ফটাঢোল

অফিচাৰৰ পত্নী – পৰিস্মিতা বৰদলৈ

মই এগৰাকী অফিচাৰৰ পৰিবাৰ ৷ আচলতে এইটো পৰিচয় মই নিজে দি লোৱা নহয় ৷ বিয়াৰ আগতে ময়ো এটা সৰু অফিচত চাকৰি কৰিছিলো কিন্তু সাংসাৰিক লেঠাৰ বাবে বিয়াৰ পাছত চাকৰিটো কৰি থকাটো সম্ভৱপৰ নহ’ল বাবে এৰিবলগীয়াত পৰিল ৷ বাৰু সেয়া যিয়েই নহওক এতিয়া আহোঁ “অফিচাৰৰ পত্নী” পৰিচয় সন্দৰ্ভলৈ ৷

মই এখন নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালী আছিলো৷ বিশেষ বিলাসিতাও নাই জীৱনত আৰু সেইদৰে অভাৱো নাই ৷ সৰু সৰু কিছু আনন্দ নিজে আৰ্জি ল’ব শিকিছিলো বাবেই কিজানি সুখী হ’বলৈ বিশেষ একো কাৰকৰ প্ৰয়োজন হোৱা নাছিল ৷ দেউতাৰ সৰু দোকানখন,কেইটামান ভাৰাঘৰ আৰু মোৰ প্ৰাইভেট চাকৰিটোৰে ধুনীয়াকৈ চলি আছিল আমাৰ ঘৰখন ৷ ঘৰখনত সকলোৱে সন্তুষ্টি লভিছিলো ৷ এনেতে এবাৰ মোৰ বিয়াৰ প্ৰস্তাৱ আহিল ৷মোৰ তলত দুজনীকৈ ভনী আৰু এটা ভাইটি ৷ সেয়েহে ভাল “অফিচাৰ” দৰা এজন পাই দেউতাহঁতে দেৰী নকৰিলে ৷ মোক বিয়া দি দিলে ৷ দেখাই শুনাই , কথাই বতৰাই মাৰ্জিত যেন লগা অফিচাৰজনক মোৰো বেয়া নালাগিল ৷ এইদৰেই মই “অফিচাৰৰ পত্নী” হৈ পৰোঁ ৷

মোৰ এটা গুণ আছিল ৷ ঠিক গুণো নহয় স্বভাৱ যে মই মোক কোনোবাই কাৰোবাৰ পত্নী বুলি কোৱাতকৈচোন পিতৃপ্ৰদত্ত নামটোৰেই পৰিচয় দিবলৈ ভাল পাইছিলো ৷ কিন্তু সেই যে অফিচাৰৰ লগত বিয়া হৈ আহিলো ঠিক তেতিয়াৰ পৰাই কেৱল “অফিচাৰৰ পত্নী” উপাধি পোৱাই নহয় লগতে আন কেতবোৰ গুণ তথা স্বভাৱ মানুহে নিজ ইচ্ছামতেই মোৰ লগত যোগ দিবলৈ ধৰিলে ৷ যেনে, মানুহবোৰে যি মোৰ লগত তেনেকৈ বিশেষ আহ যাহ নাই বা এক নিৰ্দিষ্ট দূৰততহে অৱস্থান কৰে তেখেতসকলে ভাবি ল’লে যে তথাকথিত “অফিচাৰৰ পত্নী” সমূহৰ দৰেই মোৰনো পইচাৰ কিহৰ অভাৱ ৷সেয়েহে মই মাহেকত দুবাৰ পাৰ্লাৰ বা স্পা চেন্টাৰলৈ হেনো যোৱাটো নিয়মেই ৷ অথচ কেতিয়াবা দুমাহৰ মূৰতো চেলাউৰিকেইডাল ঠিক কৰিবলৈকে নোযোৱা মোৰ দৰে জাধলী জনীৰ লগত এইকেইটা গুণ যোগ হ’লহি মিছাকৈয়ে ৷ অকল সেয়াই নহয় মই “অফিচাৰৰ পত্নী” যিহেতু গতিকে সপ্তাহত মানে এচামৰ ভাষাত উইক এণ্ডত ডিনাৰ কৰা বা আউটিং অথবা শ্বপিং কৰাটো হেনো মোৰ অলিখিত নিয়ম ৷ অথচ বিয়াৰ আজি পাঁচবছৰ অতিক্ৰম কৰিলোহি বাহিৰত ডিনাৰ কৰাটো মোৰ বাবে সপোনৰ বাদে একো নহয় ৷ বাকী থাকিল আউটিং তথা শ্বপিং ৷ আউটিং এবাৰেই গৈছিলো কিন্তু মোৰ অফিচাৰ পতিদেৱৰ লগত অকলে নহয় , সপৰিয়ালেহে তাকো উইক এণ্ডতো নহয় কেৱল নতুন বছৰৰ প্ৰথম দিনটোত ৷ কিন্তু অমুকীৰ কথানো বিশ্বাস কৰিব কোনে? আৰু শ্বপিং? বছৰেকত কেতিয়াবা এবাৰ নাইবা দুবাৰ বজাৰলৈ বুলি নোযোৱা নহয় কিন্তু সেয়া হয় চকুৰ ডাক্তৰৰ তাত দেখুৱাবলৈ যাওঁতে ডাক্তৰৰ তাত ভীৰ থাকিলে টাইম পাচ কৰিবলৈ ওচৰৰে বাটাৰ দোকানখনত সোমোৱাৰ বাদে একো নহয় ।মুঠতে “অফিচাৰৰ পত্নী” উপমাটোৰ লগত যে ইমানবোৰ কামো জড়িত হৈ থাকিব পাৰে মোৰ ক্ষুদ্ৰ মগজুৱে চোন আগতেই ঢুকিয়েই পোৱা নাছিল ৷

এবাৰতো স্কুলীয়া বান্ধৱী এগৰাকীয়ে ফোনতে সুধি পেলালে আচৰিত প্ৰশ্ন এটা, বোলে তই ছাগে ইভিনিং টাইমত ৰেগুলাৰলি ক্লাবলৈ যাৱ নহয়?মোৰ মুখখন “হাঁ” কৈ মেলেই খাই থাকিল ৷ তাই তাৰ পাছত আৰু কিবাকিবি বলকি আছিল যদিও মোৰ হ’লে কাণত হ’লে নোসোমাল ৷ সিদিনা মোৰ অফিচাৰ পতিদেৱক সুধিয়েই পেলালো বোলো ক্লাবতো যায় নি মহিলা সকল মানে “অফিচাৰৰ পত্নী” বোৰ ৷ যিটোহে চাৱনি মাৰিলে ঐ মোক , থিতাতে তাপ মাৰিলো ৷

এতিয়া আহোঁ আটাইতকৈ অদ্ভুত অনুমানটোৰ কথা ৷ মই যিহেতু “অফিচাৰৰ পত্নী” এচামে ভাবিয়েই লয় যে মোৰ পাৰ্চত নুৰানুৰে টকাই টকা ৷ আইঔ হওঁতে পাৰ্চটো দামীয়েই লওঁ কিন্তু পাৰ্চটোৰ ভিতৰখনহে দুখীয়া ৷ কিয় জানো তেওঁক চোন আজিলৈকে কৈয়েই পোৱা নাই বোলে “টকা অলপমান দিবাচোন পাৰ্চটোত থৈ দিম”৷ আচলতে মনলৈ অহাই নাই তেনেবোৰ কথা ৷ এবাৰ এটা ঘটনা হ’ল ৷মানে কিবা এটা সামাজিক অনুষ্ঠানৰ বাবে অনুদান লাগে মোৰ স্কুলীয়া কালৰে বান্ধৱীবোৰৰ হোৱাটচআপ গ্ৰুপটোতে গম পালো কথাটো ৷ এতিয়া সিহঁতে চেলাপেটি জোকৰ দৰে লাগিয়েই আছে বোলে “তইতো অফিচাৰৰ পত্নী তই অমুক হাজাৰ টকা দিবই লাগিব”৷ এতিয়াহে কি কৰ কৰ!মই মানুহজনী চিকটা অলপো নহয় কিন্তু নিজৰ বৰ্তমানে একো নাই যদিও এটা বস্তুৱেই আছে সেয়া হ’ল মোৰ “আত্মসন্মান” যিটো মই কাৰো আগত ভাঙি পেলাব নোৱাৰো লাগিলে সেয়া মোৰ পতি পৰমেশ্বৰেই নহওক কিয় ? আগতে নিজে উপাৰ্জন কৰিছিলো বাবেই কিজানি এক টকাৰ বাবেও এওঁৰ ওচৰত চোন হাত পাতিবলৈ কিবা এক সংকোচ লাগে ৷সেয়েহে লগৰ কেইজনীক বোলো মোৰ মানুহটো অফিচাৰ কিন্তু মই নহয় যিহেতু মোক গ্ৰুপৰ পৰা উলিয়ালেও উলিয়াই দে মই তেওঁৰ ওচৰত হাত পাতিব নোৱাৰো৷ সেইদিনা সিমানলৈ কথাখিনিৰ ইতি পৰিল ৷

এদিন মোবাইলটো খুঁচৰি থাকোতে ফেচবুকতে দেখিলো এটি ৰোগাক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে যথেষ্ট পৰিমাণৰ টকাৰ প্ৰয়োজন কিন্তু আৰ্থিক ভাৱি পিছপৰা পৰিয়ালটো সিমানখিনি টকা যোগাৰ কৰিবলৈ অপাৰগ বাবে সহায় বিচাৰিছে ৷একাউণ্ট নাম্বাৰৰ লগতে চিকিৎসা সম্বন্ধীয় নথি পত্ৰও গাঁঠি দিছে লগত ৷ এইবাৰ মোৰ ভিতৰৰ “অফিচাৰৰ পত্নী” যেন জাগ্ৰত হৈ উঠিল আৰু এওঁ অফিচৰ পৰা আহি চাহ খাই উঠি ৰূমত জিৰাই থাকোতেই মোবাইলটো দেখুৱালো আৰু লগতে তেওঁক ক’লো যে “আপুনি অফিচাৰ মানুহ যেতিয়া কিবা এটা দিব বুজিছেনে?মোৰ নিজাকৈ কিবা থকা হ’লেতো নকৱেঁই আপোনাক৷এতিয়া উপায় নাই বাবেই কৈছো আৰু”৷কথাখিনি কৈ তেওঁৰ উত্তৰৰ বাবে অপেক্ষা নকৰি মই পাকঘৰলৈ লৰ মাৰিলো ৷ “অফিচাৰৰ পত্নী” হ’লো বুলিয়েই আৰু ভাত নৰন্ধাকৈ থাকিব নোৱাৰো নহয়৷ নহয় জানো?

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *