টেক্সী বনাম অ’লা-উবেৰ – অমিতাভ মহন্ত
ক’লকাতাত হালধীয়া টেক্সী চাৰ্ভিচটো উঠাই দিব নোৱাৰিনে? প্ৰভুসকলেতো নিজৰ ইচ্ছা নাথাকিলে যাত্ৰীৰ ইচ্ছানুযায়ী ক’লৈকো নাযায়৷ কেতিয়াবা যদিহে কাষ্টমাৰৰ ইচ্ছামতে যাব লাগে তেনেহ’লে মিটাৰৰ ওপৰত এটা এনেকুৱা ভাড়া খুজি দিব যে সেয়া দেখি তেওঁলোকৰ কল্পনাশক্তিৰ ওপৰত শ্ৰদ্ধা উপজি আপোনাৰ শিৰ নত হৈ পৰিব৷ ঠিকেইতো, এইখিনি এক্সট্ৰা নল’লে প্ৰভুসকলৰ শৰীৰৰ সঞ্চালন হ’ব বুলি আশাই বা কিয় কৰো?
কালি ৰাতি কলেজ ষ্ট্ৰীটৰ পৰা ওলাইছো, বতৰটো বেয়া হৈ আহিছে৷ সোনকালে হোটেললৈ উভতিব লাগে৷ প্ৰেসিডেন্সীৰ সন্মুখত তথাকথিত এপিচ “ন’ ৰিফিউজেল” মাল ৰৈ আছে৷ সুধিলো, পাৰ্ক ষ্ট্ৰীট্ যাম, যাবনে? অম্লান বদনে প্ৰভুৱে উত্তৰ দিলে, “পঞ্চাশ টকা এক্সট্ৰা লাগিব!” কাৰণ কি? নাই, কোনো কাৰণ নাই৷ মহাপ্ৰভু গাঁতৰ পৰা ওলাব, আপুনি অলপ এক্সট্ৰা খৰচ নকৰিলে হ’ব জানো? মিটাৰৰ ভাড়াটো কেৱল প্ৰভুৰ দৰ্শনৰ বাবে৷ তেৰাক এৰি বেলেগ টেক্সী ধৰাৰ চেষ্টা কৰিলো। প্ৰত্যেকেই গন্তব্যস্থানৰ কথা শুনি কিবা গভীৰ চিন্তা কৰে৷ চাগৈ ভবাৰ চেষ্টা কৰে সেইফালেই শহুৰৰ ঘৰটো আছিল নেকি! এই ৰাতিখন গ’লে জোঁৱাইৰ আদৰ পাবনে নাই৷ তাৰপিছত চাগৈ মনত পৰে, আজি যোৱা উচিত নহ’ব৷ খুলশালীজনীৰ পৰীক্ষা, ভিনিয়েকক মূৰ পিটিকি দিবলৈ আজি তাইৰ সময় নহ’ব৷ তাৰপিছত দীৰ্ঘশ্বাস এৰি, নিৰাসক্ত ভঙ্গীত হাত জোঁকাৰি আঁতৰি যায় সেই খচ্চৰকুমাৰ৷
শেষত উবেৰ জিন্দাবাদ!
আজিও একেই ঘটনা৷ পাৰ্ক ষ্ট্ৰীটৰপৰা বেলেঘাটালৈ যাম৷ তিনিখন টেক্সী ৰৈ আছে৷ মাজৰখন নীলা-বগা “ন’ ৰিফিউজেল” টেক্সী৷ প্ৰভুৱে এচি চলাই টেক্সীৰ ভিতৰত গেইম খেলি আছে৷ খিৰিকীত টুকুৰিয়াই দিলো৷ গ্লাছখন নমাই প্ৰবল বিৰক্তিৰে সৈতে প্ৰশ্ন কৰিলে, ‘কি?’
– বেলেঘাটা যাম৷
– এচিত পাঁচশ, নন্ এচি চাৰে চাৰিশ৷
– কিয় দাদা? মিটাৰ!
কথাখিনি শেষ কৰিবলৈ নাপাওঁতেই গ্লাছখন উঠি গ’ল৷ বোধহয় তেৰাৰ দিনটোলৈ কথা কোৱাৰ কোটাটো শেষ হ’ল৷ ৰৈ থকা বাকী দুখন হালধীয়া টেক্সীক একেলগে সুধিলো৷ গুটখাশোভিত দন্তবিকশিত কৰি এজনে মাত দিলে, “জায়েঙ্গে জৰুৰ, লেকিন চাৰে তিনস’ লিবে।”
শুনি নিশ্চিত হ’লো, মিটাৰটো নিশ্চয়কৈ সুগন্ধি বিতৰক হিচাপে গাড়ীত লগোৱা আছে৷ শেষত গৈ অ’লা বুক কৰিলোঁ দুশ বিশ টকা৷
প্ৰাৰ্থনা কৰিছো, অ’লা-উবেৰ দীৰ্ঘজীৱী হওক৷ নন্ এচি অ’লা-উবেৰ ওলাওক৷ এই অপদাৰ্থ, অকৰ্মণ্য টেক্সী চাৰ্ভিচৰ বাৰ বাজক৷ এই উদ্ধত জীৱবোৰ যাত্ৰীৰ অভাৱত ঘূৰি ফুৰক৷ তেতিয়াহে যদি কিবা শিক্ষা হয়৷ আশা কৰিছো সেই দিনটোলৈ৷ কালীঘাটত এযোৰা টেক্সী ড্ৰাইভাৰ, অহ নহয় এযোৰা পাৰ বলি দিম মা!
(গোটেই কথাখিনি গুৱাহাটীৰ অট’ৰিক্সাৰ বাবেও প্ৰযোজ্য৷ গুৱাহাটীত থাকিলে নিজৰ বাহনত ঘূৰো বাবে অভিজ্ঞতা অলপ কম৷)
☆★☆★☆