মালতী আইতাৰ কথাৰে – কাজলপ্ৰিয়া
স্বাধীনতাৰ কেইবা দশক পূৰ্বে এখন ভিতৰুৱা গাঁৱত জন্ম আৰু বিবাহ মালতী আইতাৰ। সেই হিচাপে বাহিৰৰ পৃথিৱীখনৰ লগত আইতাৰ কোনো সম্পৰ্কই নাই৷ নব্বৈ দশকৰ শেষৰফালে আইতাৰ আঠজন জোঁৱাইৰ কোনোবা এজনে টৰ্চ এটা আইতাক উপহাৰ দিলে৷ জোঁৱায়ে দিয়া উপহাৰ বুলি আইতাই এবছৰমান টৰ্চটো বৰপেৰাত সাঁচি থলে, এদিন সৰু পুতেকে বোলে, “এই কথাই কথা নহয় আই, ভিনিয়ে দিয়া টৰ্চটো উলিয়াই ল, ৰাতি বিয়লি সকাম নিকাম খাবলৈ যাওঁতে লৈ যাব পৰিবি”৷ সেইদিনা কাৰোবাৰ ঘৰত বৰসবাহ খাবলৈ যাওঁতে পুতেকে আইতাক টৰ্চটো জ্বলাই দি পঠিয়ালে৷ সকামৰ ঘৰত গৈ পাই আইতাই টৰ্চটো ফুঁৱায় হে ফুঁৱায়, টৰ্চটো নুমাই নাযায়৷ সকামৰ ঘৰৰ পৰা ঘৰ পাই আইতাই পদূলিৰ পৰা টৰ্চটো ফুঁৱাই ফুঁৱাই নুমাবৰ চেষ্টা কৰিলে কিন্তু কোনো পধ্যেই টৰ্চ নুনুমায়, আইতাই টৰ্চৰ আতংকত বাহিৰত থকা গোবৰ পেলোৱা খৰাহীটোৰেই বাহিৰতে টৰ্চটো ঢাকি থলে৷ ৰাতি সৰু পানী চুবলৈ আহি চোতাল পাই দেখে যে গোবৰ খৰাহীৰ তলতো টৰ্চ তেতিয়াও জ্বলি আছে৷ আইতাই এইবাৰ সন্মুখত বিপদৰ গোন্ধ পাই ঘৰত জুই লাগিব পাৰে বুলি কুঁৱাৰ এক বাল্টি পানী তুলি তাতে টৰ্চটো ডুবাই থলে৷ ৰাতিপুৱালৈ যেনিবা আইতাৰ আইতাৰ আতংকৰ অন্ত পেলাই টৰ্চ নুমাল৷
আন এদিন আকৌ আইতাক খবৰ নিদিয়াকৈ দূৰণিবতীয়া ডাঙৰ জোঁৱাই আহিল৷ পদূলিতে জোঁৱাইক দেখি মহা আৰামত বাৰাণ্ডাত বহি চুৰট টানি থকা আইতাৰ খক মক লাগিল, ঘপকৈ চুৰটটো লুকুৱাই আইতাই স্থিৰ হৈ বহি ৰ’ল, দীঘলীয়া পদূলিটো পাৰ হৈ আহি জোঁৱায়েক বাৰাণ্ডাত উঠেহি মানে আইতাৰ মূৰৰ পৰা ধোঁৱা ওলাবলৈ ধৰিলে৷ জোঁৱায়েকে লাহেকৈ গলখেকাৰি দুটামান মাৰি কলে
: “আই, খোপাৰ পৰা চুৰটটো উলিয়াই লওক, চুলি সোপাকে পুৰি ছাঁই হ’ব এতিয়া”৷
এবাৰ আইতাই ক’ৰবাত শুনিলে চহৰৰ বিয়াবোৰ বিৰাট জাক জমক! তাকে লৈ আইতাৰ বিৰাট আক্ষেপ। চহৰত পঢ়ি থকা সৰুপোনাই কোনোদিন তেওঁক চহৰৰ বিয়া খাবলৈ লৈ নাযায়৷ এদিন পুতেকে বোলে, “বল আই, তোকো বিয়া এখন খাবলৈ লৈ যাওঁ”। আইতাই পিন্ধি উৰি বিয়া খাবলৈ গল৷ বিয়াঘৰৰ পৰা আহি ঘৰ পালত পুতেকে সুধিলে
: “আই কেনে পালি বিয়া খাই?”
আইতাই চিন্তিত হৈ কলে
: “বিয়াখন একদম ফাছ কেলাছ৷ কিন্তু সৰুপোনা ইমানবোৰ মাছে মঙহেৰে খুওৱাৰ পাছত গেলা আলু এটাত চেনি সানি কিয় খাবলৈ দিলে? মই মুখত দিওঁতে একেবাৰে ফেচেককৈ উঠিছে, সিহঁতেতো মোক ভাল আলু এটাও দিব পাৰে”!
পুতেকে বোলে
: “খালি খালি আই, সেইটো ৰসগোল্লা আছিল!”
☆★☆★☆