কৃষ্ণ – মানসী বৰা
গাঁৱৰ কাৰোবাৰ বিয়া বুলিলেই অলিকণৰ গা সাতখন আঠখনl এবাৰ কাৰোবাক কৈছিল সি,-“বিয়া-বাৰুত কাৰিকৰে বনোৱা লুচি-পুৰিৰ গোন্ধই তাক বোলে একেবাৰে টানি লৈ যায়।“ পিচে গাঁৱৰ প্রায়সকলৰ মতে লুচি-পুৰিয়ে হওঁক, দৈ-চিৰাৰ জলপানেই হওঁক নাইবা ভাতেই হওঁক, অলিকণৰ কোনো আক্ষেপ নাই। মুঠতে সি হেপাহ পলোৱাই খাবলৈ পালেই হ’ল।
বিয়া-সবাহত একেলগতে বহা মানুহ খাই বৈ উঠি যায়, নতুন মানুহ আহি বহে। পিচে অলিকণৰ সেইবোৰ খবৰ নাই। কেইবাটাও টিপ খাই বৈ উঠি গ’লেও অলিকণে খায়েই থাকে। সেই কাৰণে আজিকালি তাৰ লগত কোনো বিয়া খাবলৈ নাযায়| প্রবাদ আছে যে ওচৰৰ কোনোবা এখন গাঁৱৰ বিয়াত বোলে তাক গৃহস্থই হাতযোৰ কৰিহে উঠাইছে। বিলনিয়াই বিলাই বিলাই ভাগৰি গৃহস্থক ভিতৰত গৈ ক’লে বোলে স্বয়ং বকাসুৰৰ আৰ্বিভাৱ! হেতাৰে বিলাই বিলাই ভাগৰি শেষত চৰিয়াই চৰিয়াই বিলোৱাৰ পিছতো উগাৰ এটা মৰা নাই ঔ নিলাজটোৱে! ওলোটাই হাঁহি হাঁহি কৈছে বোলে আৰু দুখন লুচি হ’লেই সি উঠিব পাৰিব।
বেছিকৈ খালেও অলিকণৰ কিন্তু গা-গাৰি বুলিবলৈ নাই। একেবাৰে গোটেইটো কেটেং-মেটেং, নাওশলীয়া পেট।
এবাৰ গাওঁবুঢ়া ভূধৰ বৰুৱাৰ জীয়েকৰ বিয়া আছিল। অলিকণ খাবলৈ বহিল। অকণো হাত নধৰাকৈ বৰ আলি-বলিকৈ বিয়াখন পাতিছে। ইতিমধ্যে কেইবাটাও টিপ খাই বৈ উঠি গ’ল। অলিকণৰ হেপাহ পূৰ হোৱা নাই। ইখনৰ পিচত সিখনকৈ লুচি ভৰায়ে আছে নিজৰ উদৰতl গৃহস্থৰ লগ্ন ভাল আছিল বাবে সেইদিনা ডেৰ ঘন্টামান খোৱাৰ পিচতেই যেনিবা সি উঠিল। হাত-মুখ ধুই বাহিৰত পাৰি থোৱা চকীত আহি বহিলহি। তাৰ লগতে খাবলৈ যোৱা গাঁৱৰে ল’ৰা পুতুকণে কেতিয়াবাই খাই-বৈ আহি বাহিৰত তামোল পকটিয়াই পকটিয়াই বহি আছে। অলিকণ তাৰ কাষতে আহি বহা দেখি সি সুধিলে,-
“ঐ খালি?”
“অ’ খালো আৰু..”-অলিকণৰ চুটি উত্তৰ।
“লুচি পিচে কেইখন খালি?”
“বেছি নহয় অ’!”
“তথাপি..এনেই কিমান মান?”
“১৮০ খন মানহে হ’ব। অলিকণে মুখখন মোহাৰি ক’লে।“
“ আৰু ২০ খন খাই ডাবুল চেঞ্চুৰী কৰি ৰেকর্ড এটা বনাই দিব পাৰিলিহেতেঁন!”
পুতুকণৰ খিকিন্দালী কথাত সেইবাৰ অলিকণ একেবাৰে দাং খাই উঠিল| ঘৰসকে উগাৰ এটা মাৰি ক’লে, – “অই!!! তই কি মোক খকুৱা পাইছ??”
☆★☆★☆