ফটাঢোল

প্ৰতিশোধ – মৃদুলা গগৈ

“হেই মাষ্টৰটোৰ কাৰণেই মোৰ এই অৱস্থা ” বীৰেণে দিনটোত কমেও তিনিবাৰ এইষাৰ কথা কয় ।

“হ’ব অ’ বীৰেণ আৰুনো কিমান গালি নিদিয় সেই মানুহজনক । ভালেৰে আছে যদিও তই দিনটোত যিমানবাৰহে গালি দিয় সঁচাকে মানুহজনৰ তোৰ শাওপাত লাগিয়ে কিবা এটা হ’বগৈ ” মায়েও অসহ্য হৈ কৈ দিয়ে । মাৰ কথাখিনিত বীৰেণৰ খংটো আৰু টিঙিৰি তোলা হৈ উঠে ।
“মৰিবলৈকেটো শাও দিছোঁ । মই হাতেৰে মাৰিব নোৱাৰিলো যেতিয়া মোৰ শাওতে মৰক ।”
বীৰেণ আজি অলপ দিনৰ পৰা আমাৰ ঘৰতে আছে । ঘৰখনৰ ইটোসিটো কাম কৰাৰ লগতে দেউতাৰ লগ এটাও হৈছে সি । দেউতাৰ বাবে এজন পুত্ৰতকৈ কোনোগুনে কম নহয় বীৰেণ । সিও বৰ যত্ন লয় দেউতাৰ ।

কেতিয়াবা কিবা কথাত বেয়া লাগিলেই সি গালি দিবলৈ আৰম্ভ কৰে সেই মাষ্টৰজনক । মেট্ৰিক পৰীক্ষাত বোলে নকলত ধৰা পেলাইছিল তাক । সিও উভতি ধৰাত হুলস্হূল লাগি বহিঃনিৰীক্ষকে তাক তিনিবছৰৰ বাবে বহিষ্কাৰ কৰিলে ।বহুতদিন ৰাস্তাইঘাটে বিচাৰিয়ে ফুৰিলে সেই শিক্ষকজনক । তাৰমতে সি য’তে পাই ত’তে মাৰিব । মেট্ৰিকৰ দেওনাখন পাৰ হ’ব পৰা হলেই তাৰ চাকৰি এটা হয় । তাৰ দেউতাকে তাৰ খং দেখি তাক বোলে মাজুলীৰ সত্ৰত থৈ আহিলগৈ ।সাত বছৰমান মাজুলীতে থাকিল সি ।
তাৰ কথাবোৰ শুনিলে আমাৰো বেয়া লাগে । নকলত ধৰা পৰিয়ে তাৰ জীৱনটো প্ৰায় ধ্বংস হোৱাৰ দৰেই । সেইসময়ত যেনেতেনে মেট্ৰিক পাছ কৰাৰ পিছত চাকৰি এটা পোৱাটোও সিমান জটিল নাছিল ।
“অ’ বাইদেউ ” ড্ৰয়িং ৰুমত সোমাই বৰ জোৰেৰে চিঞৰ মাৰি দিলে বীৰেণে । তাৰ চিঞৰত মা আৰু মই দুইজনী ওচৰ পালোগৈ ।
“আপোনাৰ লগত এইজন কোন ? ” মা আৰু দেউতাৰ বিয়াৰ পিছতে তোলা ফটোখনলৈ দেখুৱাই সি সুধিলে ।
” অ’ বেলেগৰ লগত তোলা ফটোখন আনি মই ইয়াত সজাই থৈছোহি নি । তোৰ দাদাৰে সেইয়া । এতিয়াহে চুলিবোৰ সৰি তপা হ’ল । ডেকাতে সেইটোৱে আছিল । ” মাৰ কথাখিনি শুনি চকীখনতে বহি দিলে বীৰেণ ।
মা আৰু মই আচৰিত হলোঁ । মায়ে তাৰ কাষতে বহি লাহেকে সুধিলে ” কি হ’লনো তোৰ ? “

মাৰ চকুলৈ নোচোৱাকৈয়ে ক’লে সি “অতদিনে মই মাৰিবলে বিচাৰি ফুৰা মাষ্টৰটো দাদায়ে আছিল “

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *