ফটাঢোল

ধূপকাঠি, মই আৰু আমাৰ এওঁ – পাৰ্থজ্যোতি বৰুৱা

ধূপকাঠি বুলিলে একপ্ৰকাৰ পাগল মই৷ ৰাতিপুৱা, দুপৰীয়া, আবেলি বা সন্ধ্যা বুলি কোনো কথা নাই৷ যেতিয়াই মন যায় তেতিয়াই জ্বলাই দিওঁ৷ ইমানেই পাগল যে, বিভিন্ন সুগন্ধি ল’বৰ বাবে ডাঙৰ ডাঙৰ বজাৰত সন্ধ্যা দোকানৰ মুখে মুখে পিটপিটাই ফুৰাৰো অভ্যাস আছে মোৰ৷ তাকো অকলে অকলে৷ আনহে নালাগে ভাল ধূপকাঠি জ্বলোৱা মানুহৰ ঘৰলৈ সন্ধ্যা দুই মিনিটৰ কাৰণে গৈ নিশা ভাত খাই অহাৰো নজিৰ আছে৷ জ্বলাওঁ যি হাৰত, কিনোও সেই হাৰত৷ বজাৰত নিতৌ চাৰ্ভে কৰোঁ৷ নতুন নতুন ব্ৰেণ্ডৰ সন্ধান কৰোঁ৷ একেটা ব্ৰেণ্ডকে দুবাৰ কেতিয়াও নিকিনো৷ চিধা কথা৷ ’আৰে লৈ যাওকনা দাদা, মজা চেণ্ট, ক’লো নহয়’, বুলি দোকানীয়ে এচিউৰেন্স দিলে কিনি লৈ আনো৷ আৰু কেনেবাকৈ মিছা প্ৰমাণিত হ’লে পিছদিনা দোকানীক ধমক লগোৱাৰ অভ্যাসো আছে অমুকাৰ৷ কেৱল ধমকেই নহয়, গোটেই বাণ্ডলটো নি ঘূৰাই দিওঁ, আনকি খোলা পেকেটটোৰ অৱশিষ্ট কেইডালো ঘৰত নাৰাখোঁ৷ আপুনি জানে নে নাজানে নাজানো, ধূপকাঠিক লৈ দোকান কিছুমানৰ মাজত বিৰাট পলিটিক্স চলে৷ সুগন্ধিৰে গ্ৰাহকক আকৰ্ষণ কৰাৰ অভিনৱ ৰাজনীতি৷ এক শীতল ৰাজনীতি৷ ক’ল্ড পলিটিক্স৷ জনাইহে জানে৷ নিজৰ দোকানত জ্বলোৱা ধুনীয়া ধূপকাঠিৰ ব্ৰেণ্ডটোৰ নাম আন দোকানীক কেতিয়াও নকয়৷ গ্ৰাহককো নকয়৷ মই পিছে বেটা কম নহয়৷ ভাল ধূপকাঠিৰ গোন্ধ পালেই দোকানৰ চেলছমেনক পতাই হ’লেও ব্ৰেণ্ডটোৰ নাম উলিয়াই আনো৷ কেৱল নামেই নহয়, লগতে এটা খালি পেকেটৰ চেম্পল৷ হুহ, কি বুলি ভাবিছে!

এই যে ধূপকাঠিক লৈ মোৰ এই অন্তহীন পাগলামি, তাৰো দুটা কাৰণ আছে৷ এক হ’ল, ধূপকাঠিৰ সুগন্ধিয়ে মোৰ মন মতলীয়া কৰি ৰাখে৷ আৰু দুই, সুগন্ধিৰ লগতে এই যে ধোঁৱা ধোঁৱা পৰিবেশটো, মোৰ কিবা ভগৱান ভগৱান যেন লাগে৷ স্পিৰিচুৱেল এনভাইৰণমেণ্ট৷ ঔমমমম।
মুঠতে বৰ ভাল পাওঁ৷

