ফটাঢোল

আত্মতৃপ্তি – ৰাস্না বৰা

আজিৰ পৰা বিশ বছৰ মান আগৰ কথা। পুৱাই উঠি গা-পা ধুই ৰান্ধি-বাঢ়ি গৃহস্থ আৰু ছোৱালীজনীক খুৱাই-বোৱাই স্কুললৈ পঠিয়াই কেঁচুৱা ল’ৰাটোক কোনোমতে শুৱাই থৈ নিজেও জলপান খাই উঠি তামোল এখন খাওঁ বুলি পান খনত চূণ অকণ লগাওঁতেই বাহিৰত আমাৰ পামত খেতি কৰা ল’ৰা হৰেণৰ মাত শুনি ওলাই গৈ দেখোঁ এজনী আদিবাসী মহিলা আৰু কাষতে ক্ষীণ-মীন এজনী এঘাৰ-বাৰ বছৰীয়া ছোৱালী। মোক দেখাৰ লগে লগে সি মাত লগালে বোলে বাইদেউ এইয়া মোৰ দিদি আৰু এইয়া ছোৱালী লক্ষ্মী। মই পিচফালৰ বাৰাণ্ডালৈ মাতি বহিব দিলোঁ। লাজ লাজকৈ ছোৱালীজনী মাকৰ গাতে লাগি বহিল।
হৰেণে বোলে বাইদেউ আপুনি বাবাটোৰ সৈতে অকলে থাকে, গতিকে দিদিৰ ছোৱালীজনীক লৈ আহিছোঁ তাক লৈ মেলি আপোনাক কিছু সহায় কৰিব পাৰিব। তেতিয়াহে মাকে মাত লগালে বোলে এই একেবাৰে পঢ়িব মন নকৰে খালি গাঁৱত ঘূৰি থাকে। আপোনালোক পঢ়া-শুনা কৰা মানুহ তাইকো যদি পঢ়ুৱাই দুচেনি মান ,মোক টকা পইচা একোৱে নালাগে।
মই বিবুদ্ধিত পৰিলোঁ। এওঁক সুধিবলৈকো আজি-কালিৰ দৰে ফোন নাছিল, গতিকে এওঁ অহালৈ ৰ’বলৈ কৈ মই সিহঁতলৈ চাহ-জলপানৰ যোগাৰ কৰিবলৈ পাকঘৰলৈ আহিলোঁ। চাহ-তাহ খাই মাকে মোক হাতে-ভৰিয়ে ধৰাদি ধৰিলে বোলে এইক আপুনি ৰাখিবই লাগিব। বাপেক ঢুকোৱা চাৰি বছৰ হ’ল। পাঁচটা সৰু সৰু ল’ৰা ছোৱালী লৈ মোৰ বহুত অসুবিধা। মই বোলো হ’ব কিবা এটা, আগেয়ে দুপৰীয়াৰ ভাত সাজ খাই লোৱাচোন।
চাৰি মান বজাত এওঁ আহি পোৱাত দুয়ো আলোচনা কৰি তাইক ৰখাৰ সিদ্ধান্ত ল’লো।
কথাটো শুনি মাকজনীৰ চকু দুটা উজলি উঠিল এক নতুন প্ৰত্যাশাত। এগৰাকী অসহায় মাতৃৰ সেই চকুহাল মোৰ আজিও মনত জিলিকি আছে। তাইক থৈ মাক
গ’লগৈ।
পিচদিনা এওঁ তাইলৈ নতুন ফ্ৰক দুটা, পেন চেমিজ আনিলে। মইও চেম্পু, চাবোন দি গা-মূৰ ধুৱ দিলোঁ। গোটেই জনী চিকচিকিয়া হৈ পৰিল। মোৰ ছোৱালীয়ে তাইৰ পিচ নেৰাই হ’ল! কেঁচুৱা ল’ৰাটোকো তাই বহুত আগ্ৰহ দেখুৱাই কোঁচত নিজেই তুলি ললে। পিচে সমস্যাটো হ’ল তাই আমাৰ কথাবোৰ ফতকৈ বুজি নাপায় আৰু ক’বও নোৱাৰে। সেইবাবেই কেইটামান আমোদজনক ঘটনাও হৈছিল। এবাৰ কি হ’ল, মই আবেলি চোতালত জাৱৰ পুৰিছিলোঁ। এওঁ নাছিল। সন্ধ্যা সময়ত মই কেঁচুৱাটোৰ লগত ব্যস্ত থকাৰ বাবে জুইকুৰা নুমাবলৈ পাহৰিলোঁ। ইপিনে বতাহৰ দিন। মই বোলোঁ ওচৰতে গাড়ী মিস্ত্ৰীটোৰ খেৰৰ ঘৰ, ভয় লাগে, তই জুই কুৰা পানী এজগ নি নুমোৱাই থৈ আহগৈ। বহুত সময় তাইৰ মাত-বোল নাই, এপাকত অহাত মই কিয় ইমান সময় হ’ল বুলি কোৱাত বোলে বুঢ়াটো খানা বনাই আছিল যে কি ৰকম নুমাব। মই কিবা চিন্তা কৰাৰ আগতেই মিস্ত্ৰীৰ মাত শুনিলোঁ বোলে বাবুয়নী আমাৰ ভাটিৰ জুইত কোনোবাই পানী গিৰাই নুমাই দি আপনাৰ ঘৰৰ ফালেই আহিল। মোৰ আৰু বুজিবলৈ বাকী নাথাকিল। সি বেচেৰাই ভাবিলে কোনোবা দুষ্ট লৰাই এই কাম কৰিছে। মই তাক কেৰাচিনৰ গেলেনটো দি আকৌ জ্বলাবলৈ কৈ পঠাই লৈহে উশাহ ললোঁ। যি কি নহওঁক কিছুদিন যোৱাৰ পাছত নতুন বছৰত তাইক স্কুলত পঞ্চম শ্ৰেণীত নাম লগাই দিলোঁ। নতুন ইউনিফৰ্ম, কিতাপ বহী পেন চিয়াঁহী সকলো কিনি দিলোঁ। কাৰণ এতিয়াৰ দৰে শিক্ষা বিনা-মুলীয়া নাছিল। অলপ দিনৰ পাছত এওঁ তাইৰ ফিজ দিবলৈ যোৱাত স্কুলত ক’লে,-বোলে ছোৱালী জনী স্কুল নাহেই। এওঁ আচৰিত কাৰণ তাই সদায় কাপোৰ কানি পিন্ধি ওলাই যায়। ঘৰত আহি বিচাৰ কৰাত তেখেতক ভঁৰালৰ তলত ভাত-ধেমালি খেলি থকাত আবিষ্কাৰ কৰা হ’ল।
উলিয়াই আনি খং কৰাত ৰাতিলৈ মোৰ ছোৱালীৰ আগত ক’লে বোলে বেছি পঢ়াৰ কথা ক’লে মই পলাই যাম। আমি ভয় খাই পাছৰ দেওবাৰে মাকক মতাই আনিলোঁ। মাকে দুই-চৰ মান দিয়াত কান্দি-কান্দি ক’লে যে তাই আৰু নপঢ়ে। লাগিলে গাড়ীত উঠি ক’ৰবালৈ গুচি যাব। মাকেও ভয় খাই বোলে বাইদেউ এইক ঘৰৰ কামকে শিকাওক। মই বুজি পালো সৰস্বতীৰ সৈতে আমাৰ লক্ষীৰ ৰাহি-জোৰা নাহে। লাহে লাহে তাই ডাঙৰ হৈ অহাত মই লক্ষ্য কৰিলো যে মই মেচিনত কিবা চিলালে তাই একান্ত মনে চাই থাকে। মেখেলা চাদৰত এম্বেরয়দাৰী বা ফেব্ৰিক কৰিলেও কয় বাইদেউ মোক দিব চোন মই কৰিম। এইদৰে তাই ব্লাউজ, মেখেলা চিলোৱা, দহি গঁথা, ভাত ৰন্ধা,  পিঠা বনোৱা আদি কামত পাকৈত হৈ উঠিল। এনেদৰেই দহটা বছৰ কেনি গ’ল গমেই নাপালো। মাজতে ছয়মহীয়া কাটিং টেইলৰিঙৰ ট্ৰেইনিং এটাও দিয়ালো। তাই দিনক দিনে ধুনীয়া গাভৰু এজনী হৈ  আহিল।
এদিন মাকে তাইৰ বাবে দৰা ঠিক কৰি আমাক জনালে। আনন্দ লাগিল যদিও মনটো দুখে আৱৰি ধৰিলে। কাৰণ মোৰ ল’ৰা-ছোৱালী কেইটাৰ বাবে তাই নিজৰ বায়েকৰ দৰেই হৈ পৰিছিল।
যি কি নহওঁক সুকলমে তাইৰ বিয়া হৈ গল। হিয়া উজাৰি তাইক কাপোৰ-কানি, বস্তু-বাহানি দিয়াৰ উপৰিও এটা চিলাই মেচিন লগত দিলোঁ। কান্দি-কান্দি আমাক সেৱা জনাই তাই বিদাই লৈ নতুন ঘৰলৈ গ’ল। এতিয়া তাই কাটিং টে্ইলৰিঙৰ দোকান চলাই সুন্দৰ উপাৰ্জন কৰে। লগতে দুজনী ছোৱালীকো সংস্থাপন দিছে।
মাজে মাজে আমাৰ ঘৰলৈ আহে তাই নিজৰ ছোৱালীৰ দৰে বহুত কিবা কিবি লৈ। আমাৰ মন ভৰি যায় আনন্দৰে তাইৰ সুখ দেখি। আত্মতৃপ্তিত চকু সেমেকি উঠে দুয়োৰে। ভাব হয় স্কুলীয়া শিক্ষা দিব নোৱাৰিলেও জীৱন জীয়াৰ শিক্ষা দিব পাৰিলোঁ তাইক।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *