ফটাঢোল

ডাকোৱাল – চন্দন শৰ্মা

আচল নামটো কি নাজানো সৰুৰে পৰা সকলোৱে “মাখি” বুলি মতা শুনি আমিও মাখি বুলিয়ে মাতো। ৰহস্যৰ উদ্ঘাটন কৰি এদিন হিমুৱে খবৰটো দিলে।
: মাখি নামটোৰ লগত আৰু দুটা নাম আছে, তহঁতে নাজান।

আমিনো ক’ৰপৰা জানিম? কিতাপ ফলি আৰু পকা আম কঠালৰ বাদে মূৰত অহা অন্য চিন্তাটো হ’ল মাৰ্বল । তাৰবাদে ভাৰস্তৰ কিবা বেলেগ কথাৰ গোন্ধ বিচাৰিবলৈ আমাৰ দৰকাৰ পৰাই নাই। তদুপৰি “দস্যু ভাস্কৰ” চিৰিজ পঢ়ি পঢ়ি ওষ্টাদি দেখুওৱা ধুন আছেই কিবা দৰকাৰত সাত পাঁছ বাৰ কৰি দিবলৈ।
: দে জানই যদি ক’ আকৌ, নে তামোল পাণ দিব লাগিব?— দীঘলীয়া ৰহস্য সহ্য নোহোৱা ধুনেই কৈ পেলালে।
: স্কুলৰ ভেশচন প্ৰতিযোগিতাত সি বোলে ফুটুকীয়া কাপোৰ পিন্ধি ডিঙিত ‘ মাখি’ বুলি লিখা বেনাৰ লগাই জিলাপী এখন চুহি চুহি থিয় দি আছিল। তেনেকেই নাম পৰিল মাখি। তেতিয়াৰ পৰাই আচল নাম চিলিঙত উঠিল।
: পিচে আনদুটা নাম?
: ফুটা টিং আৰু পিয়ন
আচলতে ঘটনাটো দুবছৰমান আগৰ বুলি চম্পাগছৰ ডালিটোত ভালকে বহি ল’লে হিমুয়ে। মাটিৰ পৰা ছয়ফুট ওপৰত বহি আদ্দা মৰাৰ আমেজেই বেলেগ।
: গকুলদাক চিনি পাৱ নহয়? গকুলদাৰ সিদিনা ক’ৰবাত যাব লগা আছিল। সিফালে জেপত নাই ফুটাকড়ি। চোলা পিন্ধিব গৈ দেখিলে সোতমোচ খোৱা ছাৰ্ট। সেই সময়তে আমাৰ মাখি গৈ উপস্থিত। চাহ একাপ খুৱাই মাখিৰ হাতত চিঠি এখন দি গকুলদাই তাক পঠালে দিগন্তদাৰ ঘৰত। চিঠিখন লৈ মাখিয়ে চাইকেলৰ পেদেলত জোৰ দিলে। দিগন্তদাৰ ঘৰ নাপাঁওতেই ছোৱালী হাইস্কুলখন। লেঠাটো তাতেই লাগিল। মাখিৰ গাত যৌৱনৰ বতাহ হঠাতেই লাগিল। স্কুলৰ লেইজাৰ টাইমত মাখি গৈ থিয় দিলে নৰকান্তৰ দোকানত। তাতে দালবুট খাবলে অহা নিৰ্মালীৰ হাতত চিঠিখন দি মাখি ঘৰ পালেগৈ। নিৰ্মালীক দুটা ছিংৰা খুৱাব বুলি কৈ চিঠিখন বিজুলীক দিবলৈ ক’লে। নিৰ্মালীয়ে চিঠিখন নি কিতাপৰ মাজত সোমোৱাই থওঁতেই দেখা পালে নিজৰাই । নিজৰাই কি চিঠি বুলি মনে মনে নিৰ্মালীৰ কিতাপৰ মাজৰপৰা পাৰ কৰি পেচাৱ কৰা ঘৰ পালেগৈ, যাতে নেকি পঢ়িব পাৰে। পিচে কপাল বেয়া, পেচাৱ কৰা ঘৰত চিঠিখন খোলা সময়তে জাহ্নৱী বাইদেউ গৈ পালেগৈ। বাইদেৱে সেই প্ৰেমপত্ৰ চিলনীয়ে থাপ মাৰি নিয়াদি লৈ অফিচ ৰুম পালেগৈ। তাতে হেডছাৰৰ হাতত চিঠি আৰু নিজৰাক গটাই বাইদেউ নিজৰ ক্লাছত সোমাল। হেডছাৰে চিঠি পঢ়ি নিজৰাক যাব দিলে আৰু চকীদাৰক গকুলদাৰ ঘৰলৈ পঠিয়াই দিলে।
: কি কৈ আছ’ একো বুজি পোৱা নাই, ধুনে সুধিয়েই পেলালে।
: তাকেইতো। চিঠিখন গকুলদাই লিখিছিল দিগন্তদালৈ। তাত লিখিছিল যে আজি মৃদুক লগ কৰিব যোৱাৰ কথা আছে। গতিকে তোৰ হালধীয়া ছাৰ্টটো আৰু টকা এশ দি পঠাবি মাখিৰ হাতত। মাখিয়ে চিঠিখন লৈ আহিল যদিও তাত কি লিখা আছে নাজানে। সি ভাৱিলে যে চিঠি দি ছোৱালীক প্ৰপ’জ কৰিব লাগে। সেয়ে সি নিৰ্মালীৰ হাতত চিঠিখন দি পঠালে বিজুলীক দিবলৈ।ভাবিলে বিজুলীৰ লগত তাৰ কাম হৈ যাব। পিচে কণা বিধাতাই চিঠিখন মৃদুৰ দেউতাক মানে হেডছাৰৰ হাতত পেলালেগৈ।
আমাৰ মেলামুখ মেলাই থাকি গ’ল।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *