ফটাঢোল

পচন্দৰ বোৱাৰী – প্ৰদীপ পাটগিৰি

মাক-দেউতাকে তগৰক পচন্দ কৰিব বুলি দীপে ভবা নাছিল ৷ কিন্তু পচন্দ কৰিলে ৷ দীপ আজি সেয়ে বিৰাট সুখী ৷ বিৰাট আনন্দ তাৰ মনত ৷ তাৰ সোণালী সপোনবোৰ যে দিঠকত পৰিণত হোৱাৰ পথত ৷

দীপ তগৰৰ প্ৰেমত পৰিছিল আজিৰ পৰা তিনি বছৰ পূৰ্বেই ৷ বৰপেটাৰোডৰ বিহুতলীত প্ৰথম দৰ্শনৰ পৰাই দীপে তাইক ভাল পাই পেলাইছিল ৷ তগৰৰ বান্ধৱী কৰবীৰ সহযোগত সিহঁতৰ মাজত প্ৰেমৰ শুভাৰম্ভ হৈছিল ৷

নিয়মীয়া ওখ যদিও খীণ-মীন চেহেৰাৰ তগৰক দীপৰ বন্ধুবৰ্গই অকণো পচন্দ কৰা নাছিল ৷ পচন্দ নকৰাৰ একমাত্ৰ কাৰণ তাইৰ শাৰীৰিক দুৰ্বলতা ৷ মুখাৱয়ব অতি মৰমলগা হ’লেও তাইৰ দেহটো আছিল একেবাৰে আকৰ্ষণহীন ৷ বুকুত নাছিল স্বাভাৱিক গাভৰুৰ সৌন্দৰ্য ৷ বায়োলজীত মেজৰ লৈ বি এছ চি পাচ কৰা ৰক্তিমে কৈছিল—

: প্ৰেম কৰ, কিন্তু বিয়া কৰাবলৈ আগ নাবাঢ়িবি ৷

: কিয়? সুধিছিল দীপে ৷

:সুস্থ সন্তান জন্ম দিব পৰাকৈ তাইৰ দেহ সুগঠিত নহয় ৷ তাইৰ গৰ্ভজাত সন্তান দুৰ্বল আৰু ৰুগ্ন হ’ব ৷

এৰা, তগৰ দুৰ্বল, বেমাৰী ৷ মাহেকে-পষেকে ইটো-সিটো বেমাৰ লাগিয়ে থাকে ৷ দীপে মাজে মাজে তাইক এৰাৰ কথা ভাবে ৷ কিন্তু এৰিব নোৱাৰে ৷ এৰিম বুলি ভাবিলেই বুকুখন খালী খালী লাগে ৷ ভৱিষ্যৎ অন্ধকাৰ যেন লাগে ৷ তগৰ তাৰ যে প্ৰথম প্ৰেম ৷

সেইদিনা মাকে বিয়াৰ কথা কোৱাত দীপে সাহসেৰে ক’লে—

: তগৰ নামৰ ছোৱালী এজনীক ভাল পাওঁ মই ৷ তাইৰ বাহিৰে আনক বিয়া নকৰাওঁ ৷

দিন-বাৰ চাই দীপৰ মাক-দোউতাকে তগৰক চাবলৈ গ’ল ৷ ঘূৰি আহি দীপক জনালে যে কইনা তেওঁলোকৰ পচন্দ হৈছে ৷

দীপৰ হিয়া উখল-মাখল লাগিল ৷ ইয়া…হু বুলি চিঞৰি দিবলৈ মন গ’ল তাৰ ৷

ৰাতি শুবৰ পৰত মাক-দেউতাকৰ ফুচ্ ফুচ্ কথোপকথন দীপৰ কাণত পৰে—

: তগৰক সঁচাকৈ তোমাৰ পচন্দ হৈছেনে? মোৰ কিন্তু হোৱা নাই ৷ যিহে খীণ-মীন চেহেৰা ৷ ভাত ৰান্ধি-বাঢ়ি আমাক খুৱাব পাৰিব বুলি মোৰ মনে নধৰে ৷ ল’ৰা-ছোৱালীবোৰ তাইৰ দৰে নহ’লেহে ৰক্ষা ৷ দেউতাকৰ চিন্তাক্লিষ্ট কণ্ঠস্বৰ সেয়া ৷

: পচন্দ নহ’লেও উপায় নাই ৷ পচন্দ হোৱা বুলিয়ে ক’ব লাগিব ৷ তাইৰ ল’ৰা-ছোৱালী যি হয় হৈ থাকক ৷ সেয়া আমাৰ চিন্তনীয় বিষয় নহয় ৷ বাঢ়নী খাটি যেন হ’লেও আমাৰ আপচোচ নাই ৷ ভাবিব লগা নাই ৷ আমি ভাবিব লাগিব আমাৰ কথা ৷ যিহে দিন-কাল হ’ল! সৰুৱে ডাঙৰক নমনা যুগ ৷ বোৱাৰীৰ হুকুমত শাহু-শহুৰ চলা যুগ ৷ বোৱাৰীৰ টাঙোনৰ কোবত শাহুৱেকৰ কঁকাল ভগা যুগ ৷ শকত-আবত চেহেৰাৰ বোৱাৰী আনি বৰুৱানীৰ দৰে লটি-ঘটি হৈ মৰিব পোৱা নাই? তগৰেই আমাৰ বাবে বেষ্ট হ’ব ৷ কাজিয়া লাগিলে অন্ততঃ মোৰ লগত বলে নোৱাৰিব …৷

দীপৰ শুনিবলৈ আৰু মন নগ’ল ৷ সি গাৰুটোৰে কাণ দুখন হেঁচা মাৰি ধৰিলে ৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *