ফটাঢোল

খদৌ মদৌ – মানসী বৰা

ঘটনাটো ঘটিছিল আমেৰিকাৰ ব’ষ্টনত৷ নৈশ যাপন কৰা হোটেলত পাঁচ বন্ধুৰ মাজত চলি আছিল এটি আড্ডা৷ আমি চাৰিটা খাৰখোৱা আৰু এজন আছিল দক্ষিণৰ ৱাণেক্কাম কোৱা, মানে তামিল৷ তামিল বন্ধুৰ সুবিধাৰ বাবে আমাৰ আড্ডাৰ মাধ্যম অসমীয়াৰ পৰিৱৰ্তে হৈ পৰিছিল ইংৰাজী৷ আড্ডাত যদি কেতিয়াবা কোনোবাই অসমীয়াত কিবা বাক্য এটা মুখেৰে উলিয়াই তেতিয়া কোনোবা এজনে তাক ইংৰাজীত অনুবাদ কৰি দিয়ে যাতে তামিল বন্ধুজনেও বুজি পায়৷ আমাৰ খাৰখোৱা জিভাৰ ইংৰাজীৰ উচ্চাৰণৰ এক সুকীয়া ধৰণ আছে যিটো হয়টো ৱৰ্ডচৱৰ্থ অথবা শ্বেক্সপীয়েৰে শুনিও বিপাঙত পৰিলেহেঁতেন যে এইবোৰ কেনে ধৰণৰ ইংৰাজী শব্দ৷ কোনোবাই ইংৰাজীৰ APPLE টোক যদি কৈছিল আপেল, DOUBLE টোক ঘপহকৈ কৈ পেলাইছিল ডাবুল৷ মুঠতে উচ্চাৰণ আৰু বিষয়বস্তুলৈ ইংৰাজীতে ক্ৰমে আড্ডা ৰসাল হৈ পৰিছিল৷
ব’ষ্টন আমেৰিকাৰ মেছেচুছেটছ (MASSACHUSETTS) ৰাষ্ট্ৰৰ ৰাজধানী৷ এই মেছেচুছেটছ শব্দটোকে ফুটাবলৈ আমাৰ হাড় নাইকিয়া অসমীয়া জিভাকেইখনৰ বাৰুকৈয়ে কষ্ট হৈছিল৷ মানে নুফুটেহে নুফুটে৷ এনে লাগিল জিভা চিগি এতিয়া সৰিহে পৰিব৷ তথাপি ইটোৱে সিটোৰ ভুল খুঁচৰি আমোদ লৈ আছিলো৷ সেইবাবেই আড্ডাৰ বিষয় বস্তু ক্ৰমাৎ ঢাল খাইছিল আমাৰ কুঁহিপাঠত থকা জিভা কেঁকুৰিবোৰলৈ৷ যেনে- হলৌ উঠিল টকৌ গছত, লাও পুলি লৰাই ৰুলো ইত্যাদি৷ পদ্যবোৰ তামিল বন্ধুৱে বুজি নোপোৱাত অসমীয়া বন্ধুৱে ইংৰাজীত অনুবাদ কৰি বুজোৱাত লাগিল এনেধৰণে – “হলৌ উঠিল টকৌ গছত লগাই খদৌ মদৌ মিনছ এ মাংকী ক্লাইম্বড আপ টু দা পাম ট্ৰী এণ্ড ষ্টাৰ্টেড টু দু খদৌ মদৌ৷”

“হোৱাট ইজ খদৌ মদৌ?” – তামিল বন্ধুৰ প্ৰশ্ন৷ তেওঁ
ভাবিছিল খদৌ মদৌ এটা ইংৰাজী শব্দ৷ বেচেৰা অনুবাদকাৰীজন বিপাঙত পৰিল৷ এতিয়া খদৌ মদৌটোক ইংৰাজীত কি বুলিব? আমিও পাৰো মানে চিন্তা কৰিছো৷ পিছে ইংৰাজী নোলাইহে নোলায়৷ শেষত একো উপায় নেদেখি অসমীয়া বন্ধুৱে বান্দৰৰ দৰে মূৰ জোকাৰি হাতৰ অংগী-ভংগী দি জাপ এটা মাৰি দেখুৱাই ক’লে – “দিচ ইজ কলড খদৌ মদৌ৷”
তামিল বন্ধুৱে কি বুজিলে নুবুজিলে নাজানিলো, কিন্তু তাৰ সেই ৰূপ চাই সি থৰ লাগিল৷ আৰু আমি বাগৰি বাগৰি হাঁহিলো৷ মুঠতে সমগ্ৰ ব’ষ্টন ভ্ৰমণটোত তামিল বন্ধুৱে এটাই অসমীয়া শব্দ শিকিলে আৰু সেইটোৱেই হৈছে – “খদৌ মদৌ৷”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *