আধুনিক সাধু – নাজিয়া হাচান
১) ফুচফুচি
ভেদুলা বুঢ়াই নাতিনীয়েক ফুচফুচিক বিয়া দিবলৈ বুলি ল’ৰা এটা বিচাৰিলে৷ ফুচফুচিজনীৰ পঢ়া শুনাত মানে একেবাৰে মন নাই৷ বৰ গাধী আৰু বুৰ্বক প্ৰকৃতিৰো তাই৷ দিনৰ দিনটো তলৌ-তলৌকৈ মাথো ঘূৰি ফুৰে৷ কিবা ক’লে কিবা বুজি বহি থাকে৷ সেয়ে অতি সোনকালে ককাক ভেদুলায়ে লেটেকুলৈকে তাইক বিয়া দিব বুলি ঠিক কৰিলে৷ তাকে শুনি ফুচফুচিৰ বৰ আনন্দ৷ দিনৰ দিনটো তাই লেটেকু জোপাৰ তলতে আজিকালি গৈ বহি থাকে৷
ফুচফুচিয়ে গমকে নেপায় ককাকে ঠিক কৰা ল’ৰাটোৰ নাম যে লেটেকু!
২) ফেচবুক
চিন্তাধৰে বহুত চিন্তা কৰি গল্প এটা লিখিম বুলি ঠিৰাং কৰিলে৷ চিন্তা কৰি কৰি দুই-তিনিটা বছৰ সি পাৰ কৰিলে৷ কলমে, পে়ঞ্চিলে তাক লগ দিলেও গল্প এটা লিখিবলৈ দিমাগে কিন্তু তাৰ চাথ নিদিলে৷
গল্পৰ কাহিনী একো মূৰলৈ নহাত, সি কলম, ৰং পেঞ্চিলেৰে কিবা-কিবি আঁকি-বাঁকি বহীখন দুবছৰে ভৰাই পেলালে৷
হঠাৎ এদিন জীয়েক বনবনিৰ চিন্তাধৰৰ গোপন বহীখনত হাত পৰিল৷ তাই আচৰিত হৈ চিঞৰি ক’লে, “ওৱা দেতা! তই ইমান ধুনীয়া ছবি আঁকিব জান? কিয় লুকুৱাই থৈছ এইখন হয়নে!” এইবুলি আনন্দতে নাচি নাচি জপিয়াবলৈ ধৰিলে৷ চিন্তাধৰে দূৰৈৰপৰায়ে “থ বুলি কৈছো থ থ”, বুলি উধাতু খাই ল’ৰি আহিল বহীখন তাইৰপৰা ল’বলৈ৷ তায়ো সাউতকৈ ল’ৰি আনটো কোঠাত দুৱাৰ মাৰি সোমালগৈ৷ চিন্তাধৰে দুৱাৰত ঢকিয়াই হে ঢকিয়াই, তাই নোখোলে দুৱাৰ৷ মনে মনে আৰু লগে লগে তাই চিন্তাধৰে অঁকা-বঁকাখিনিৰ ফটো তুলিলে৷ আৰু অলপো দেৰি নকৰি জিঅ’ নেটৱৰ্ক লগোৱা মোবাইলটোৰপৰা তাইৰ ফেচবুক একাউণ্টটোত আঁক-বাঁকবোৰ পোষ্ট কৰি দিলে৷ আৰু লগতে এইবুলিও লিখিলে-
“এয়া মোৰ অজলা নিমাখিত দেউতাৰ মনৰ প্ৰকাশ৷ যি তেওঁ মনে-মনেই লুকুৱাই ৰখিছিল৷ চাওকচোন কিমান সুন্দৰ!”
আধাটো দিনতে ছবিকেইখনলৈ পাঁচহাজাৰ পাঁচশ কিমানমান লাইক আহিল! কমেণ্টো ভৰি পৰিল৷
ছবিকেইখন মানে সাংঘাটিক সুন্দৰ হৈছে বুলি কমেণ্ট আহিল৷ বহুতে আকৌ ছবিকেইখনৰ গভীৰ অৰ্থ প্ৰকাশ কৰি কবিতাও লিখিলে৷ মানে বিপুল সহাঁৰি পালে চিন্তাধৰৰ ছবিয়ে৷
চিন্তাধৰ বৰ্তমান লেখকৰ ঠাইত নাম কৰা চিত্ৰশিল্পী৷ ক’ত ক’ত যে মানুহৰ টেলেণ্ট নিজে নজনাকৈয়ে লুকাই থাকে আৰু! চিন্তাধৰেও তাকেহে ভাবিলে৷
৩) টেলেণ্ট
বান্দৰ এটাই নাচি, নাচি, ৰাস্তাৰ কাষত চাৰ্কাচ কৰি ঢেৰ পইচা মানুহৰপৰা লৈ থকা দেখি ৰাস্তাইদি গৈ থকা কুকুৰ এটাৰো পইচা ইনকাম কৰিবলৈ মন গ’ল৷ সি পাৰে মানে ৰাস্তাৰ কাষতে নাচিবলৈ চেষ্টা কৰিলে৷ কুকুৰৰ উভতগোৰ দেখি বান্দৰে খেকখেকাই হাঁহি তাৰ কাষ চাপি গৈ ক’লে-
“ঐ, একো লাভ নাই! তোৰদ্বাৰা এইবোৰ সম্ভৱ নহয়৷ মই মানুহৰ আদি ৰূপ জাননে নাই! মোৰ লগত কম্পিটিশ্বন কৰিলে হ’ল আৰু তোৰ! একো ভাল ফল নেপাৱ৷ যা গৈ যা৷ তই পহৰাকে দে গৈ৷ তোক মানুহে পহৰা দিবলৈহে ৰাখে, তাৰ বাহিৰে তোৰ একো টেলেণ্ট নাই৷ নাচ, চাৰ্কাচ এইবোৰ তেৰে বচকি বাত নহয়৷ আমাৰ টেলেণ্ট বেলেগ৷ লগতে আমাক নাচ, চাৰ্কাচবোৰ কৰোৱাই জীৱশ্ৰেষ্ঠ মানুহে নিজৰ পেটৰ যোগাৰকণো উলিয়ায়৷ হুওও৷ যা গৈ যা”– বান্দৰে কথাখিনি গৰ্বৰে কৈ মুখখন পকাই গুচি গ’ল৷
কুকুৰে একো উত্তৰ দিব নোৱাৰি জিভাখন লেফ্ট এন্দ ৰাইটত কোৱাৰীটোত খৰকৈ এবাৰ ঘূৰাই ঘূৰাই চহকী মালিকৰ গাড়ীখনত গপচত গৈ বহিলগৈ৷
“আচ্চা! বান্দৰক তই মানে ঝাৰি থৈ আহিলি ন! চাব্বাচ বেটা, চাব্বাচ!”- বুলি চহকী মালিকে তাৰ মূৰত হাতখন থৈ গৰ্বৰে গাড়ী চলাই গুচি গ’ল৷
৪) কলা
কিটিকি : (বৰ দুখেৰে) জানানে চিটিকি? মোৰ ঘৰত আজিলৈকে যিমানজনী বনকৰা মানুহ ৰাখিলো, সোপাই কলা অ’৷
চিটিকি : (দুখেৰে) কিনো ক’ম অ’ মই? তই কাণৰ কাষতে কথাটো ক’লি বুলিহে মোক! ময়োচোন ভালকৈ নুশুনো৷
চিটিকিয়ে কিটিকিক কি ক’লে তাই ভালকৈ নুশুনিলেই!
চিটিকিয়ে কিটিকিক লাজতে নোকোৱাকৈ থাকিল, তায়ো (কিটিকিয়েও) যে কাণেৰে বহুত কম শুনে!
☆★☆★☆
12:51 pm
হা হা, দুই নম্বৰটো সবতকৈ বেষ্ট লাগিল!
1:20 pm
বৰ ভাল লাগিল নাজিয়া। ফেচবুকটো অনন্য।
10:24 am
ভাল লাগিল নাজিয়া বা।