আপুনি চাগে ভাবিছে, ই বেটা ভগৱানৰ ভয়ংকৰ ভক্ত৷ হয়৷ ভকতি পিছে নকৰা নহয়৷ কিন্তু ভকতিও মই মোৰ ষ্টাইলতহে কৰোঁ৷ ভকতিৰ নামত ভগৱানৰ ফটোত ধূপকাঠি জ্বলাই পোৱা নাই মই আজিলৈকে৷ ধূপকাঠি মই কেৱল সুগন্ধিৰ বাবেহে জ্বলাওঁ৷ ৰাতিপুৱা শুই উঠিয়েই ঘৰৰ দুৱাৰ খিৰিকীবোৰ খুলি দিওঁ মুকলি বতাহ সোমাবৰ বাবে৷ তাৰপাছতে প্ৰতিটো কোঠাত একোডালকৈ ধূপকাঠি জ্বলাওঁ৷ হয় হয় ঠিকেই ধৰিছে আপুনি, গা নোধোৱাকৈয়ে জ্বলাওঁ৷ হৃদয়ত অনন্ত ভকতি আছে বাবেই চাগে জ্বলন্ত ধূপকাঠিকেইডাল ভগৱানৰ ফটোৰ ওচৰতো দুপাকমান ঘূৰাই দিওঁ৷ তাতেই লাগি যায় ঝেং৷ শ্ৰীমতীৰ আটাইকেইডাল তাঁৰ ফাটাং ফাটাংকৈ ছিগি যায়৷
’তোমাক কিমান ক’ব লাগে গা নোধোৱাকৈ ভগৱানৰ ফটোত ধূপ নজ্বলাবা বুলি?’

শ্ৰীমতীৰ এই আপত্তি আজিকালি মোৰ কাণত নোসোমোৱাই হ’ল৷ মানে পাত্তাই নিদিওঁ৷ আৰে ভাই, ভগৱানৰ ফটোত ধূপকাঠি এডাল দুপাকমান ঘূৰাবলৈ আক’ গা কিয় ধুব লাগে আৰু মই যি সময়ত ধূপকাঠি কেইডাল জ্বলাওঁ, সেইসময়ত মোৰ কথা বাদ দিয়া, ভগৱানেও গা ধোৱে নে নোধোৱে মোৰ সন্দেহ আছে৷ তদুপৰি ভগৱানেনো বাৰু কেতিয়া ক’লে যে তেওঁৰ ফটোত ধূপকাঠি জ্বলালে গা ধুবই লাগিব বুলি? ভগৱানৰ কোনো বায়’গ্ৰাফিতো বোধকৰো এই কথা উল্লেখ নাই৷ আছে জানো? মই হ’লে নাই পোৱা৷ শুনাও নাই৷
‘চুপ থাকা’, শ্ৰীমতীয়ে মোৰ এই যুক্তিবোৰক নিৰ্ভেজাল ধমকি এটাৰে মুহূৰ্ততে পানী কৰি দিয়ে৷ হ’লেও মই কিন্তু ড’ণ্ট কেয়াৰ৷ নিজৰ কাম নিজৰ ষ্টাইলতে কৰি থাকোঁ৷ নিজৰ মতত অলৰ-অচৰ৷ স্থিতপ্ৰজ্ঞ৷

শ্ৰীমতীৰ আক’ ধূপকাঠিৰ কনচেপ্টটো অলপ হাইব্ৰীড টাইপৰ৷ তেওঁৰ মতে ধূপকাঠি বোলে ভগৱানৰ নৈবেদ্য৷ নৈবেদ্য নহয়, ধূপকাঠিক স্বয়ং ভগৱান বুলিয়েই ভাবে যেন পাওঁ৷ সেয়েহে গা নোধোৱাকৈ ধূপকাঠিৰ পেকেটটোও নুচুৱে৷ বজাৰৰ পৰা কিনি আনোতে মাছ-মাংসৰ টোপোলাৰ সৈতে ধূপকাঠিৰ টোপোলাটো মৰি গ’লেও লেটিপেটি নকৰে৷ যেন মাছ মাংসৰ সৈতে ভগৱানৰ অহি-নকুল সম্পৰ্ক! ক’ত লিখা আছে নাজানো আমি৷ কেতিয়াবা পইতাচোৰা নিগনিৰ গোন্ধেৰে ঘৰটো আমোলমোলাই থকাৰ সময়ত তেওঁ যদি গা নোধোৱে তেন্তে বাপেক বা পুতেকৰ হাতেৰেহে ধূপকাঠি কেইডালমান জ্বলোৱায়৷ তাৰমানে ভগৱানৰ ৰোষত পৰিলেও বাপেক পুতেকেই পৰক, নিজে যেনেতেনে বাচি থাকিব লাগে৷ মুঠতে গা ধোৱাটো একেবাৰে বাধ্যতামূলক ৷ ৰাতিপুৱা গা ধুইহে ধূপকাঠি জ্বলায়৷ সন্ধ্যা অৱশ্যে গা নুধুলেও চলি যায়৷ হয়তো ভগৱানৰ অনুমতি আছে৷ হাত ভৰি ধুবৰ সময়ত পানী এচলুমান গা, মূৰত ছটিয়াইও ধূপকাঠি জ্বলাব পাৰি৷ জ্বলাইও জ্বলায় একেবাৰে ভগৱানৰ ফটোৰ ওচৰ চপাই জ্বলায়৷ ভগৱানৰ গাত ধোঁৱা লাগি থাকিব লাগিব৷ ধূপকাঠিৰ ধোঁৱা লাগি লাগি ফটোবোৰৰ ৰং তামবৰণীয়া হৈ বৰ্তমান আলকতৰা হৈছেগৈ৷ দূৰত্ব বাঢ়িলে যেন ভকতিও কমিব, ভগৱানেও মনতে দুখ পাব, এনেহে লাগে মোৰ৷ ধূপকাঠি জ্বলোৱাৰ ষ্টাইলো বেলেগ৷ চেণ্ডেলজোৰ খুলি লৈ তাৰ ওপৰত উঠি ল’ব৷ এইটো বাৰু কি কথা হ’ল? চেণ্ডেলজোৰ পিন্ধি লোৱা আৰু চেণ্ডেলজোৰ খুলি লৈ তাৰ ওপৰত উঠি লোৱাৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য আছে হেনো৷ তেওঁৰ ভাষাত এক গুলিত দুই চিকাৰ৷ চেণ্ডেল খুলি ভক্তি প্ৰদৰ্শন কৰাও হ’ল আৰু তলুৱা দুখন চাফাকৈ ৰখাও হ’ল৷ ৱাহ, কি আইডিয়া! কেৱল সেয়াই নহয়, জ্বলন্ত ধূপকাঠি কেইডাল হাততে লৈ আধাঘণ্টামান ঘৰৰ বাহিৰে ভিতৰে ভগৱানৰ নাম গাই গাই ঘূৰিব৷ ৰাতিপুৱা পুতেকে এনেও পঢ়িবলৈ সময় নাপায়, যি অকণমান পায়, তাকো ধূপকাঠি জ্বলোৱাৰ পৰ্বই হজম কৰি পেলায়৷ তাৰমাজতে পেটত খোঁচ এটা মাৰি দিলেও ‘ভগৱানৰ নাম’ গাই গায়েই যিভাৱে চকু পকাই ধৰে, লেটিপেটি মানুহ ছেটেপেই হ’ব৷ ভগৱানৰ সকলো ফটোৰ সমুখত ধূপকাঠিকেইডাল ঘূৰাই ঘূৰাই অৱশেষত মূল দুৱাৰৰ ওপৰত থকা স্বয়ং মহাদেৱৰ ফটোৰ ওচৰত ফিনিছিং দিয়েগৈ৷ তাতে চকুমুদি দহমিনিটমান প্ৰাৰ্থনা৷ কোনেও নুশুনাকৈ মুখেৰে বিৰবিৰাই কিবাকিবি৷ দহমিনিট সময় লগাকৈ ভগৱানৰ পৰা কি বিচাৰে জানিবলৈ মন যায়৷ পিছে জনাৰ কোনো উপায় নাই৷ কেতিয়াবা আক’ চকু মেলাৰ ঠিক আগে আগে সমুখত থিয় হৈ অমুকাই হাতখন ডাঙি তথাস্তু ষ্টাইলত প’জ এটা দি ৰৈ থাকোঁ৷ ধেমালি কৰোঁ৷ তাতো লাগে লেঠা৷ ’কিনো ফাল্টু ধেমালিবোৰ কৰি থাকা’, বুলি গেঙেৰি মাৰি আকৌ প্ৰথমৰ পৰা আৰাধনা আৰম্ভ কৰে৷ আকৌ আধাঘণ্টা৷ হাতৰ ধূপকাঠি হাততেই শেষ হয়গৈ৷ ধূপদানিৰ প্ৰয়োজন নহয়৷ কি যে কাণ্ড!

সোমবাৰ৷ শিৱৰ বাৰ৷ সেইদিনা ধূপকাঠি দুডালমান আনদিনাতকৈ বেছি জ্বলায়৷ হয়তো আকৌ! নহ’লেনো অন্যবাৰ আৰু শিৱৰ বাৰৰ মাজত পাৰ্থক্য ক’ত থাকিব? অন্য বাৰবোৰত ৰাতিপুৱা পানীৰে ঘৰৰ মজিয়া নমচাকৈয়ে কেৱল নিজে গা ধুইয়েই ধূপকাঠি জ্বলাব পাৰি৷ কিন্তু সোমবাৰে? নহ’ব৷ চুক-কোণ মাৰি ঘৰৰ মজিয়া মচিব লাগিব৷ তাৰপাছতহে ধূপকাঠি৷

