ফটাঢোল

গগৈয়নীৰ “ফেচবিউটি মোড” – নমিতা কোঁৱৰ গগৈ

গগৈয়নীয়ে সাজি কাচি আহি ৰেডমি ন’ট ফাইৱ মোবাইলটো গগৈৰ হাতত দি ক’লে,- “দিয়া চোন দিয়া, কেইটামান ক্লিক কৰি ধুনীয়া কৈ! ফেচবিউটি মোডত ৰাখি লোৱা।”
গগৈয়ে ফটো তুলিবলৈ লৈ স্ক্ৰীণৰ ফালে চাই থৰ লাগিলে। গগৈয়নীয়ে বোলে কি হ’ল!
গগৈয়ে লাহে লাহে কলে,-“কি কথা হে, মবাইলৰ স্ক্ৰীণত দেখুন তোমাকো ধুনীয়া বুলি ভ্ৰম হয়।”
গগৈয়নীয়ে মুখমেলি চাই থাকোতেই গ’ল। গগৈয়ে আকৌ কলে,-” এই টেকন’ল’জি বাৰু ঘৰোৱা ব্যৱহাৰতো লগাব নোৱাৰি নেকি? এই ধৰা, তুমি চাহকাপ লৈ আহিছা, বজাৰৰ মোনাখন দিছা। এই ফেচবিউটি মোড অন।”
গগৈয়নীৰ মুখলৈ লাজ লাজ ভাব এটা আহিছিল হে, গগৈয়ে ক’লে,-“আন একো নহয়। তুমি নহৈ বেলেগ এজনী মানুহে দিয়া যেন লাগিব আৰু।”
…………… গগৈৰ মূৰত টং টং টং।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *