ফটাঢোল

কৌতুক – সৰ্ব হাজৰিকা

(১)
আজিকালি বহুত মানুহৰে চুগাৰৰ সমস্যা হোৱা দেখা গৈছে৷ সেয়েহে আমি আগবঢ়াইছো চুগাৰ টেষ্টৰ সুবিধা৷ আফতাৰ বেড মানে বিচনাৰ পিচত আৰু বিফো’ৰ বেড, মানে বিচনাৰ আগত৷ ফটাঢোল গোটৰ সদস্যৰ বাবে ৯০% ৰেহাইৰ ব্যৱস্থা আছে৷
সমস্যা থকা ব্যক্তিয়ে ৫ কিলোগ্ৰাম চুগাৰ অৰ্থাৎ চেনি যোগান ধৰিব লাগিব৷ সেই চুগাৰ আমি টেষ্ট কৰিম৷ এবাৰ মোৰ বিচনাৰ আগফালে আৰু এবাৰ মোৰ বিচনাৰ পিচফালে৷ ৰাহি হোৱা চুগাৰৰ সমস্যা গ্ৰাহকক দিয়া নহয়৷ আমি ৰাখি থম৷ খৰধৰ কৰক৷ অফাৰ সীমিত সময়ৰ বাবেহে৷

(২)
আজিকালি যুগ সলনি হ’ল অকমান আধুনিক হ’বলৈ শিকক৷ মই আধুনিক হৈছো৷
১/ গাই দুজনী খীৰাই যিকন গাখীৰ পাওঁ গোটেইখিনি বিক্ৰী কৰি হৰলিক্স কিনি আনো৷
২/ বাৰীৰ কল বিক্ৰী কৰি পোৱা টকাৰে ল’ৰা ছোৱালী হতক বৰ্নভিটা খুৱাওঁ৷
৩/পিঠাগুৰি,  সান্দহগুড়ি বাদ দি কৰ্নফ্লেস্ক নে কি সেইটো খুৱাওঁ৷
৪/ কালি সিদ্ধান্ত লৈছো যে গাঁৱৰ পথাৰৰ মাটি ২০ বিঘা বিক্ৰী কৰি নগৰতে ভাৰাঘৰ এটা লওঁ নেকি!

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *