প্ৰতিশোধ – মাধৱ লহকৰ
তেতিয়া মই ঔষধ কোম্পানী এটাত আঞ্চলিক মেনেজাৰৰ কাম কৰি আছিলো৷ সেইটো বছৰত কোম্পানীৰ পৰা মিল্টনৰ ফ্লাক্স আহিছিল পূজাৰ উপহাৰ হিচাপে, ফাৰ্মেচী আৰু বিতৰকৰ বাবে৷ ঘটনাটো ঘটিল উপহাৰ বিতৰণৰ সময়ত৷ যদিও সেই উপহাৰটোৰ বাবে কোনো চেল টাৰ্গেত নাছিল, কিন্তু চেলচৰ মানুহ হিচাপে “অন্দৰ কা ভূত নিকাল হি আতা হে” না, সেয়েহে ক’লো,
: দাদা আপোনাৰ বাবে বৰ বঢ়িয়া কমপ্লিমেণ্ট এটা আহিছে, আপুনি মাত্ৰ পাঁচহাজাৰমান টকাৰ মাল উঠালেই হ’ব৷
: দাদা আপুনি মোক গিফ্টটো দি চাওকনা, মই বিশহাজাৰ টকাৰ মাল উঠাই দিম৷
: দাদা বিশহাজাৰ টকাৰ নহ’লেও হ’ব, পাঁচহাজাৰ টকাৰ উঠালেই হ’ব৷
মই আগৰ পৰা জানো মানুহ জন অলপ টেঙৰ৷ মই কওঁ পাঁচহাজাৰ, তেওঁ কয় বিশহাজাৰ৷
মই ভাবিলো তেওঁৰ কথা, যদি পাঁচহাজাৰতকৈ বেছি ক্ৰয় কৰে মোৰে লাভ৷ গিফ্ট দি পূজাৰ বন্ধত ঘৰলৈ আহিলো৷ পূজাৰ শেষত মই প্ৰথম গৈয়ে খবৰ কৰিলোঁ যে উক্ত ঔষধ বিতৰকজনে অতিৰিক্ত কিবা ক্ৰয় কৰিছে নেকি৷ কিন্তু গম পালো, নাই কৰা৷
মোৰ খং উঠিল। পাঁচহাজাৰ নালাগে অলপ কিবাটো কৰিব লাগিছিল৷ তাৰমানে মোক বেঙেনা দিব বিচৰা বাবে বেছি খং উঠিল৷ মই লগে লগে ঔষধ বিতৰকৰ তাত হাজিৰ। কিন্তু মই কিবা সোধাৰ আগতে তেওঁ মোক পাত্তা নিদিয়াকৈ ওলাই গ’ল দোকানৰ পৰা৷ মোৰ এইবাৰ গাত লাগি গ’ল। মই মনতে ভাবিলো মোক ঠগিবলৈ বিচাৰিছতো, ৰহ চাল্লা, ঠগন মই দিম তোক৷ মই তেওঁ অহালৈ বাট চালো৷ বিশমিনিট মানৰ পাছত তেওঁ আহি পালে৷ মই আগৰ কথা একো অৱতাৰণা নকৰি নতুন জাল পেলালো, “দাদা ক’লৈ গ’ল আপুনি? মই কথা এটাৰ বাবে ৰৈ আছোঁ”৷
দোকানী : কি কথা?
মই : মানে নতুন স্কিম এটা আহিছিল। যদি আপুনি পোন্ধৰহাজাৰ টকাৰ ঔষধ ক্ৰয় কৰে তেনেহ’লে এল জিৰ চাউণ্ড চিষ্টেম এটা পাব৷
কিন্তু মাছ চালাক । জালত নপৰিল৷ পোনপটীয়া উত্তৰ, “মোৰ লগা ঔষধবোৰ আছেই আৰু চাউণ্ড চিষ্টেম মই কেইদিন মান আগতে ল’লো৷”
মই বেছি সময় নষ্ট নকৰি ‘পিছত কথা পাতিম’ বুলি কৈ তাৰ পৰা আহি বেলেগ কামত ব্যস্ত হ’লো৷ মনতে ভাবি থাকিলো, তেওঁক কেনেকে টুপি পিন্ধাব পৰা যায়৷ দুঘণ্টামানৰ পিছত আকৌ নতুন টোপ লগাই বৰশী পেলালো গৈ৷
মই : দাদা তেতিয়া বেছি মানুহ থকা বাবে কথা এটা কোৱা নহ’ল। মানে এটা ভাল স্কিম আছিল৷
দোকানী : কি?
মই : মানে আপুনি ৩০০০০ টকাৰ ক্ৰয় কৰিলে ডিএচএলআৰ এটা পাব৷
দোকানী : কি ডিএচএলআৰ?
মই : মানে কেমেৰা। ডাঙৰ যে কেমেৰাবোৰ৷
দোকানী : চুঙা থকা কেমেৰাটো নেকি?
মই : হয় দাদা। চুঙা (লেঞ্চ) থকা কেমেৰা৷
দোকানী : ত্ৰিশহাজাৰৰ মাল ল’ব নোৱাৰিম বহুত বেছি হ’ব, নগদ দিব লাগিবনে? ১০০০০ মান পাৰিম৷
মোৰ মনটো ভাল লাগি গ’ল যে টোপ গিলিছে৷ ৰহ আৰু ভালকৈ গিলক, তাৰ পিছত টানিম বৰশী।
মই : কি কৈছে দাদা আপুনি! চল্লিশহাজাৰ টকা দামৰ বস্তু এটা ইমান কম মাল ল’লে কেনেকৈ দিম, নহ’ব দিয়ক যাওঁ মই৷
দোকানী : ৰ’ব দাদা। কিয় খং কৰে ৰ’ব। বিশহাজাৰ হ’ব নে চাওক৷
মই ডাবল খুছ, কাৰণ বেটাইতো বেঙেনাৰ বাহিৰে একো নাপায়৷
মই : ঠিক আছে। বিশৰ কিন্তু অলপো কম হ’ব নোৱাৰিব৷
আৰু তেওঁৰ সন্মুখতে মেনেজাৰক ফোন কৰি গিফ্টটো নিশ্চিত কৰি দিলো৷ কিন্তু মেনেজাৰৰ ঠাইত লগৰজনকহে ফোন কৰিলো৷ মালখিনি পিছদিনা বাৰ বজাৰ আগত ক্ৰয় কৰিব বুলি কথা দিলে আৰু মই ডিএচএলআৰটো পৰৱৰ্তী মাহৰ প্ৰথম সপ্তাহত দিম বুলি কথা দিলো৷ কিন্তু সবতকৈ ডাঙৰ কথাটো হ’ল ইতিমধ্যে মই সেইখন জিলাৰ পৰা বদলি হৈছিলো৷ মাত্ৰ ‘ক্লজিঙ’ৰ বাবেহে শেষ বাৰৰ বাবে তালৈ গৈছিলো৷ সেইদিনা সন্ধিয়া মই তেওঁক বিশ্বাস জন্মাবৰ বাবে ফোন কৰি পান কাৰ্ডৰ ফটোষ্টেট আৰু পাছপোৰ্ট ফটো তিনিকপি লৈ আহিবলৈ ক’লো৷ পাছদিনা এঘাৰমান বজাত দোকানী বন্ধুৱে আহি বিশহাজাৰ টকাৰ মাল লৈ পান কাৰ্ডৰ ফটোষ্টেট পাছপোৰ্ট ফটো তিনিখন দি গ’ল আৰু কেমেৰাটো সোনকালে দিবলৈও কৈ গ’ল৷ মই মনতে ভাবিলো, “বেটা মোক ঠগিবলৈ আহিছিলা, চিন্তা নকৰিবা বন্ধু, ডাঙৰ বেঙেনা এটা কুৰিয়াৰত পঠিয়াই দিম৷”
পিছত যেতিয়া মোৰ কলিগজনে তাত জইন কৰিলে, তেতিয়া বোলে তেওঁক দোকানী বন্ধুয়ে ক’লে, “মই তাক ৫০০ টকাৰ বস্তু লৈ ঠগিব বিচাৰিলো। মোৰ তাত চাল্লা ২০ হাজাৰ টকাৰ মাল পেলাই থৈ গ’ল৷”
আৰু মই প্ৰতিশোধ পূৰণৰ সুখত আছন্ন হৈ থাকিলো।
☆★☆★☆