মৃত ভৰিটো – মাধুৰিমা ঘৰফলীয়া
আনদিনাৰ দৰে সেইদিনাও ভৰি দুটা ধুলিৰে পোত খাই আছিল। সেই ধুলিবোৰৰ মাজত উত্তৰ ভাৰতৰ হাড় কঁপোৱা জাৰে চিৰিলা-চিৰিল কৰি যোৱা মাছৰ বাকলিহেন ভৰি দুটা লুকাই আছিল। পিচে ভৰি দুটাৰ শক্তি কম নহয়। সেই দুটা ভৰি চোঁচৰায়েই মানুহজনীয়ে কলনীৰ মাজত থকা ডাঙৰ পাৰ্কখন অকলে অকলে বাঢ়নীৰে চাফা কৰে। পুৱাৰ পৰা দুপৰীয়ালৈকে একেৰাহে বাঢ়নিৰে সৰাৰ পাছত চাফা হোৱা পাৰ্কখন পাছবেলালৈ সৰু সৰু ল’ৰা-ছোৱালীৰ লগতে সিহঁতৰ মাক-দেউতাকবোৰে আড্ডা মাৰিবলৈ আহি কিবা-কিবি খাই লেতেৰা কৰি পেলায়। মানুহজনী যেতিয়া প্ৰথম এই কামটোত সোমাইছিল তেতিয়া সম্ভ্ৰান্ত লোকসকলৰ কাণ্ডবোৰ দেখি আচৰিত হৈছিল। পিছদিনা বৰ দুখেৰে সেইবোৰ পুনৰ চাফা কৰিছিল। কাৰণ পাৰ্কখন অলপ লেতেৰা যেন দেখিলেই সেই সম্ভ্ৰান্ত মানুহবোৰেই কলনীৰ চোৱা-চিতা কৰাৰ অফিচত গোচৰ দিছিল। আৰু তেনে গোচৰে তাইৰ সেই সৰু চাকৰিটো থৰক-বৰক কৰি পেলোৱাৰ সম্ভাৱনা আছিল। সেইবাবে তাই নিজৰ কামবোৰৰ প্ৰতি বিৰাট সচেতন। কিন্তু সদায় সদায় একেবোৰ কাণ্ড দেখি এটা সময়ত তাইৰ ভৰি দুটাৰ দৰে মুখখনো চলিবলৈ আৰম্ভ কৰিলে। কোনোবাই পেলনীয়া বস্তু ডাষ্টবিনত নেপেলাই পাৰ্কত পেলালে তাই জঁকি উঠিবলৈ ধৰিলে। মানুহবোৰে ভয় খালে। মাছৰ বাকলিহেন ভৰি দুটাৰে কঢ়িয়াই লৈ ফুৰা খীণ-মিন মানুহজনীলৈ নহয় তাইৰ মুখখনলৈ। নিজকে অপমানিত হোৱাৰ ভয়ত মানুহবোৰে পেলনীয়া বস্তুবোৰ ডাষ্টবিনত পেলাবলৈ অভ্যাস কৰিলে। মানুহজনীৰ মুখত হাঁহি বিৰিঙিল। তাই অকনমান আজৰি সময় পোৱা হ’ল। নিজৰ কনমানী ল’ৰাটো লৈ তাই সেই মানুহবোৰৰ মাজতে বহি অলপ জিৰণি লয়। মাজে মাজে মানুহবোৰক লক্ষ্য কৰে। তাইৰ ল’ৰাটোৰ সমানেই ল’ৰা-ছোৱালীক খেলাবলৈ লৈ অহা মাকবোৰৰ হাত-ভৰিলৈ চাই, -ইমান ধুনীয়া! ইমান নিমজ! সিহঁতৰ গাঁৱৰ সকলোতকৈ ধনীঘৰখনৰ ছোৱালীকেইজনীৰো হাত ভৰি ইমান ধুনীয়া নাছিল!