“হেৰৌ আইদেউ, একেখন ঘৰতে স্বয়ং শিৱ, কৃষ্ণ, সৰস্বতী, লক্ষ্মী, হনুমান, বিশ্বকৰ্মা, দুৰ্গা, কালী গোটেইখন থকাৰ পাছত শিৱইনো কিয় ইমান প্ৰিফাৰেন্স পায়হে? এয়া ঘোৰ অন্যায় নহয়নে? ইফালে দেখোন কথাই কথাই মুখত কৃষ্ণনামহে ওলায়৷ শিৱৰ দৰে কৃষ্ণৰনো সুকীয়া বাৰ এটা কিয় নাই? হে হে হে।”

সুধিলে আক’ মইহে হেনো পেংলাই কৰা হয়৷

আমাৰ এওঁৱেই নহয়, প্ৰায়বোৰ মহিলাৰে ধূপকাঠিৰ কনচেপ্টটো মোটামুটি একেই চাগে৷ কেৱল মহিলাই নহয়, বহুত মতা মানুহেও ধূপকাঠিৰ একেটা কনচেপ্টকে লৈ ফুৰাও দেখিছোঁ৷ পিছে ভকতি কেৱল কনচেপ্টত থাকি লাভ নাই৷ প্ৰেক্টিকেলি ভকতি কৰাৰ কালচাৰ মোৰ দৰে গা নোধোৱাকৈ ধূপকাঠি জ্বলোৱাকেইটাইহে ৰক্ষা কৰা যেন লাগে কেতিয়াবা৷ প্ৰমাণ লাগে? দিছোঁ ৰ’ব৷

ভাদমহীয়া ঢেকীয়াখোৱা বা আঠখেলীয়া নামঘৰলৈ গৈছে নহয়? চাকি জ্বলাবলৈও যে লাইন ধৰিব লাগে৷ মন কৰিবচোন, বিশাল নামঘৰটো ধূপকাঠিৰ ধোঁৱাই গোটেইখন ইন্দ্ৰপুৰী কৰি পেলায়৷ পিছে সেই ধূপকাঠিৰ ধোঁৱাত কেৱল কাৰ্বন ডাই অক্সাইডহে থাকে, সুগন্ধি নাথাকে৷ থাকিবনো ক’ৰ পৰা? সেয়া আকৌ দুটকীয়া ধূপকাঠিহে৷ সোমবাৰে শিৱমন্দিৰত, শনিবাৰে শনিমন্দিৰতো একেই দশা৷ কেৱল ধোঁৱা, ধোঁৱা আৰু ধোঁৱা৷ সুগন্ধিৰ নামেই নাই৷ ঈশ্বৰ উপাসনা কৰে নে মহেই খেদায় ক’ব নোৱাৰোঁ৷ কনফিউজড হৈ যাওঁ৷ আচলতে নামঘৰ, মন্দিৰ ইত্যাদিত জ্বলাবলৈ এজাত সস্তীয়া ধূপকাঠি বজাৰত পোৱাই যায়৷ দুটকা, তিনিটকা বা খুব বেছি পাঁচটকা৷ তেনে ধূপকাঠিত সুগন্ধ বাদ দিয়ক গন্ধই নাথাকে৷ কেৱল ধোঁৱা৷ মোৰ কিন্তু নহ’ব দেই৷ হেৰৌ, গা নোধোৱাকৈ ধূপকাঠি জ্বলাব পাৰোঁ, সেইবুলি দুটকীয়া ধূপকাঠি দি ভগৱানক ঠগিবলৈ নাই৷ মন্দিৰত জ্বলাবলৈ হ’লেও সেয়ে এওঁক মই ভালৰ ভাল ধূপকাঠিহে আনি দিওঁ৷ অ’ বোলো ঘৰত জ্বলাবলৈ ভাল ধূপকাঠি, মন্দিৰত জ্বলাবলৈ আক’ দুটকীয়া? নিজে খাবলৈ পটঞ্জলি-ধাৰা মিঠাতেল, ভগৱানে খাবলৈ আক’ খোলা টিনৰ মিঠাতেল? নিজে খাবলৈ নোদোকা নোদোক জাহাজী কল, ভগৱানে খাবলৈ আক’ কেঞা আঙুলিটোৰ সমান চেনিকল? নিজৰ বাবে সন্দেশ-কালাকান্দ-ৰসমলাই, ভগৱানৰ বাবে আক’ বুন্দিয়া লাড়ু? হুহ, এয়ানো বাৰু ভকতি হ’লনে?

