছত বন্ধুমহলৰ কোনেও, পৰাপক্ষত নীতিগতভাবে, অভাৰটেক্ নকৰে। এই অলিখিত এক আজব প্ৰথাৰ গইনা লৈ, নয়নে যে মোৰ কিমান ক্ষতি কৰিলে তাৰ কোনো লেখা-জোখা নাই। তাৰ প্ৰথম দৃষ্টিতেই প্ৰেমত পৰা স্বভাৱৰ বাবে মই নিজলৈ বুলি মনে বিচৰা ছোৱালী এজনীৰ সৈতে প্ৰেম বিনিময় কৰিব নোৱাৰিলো। গুৱাহাটীৰ আধাতকৈ বেছি ছোৱালী তাৰ প্ৰেমিকা, অথচ মোলৈ এজনীও নাই।
তথাপি আমাৰ বন্ধুত্বৰ মাজত কেতিয়াও ছোৱালীৰ প্ৰৱেশ ঘটিবলৈ নিদিলো। এই বিষয়ে পিছলৈ উদাহৰণসহ লিখিবলৈ চেষ্টা কৰিম বাৰু।
বিহুতলী গৈ পোৱাৰ পিছত স্কুলীয়া আৰু কলেজীয়া পুৰণি বন্ধু-বান্ধৱ সমূহৰ লগত অকণমান ব্যস্ত হৈ পৰিলো।
গুৱাহাটীৰ প্ৰায়বোৰ বিহুতলীৰ সৈতে বহুতো মধুৰ স্মৃতি জড়িত হৈ আছে। আমাৰ সময়ত লতাশিল, ভৰলুমুখ আৰু চানমাৰীৰ পূব গুৱাহাটী বিহু সন্মিলন, এই তিনিখন বিহু উল্লেখযোগ্য বিহু । আমি সাধাৰণতে মিছ নকৰিছিলো।
বিহুতলীলৈ গ’লেই মই নষ্টালজিক হৈ পৰো। বিহুতলীবোৰৰ সতে কৈশোৰ আৰু যৌৱনৰ বহু মধুৰ স্মৃতি বিজড়িত হৈ আছে। নয়নে আগবঢ়াই দিয়া ক’ল্ড ড্ৰিংকছৰ বটলটোৰ পৰা কেইঢোকমান মাৰি উঠাৰ পিছত মনটো একেবাৰে বটলটোৰ ভিতৰৰ পানীয়খিনিৰ দৰেই ৰঙীন হৈ পৰিল।
বিহু মঞ্চত তেতিয়া পেঁপা বাদন প্ৰতিযোগিতা চলি আছে। বিহুৰ তান আৰু পেঁপাৰ মাদকতাই মন প্ৰাণ উজ্জীৱিত কৰি তুলিলে।
সন্মুখৰফালে অকণমান দূৰৈত থিয় হৈ, বিহু উপভোগ কৰি থকা বব-কাট চুলিৰ সৈতে ছোৱালীজনীৰ চেহেৰাটো চাবলৈ বৰ মন গৈ আছিল। ছোৱালীজনীৰ বব-কাট দিয়া চুলি আৰু বিহু উপলক্ষে পিন্ধি অহা মুগাৰ মেখেলা চাদৰৰ কম্বিনেশ্বনটো মোৰ সঁচাকৈয়ে বৰ ভাল লাগিল। নয়নক ক’ল্ড ড্ৰিংকছৰ বটলটো দিবলৈ কৈ মনতে ভাবিলো, –
“ছোৱালীজনীক আগতে ক’ৰবাত দেখিছোঁ নেকি? এবাৰ পিছফালে ঘূৰি চোৱা হ’লে।”
নয়নে ক’লে “পাৰ্টনাৰ, পিছফালে যাওঁ ব’ল।”
মই ছোৱালীজনীৰ ফালে চাই ক’লো, – “কিয়, পিছফালে গ’লে মঞ্চত কি হৈ আছে, একোৱেই নেদেখিমচোন।”
আচলতে ছোৱালীজনীৰ ওচৰৰপৰা আঁতৰিবৰ মন নাই যোৱা।
সি ক’লে, – “চিৰঞ্জীৱ, ৰাজেশহঁত পিছফালে আছে যেন পাইছো, তালৈকে যাওঁ ব’ল।”
মই অনিচ্ছাস্বত্বেও বিহুতলীৰ ভীৰ ফালি যাওঁ বুলি পিছফালে ঘূৰিবলৈ লওঁতেই, মোৰ এখন হাতত ধৰি কোনোবাই ৰখাই দিলে। হাতখন কোনোবা ছোৱালীৰ বুলি বুজি উঠাৰ আগতেই, এক সুন্দৰ নাৰী কণ্ঠত মোৰ নামটো শুনি ঘূৰি চালো। সেই বব-কাট দিয়া ছোৱালীজনীয়ে মোলৈ চাই মিচিকিয়াই হাঁহি আছে। এক মুহূৰ্তৰ বাবে নয়নে দিয়া ক’ল্ড ড্ৰিংকছৰ এফেক্ট যেন লাগিছিল যদিও, তৎক্ষনাৎ মোৰ মুখৰপৰা ওলাল, –
“ৰূপশিখা!”
ৰূপশিখাক মই যেতিয়াৰপৰা চিনি পাওঁ, তাইক বব-কাট চুলিৰ সৈতেই দেখি আহিছো। তাই এনে এজনী ছোৱালী, বব-কাট ডিজাইনটো যেন ভগৱানে তাইৰ বাবেই সৃষ্টি কৰিছিল। বব-কাট চুলিৰ সৈতে তাইক সঁচাকৈয়ে বৰ ধুনীয়া দেখি। মেট্ৰিক পৰীক্ষাৰ আগতে পতা, স্কুলৰ বিদায় মিটিঙত অশ্ৰুসিক্ত নয়নেৰে বিদায় লোৱাৰ প্ৰায় আঠ ন বছৰৰ মূৰত তাইক দেখি মনটো সেই ক্লাছ নাইনৰ ল’ৰাটোৰ দৰেই চঞ্চল হৈ পৰিল।
মই ক’লো, – “অথনিৰপৰা তোমাকেই লাইন মাৰি আছিলো। অথচ তুমি মোৰ ফালে এবাৰো নাই চোৱা।”
তাই ক’লে, – “ময়ো তোমাকেই চাই আছিলো।”
মোকেই চাই আছিল! মইচোন এবাৰো নাই দেখা। কোনোবাই ঠিকেই কৈছিল, তাৰমানে ছোৱালীবোৰেও ল’ৰাৰ ফালে চায়, কিন্তু বুৰ্বক ল’ৰাবোৰে ধৰিবই নোৱাৰে, কেতিয়া চায়।
মই ক’লো, – “ৰূপশিখা, কথা এটা কওঁ নে?”
তাই ক’লে, – “কোৱা আকৌ।”
“তুমি কিন্তু আগতকৈয়ো বেছি ধুনীয়া হৈ গৈছা।”
কথাষাৰ কৈ নয়নৰ ফালে চালো। নয়ন মোৰ অন্তৰংগ তথা বাল্যবন্ধু, কিন্তু আমাৰ দুয়োৰে স্কুল বেলেগ আছিল বাবে সি ৰূপশিখাক চিনি নাপায়। ৰূপশিখাৰ দৰে ধুনীয়া ছোৱালী দেখি নয়নৰ বিস্ফাৰিত নয়ন। মই লাহেকৈ তাৰ কাণৰ কাষত ক’লো, – “তোৰ মেলা মুখখন জপাই থ, নহ’লে ম’হ সোমাব এতিয়া।”
ডাঙৰকৈ ক’লো, – “ৰূপশিখা, এইয়া মোৰ বন্ধু নয়ন। মোৰ বেষ্ট ফ্ৰেণ্ড।”
সিহঁত দুয়ো নমস্কাৰ বিনিময় কৰিলে যদিও, আমাৰ দুয়োৰে অতীত ৰোমন্থনৰ অত্যাচাৰত, নয়ন একেবাৰে জৰ্জৰিত হৈ পৰিল।
“তোমাৰ চুলিৰ ষ্টাইল আৰু দীঘল খটৰ বাবে তুমি আগতকৈ বেছি হেণ্ডচাম হৈ গৈছা।” – তাই চাদৰৰ আঁচলটো গাৰ ফালে টানি, মোৰ ফালে চাই ক’লে।
মই ক’লো, – “মোৰ ঘৰত, মোৰ বিয়াৰ বাবে ছোৱালী চাই আছে। তুমি ৰাজী আছা যদি কোৱা, তোমাকেই বিয়া কৰাম।”
“তুমি অকণো সলনি নহ’লা কিন্তু!”
মই ক’লো, -“সময়ৰ সতে সলনি হ’বলৈ মই কোনো বাৰিষাৰ বতৰ নহয়, তুমি জানাইচোন।”
নয়নে, – “তহঁতে কথা পাত মই আহি আছোঁ” বুলি কৈ আতঁৰি গ’ল।
বিহু মঞ্চত তেতিয়া হুঁচৰি প্ৰতিযোগিতা আৰু আমাৰ দুয়োৰে মাজত, স্মৃতি ৰোমন্থনৰ প্ৰতিযোগিতা আৰম্ভ হৈছে।
পুৰণি বন্ধু-বান্ধৱীসকলৰ খা-খবৰ লোৱাৰ পিছত মই তাইক সুধিলো, -“দাঁতভঙাৰ সতে এতিয়াও যোগাযোগ আছে নে?”
“কোন দাঁতভঙা?”
“চি চেক্সনৰ অসীমৰ কথা কৈছো। তোমাৰ প্ৰেমিক।”
তাই মোক মাৰিবলৈ হাত ডঙাৰ দৰে কৰি ক’লে, – “মই কেতিয়াও কাকো ভাল পোৱা নাছিলো দেই।”
“কবিতাক লগ পাইছিলা কেতিয়াবা?”
তাই মূৰটো লাহেকৈ জোকাৰি না বুলি বুজালে আৰু প্ৰসংগ সলনি কৰি মোক সুধিলে, -“তুমি বৰ্তমান কি কৰি আছা?”
মই ক’লো,- “শিৱসাগৰত চাকৰি কৰি আছো!”
মই ক’লো, – “তুমি কি কৰি আছা?”
“মই এতিয়া ৰাজকুমাৰৰ অপেক্ষাত।”
“কি, ক’ত, বিখ্যাত? কোন সেইজন সৌভাগ্যৱান?”
“ইমান দিটেইলচ্ সুধিছা যে! কিয় মোক বিয়া কৰাবা নেকি?” – তাই হাঁহি এটা মাৰি পুনৰ ক’লে, –
“মোৰ দাদাইও শিৱসাগৰত চাকৰি পাইছে। ৰ’বা তোমাৰ সৈতে চিনাকি কৰি দিওঁ।”
এইবুলি অকণমান আঁতৰত থিয় হৈ থকা ল’ৰা এটাক মাতি আনিলে।
কোনোবা এজনে ঠিকেই কৈছিল, বেছিভাগ পুৰুষেই ধুনীয়া ছোৱালী দেখিলে, মাছৰ চকুত লক্ষ্যবিদ্ধ কৰিবলৈ তৎপৰ অৰ্জুনৰ দৰে হৈ পৰে।
কথাষাৰ সঁচা যেন লাগিল। মই ইমানেই আপোন পাহৰি আছিলো যে, তাই কাৰ লগত আহিছে বা আছে, এইবোৰ একো মনেই কৰা নাছিলো।
ৰূপশিখাৰ ককায়েকৰ সৈতে চিনাকী হৈ থাকোতেই দেখিলো, নয়নে তিনিটা ফ্ৰূটী আৰু দুই প্যাকেট চ্চিপ্চ লৈ হাজিৰ। ধুনীয়া ছোৱালী দেখিলে নয়নৰ “আতিথেয়তাৰ অৰ্জুন”জন জাগ্ৰত হৈ উঠে।
দাদাৰ সৈতে চিনাকি হ’লো, নাম হেমেন। কথা পাতি গম পালো হেমেনদাইও মোৰ কোম্পানীতেই প্ৰায় একে সময়তেই চাকৰিত জইন কৰিছে আৰু শিৱসাগৰতেই আছে। দুয়োৰে ডিচিপ্লিন বেলেগ হোৱা বাবেই আমাৰ এতিয়াও দেখা সাক্ষাৎ হোৱা নাছিল। আমি দুয়ো অফিচিয়েল কথা-বতৰাত, কিছু ব্যস্ত হৈ পৰাৰ সুযোগ গ্ৰহণ কৰি, নয়নে ৰূপশিখাৰ সৈতে কথা পাতিছে।
কিছু সময়ৰ পিচত, শিৱসাগৰত লগ পোৱাৰ প্ৰতিশ্ৰুতি দি, হেমেনদা আৰু ৰূপশিখাই বাৰে বাৰে সিহঁতৰ ঘৰলৈ বিহু বুলি এপাক মাৰিবলৈ অনুৰোধ কৰি বিদায় ল’লে।
মই সিহঁত দুয়ো যোৱাৰ ফালে চাই থাকোতেই নয়নে মোক সুধিলে, -“পাৰ্টনাৰ তই কেতিয়া যাবি?”
“ক’লৈ যাম?” -ক’ল্ড ড্ৰিংকছত এঢোক মাৰি সুধিলোঁ।
সি ক’লে, – “বিহু বুলি মাতিছে, ময়ো যাম কিন্তু! তই অকলে নাযাবি আকৌ!”
নয়নৰ “প্ৰথম দৃষ্টিতে, প্ৰথম প্ৰেম”ত পৰা অভ্যাসৰ কথাটো মনলৈ অহাত মই ক’লো, -“এটা কথা বন্ধু, এইক্ষেত্ৰত মই তোক একো হেল্প কৰিব নোৱাৰিম, বেয়া নাপাবি।”
সি ক’লে, – “পাৰ্টনাৰ, মই একদম চিৰিয়াছ, মোৰ বৰ ভাল লাগিছে। তোক ইমান আন্তৰিকতাৰে মাতিছে, তই এবাৰ যোৱা উচিত।”
মই বুজিলো ক’ল্ড ড্ৰিংকছৰ সৈতে কথা পাতি একো লাভ নাই। মটৰ চাইকেলৰ ওচৰলৈ আহি তাৰ জেপত হাত ভৰাই ক’লো, –
“প্ৰথম কথা মই সিহঁতৰ ঘৰলৈ নাযাওঁ আৰু গ’লেও অন্ততঃ তোক লৈ নাযাওঁ যে সেইটো খাটাং। বাইকৰ চাবিপাত দে, মই চলাম। তই পিছফালে বহ।”
গুৱাহাটীৰ বিহু শেষ কৰি, নাইট চুপাৰৰপৰা নামি প্ৰসেনজিতে দিয়া আমাৰ নতুন কোৱাৰ্টাৰৰ ঠিকনা অনুযায়ী গৈ ৰাতিপুৱাই কোৱাৰ্টাৰৰ কলিং বেল বজালো। বহুপৰলৈ দৰ্জাখন খোলা নাই। প্ৰসেনজিৎ ভিতৰত আছে বুলি ধৰি লৈ ফোন কৰিছো, ফোন চুইচ্ অফ। কি কৰোঁ নকৰোঁ বুলি ভাবি থাকোতেই দুৱাৰ খোলা শব্দ শুনি মনটো ভাল লাগি গ’ল। মই দুৱাৰ খুলি দিয়া মানুহজন দেখি আচৰিত হৈ পৰিলো।
“আৰে, হেমেনদা আপুনি?”
তাৰ মানে প্ৰসেনজিতে কোৱা বাকী দুজন ৰুমমেটৰ এজন গুৱাহাটীয়া মক্কেল হৈছে হেমেনদা।
“মই কালি গধূলি আহি সোমাই গম পালো গুৱাহাটীৰ এজনো আছে। কিন্তু তুমি বুলি মনলৈ অহা নাছিল।”
হেমেনদাই কোৱা কথাখিনি শুনি মনতে ভাবিলো, –
“ছেঃ ৰূপশিখাৰ ককায়েক আৰু বয়সতো যিহেতু মোতকৈ অলপ ডাঙৰ গতিকে অকণমান ৰিজাৰ্ভ হৈ থাকিব লাগিব। উপায় নাই।”
হেমেনদাই মোৰ মাইণ্ড ৰিডিং কৰিলে নেকি। ক’লে, -“তুমি মোৰ ভণ্টীৰ লগৰ যদিও, তুমি মোক বন্ধু হিচাপেই গ্ৰহণ কৰিবা। তোমাৰ কেনেকুৱা লাগিছে নাজানো, মোৰ কিন্তু তোমাক ৰুমমেট হিচাপে পাই ভাল লাগিছে। তুমি ফ্রেশ্ব হৈ আহা, মই চাহ বনাওঁ ৰ’বা”।
এইদৰেই মোৰ স্কুলীয়া বান্ধৱীৰ ককায়েকৰ সৈতে মোৰ এক “বন্ধু ও দাদা”ৰ সম্পৰ্ক গঢ়ি উঠিল যে পিচলৈ কেতিয়া আমি ইজনে সিজনক আপুনিৰপৰা তই বুলিবলৈ ধৰিলো নিজেও পাহৰিলো। হেমেনদা মানুহজন লাজকুৰীয়া আৰু নীৰৱ প্ৰেমিক টাইপ। মই খুচি খুচি হেমেনদাৰ প্ৰেমৰ কাহিনীবোৰ উন্মোচন কৰোঁ। আমাৰ দুজনৰ এটা বিষয়ত সাংঘাতিক মিল আছিল সেয়া হ’ল সংগীত প্ৰেম। আমি দুয়ো সংগীতৰ সর্বভোক। ফিজিয়ান, ব্রাজিলিয়ান, আলজেৰিয়ান লোক সংগীত, বিটলছ্, আব্বা, ইউবি ৪০, খালীদ, কে এল চাইগল, বড়ে গুলাম আলি খাঁ, কিশোৰ, আশা-লতা, ৰফী, চানু, নজৰুল গীতি, ৰবীন্দ্র সংগীত, ভূপেনদা, খগেনদা, টোকাৰী গীত, প্রতিমা পাণ্ডে, ৰামেশ্বৰ পাঠক, ৰিদিপ, জেপী দাস, জুবিনৰপৰা বিহু হুঁচৰিলৈকে আদি কৰি কোনো গান বাদ নপৰিছিল। আমাৰ মেছত প্রায়েই অনুষ্ঠিত মজলিছৰ সংগীত চর্চাত উপৰোক্ত গান আৰু গায়কক সামৰিছিলো।
এনেদৰেই জীৱনত আৰু কোনো দিন ঘূৰাই পাব নোৱাৰা সুখদায়ক পৰিবেশ আৰু মুহূর্তবোৰৰ মাজত আমি দিনবোৰ কটালো। কেইবছৰমান যোৱাৰ পিছত এদিন ৰূপশিখাৰ বিয়া হৈ গ’ল বুলি গম পালো। বিয়াখন ৰূপশিখাই নিজেই পচন্দ কৰা ল’ৰা এজনৰ সৈতে হৈছিল। হেমেনদাৰ কথাৰপৰা বুজিলো, বিয়াখনত তেওঁ বৰ এটা সুখী নহয়।
ভনীয়েকৰ বিয়া হৈ যোৱাৰ কেইমাহমানৰ পিছত হেমেনদাৰো বিয়াৰ দিন বাৰ ঠিক হ’ল। গুৱাহাটীৰ ছোৱালী। কিন্তু কাকতালীয় ভাবে বিয়াৰ তাৰিখৰ পিছদিনাই মোৰ কোনোপধ্যেই এৰাব নোৱাৰা ট্ৰেইনিং এটা কলিকতাত আছে। গতিকে বিয়াৰ দিনাই মই হিচাপমতে কলিকতা পাবগৈ লাগে। মই কথাটো হেমেনদাক নক’লো।
হেমেনদাৰ বিয়া আৰু মই নগ’লে কেনেকৈ হ’ব! এই বুলিয়েই মই যি হয় হ’ব বুলি কলিকতালৈ টিকট এদিন দেৰিকৈ অৰ্থাৎ হেমেনদাৰ বিয়াৰ পিছদিনাখন গুৱাহাটীৰপৰা বুক কৰিলো। বিয়াৰ আগদিনা মূৰামূৰি সময়ত ইনচাৰ্জক মই গুৱাহাটী হৈ হে কলিকতালৈ যাম বুলি সূচনা দি, সন্ধিয়া নাইট চুপাৰত উঠি গুৱাহাটী পালোগৈ। নিজৰ ঘৰত কিছুসময় নাইট চুপাৰৰ ভাগৰ মাৰি আবেলি জ্যোতিনগৰস্থিত হেমেনদাৰ বিয়াৰ ৰভাতলীলৈ ওলালো। হেমেনদা, মাক দেউতাক, ৰূপশিখা আৰু ঘৰখনৰ সকলোৱে যেন মোলৈহে অপেক্ষা কৰি আছিল। মইও সকলোৰে সৈতে, ভাগে ভাগে সম্ভাষণ বিনিময় কৰি খুব কম সময়ৰ ভিতৰত পৰিয়ালৰ এজন সদস্যৰ দৰে, অভ্যৰ্থনা সমিতিৰ এজন দায়িত্বশীল বিষয়ববীয়া হৈ পৰিলো।
ৰূপশিখাৰ হাজবেণ্ডজন বৰ ভদ্ৰ মানুহ। নিজে উপযাচি মোৰ সৈতে চিনাকী হ’লহি।
“আপোনাৰ কথা ৰূপাই কৈ থাকে।”
এইদৰে কোনোবাই ক’লে ভাল লাগে যদিও ভয়ো লাগে কি কি বা ক’লে বুলি!
“কি বা ক’লে?”
“আপুনি স্কুলত থাকোতে কৰা উৎপতীয়া কামবোৰৰ কথা।”
“বান্দৰ কেঁকোৱাৰ কথাটো ক’লে চাগে!”
এটা বস্তু মোৰ বৰ বেয়া লাগিল, ৰূপশিখা আৰু হাজবেণ্ড দুয়ো বিয়াঘৰত কিছু পৰিমাণে আলহী থকাৰ দৰে থকা যেন পৰিলক্ষিত হ’ল।
বিয়াঘৰৰ এটা বৈশিষ্ট্য হৈছে যে প্ৰত্যেক বিয়াঘৰত দৰাৰ ভতিজা বা ভাগিন এজন থাকে যিয়ে নেকি বিয়াঘৰত দৰাৰ বন্ধুসকলৰ কিছুমান প্ৰয়োজন পূৰ কৰে। হেমেনদাৰ ভাগিন এজন মোৰ একেবাৰে ভক্ত হৈ পৰিল। সি ক’ল্ড ড্ৰিংকছৰ বটল এটা যোগাৰ কৰি আনি দেখুৱালে।
“শুভম মামা, এইটু মই আপ্নালোকৰ কাৰণেই আনছু দক, হেমেন মামাৰ লগৰ মানে আপ্নাৰ আৰু চিবসাগৰৰ পাৰাই আইহবালাগা চবৰ দায়িত্ব মোৰ ওপৰত।”
“মোক তোমাৰ ক’ল্ড ড্ৰিংকছ নালাগে। মই আচলতে দৰাৰ লগত নাযাওঁ। মোৰ কাইলৈ ৰাতিপুৱাই কলিকতালৈ যাবলগীয়া আছে।”
ভাগিনে ক’লে, – “আপুনি হেমেন মামাক নাযাওঁ বুলি আকবাৰ কৈ চাকচুন, তাৰ পিছত মোক ক’ব।”
হেমেনদাৰ ঘৰৰ প্ৰত্যেকজন সদস্যই যেন বহুদিনৰপৰাই মোক ভালদৰে জানে। মই ভাগিনৰ হাতত কল্ড ড্ৰিংকছৰ বটলটো দি হেমেনদাৰ ফালে আগবাঢ়িলো। বিয়াঘৰৰ উদুলি মুদুলি পৰিবেশৰ মাজতে হেমেনদাই বিয়াঘৰৰ অভ্যাগতৰ সৈতে মত বিনিময় কৰি আছে। ওচৰত মোৰ কলেজীয়া বন্ধু ভূপেন ৰৈ আছে। ভূপেনো শিৱসাগৰৰপৰা বিয়া বুলিয়েই আহিছে।
মই ভূপেনৰ সৈতে হেণ্ড শ্বেইক্ কৰি হেমেনদাক ক’লো, -“হেমেনদা, কাইলৈ ৰাতিপুৱা কলিকতাৰ ফ্লাইট ধৰিব লাগিব, মই কইনা আনিবলৈ নাযাওঁ আৰু।”
হেমেনদাই মোৰ ফালে এক অন্তৰ্ভেদী দৃষ্টি নিক্ষেপ কৰিলে। হেমেনদাৰ সেই চকুৰ চাৱনি মোৰ আজিও মনত আছে। চকুৰ পৰা যেন জুইহে ওলাইছিল।
ভূপেনে ক’লে, – “তই নগ’লে মইও নাযাওঁ। অকল তই থাকিবি বুলিয়েই মই বিয়াখন এটেণ্ড কৰিছো।”
ভূপেন মোৰ কলেজৰ বন্ধু আৰু বৰ্তমান সহকৰ্মী। গুৱাহাটীত ঘৰ। শিৱসাগৰত সি বেলেগ মেছ এটাত থাকে যদিও বেছিভাগ আমাৰ মেছতেই পৰি থাকে। মোৰ বন্ধু বুলিয়েই হেমেনদাৰ সতে চিনাকী আৰু বিয়ালৈ নিমন্ত্ৰিত। কিছুমান ল’ৰা থাকে স্কুল কলেজৰ জীৱনত ছোৱালীৰ চকুলৈ চোৱা দূৰৈৰ কথা, ছোৱালীৰ নাম শুনিলেই সাত জাপ মাৰি দেখুৱাই। অথচ চাকৰি বাকৰি হোৱাৰ পিছত ছোৱালীৰ বাহিৰে অইন একোৱেই ভাল নালাগে। য’তে ছোৱালী দেখে ত’তেই প্ৰেমত পৰে। মোৰ কলেজীয়া বন্ধু ভূপেন ঠিক তেনেকুৱা এজন। আমোদজনকভাৱে সি মোক এফ এম ৰেডিঅ’ৰ “লাভ-গুৰু” ৰ মৰ্য্যদা দিয়ে। গতিকে কইনাঘৰৰ ধুনীয়া ছোৱালীবোৰক হেণ্ডেল কৰিবলৈ তাক “লাইভ লাভ-গুৰু”ৰ প্ৰয়োজন।
সেয়ে ভূপেনৰ কথাটো মোৰ বুজাত অসুবিধা নাই হোৱা।
ভূপেনে ক’লে, – “কইনাঘৰলৈ ব’ল, তাৰপৰা সোনকালে মইও গুচি আহিম। তই হেমেনদাৰ সৈতে গাড়ীত বহ আৰু তোৰ বাইকৰ চাবি মোক দে। মই বাইক লৈ তহঁতৰ গাড়ীৰ পিছে পিছে আহি আছো।”
জেপৰ পৰা চাবিপাট উলিয়াই ভূপেনক দি মই চুপচাপ দৰা অৰ্থাৎ হেমেনদাৰ কাষত বহিলো। মোক কাষত পাই হেমেনদা কিছু আশ্বস্ত হ’ল।
কইনাৰ ঘৰ যিহেতু গুৱাহাটীতেই, গতিকে কলিকতাৰ ফ্লাইট মিছ হোৱাৰ আশংকা মনৰপৰা আঁতৰাই, প্ৰায় দহ কিঃমিঃমান দূৰত্বত থকা কইনা ঘৰ পালোগৈ।
দৰাৰ গাড়ীখন সোমাই যোৱাৰ লগে লগে এজাক ছোৱালীয়ে আহি বেঢ়ি ধৰিলেহি। পূজা-পাৰ্বণ, বিহু আদিত ধুনীয়াকৈ মেখেলা চাদৰ বা শাৰী পিন্ধিলে সদায় দেখি থকা সৰু ছোৱালী এজনীকো ডাঙৰ ডাঙৰ দেখি। বিভিন্ন বয়সৰ ছোৱালীজাকৰ মাজতে ঠিক তেনে এগৰাকী বাৰুকৈয়ে ধুনীয়া ছোৱালী চকুত পৰিল। সেই ছোৱালীজনীৰ নেতৃত্বত কইনাপক্ষ আৰু আমাৰ নেতৃত্বত দৰা পক্ষৰ মাজত এক অঘোষিত ৰণ চলিল।
“কাৰ পো কাৰ নাতি
ক’লৈ যোৱা দোভাগ ৰাতি?
কাৰ চোতালত দিব ভৰি
কোনে দিব মালা ধৰি?”
এইধৰণৰ সাঁথৰ তথা আমোদজনক প্ৰশ্নবাণেৰে দৰাক ব্যতিব্যস্ত কৰাৰ পৰিকল্পনা নাস্তানাবুদ কৰি দি বীৰদৰ্পে আগুৱাই গ’লো।
মধুৰ বাক্যবাণ তথা নিৰ্দোষ ধেমালিৰ মাজেৰে দৰাক ব্যতিব্যস্ত কৰিবলৈ চেষ্টা কৰা সকলো প্ৰচেষ্টা প্ৰতিহত কৰি আমাৰ দৰাক “জেড প্লাছ” সুৰক্ষাৰ আবেষ্টনী প্ৰদান কৰিলো।
ছোৱালীজাকৰ মাজৰপৰা বিশেষকৈ সেই ধুনীয়া ঘাঘৰা-চোলি পিন্ধা ছোৱালীজনীৰ আক্ৰমণ প্ৰতিহত কৰি দৰাক সফলভাৱে সুৰক্ষা প্ৰদান কৰি ৰভাথলীলৈ আগবাঢ়িলো। ভীৰৰ মাজতো মন কৰিলো, ছোৱালীজনীৰ চকুযুৰি বৰ ধুনীয়া আৰু ধুনীয়া চকুৰ প্ৰতি মোৰ দুৰ্বলতা বহু পুৰণি।
মাজতে হেমেনদাই মুখৰপৰা ৰুমালখন গুচাই মোৰ কাণৰ কাষত ক’লে, – “এনেকুৱা সময়বোৰৰ কাৰণেই তোক লাগে। তই থকা কাৰণে মই অলপো নাৰ্ভাছ ফিল নকৰিলো।”
ইখন কাণত ভূপেনে কৈছে, – “পাৰ্টনাৰ, ঘাঘৰা-চোলি পিন্ধাজনীচোন একুৰা জুই বে?”
মই একো নকৈ তাৰ চকুলৈ চালো। তাৰ চকুত মোৰ বন্ধু নয়নৰ চকুৰ প্ৰতিবিম্ব।
ৰভাঘৰত সোমাই দৰাঘৰীয়া বহাৰ পিছত, কইনাঘৰত ধুনীয়া ধুনীয়া মানুহবোৰ চোৱাৰ বাহিৰে মোৰ বিশেষ একো দায়িত্ব নাছিল, কাৰণ হেমেনদাৰ সখি এজন দৰা ধৰা হৈ আহিছিলেই।
মোৰ চকুত ভাগিনৰ হাতত থকা ক’ল্ড ড্ৰিংকছৰ বটলটো ভাহি উঠিল। ইফালে সিফালে চাই দেখো ভাগিনেও মোৰ সন্মুখতে বহি মোৰ ফালে চাই হাঁহি আছে। মই চোৱা দেখি মোৰ ওচৰলৈ আহি ক’লে, –
“শুভম মামা, আপনি কিন্তু কইনাঘৰোৰ আপীমাখাক আকাবাৰে ফালি দিলাক হে!”
মই ক’লো, – “তোমাৰ ক’ল্ড ড্ৰিংকছৰ বটল শেষ নে আছে?”
“শেষ? কি কথা কলাক হে আপনি, মামা হাথীৰ শূৰত নাই বুলি কলিও সাত কলাহ পানী থাকে।”
ভাগিনৰ কথাবাৰ্তা শুনি বুজিলো ইতিমধ্যে একলহমান মানে এবটলমান ক’ল্ড ড্ৰিংকছ তাৰ পেটতো সোমাইছে।
মই ৰভাথলীৰ চাৰিওফালে চকু ফুৰাই পৰিস্থিতিৰ বুজ ল’বলৈ যত্ন কৰিলো। বিয়াৰ লগ্ন দেৰিকৈ আছে, সেয়ে মানুহবোৰ কিছু ৰিলেক্স মুডত থকা যেনেই লাগিল।দৰাপক্ষৰ মানুহখিনিক খাবলৈ মাতি নি আছে।
হেমেনদাৰ আশেপাশে শিৱসাগৰৰপৰা অহা দুজনমান আৰু সখিজন বহি আছে। মোক ৰুমালখন আঁতৰাই হেমেনদাই ইংগিতেৰে মাতিলে, মইও ইংগিত দিলো আহি আছো বুলি।
ভাগিনৰ ক’ল্ড ড্ৰিংকছত কেইটামান ঘোট মাৰি বিবাহ মণ্ডপত আহি বহি ল’লো।
ভূপেনে পিছফালৰপৰা কৈছে, – “মোৰ ঘাঘৰাৱালীক বৰ ভাল লাগিছে অ’। চিনাকী হওঁগৈ ব’ল।”
মই ক’লো, – “যা চিনাকী হ তই।”
সি ক’লে, – “মই অকলে নোৱাৰিম। তইও ব’ল।”
মই অলপ চিৰিয়াচ হৈ ক’লো, – “ছোৱালীজনী হেমেনদাৰ ৱাইফৰ অৰ্থাৎ নবৌৰ ক্লোজ ৰিলেটিভ হব। গতিকে অভাৰ ৰিয়েক্ট নকৰিবি। আনহাতে ছোৱালীজনী দেখাত ডাঙৰ যেন লাগিলেও বয়স কম।”
“ক্লোজ ৰিলেশ্বন বুলি তইনো কেনেকৈ গম পালি?”
“বিয়াঘৰত তাইয়েই অকল ঘাঘৰা-চোলি পিন্ধিছে, তাকো বহুত দামী। গতিকে ছোবালীজনী কইনাৰ ভাগিনী বা ভতিজী হোৱাৰ সম্ভাৱনা বহুত বেছি।”
ভাগিনো আমাৰ লগতে বহি আছিল সি ক’লে, – “আপ্নি আহুন কি কথা পাইতছি, মই ধৰ্বাই পাৰা নাই দক।”
সি ওচৰত থকা বাবেই ভূপেন আৰু মই গুৱাহাটীৰ পেটেণ্টেড সাংকেতিক ভাষা ব্যৱহাৰ কৰি কথা পাতি আছিলো।
ভাগিনে পুনৰ ক’লে, – “মোৰো সেই মাৰোৱালী হেন কাপোৰ পিন্ধা আপীটোত মন বইহ্ছি। মামা কিবা এটা কৰবা নৰি নাকি?”
মই বুজি পালো ক’ল্ড ড্ৰিংকছ এফেক্টে, মামা ভাগিনৰ দূৰত্ব কমাই আনিছে।
মোবাইলত টাইম কিমান হ’ল বুলি চাওঁতে দেখো বছৰ এটা “এচ এম এচ”- “I came to know that you’re still in Gauhati. See you tomorrow at kolkata, positively.”
এচ এম এচটো পঢ়ি, মই ভূপেনক ক’লো, – “শুন দেৰি নকৰি, ডোনাটো দি কাতি খাওঁ বল। মোৰ ৰাতিপুৱা ফ্লাইট ধৰিবলৈ আছে।”
ভূপেনে মোৰ কথাৰ উত্তৰ নিদি মোৰ মুখলৈ চালে আৰু ক’লে, -“অলপ সময় ৰচোন। মোক ঘাঘৰা চোলি পিন্ধাজনীয়ে তামাম চাই আছে।”
মই ক’লো “তেতিয়াহলে তই থাকি যা। মই ওলাওঁ।”
ভূপেনে সাংকেতিক ভাষাত ক’লে, – “অলপ সময় থাকি যা, চানিয়া-চোলি তোৰ দীৱানী হৈ আছে যেন লাগিছে।”
“ইমান সময় তোৰ ফালে চাই আছিল, এতিয়া কৈছ মোৰ ফালে। কোনটো বিশ্বাস কৰোঁ?”
মই এইবুলি কৈ পিছফালে ঘূৰি চালো আৰু চানিয়া-চোলিৰ লগত চকুৱে চকু পৰি গ’ল। তাই লাজতে তলমূৰ কৰি লগৰ ছোৱালীবোৰৰ মাজত নিজকে লুকুউৱাৰ বৃথা চেষ্টা কৰিলে।”
ছোৱালীজনীৰ চকুযুৰি বৰ ধুনীয়া। মই ক’ৰবাত পঢ়িছিলো মানুহৰ শৰীৰৰ সকলো অংগ-প্ৰত্যংগ সময়ৰ লগে লগে পৰিৱৰ্তন হয় মাথো পৰিবৰ্তন নহয় চকুযোৰ। ছোৱালীজনীৰ ধুনীয়া চকুহাল বৰ চিনাকী চিনাকী লাগিছে।
দৰাঘৰীয়া বেছিভাগেই খোৱাবোৱা শেষ কৰিলে, তেনেতে কইনাঘৰৰ এজন মানুহে আমাক মানে মোক, ভূপেন, ভাগিন আৰু আমাৰ আশে পাশে থকা দৰাঘৰীয়া কেইজনক উদ্দেশ্যি ক’লে,-
“আপোনালোকে খাই মেলি আজৰি হৈ লওক। পিছত বহি বিয়া চাব পাৰিব। বিয়াৰ লগ্নলৈ দেৰি আছে।”
মই একেচাটে উঠি ঘূৰিলো আৰু ছোৱালীজনীৰ চকুৰ সৈতে পুনৰ চকু পৰিল। মনৰ ভিতৰতে গোলাম আলিৰ গজল এটাৰ গুণগুণনি উঠিল –
“মেহেফীল মে বাৰ বাৰ
কিছি পৰ নজৰ গয়ী/
হামনে বচায়ে লাখ মগৰ,
হামনে বচায়ে লাখ মগৰ
ফিৰ উধৰ গয়ী/
মেহেফীল মে বাৰ বাৰ
কিছি পৰ নজৰ গয়ী….”
গজলটোৰ তালে তালে, কইনাঘৰীয়া মানুহজনক অনুসৰণ কৰি খাদ্যগৃহ অভিমূখে আগবাঢ়ি যাওঁতেও, ছোৱালীজনীয়ে মোলৈ চাই থকা যেনেই দেখিলো। কাষেৰে পাৰ হৈ যাওঁতে তাই মোলৈ মিচিকিয়া হাঁহি এটা মাৰিলে। মইও সোহাঁতখনেৰে ওৱেভ কৰিলো। হঠাৎ মোৰ সন্মুখৰ কইনাঘৰীয়া মানুহজন ৰৈ ছোৱালীজাকৰ ফালে চাই ক’লে, –
“তহঁতেও খাই ল, এতিয়া মানুহ পাতলিল। অকল আমি কেইজনমানহে খাবলৈ আছো।”
মানুহজনে কথাখিনি, ছোৱালীজনীকেই কোৱা বুলি তেতিয়াহে বুজি পালো, যেতিয়া ছোৱালীজনীয়ে ক’লে, –
“ঠিক আছে পাপা, আমিও খাম এতিয়া। ঐ ব’ল খাই লওঁগৈ।”
ভূপেনে একেজাপে মোক অভাৰটেক্ কৰি চানিয়া-চোলিৰ পাপাকৰ লগ লাগিল।
“আমি মানে শিৱসাগৰৰ পৰা আহিছো। দৰাৰ বন্ধু।”
ভূপেনে যেন হ’বলগীয়া শহুৰেকক নিজৰ পৰিচয়হে দিছে। তাৰ ফালে চাই মানুহজনে ক’লে, –
“মই হেমেনৰ ৱাইফ মানে কইনাৰ ভিনিহিয়েক।”
কথাষাৰ শুনি ভূপেনে মোৰ ফালে সপ্ৰশংস দৃষ্টিৰে চালে আৰু মোৰ ভয়েই লাগিল শিৱসাগৰৰ পাৰ্টীবোৰত কৰাৰ দৰে “গুৰু মানিছো বে তোক” বুলি মোৰ ভৰিত ধৰেহি বা।
“আচলতে, আপোনালোকে নাই খোৱা বুলি, হেমেনেই ক’লে।”
মোৰ ফালে চাই ভিনিয়েকজনে ক’লে।
শিৱসাগৰৰ মেচতো হেমেনদাই, মই খালো নে নাখালো সদায় লক্ষ্য ৰাখে। নাইট ডিউটি কৰি আহি বিচনাত পৰি দিলে, ৰাতি তেওঁ এবাৰ ওচৰলৈ আহি সুধিবই, কিবা খালি নে নাই বুলি। বিয়া পাতি এতিয়া ‘হেমেনদা মেচৰ পৰা ওলাই যাব’ কথাষাৰ ভাবিয়েই বুকুখন বিষাইছে।
অভ্যৰ্থনাগৃহত খাবলৈ বুলি আমি দৰাঘৰীয়াখিনি একেটা শাৰীত বহিলো। মোৰ কাষত ভাগিন আৰু ভূপেনে কথাৰ মহলা জুৰি বাওঁফালে ভিনদেউৰ সৈতে বহিলে।
আমাৰ সন্মুখৰ ফালে কইনাঘৰীয়া মানুহ আৰু আমাৰ পিছে পিছে অহা চানিয়া-চোলিৰ নেতৃত্বত ছোৱালীজাক। কাকতালীয় ভাবে চানিয়া-চোলী মোৰ ঠিক বিপৰীত ফালে বহিল আৰু মোৰ ফালে তাই এইবাৰ কোনোধৰণৰ লুক-ঢাক নকৰাকৈ কিছুসময় চাই ৰ’ল। মই অস্বস্তিবোধ কৰিলো যদিও ভালো লাগিল। এঘণ্টামানৰ আগতে ভূপেনক কোৱা, নৈতিক কথাবোৰৰ সৈতে অকণমান সময়ৰ বাবে দ্বন্দ কৰিলো আৰু লাহেকৈ পাহৰিবলৈ চেষ্টা কৰিলো। ছোৱালীজনীৰ চকুহাল মোৰ যেন বহুদিনীয়া চিনাকী। কাজল ল’লে আৰু ভাল লাগিব তাইক। এইবাৰ হাঁহি এটা মাৰি তাইলৈ চাই ইংগিত দিলো,- “খোৱা।”
তাই দেউতাকৰ ফালে এবাৰ চাই লৈ, মোকো খোৱা আৰম্ভ কৰিবলৈ ইংগিত দিলে।
মোৰ মনৰ গহনত গোলাম আলিয়ে গুণগুণাই উঠিল –
“উনকী নজৰ মে কোই যাদু জৰুৰ হ্যায়/
জিচ পৰ, পৰি উচীকী জিগৰ তক উতৰ গয়ী/
হামনে বচায়ে লাখ মগৰ/
হামনে বচায়ে লাখ মগৰ
ফিৰ উধৰ গয়ী/
মেহেফীল মে বাৰ বাৰ
কিছি পৰ নজৰ গয়ী….।”
ভাগিনৰ মাতত মোৰ সম্বিৎ ঘূৰি আহিল, –
“মামা, আপনি কিন্তু চাৰে সাংঘাতিক বস্তু দক। আপনাক পাল্লি, একবাৰ বৰপেটাক নিবা মোৰ বিৰাট মন গেইছি।”
খোৱা শেষ কৰি ভূপেন আহি মোৰ লগ লাগি আৰম্ভ কৰিলে, – “তই লগত থাকিলে মোৰ জীৱনত একোৱেই নহ’ব।”
“কিয় কি হ’ল?”
“শিৱসাগৰতো পিকে গগৈৰ জীয়েকক, মোৰ কথা ক’বলৈ পঠিয়ালো। মোৰ কথা নুশুনে, তাই তোকহে ভালপাওঁ বুলি ক’লে।”
“কিন্তু তাইৰতো বিয়া হৈ গ’ল।”
ভূপেনে চফগুটি কেইটামান মোলৈ আগবঢ়াই দি ক’লে, – “বাদ দে সেইবোৰ কথা, তই এতিয়া চানিয়া-চোলিৰ কেছটো কি কৰিম বুলি ভাবিছ?”
“কি কৰিম মানে, পাগল হৈছ নেকি? পপটলালৰ মেচেজ আহিছে কাইলৈ কলিকতা গৈ পাবই লাগিব। মই এতিয়াই ওলাম, তই মোৰ লগত গ’লে ব’ল আৰু নহ’লে তই থাক, মই যাওঁ।”
তাৰ থাকিবলৈ মন আছে যে মই জানো। সি বৰ দুখ মনেৰে ক’লে,-
“কথা এটা হ’ল নহয়। বিয়াৰ লগ্নলৈ এতিয়াও বহু দেৰি আছে। কইনা বাহিৰলৈ অনাই নাই। শিৱসাগৰৰপৰা বিয়া খাবলৈ আহিলো, অথচ ন-ছোৱালী মানে ডেকাদাৰ কইনাজনী নোচোৱাকৈ যাম নেকি?”
“তোৰ কি মন? কইনা চাবি?”
“নহ’লে ব’ল যাওগৈ আৰু।”
“ৰহ, তোৰ শেষ ইচ্ছা পূৰণ কৰিয়েই যাম।”
কইনাৰ ভিনিয়েকৰ ওচৰলৈ গৈ, সংক্ষেপেৰে আমাৰ কইনাজনী চাই যোৱাৰ ইচ্ছাৰ বিষয়ে ক’লোঁ।
তেখেতে আমাৰ কথা শুনি ক’লে, – “নো প্ৰব্লেম, আহক মোৰ সৈতে।” এইবুলি প্ৰকাণ্ড বিল্ডিংটোৰ তলৰ মহলাৰ, কৰিড’ৰ এটাৰ মাজেৰে আমাক নি, কইনা বহি থকা ৰুম এটালৈ লৈ গ’ল।
“এখেতসকল হেমেনৰ বন্ধু, শিৱসাগৰৰপৰা আহিছে। আপোনালোকে কথা পাতক। মই আহি আছো।” বুলি ভিনদেউ ওলাই গ’ল। ৰূমটোত তেতিয়াও ভালেখিনি মহিলা আৰু ছোৱালী, কইনাক বাজ উলিউৱাৰ সাজ-সজ্জাৰ, ফিনিশ্বিং দিয়াত ব্যস্ত আছিল।আমাৰ দুয়োৰে উপস্থিতিয়ে পৰিবেশটো কিছু গহীন কৰা যেন দেখি, স্বাভাৱিক কৰিবলৈ মোৰ সমগ্র আকর্ষণ ঢালি, আৰম্ভ কৰিলো, –
“বৌ, অলমোষ্ট বৌ বুলি মাতিব পৰা হ’লো নিশ্চয়। আমি আপোনাক এবাৰ চাই যাওঁ বুলি আহিছো। আচলতে আমি বিয়া শেষ হোৱালৈ নাথাকিম, গতিকে আমাক ক্ষমা কৰিব আৰু।”
বৌৱে ওৰণিখন গুচাই মোলৈ চাই হাঁহি এটা মাৰিবলৈ লওঁতেই এটা মধুৰ কণ্ঠস্বৰ কাণত পৰিল, –
“আপোনাৰ নাম শুভ্ৰজ্যৌতি নেকি?”- কথাষাৰ কোনে কৈছে মই ধৰিব নোৱাৰি ক’লো, –
“হয় মই শুভ্ৰজ্যৌতি, আপোনাৰ ধুনীয়া মাতটোহে কেৱল শুনিছো, আপোনাক নাই দেখা যে!”
এইবুলি ইফালে-সিফালে মই চাই থাকোতে পিচফালৰপৰা মাত এটাই ক’লে, -“ঘূৰি চোৱাচোন, মোক চিনি পাবানে?”
মাতটো চিনি পাইছো যেন লাগিছে যদিও ধৰিব পৰা নাই। বিদ্যুৎ ক্ষিপ্ৰ গতিৰে ঘূৰি চালো আৰু এক মিলিচেকেণ্ডৰ ভিতৰত মুখৰ পৰা ওলাল, –
“কবিতা, তুমি!”
কবিতা চৌধুৰী, এসময়ৰ মোৰ সহপাঠিনী। কৈশোৰ আৰু যৌৱনৰ দোমোজাত মোৰ মনৰ গহনত হাজাৰজনী কুলিৰ কুহুধ্বনি তুলি কল্পনাক ৰঙীন কৰা মোৰ সপোনৰ নায়িকা। কাজলসনা এহাল ধুনীয়া চকুৰ গৰাকিনী, কবিতা। ‘এইজনী মোৰ’ বুলি সেই স্কুলীয়া প্ৰেমৰ কাহিনীৰ, ক্লাইমেক্স নৌপাওঁতেই এদিন হেৰাই গৈছিল।
কবিতাক এইদৰে বহুবছৰৰ বিৰতিৰ মূৰত পাই, মনলৈ কিছু মিশ্ৰিত প্ৰতিক্ৰিয়া আহিল। মনলৈ অহা হাজাৰটা প্ৰশ্নৰ এটা মুখলৈ আহিল।
“তুমি ইয়াত কেনেকৈ?
“সবিতা মোৰ ভণ্টী হয়।”
সবিতা হেমেনদাৰ হ’বলগীয়া পত্নীৰ নাম বুলি জানিছিলো।
“নিজৰ ভণ্টী?”
“অঁ নিজৰ। আমাৰ স্কুলতেই পঢ়িছিল। তুমি স্কুলত দেখিছিলা, পাহৰিলা চাগৈ।”
ক’বলৈ মন গৈছিল একোৱেই পাহৰা নাই বুলি, নক’লো।
ক’লো, তুমি মোক পিছফালৰ পৰা মুখখন নেদেখাকৈ কেনেকৈ চিনি পালা?
“তোমাৰ মাতটো মোৰ এতিয়াও মনত আছে আৰু হাত জোকাৰি জোকাৰি কথা কোৱা ষ্টাইলটো এতিয়াও একেই আছে।”
তাই সবিতাৰ (বৌ) ফালে চাই ক’লে, – শুভ্ৰজ্যৌতিক মনত আছে নে তোৰ?
বৌৱে ওৰণিখন গুচাই মোলৈ চাই হাঁহি এটা মাৰি মূৰ জোকাৰিলে। মই কি কৰোঁ কি নকৰোঁকৈ আকৌ এবাৰ নমস্কাৰ কৰিলো।
কবিতাই ক’লে, – “তোমাক এনেদৰে পাম বুলি সপোনতো ভবা নাছিলো। ব’লা বাহিৰৰ বাৰাণ্ডালৈ যাওঁ, তোমাৰ সৈতে বহু কথা পাতিবলৈ মন গৈছে।”
প্ৰায় সৰু ল’ৰা এটাক হাতত ধৰি নিয়াৰ দৰে বাৰাণ্ডালৈ টানি নিলে। মই বৌক, “শিৱসাগৰত লগ পাম, বাৰু” বুলি কৈ কবিতাক অনুসৰণ কৰিলো। ভূপেনক ঢকা এটা মাৰি পিছে পিছে আহিবলৈ ইছাৰা কৰিলো। বাৰাণ্ডা পোৱাৰ পিচত ভূপেনক চিনাকী কৰি দিবলৈ লৈ মই ক’লো, –
“এইয়া মোৰ বন্ধু ভূপেন দাস। শিৱসাগৰত আমি একেলগেই আছো।”
ভূপেনে নমস্কাৰ জনালে।
“আৰু এখেত কইনাৰ বায়েক, মোৰ সৈতে একেলগে পঢ়িছিল। আমি ভাল বন্ধু আছিলো।”
কবিতাইয়ো প্ৰতি নমস্কাৰ জনালে। আৰু কি হ’ল মই নিজে নজনাকৈ কৈ পেলালো, – “আৰু এদিন একো নোকোৱাকৈ মোৰ জীৱনৰপৰা আঁতৰি গৈছিল।”
ভূপেন অকণমান আচৰিত হৈছে। মই এইদৰে কথাটো কোৱাৰ অৰ্থ বিচাৰি “তহঁতে কথা পাত” বুলি আঁতৰলৈ গৈ চিগাৰেট এটা জ্বলাওঁতেই বুজিলো সি অকণমান হাবাথুৰি খাইছে যে খাটাং।
মোৰ মনৰ পূঞ্জীভূত অভিমান আৰু ক’ল্ড ড্ৰিংকছৰ বুৰবুৰণিবোৰে ক্ষোভৰ ৰূপ ধাৰণ কৰি মোক প্ৰগলভ কৰি তুলিছে।
“তোমাৰ মোৰ মাজত প্ৰেম আছিল নে নাছিল সেই প্ৰশ্নৰ উত্তৰ এতিয়া মোক নালাগে। কিন্তু তুমি আৰু মই যে ভাল বন্ধু আছিলো, এই কথা তুমি নিশ্চয় অস্বীকাৰ নকৰা। কাকো একো নজনোৱাকৈ হঠাৎ গুচি গ’লা। বহুদিনৰ মূৰত এদিন ৰূপশিখাৰ পৰা গম পালো, তোমাক ঘৰৰ পৰা ই়্জিনিয়াৰ এজনৰ সৈতে বিয়া দিলে।”
কথাখিনি একে উশাহত কৈ তাইৰ মুখলৈ চাই দেখিলো তাইৰ ডাঙৰ ডাঙৰ চকুযুৰিৰে মোক অপলক চাই আছে। মইও ইমানপৰে তাইক ভালকৈ চোৱাই নাছিলো। তাই আগৰদৰেই ধুনীয়া হৈ আছে, কেৱল অকণমান শকত হোৱা যেন লাগিল। তাইৰ আংশিকভাবে সজল চকুযুৰিলৈ চাই, গোলাম আলীৰ গজলৰ শেষৰ শ্বায়েৰীটো মনৰ বেকগ্রাউণ্ডত বাজি উঠিল।
“উচ্ বেৱফা কী আখ চে
আচু ছলক পৰে/
উচ্ বেৱফা কী আখ চে
আচু ছলক পৰে/
হচৰত্ ভৰী নিগাহ
বড়া কাম কৰ গয়ী/
হামনে বচায়ে
লাখ মগৰ/
হামনে বচায়ে
লাখ মগৰ/
ফিৰ উধৰ গয়ী,
মেহফীল মে বাৰ বাৰ কিচি পৰ নজৰ গয়ী…..”
মোৰ প্ৰশ্নৰ উত্তৰবোৰ তাইৰ কাজল সনা চকুৰ গভীৰতাৰ মাজতে লুকাই আছিল, যদিও মই সেই উত্তৰবোৰ কোনোদিনেই বিচাৰি নাপাম।
হঠাৎ তাইৰ চকুযোৰ মোৰ আৰু বেছি চিনাকী যেন কিয় লাগিল?
মই নিজকে চম্ভালি প্ৰসংগ সলাবলৈ সুধিলো, -“তুমি ভালে আছা কবিতা?”
তাই মোৰ প্ৰশ্নৰ উত্তৰ নিদি ওলোটাই মোক সুধিলে, – “তুমি বিয়া কৰালা নে?”
মই উত্তৰ নিদি ক’লোঁ, – “তোমাৰ ল’ৰা ছোৱালী কি?”
“মোৰ ল’ৰা এটা” বুলি কৈ ওচৰেদি দৌৰি পাৰ হৈ যোৱা ল’ৰা এটাক মাতিলে, –
“এই ৰিকি, এইফালে শুনা।”
ল’ৰাটো ওচৰলৈ অহাৰ পিছত ক’লে,- “এইটো মোৰ ল’ৰা। ক্লাছ চিক্স পালে এইবাৰ।” সি মোক নমস্কাৰ দিলে। মাকে ক’লে,- “যোৱা বাক মই মাতিছো বুলি কোৱাগৈ।”
ৰিকিয়ে বিয়াঘৰৰ ব্যস্ততাৰ ভীৰ ফালি দৌৰি ওলাই গ’ল।
মই ক’লো, – “তোমাৰ আইতা এতিয়াও জীয়াই আছেনে?”
তাই ক’লে, – “নাই, কিন্তু তুমি আইতাৰ কথা কিয় সুধিছা?”
মই ক’লো, – “তোমাৰ আইতাৰ শেষ ইচ্ছানুসৰি তোমাৰ বিয়া হৈছিল বুলি কোনোবাই কোৱা মোৰ মনত পৰিছে আৰু তাৰপিছতো আইতা বহু বছৰলৈ জীয়াই আছিল।”
কবিতাই ক’লে, – “তুমি নক’লেও তোমাক কথাটো কোনে কৈছে মই জানো।”
“মানে?”
“কথাটো তোমাক ৰূপশিখাই কৈছে?”
ৰূপশিখাৰ নামটো শুনি মই ক’লো, – “ৰ’বাচোন, ৰূপশিখাই মোক এবাৰো নক’লে যে তোমাৰ ভণ্টীৰ সতে হেমেনদাৰ বিয়া বুলি। তাইৰ লগত মই বহুতো কথা পাতিছো। তোমাৰ কথাটো, মোক ক’বলৈ তাই পাহৰি গ’ল! এই কথাটো মই বুজি নাপালো। “
মাজতে ভূপেনে মোক চিগাৰেটটো দিলে। সি ভালকৈয়ে জানে টেনশ্বনত থাকিলে, মই যে হুপিম। মই কবিতাক ‘চিগাৰেট খাইছো দেই, বেয়া নাপাবা’ বুলি কৈ দুহোপামান মাৰিলো।
কবিতাই ডাঙৰকৈ হাঁহি এটা মাৰি ক’লে, – “তুমি বহু কথাই বুজি নোপোৱা। তোমাৰ আৰু মোৰ মাজত কিবা এটা আছে বুলি, স্কুলত পঢ়ি থাকোতে, তাই সদায় মোক বেয়া পাইছিল। তুমি এই কথাটো বুজি পাইছিলা?”
ৰূপশিখাই আমাৰ লগৰ দাঁতভঙা অসীমক ভাল পাইছিল বুলি মোৰ মনত আছে।
মই ক’লো, -“তাইতো দাঁতভঙাক ভাল পাইছিল!”
তাই খুব হাঁহিলে। হাঁহিলে কবিতাক আৰু বেছি ধুনীয়া দেখি।
মই ক’লো, – “হাঁহিছা যে?”
“দাঁতভঙা নামটো তুমি পাহৰা নাই যে সেইকাৰণে! তাইৰ সৈতে মোৰ কাঁজিয়া লগাৰ কাৰণ আছিলা তুমি।”
“কাজিয়া! কিন্তু কিয়?”
“তাইয়ো তোমাক ভাল পাইছিল। সেইকাৰণে তাই মোক আজিও বেয়া পায় আৰু সেইবাবেই তাই দৰাৰ লগতো অহা নাই।”
এই কথাষাৰ বেলেগ কোনোবাই কোৱা হ’লে মই বিশ্বাস কৰিবলৈ টান পালোহেঁতেন। কথাষাৰ শুনি এক প্ৰকাৰ চক খাই, কিংকৰ্তব্যবিমূঢ় হৈ পৰিলো। মোৰ যিমানদূৰ মনত আছে কবিতা আৰু ৰূপশিখা নলে-গলে লগা “বুন্দিয়া-ভুজিয়া” আছিল। মই আজীৱন মানুহৰ মাইণ্ড ৰিডিং কৰিব পাৰো বুলি, মোৰ মনৰ মাজত থকা, সুপ্ত এক অহমিকা ক্ষণিকতে ভাঙি চূৰমাৰ হৈ গ’ল।
“ৰূপশিখাইও মোক ভাল পাইছিল।” – কথাষাৰ মনৰ ভিতৰতেই বিৰবিৰালো।
ভূপেনে নাতিদূৰৈত থকা বাৰাণ্ডাৰ ৰেলিঙত বহি আমাৰ কথাবোৰ শুনি আছে।
“ভূপেন, দেৰী হৈছে নেকি অ’ ?”
সি ক’লে, – “নাই, দেৰি হোৱা নাই। মই আছো দোস্ত।”
কবিতাই ক’লে, – “তুমি কেইদিনমান গুৱাহাটীত আছা নে?”
মই ক’লো, – ” নাই। মই কাইলৈ কলিকতালৈ যাম। কিয় সুধিলা?”
“আমি এতিয়া বেলতলাত থাকো, আমাৰ ঘৰলৈ এদিন আহিবা।”
হঠাৎ দেখিলো ঘাঘৰাৱালী আমাৰ ফালে লৱৰি অহাদি আহিছে। ক’ব নোৱাৰাকৈয়ে মোৰ ষষ্ঠ ইন্দ্রিয় জাগ্রত হৈ উঠিছে। অকণমান সন্ত্ৰষ্ট হৈ পৰিলো আৰু ভূপেনৰ ফালে নোচোৱাকৈয়ে অনুভৱ কৰিলো, সিও ৰেলিঙত বহাৰপৰা উঠি থিয় হৈছে বুলি।
ঘাঘৰাৱালী আহি কাষত থিয় দিয়াৰ লগে লগে কবিতাই কোনোধৰণৰ ভূমিকা নকৰি ক’লে, –
“এয়া মোৰ ছোৱালী, মাতু। এয়া তোমাৰ শুভ্ৰ মামা। আমি স্কুলত একেলগে পঢ়িছিলো।”
মই মোৰ চেহেৰাটো জাপানী মানুহৰ দৰে, একেবাৰে ভাবলেশহীন কৰিবলৈ চেষ্টা কৰি, তাইৰ ফালে নোচোৱাকৈয়েই প্ৰতি নমস্কাৰ জনালো।
মাতুৱে মাকৰ ফালে চাই যাওঁ বুলি কওঁতেই মই ভূপেনৰ ফালে চাই “মামা” শব্দটোত অকণমান বেছি জোৰ দি ক’লো, – “এইয়া তোমাৰ আৰু এজন ‘মামা’, ভূপেন মামা। মোৰ বন্ধু।”
ভূপেনৰ তেতিয়াও শিক্ষা হোৱা নাই, সুধিছে, –
“কি পঢ়ি আছা ভণ্টী?”
ভণ্টী! হাঃ হাঃ হাঃ।
তাই ক’লে, – “মই ক্লাছ টেনত।”
“তোমাৰ ছোৱালীৰ সৈতে আগতেই চিনাকী হ’লো। দৰা আগচোতে। অবিকল তোমাৰ চকুযুৰি পাইছে।”
‘মা, মই আহো”- বুলি কৈ তাই অহাৰ দৰেই সৰু ছোৱালী এজনীৰ দৰেই দৌৰি গুচি গ’ল।
মই ক’লো, -“বহু ডাঙৰ হ’ল, তোমাৰ ছোৱালী।”
ভূপেনে মাজতে “মই কলেজ বা ইউনিভাৰ্চিটিত পঢ়ি আছে বুলি…. ” কৈ শেষ কৰাৰ আগতেই তাক ৰখাই ক’লো, –
“কবিতা, আমি এতিয়া আহো। তুমি ভালে থাকিবা।”
আমি কথা পাতি থাকোতেই কইনা হোমৰ গুৰি পালেগৈ। কবিতাই ক’লে, –
“তুমি গুৱাহাটীলৈ আহিলে আমাৰ ঘৰলৈ আহিবা কিন্তু।”
মই পিছফালে নোচোৱাকৈয়েই স্পষ্টকৈ দেখিছিলো, কবিতাই ৰৈ আমাকেই চাই আছে বুলি।
বেকগ্ৰাউণ্ডত পুৰোহিতৰ উচ্চস্বৰৰ মন্ত্ৰধ্বনি শুনি বিয়াৰ লগ্ন আৰম্ভ হোৱা বুলি গম পালো।
বাইকত ষ্টাৰ্ট দি ভূপেনক ক’লো, – “বহ।”
ৰাজপথৰ জয়াল নিস্তব্ধতাৰ সৈতে, তাল মিলাই, দুয়ো মহানগৰীৰ জনশূন্য অথচ চিনাকী গলিবোৰক অতিক্রম কৰি, ভয়ানক নীৰৱতাৰ মাজেৰে আগবাঢ়ি গৈ আছো। মোৰ মন গহনত পুনৰ গোলাম আলিয়ে উকমুকালে-
“চমকতে চান্দ কো
টুটা হুৱা তাৰা বনা ডালা,
মেৰী আৱার্গী নে মুঝকো
আৱাৰা বনা ডালা…..”
ভূপেনক বামুনীমৈদামত তাৰ ঘৰৰ সন্মুখত নমাই সুধিলো, – “সময় কিমান হৈছে?”
সি ঘড়ী চাই ক’লে, – “বাৰটা, অ’ চৰী আঢ়ৈ।”
মই ক’লো, – “বাৰটা! তোৰ-মোৰ বাৰ, বিয়াঘৰত থাকোতেই বাজিছিল। বাই।”
ঘৰ পোৱাৰ পিছত, হাত মুখ ধুই, ‘এমপি থ্ৰী প্লেয়াৰ’ত মেহদী হাছানৰ গজলটো চাৰ্চ কৰি, ‘ইয়াৰ-ফোন’ কাণত লগাই বিচনাত পৰি দিলো। অলেখ স্মৃতিৰ সঁফুৰাই মন আৰু মগজুত জুমুৰি ধৰিলে। গজলৰ কথা আৰু সুৰে আলফুলকৈ নিদ্রাদেৱীৰ কোলাত সপি দিলে যদিও মোৰ ‘এমপি থ্ৰী প্লেয়াৰ’ আৰু অৱচেতন মনত বহুপৰলৈ বাজি থাকিল মেহদীৰ কণ্ঠৰ কালজয়ী গজলটো,–
“অব কে হাম বিছড়ে
তো শ্বায়দ কভী
খোৱাবো মে মিলে,
জিচ তৰহ চুখে হুৱে ফুল
কিতাবো মে মিলে…..
তু খুদা হ্যাই, না মেৰা ইস্ক
ফৰিস্তো জেইচা।
দোনো ইন্সান হ্যাই
তো কিউ ইতনে
হিজাবো মে মিলে।
অব কে হাম বিছড়ে
তো শ্বায়দ কভী
খোৱাবো মে মিলে….”
☆★☆★☆
4:00 pm
খুব ভাল লাগিল। অপূৰ্ব বৰ্ণনাৰে সুন্দৰ গল্প।
4:50 pm
ভাল লাগিল গল্পটো৷ যথেষ্ট দীঘল হৈছে৷
5:32 pm
ইমান দীঘল
6:42 pm
ভাষাৰে বুজব পৰা নাই…ভালহৈছে
6:47 pm
এটা নিৰ্লোভ প্ৰেমৰ গল্প। প্ৰকাশভংগী সাৱলীল।
6:52 pm
দেহি ঐ
7:32 pm
একমাত্ৰ আপুনি লিখাৰ বাবেই শেষলৈকে দাৰি,কমা নেৰাকৈ পঢ়িলো।আপোনাৰ আনবোৰ লেখা আৰু এইটোৰ মাজত থকা পাৰ্থক্যই হতবাক কৰিছেহে মোক।
8:24 pm
বৰ ভাল লাগিল। বিয়াঘৰত থাকি আপোনালোকক চাই থকা যেনেই লাগিল।
11:31 pm
সাৱলীল লিখনি।
11:38 pm
দুৰ্দান্ত । কি নিখুঁট বৰ্ণনা । যেন কোনো চিনেমাহে উপভোগ কৰি অাছো ।
8:09 am
ৰসে চৌ চৌ… সঞ্জীৱদা ,ভাল লাগিল ।