মানুহজনী মানে সুশিলা! উত্তৰ ভাৰতৰ এখন ভিতৰুৱা গাঁৱৰ গাভৰু আছিল। সুশিলাই শুনামতে তাইৰ জন্মৰ আগতে মাকৰ বহুকেইটা সন্তান হৈছিল যদিও গোটেইকেইটা সন্তান জন্ম হৈয়ে ঢুকাইছিল! গোটেইকেইটি সন্তান ছোৱালী আছিল! মানুহে বু-বা কৰিছিল সুশিলাৰ জীৱনটো তাইৰ লগতে জন্ম হোৱা আনটো যমজ সন্তান মহেশৰ বাবেহে বাচিল বোলে। যমজ সন্তানৰ প্ৰসৱ কৰাবলৈ সেইবাৰ মাকক হস্পিতাললৈ নিব লগা হৈছিল হেনো! সুশিলাই এইবোৰ কথা আঁৰ-তাৰ মুখৰ পৰা শুনিছিল। মাকে তাইক একো নকৈছিল। আচলতে মাকজনীয়ে কাকোৱে একো কোৱা নাছিল। জড় পদাৰ্থৰ দৰে মাথো নিজৰ কামবোৰ কৰি গৈছিল। সুশিলা আৰু মহেশৰ প্ৰতিও উদাসীন আছিল। কথাই কথাই এবাৰ আইতাকে কৈছিল বাৰে বাৰে মৃত সন্তানবোৰ দেখি মানুহজনী এনেকুৱা হৈ গ’ল। নহ’লে তাইৰ মাকজনী হেনো খুবেই ৰঙীয়াল আছিল।
সুশিলাই আইতাকৰ কথাবোৰ ৰ’ লাগি শুনিছিল। লাহে লাহে তাই গাভৰু হৈছিল। চহৰলৈ কাম কৰিবলৈ ওলাই অহা মহেশে তাইৰ বাবে দৰা এটা খবৰ আনিছিল। ৰামকুমাৰ। কেও কিছু নোহোৱা ডেকা ল’ৰাটো হেনো তাৰ কাপোৰ ইস্ত্ৰী কৰা চালিখনৰ কাষতে থকা কলনীৰ পাৰ্কখনৰ চোৱাচিতা কৰে। ৰামকুমাৰে যৌতুক হিচাপে একো নিবিচৰাত সুশিলাৰ পৰিয়ালটো সকাহ পাই খৰখেদাকৈ বিয়া পাতি তাইক উলিয়াই দিলে। ৰামকুমাৰো সুখী হ’ল। জীয়াই থাকিবলৈ দুখনমান ৰুটী আৰু ৰাতি বিচনাত যদি এজনী গাভৰু পোৱা যায় সেইয়াই তাৰ বাবে সৰগ।
সুশিলাৰ নকৈ গাভৰু হোৱা দেহাটো ৰামকুমাৰে বাৰুকৈ উপভোগ কৰিলে। সেই উপভোগৰ ফল সুশিলাৰ পেটত সোনকালেই ধৰা দিলে। ৰামকুমাৰ দপদপাই উঠিল। তাকে দেখি মহেশ দৌৰি আহিল। যিমান হলেও সহোদৰ।
-“তই চিন্তা নকৰিবি ৰামকুমাৰ, তাইৰ বাচ্চা জন্ম নোহোৱালৈকে সকলো দায়িত্ব আমাৰ। মই ককায়েকটো আছোঁ নহয়।“
ৰামকুমাৰৰ মুখত হাঁহি বিৰিঙি উঠিছিল। আনফালে চলচলীয়া চকুৰে সুশিলাই ককায়েকৰ সৈতে ঘৰলৈ বুলি যাত্ৰা কৰিছিল।
সময়ত সুশিলাৰ ল’ৰাটোৰ জন্ম হ’ল। ৰামকুমাৰে বীৰৰ দৰে গৈ সুশিলা আৰু ল’ৰাটো লৈ আনিলেগৈ। লগে লগে সুশিলাৰ হাতত পাৰ্কৰ চাকৰি গতাই নিজে ৰিক্সা চলাবলৈ লাগিল।
দিনত সুশিলাই পাৰ্কৰ কাম কৰে, ল’ৰাৰ জঞ্জাল চম্ভালে আৰু ৰাতি হ’লে ৰামকুমাৰ হাতত দেহাটো এৰি দিয়ে। সুশিলাৰ শুকান জেওৰা খৰিহেন হৈ পৰা দেহাটো ৰামকুমাৰৰ অত্যাচাৰত কৰকৰাই শব্দ হয়। তেনেকুৱা বহু শব্দ সুশিলাহঁতৰ জুপুৰিটোৰ গাতে-গা লাগি থকা বাকীবোৰ জুপুৰীৰ পৰাও ভাঁহি আহে। শব্দবোৰ সকলোৰে চিনাকী, শব্দবোৰে পৰম্পৰা হৈ সুশিলাহঁতক বান্ধি থয়। সিহঁতি দাঁত কৰচি সেইবোৰ সহি যায়।
বাৰিষা আহে। সুশিলাৰ ভৰিখন অলপ মিহি হলেও ভৰিৰ ফাঁকে ফাঁকে পানীয়ে খাই খহুৱা ভেকুলীহেন কৰি তুলে। তেনেকুৱা দিনতে ককায়েক ওলালহি।
-“সুশি তোৰ ল’ৰাটোৰ গৰ্ভত থকা সময়ত তই ল’ৰা হ’বলৈ যে দৰৱ খাইছিল মোক কিয় কোৱা নাছিলি?”
-“তোক সেইবোৰ কোনে ক’লে?”
-“ৰামকুমাৰে।“
-“তই ইমান ডাঙৰ কথাটো মোক কিয় জনোৱা নাই?“
মহেশৰ মানুহজনী গৰ্ভৱতী হৈ আছে। ৰামকুমাৰৰ দৰে মহেশৰো নিজৰ মানুহজনীক নি মাকৰ ঘৰত গতাবলৈ মন আছিল কিন্তু মানুহজনীৰ ঘৰৰ ফালে বানপানী হৈ ট্ৰেইন চলাচল বন্ধ হৈ থকাত সেই আশা কলিতে মৰহিল। এতিয়া তাৰ আনটো আশা ল’ৰা সন্তান । কিন্তু সাতমহীয়া মানুহজনীৰ গা-গঠনবোৰ চাই ওচৰ-চুবুৰীয়া মাইকী মানুহৰ কথাবোৰ শুনি সি চিন্তিত হৈ পৰিল। ভাগ্যে তেনেতে ৰামকুমাৰে সুশীলাই খোৱা ঔষধটোৰ কথা ক’লে।
-“কি হ’ল তোৰ মুখৰ মাত হৰিল যে? “
সুশীলাক মনে মনে থকা দেখি মহেশ গৰজি উঠিল।
-“আস তেনে কোনো ঔষধ নাই মহেশ, যিবোৰে গৰ্ভত সন্তান এটা সলনি কৰিব পাৰে।“
-“তেন্তে তই কিয় খাইছিলি?“
-“মোক ঘৰলৈ যোৱাৰ আগত পাৰ্কতে লগ পোৱা ডাক্তৰণী বাইদেউ এগৰাকীয়ে সেইবোৰ কথা বুজাই তেনেকুৱা ঔষধ খাবলৈ মানা কৰি দিছিল। ময়ো তেওঁৰ কথা মনত ৰাখি একো খোৱা নাছিলোঁ। কিন্তু ল’ৰাৰ বাপেকে ক’ৰবাৰ পৰা ঔষধ বিচাৰি আনি দিয়াত উপায়হীন হৈ খোৱাৰ অভিনয় কৰিছিলোঁ।“
-“মানে ঔষধৰ কথাটো সঁচা!“
-“সঁচা। কিন্তু সেইবোৰ ডাক্তৰে খাবলৈ মানা কৰিছিল।“
-“আৰে এই ডাক্তৰ সকলে কি জানে!“
মুখত সন্তুষ্টিৰ হাঁহি এটা লৈ মহেশ গুছি গ’ল। সেই ৰাতি ৰামকুমাৰ ঘৰলৈ নাহিল। মহেশৰ লগত সি ঔষধ বিচাৰি গ’ল। সুশীলাই লৰাটোক লৈ বৌয়েকৰ ৰখীয়া হ’লগৈ।
পিছদিনা পুৱা মহেশহঁত ওলালহি। মহেশৰ হাতত কিবা-কিবি ৰসেৰে ভৰা বটল এটা। সি মুখ হাত ধুই লৈ বটলটো মানুহজনীলৈ আগবঢ়াই দিলে। মানুহজনীয়ে এবাৰ বটলটোলৈ আৰু এবাৰ সুশিলালৈ চালে। তাৰ পাছত চকুমুদি গোটেই ৰসখিনি গিলি থ’লে। মহেশৰ মুখখন উজ্জ্বলি উঠিল যেন তাৰ ল’ৰাটোৰ জন্ম হ’ল!
বৌয়েকক কিবা কিবি উপদেশ দি সুশিলা নিজৰ জুপুৰিলৈ উভতিল। বৌয়েকে ঔষধ খোৱা দুদিন হৈছিলহে মহেশৰ চুবুৰীয়া মানুহ এজনে আহি খবৰ দিলেহি,-
“মহেশৰ ঘৈণীৰ ল’ৰা পাবৰ হৈছে। ঘৰত নোৱাৰাত হস্পিতাললৈ গৈছে!”
সুশিলাই য’ৰে কাম ততে এৰি হস্পিতাললৈ দৌৰ মাৰিলে। চৰকাৰী হস্পিতাল। চাৰিওফালে সিহঁতৰ দৰে মানুহৰ ভিৰ। সেই ভিৰ ফালি তাই লেবাৰ ৰুমৰ কাষ পালেগৈ। বাহিৰত উগুল-থুগুল মনেৰে মহেশ ৰৈ আছিল। আৰু ভিতৰত বৌয়েকৰ টেঁটু ফলা চিঞৰ।
এঘণ্টা মান চিঞৰ-বাখৰ হোৱাৰ পাছত বৌয়েকৰ চিঞৰ কমি গ’ল। মহেশৰ উচপিচনি বাঢ়ি উঠিল। লেবাৰ ৰুমৰ পৰা নাৰ্চ গৰাকী ওলাই আহি ৰুক্ষ স্বৰেৰে ক’লে,-
“বাচ্চা নাবাচিল!”
মহেশে সুশিলাৰ হাতখন খামোচ মাৰি ধৰিলে। কঁপা কঁপা মাতেৰে সুধিলে, –
“ল’ৰা আছিল?”
-“নহয় ছোৱালী।“
মহেশৰ দেহৰ কঁপনি লগে লগে নোহোৱা হৈ গ’ল।
-“তই তাইক লৈ আহিবি সুশি। মোৰ এসোপা কাপোৰ ইস্ত্ৰি কৰিবলৈ আছে।“
মানুহজনীৰ খবৰ এটা নোলোৱাকৈ মহেশ গুচি গ’ল। সুশিলাই যাওঁ-নাযাওঁকৈ বৌয়েকৰ কাষলৈ গ’ল। মানুহজনীৰ কাষৰ টেবুলখনত থকা ট্ৰেখনতে সন্তানটো পৰি আছিল। তাইৰ কচু ঠাৰিহেন ভৰি এটা ট্ৰেখনৰ বাহিৰলৈকে ওলমি আছিল। মানুহজনীয়ে সেই ভৰিটোলৈ চাই ক’লে, –
“তাই জীৱটো লৈ নাহি ভালেই কৰিলে জান নে সুশিলা!”
সুশিলা চক খাই উঠিল। এটা পলৰ বাবে তাই বৌয়েকৰ চকুলৈ চালে। মৃত ছোৱালীজনীৰ ভৰিটোৰ দৰে এহাল ঢেলা চকু! বৌয়েকৰ চকুহালত চকু থৈ তায়ো কৈ উঠিল, –
“ও ভালেই হ’ল সেইখন ভৰিত প্ৰাণ নাহিল!”
☆★☆★☆
1:06 pm
বৰ নিদাৰুণ — আৱেগিক হ’লো পঢ়ি।
নাৰী–
8:43 am
হৃদয় বিদাৰক। বৰ কিবা লাগি গ’ল
7:03 pm
বৰ মনোকষ্ট দিয়া অথচ চলি থকা ঘটনা। লিখাৰ ষ্টাইলটো স্পৰ্শকাঁতৰ।
12:40 am
উফ
2:03 pm
বৰ কিবা লাগি গ’ল অ…
6:26 am
খুব ধুনীয়া গল্প এটা পঢ়িলো । চকুপানী ওলাই গল।
8:00 pm
সুন্দৰ বা, বুকু বিষাই গল