বাদ দিয়ক, নকওঁ আৰু৷ ক’লে কথা ওলাই গৈ থাকিব৷ পাছত আকৌ ৰাজহুৱা গোচৰত পৰি জে’ললৈ যাবলগীয়া নহ’লেহে হৈছে৷

ধূপকাঠিক লৈ আজি পুৱাতেই আমাৰ ঘৰত অথন্তৰ৷ বাদানুবাদ । দিনৰ দিনটো অন্তৰাত্মা কিবা ধূপকাঠি ধূপকাঠি হৈ আছে৷ সেয়েহে কথাখিনি কৈ পেলালো৷ আচলতে অথন্তৰ ধূপকাঠিক লৈ নহয়, ধূপকাঠিৰ কাঠিক লৈহে৷ মানে ধূপকাঠি জ্বলি শেষ হোৱাৰ পাছত যে বাকী থাকেগৈ কাঠিডাল, সেইডাল৷ খং উঠিবই দিয়কচোন৷ যেনিয়েই ভগৱানৰ ফটো তেনিয়েই ধূপকাঠিৰ কাঠি৷ এসোপা এসোপা৷ দুৱাৰৰ চিটকানিৰ পৰা আৰম্ভ কৰি খিৰিকীৰ চৌকাঠৰ ফাঁক, চুইছ ব’ৰ্ড, বেৰৰ ফুটা সকলোতে ভৰি আছে৷ দেখিবলৈকে লেতেৰা লাগিছে৷ আগতে সেই কাঠিৰে দাঁত খুচৰিছিলোঁ৷ কিন্তু মাজতে কোনে ক’লে জানো, বোলে ধূপৰ কাঠিৰে দাঁত খুঁচৰাটো ভালকথা নহয়৷ তেতিয়াৰ পৰা ধূপকাঠিৰ কাঠিবোৰ ঠাইতেই গোঁজ খাই থাকে, লৰচৰ নহয়৷ মই আকৌ ভালক বুলি কাঠিসোপা গোটাই আজি পিছফালৰ জাবৰ পেলোৱা গাঁতটোত দিলোঁগৈ পেলাই৷ বচ৷ লাগি গ’ল হুলস্থূল৷ একদম ‘তই থাক মই যাওঁ’ টাইপৰ ৷

“তুমি কিয় পেলাবগৈ লাগে কাঠিবোৰ?”

“উৱা, পেলালোৱেই যেনিবা, তাতে কি মহাভাৰতখন অশুদ্ধ হ’ল?”

“পাইনে বাৰু কাঠিবোৰ চুৱা পেলোৱা গাঁতটোত পেলাব? কাঠিবোৰ মই ক’ত পেলাওঁ দেখা নাই তুমি আজিলৈকে?”

“নাই দেখাতো৷ ক’ত পেলোৱানো?”

“তুলসীৰ তলত গোটাই থওঁ, চাবাগৈ এদিন৷”

“কিন্তু ভিতৰৰ আৱৰ্জনা নি আকৌ তুলসীৰ তলত কিয়?”

“কি? আৱৰ্জনা? হেৰা নাস্তিক হ’লা বুলি ইমানো গুৰু গোঁসাই নমনা নহ’বা বুইছা৷ নাপায়৷ ঈশ্বৰলৈ বুলি আগবঢ়োৱা ধূপকাঠি কেইডালো যেতিয়া তোমাৰ বাবে আৱৰ্জনা হ’ল, তেন্তে আৰু মোৰ ক’ব লগা একো নাই৷”

‘ক’ব লগা একো নাই’ বুলিও প্ৰায় এঘণ্টামান কৈ থাকিল৷ নীতিশিক্ষা, লগতে তীব্ৰ ভাষাৰে গৰিহণাও৷ ময়ো ৰৈ থকা নাই৷ যুক্তিয়ে যিমানলৈকে বলে পাৰিছে সিমানলৈকে কৈ আছোঁ৷ আৰু এনেকৈয়ে আজিৰ দিনটোৰ আৰম্ভণি৷ তাৰপাছত এপাচিমান এখন মুখ৷ মাত কথাও নাই৷ কেৱল ’চাহ দিছোঁ’ ’ভাত দিছোঁ’ ’বজাৰৰ পৰা আহিবগৈ লাগিছিল’ এইবোৰেৰেই চলি আছোঁ দিনটো৷ তেল মাৰি আগবাঢ়ি মাতবোল কৰিবলৈও মন যোৱা নাই৷ খঙো উঠিছে, বেয়াও লাগিছে, মুঠতে কষ্ট পাইছোঁ৷ ধূপকাঠিৰ কাঠিবোৰে এনেকৈ খোঁচা-বিন্ধা কৰিব বুলি ভবাই নাছিলো৷

ছেঃ, কিহত যে কিখনে পায় আৰু!

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *