ফটাঢোল

চেণ্টুদাৰ ফটা পুৰাণ – নিতুপন ডেকা

বিমুদ্ৰাকৰণৰ সময় ৷ সকলো মানুহ চিন্তাত ৷ কি হ’ব গৈ আছে একো ঠিক নাই ৷ কিন্তু আমাৰ চেণ্টু’দাৰ কোনো টেনচনেই নাই ৷ আৰামত চকীত বহি এটা ভৰিৰ ওপৰত আনটো ভৰি তুলি বিড়ি টানি টানি হাঁহি আছে ৷
মোক মন মাৰি থকা দেখি চেণ্টু’দাই ক’লে, টিনচন কিয় লৈছা ৰে তই ?
মই: কি টেনচন নল’ম হে…… বেংকত লাইন পাতি পাতিও নতুন নোট পোৱা নাই ৷ আপুনি দেশৰ খবৰ কিবা জানিলেহে….
চেণ্টু’দা: সিঃ সিঃ সিঃ … এই চেণ্টুই নাজানা কথা এই দুনিয়াত কি আছে হা ? তহঁত চবে জাষ্ট দেচেৰ খবৰ লৈ আছ’ ৷ আমিত’ সেই খবৰক দিবৰ বাবে চিলেঞ্জ ৰেদি কৰি দিছি ৷ চব আমাৰ আঙুলিৰ ইচাৰাত ঘুমি আছে ৷ ই মুদী ভাই বিমুন্দাকৰেণ কৰি আমাক জঞ্জালত ফেকি দিয়াৰ ইৰাদা কৰিছিল ৷ আমিও লেকিন ইচমাৰ্ট বিৰেন থকা মানুচ আৰ এই কথা মুদী ভাই ভুলি গ’ল ৷ মুদী ভাই ভুলি গ’ল এই চেণ্টু কি চিজ হয়… ভুলি গ’ল যে ভাৰত দেচেৰ একটা কৰ্ণাৰত এই চেণ্টু মাফিক মানুচ বহি আছে ৷
মই: আপুনি কি বকি আছে ভালকৈ কওঁক ৷
চেণ্টু’দা: আতচা পইণ্টৰ কথা কওঁ – দুই হাজাৰ টাকাৰ নোটেৰ কালাৰ কেনে ?
মই: গুলপীয়া ধৰণৰ ৷
চেণ্টু’দা: গুলপীয়া মানেই লাল টাইপ বুজিলি ? আগেৰ বিচ টাকাৰ নোটেৰ কালাৰ কেনে আছিল ?
মই: ৰঙা ৷
চেণ্টু’দা: ত’ দুইটা প্ৰায় চেম চেম ৷ ৰাত্ৰেৰ বেলাতো দুইটা কালাৰ এক যেনেই লাগে ৷ আমাৰ দিমাগে না একটা মাইণ্ড বলয়িং পিলান দৌৰি আছে ৷
মই: নোটৰ কালাৰৰ লগত আকৌ কিহৰ প্লেন আপোনাৰ ?
চেণ্টু’দা: একটা মাৰ্কাৰ লৈ বিচ টাকাৰ নোটেত ২০ ৰ পৰে আৰ দুইটা চুন্য দ্ৰয়িং কৰি দিম ৷ দুই হাজাৰ হৈ যাব ৷
মই: আজি কি দিনত ভাং চাং খালে নেকি উল্টা পুলটা বকিছে যে ? আগৰ নোট আৰু এতিয়াৰ নোটত পাৰ্থক্য বহুত ৷ শূণ্য আকিলেই কি দুই হাজাৰ হ’ব নেকি ?
চেণ্টু’দা: আৰে টাকা লওতে থোৰি না মানুচে ইমান ডিফাৰেঞ্চ উলিয়াই থাকিব ? গান্ধী বাবাক চাব জাষ্ট ৷
মই: পিছে মহাত্মা গান্ধীৰ ফটোখনেই এইবাৰ ওলোটাকৈ দিছে দেখোন ?
চেণ্টু’দা: আৰে, এই চেণ্টুই কি এই মেইন মালটাত দিমাগ নলগাব নাকি ? পিলান ৰেডি ৷ তই জাষ্ট চাথিয়াই থাকিবি ৷ অকেলা বহুত ৰিচ আছে ৷
মই: আপুনি কৰিব কি বিচাৰিছে ?
চেণ্টু’দা: গান্ধী বাবাই কি কৈছিল তোৰ য়াদত আছে কি এক গালেত কোনোবাই জাপৰ দিলে আৰ একটা গাল আগে কৰি দিব লাগে ৷ গান্ধী বাবা বহুত ৰিচপেকফুল মানুচ ৷ ত’ আমি বাবাক জাপৰ দিম না ৷ লেকিন গান্ধী বাবাৰ গালতা অলপ জোৰ কে টাচ কৰি দিম ৷ বাবাই ভাবি ল’ব কি কোনোবাই জাপৰ দি দিলে ৷ ত’ আৰ একটা জাপৰ খাবৰ বাবে গান্ধী বাবা ত’ পূৰা ঘুমি যাব আৰ আন একটা গাল দি দিব ৷ ত’ কি কৰিম আমি গান্ধী বাবাক নেক্সট গালত আৰ টাচ নিদিম ৷ জাপৰ নামাৰিলে গান্ধী বাবা আৰ ঘুমিবই না ৷ ত’ নয়া নোটেৰ মাফিক গান্ধী হৈ যাব ৷ বিচ টাকা বনি গ’ল দুই হাজাৰ টাকা ৷ একটা নোটেত প্ৰফিট এক হাজাৰ নশ আশী টাকা ৷ এক দিনত ঘাণ্টা আল চি চি ফিলেট খাৰা কৰি দিম ৷ তোকো দচ বিচটা ইণ্ডাচটি কিনি দি দিম বাইন ৷ চবেই চাৰ চাৰ বুলি চেলাম থুকি যাব তোক ৷ সিঃ সিঃ সিঃ …
আই_এম_শ্বকদ্
চেণ্টুদা_ৰকচ্

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *