ফটাঢোল

লটি-ঘটি – খনিন্দ্ৰভূষণ মহন্ত

স্থান : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুবিদ্যুৎ আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ বিভাগীয় মুৰব্বীৰ কোঠা।

সময় : ২০১৬ চনৰ আগষ্ট মাহৰ ৩ তাৰিখ, ঘড়ীত তেতিয়া পুৱা ৯ বাজি ৪৫ মিনিট হৈছে৷

আগদিনাই HOD (Head of the Department) ছাৰে ’মেইল’ কৰি তেওঁক ৯-৩০ বজাত লগ পাবলৈ নিৰ্দেশ দিছিল৷ ওৰেটো ৰাতি “ছাৰে মোক কিয় মাতিলে” ধৰণৰ প্ৰশ্ন এটাই মোৰ টোপনিটো খালে৷ আৰে, ক্লাচত আটাইতকৈ বেছি গালি খোৱাৰ ৰেকৰ্ড থকাটোক তেনেকৈ মাতিলে টেনচন নহৈ পাৰেনে? ৯-২৫ত গৈ মই উপস্থিত৷ গৈ দেখিছোঁ লগৰে আৰু দুজনী ৰৈ আছে। (দুইজনী ‘চোকা ছোৱালী’) সিহঁতক দেখি মোৰ অৱস্থা আৰু বেয়া৷ হেৰ’ এটেণ্ডেন্সৰপৰা এচাইনমেণ্টলৈকে কিবাকে ’মেনেজ’ কৰি চলি থকা মোৰ নিচিনা এটাক ‘টপাৰ’ দুজনীৰ লগত কিয় মাতিলে! সিহঁতক সোধাত ক’লে কিবা প্ৰজেক্ট সম্বন্ধীয় কথা ক’ব বোলে! মই মনতে, “সৰ্বনাশ, ইহঁত দুজনীৰ লগত প্ৰজেক্ট কৰিবলে দিলে মই শেষেই!” (সঁচা অৰ্থত ’চিৰিয়াচ’ সিহঁত৷ সফলতা সিহঁতৰ প্ৰাপ্য৷)

নিজৰ আসনত বহি আছে ছাৰ৷ টেবুলখনৰ ইটো পাৰে আমি তিনিটা থিয় হৈ আছোঁ৷
“আই.আই.টি.ৰ প্ৰজেক্টৰ পৰীক্ষা কেনেকুৱা হৈছিল?” – ছাৰৰ পোনপটীয়া প্ৰশ্ন৷

“ঠিকেই আছিল৷” – আমি প্ৰায় সমস্বৰেই ক’লো। এইখিনিতে জনাই থওঁ যে মোৰ পৰীক্ষা সদায় “ঠিকেই থাকে”৷

“মোক প্ৰসন্ন ছাৰে মেইল কৰিছিল৷ ভাল খবৰ আছে৷ তহঁত তিনিওটা তাত প্ৰজেক্ট কৰাৰ বাবে নিৰ্বাচিত হৈছ৷”

মই নিজৰ কাণ দুখনকে বিশ্বাস কৰিবলৈ টান পাইছিলো। ছাৰে নিৰ্দ্দিষ্ট দিন এটাত IIT- Guwahati লৈ যাবলৈ ক’লে৷ মোৰ এনেকুৱা ফূৰ্তি লাগিছিল যেন তাতে মোৰ “জংঘলী নৃত্য”টো এপাক দিয়েই দিওঁ! ইহঁত দুজনীলৈ চালো। নাই৷ কোনো ‘ৰিয়েক্সন’ দেখাই নাপালো। “আমিতো জানোৱেই আমি ‘চিলেক্ট’ হ’মেই” টাইপ ফিল এটা দি আছে৷ ময়ো সিহঁতৰ আগত বিশেষ একো প্ৰকাশ নকৰাকৈ গুচি আহিলো।

আই.আই.টি. গুৱাহাটীৰ প্ৰথম দিনটো :

আগষ্ট মাহৰ ১৮ তাৰিখে আই.আই.টি. অভিমুখে যাত্ৰা কৰিলো। মালিগাঁৱত টেম্প’ এখনত উঠিলো। চালকজনে সুধিছে – “ক’ত যাব?” মই গপচত উত্তৰ দিলো, “আই.আই.টি. লৈ যাম৷” (সৰুৰপৰা যিখন শিক্ষানুষ্ঠানত পঢ়াৰ সপোন দেখিছিলো, তালৈ যাম যেতিয়া দস্তুৰমত ‘লেবেল’ এটা দি দিছিলো) লগত ’টপাৰ’ দুজনী৷

: কে.ভি. গে’ট নে?
(খা বাপ্পেকে! জীৱনত প্ৰথমবাৰৰ বাবে যাম৷ মই কি জানো কে.ভি. গেট নে কি গেট!) মই বোলো, “আপুনি ক’লৈকে যাব?”

: আমি কে.ভি. গেটলৈকে যাম৷ তাতে নামি ল’ব৷

আমিও হ’ব বুলি কৈ থ’লো। লগৰ দুজনীলৈ পেন্দোৱাকৈ চালো। “অকল পঢ়িব জানিলে এইমখাই৷ ক’ত নামিব লাগে তাকো নাজানে“-মনতে ভাবিলো। এনেকুৱা কথা মুখ ফালি কোৱাৰ দুঃসাহস অমুকাৰ নাই৷ গেটত নামি গৈ আছোঁ৷ ডাঙৰ ফলক এখনত কাঁড় চিন এডাল মাৰি ACADEMICS বুলি লিখা আছিল৷ সেই বাটেৰেই বাট বুলিলো। দীঘলীয়া ’কৰিডৰ’ এটাত ভৰি দিয়াৰ পাছতহে লাগিল মূল খেলি-মেলিটো৷ যাম কোনফালে? চিনিটো কাকোৱেই নাপাওঁ! আমাৰ হাতত বিশ্ববিদ্যালয়ৰপৰা দি পঠিওৱা কাগজখিলাত “ৰিচাৰ্চ স্কলাৰ“গৰাকীৰ নাম আৰু ফোন নং দিয়া আছিল যদিও আই.আই.টি.ৰ ভিতৰত নেটৱৰ্ক নাথাকে বুলি কি জানো? ইফাল-সিফাল কৰি থাকোঁতেই চিকিয়’ৰিটি এজনক দেখি উশাহটো ঘূৰাই পোৱা যেন লাগিল৷ দেখাত মানুহজনৰ বয়স পঞ্চাছতকৈ বেছি হ’লেও কম নহ’ব৷ মুখৰ গঢ়টো অসমীয়া যেন লাগিছিল যদিও ঠাইখনৰ ‘লেভেল’ মিলাই হিন্দীতে সুধিলো, “ভাই চাহাব, য়ে ইলেক্ট্ৰনিক্স কা চিগনেল ইনফৰ্মেটিক্স লেব কিচ তৰফ হে?” তেওঁ যিটো উত্তৰ দিলে আমাৰ অৱস্থা একদম বেঙে মুতা গৰুৰ দৰেই হ’ল৷ উত্তৰটো এতিয়াও মোৰ কাণত ভাঁহি আছে – “You just go that way, (বাট এটালৈ আঙুলিয়াই) you will see a big notice board out there. There, you can find all the available department of our institution.”

কৃষ্ণ কৃষ্ণ! অলপ ‘ইজ্জত’ দিছিলনে? তেখেতৰ বাক্য আখৰে-আখৰে মানি কিবাকৈ বিভাগটো পালোগৈ৷ ইহঁত দুজনীৰ লেবটো বেলেগ, মোৰ বেলেগ৷ এসময়ত মই অকলশৰীয়া হ’লো। লেবটো তেতিয়াও বিচাৰিয়েই আছোঁ৷ কাষেৰে পাৰ হৈ যোৱা প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰে এটা উমৈহতীয়া বিশেষত্ব দেখিলো। কাণত হেডফোন, এহাতত এবোজা কিতাপেই নে বহীয়েই আৰু আনটো হাতত চাহৰ গিলাচ এটা। (পাছত জানিলো সেয়া গ্ৰীণ টি) পিঠিৰ বেগটোত কি আনে সিহঁতে আৰু ভগৱানেহে জানে! যিটো ‘টাও’ দি গৈ থাকে মই মাতিবলৈকে সুবিধা পোৱা নাছিলো। (সিহঁতেহে পঢ়িছে যেন পৃথিৱীত!) এনেতে গাৰ্ড এজনক লগ পালো। এইবাৰ মই প্ৰস্তুত হৈ লৈছোঁ৷ ইংলিছত সুধিম৷ বাৰে-বাৰে লাজ পাব নোৱাৰি নহয়। যেনে হ’লেও ‘ইজ্জত’ এটা আছে মোৰো৷ “Excuse me, can you please help me to find the signal informatics lab. Actually I am new.” – ফৰফৰাই মাতি দিলো বাপ্পেকে৷ তেওঁ ইফালে-সিফালে চাই দিয়া উত্তৰটো আছিল -“বাপ্পাহাৰে, কি বা কলাক! বুজিয়ে নাপ্লু দ’ক!” তেতিয়া আৰু মোক কোনে পায়? ইমান দেৰি অসমতে বিদেশত থকা যেন ভাবটো পলকতে উৰি কোনোবাখিনি পালেগৈ৷ তেওঁৰ কৃপাত প্ৰায় দুঘণ্টা পলমকৈ মোৰ ৰিচাৰ্চ স্কলাৰৰ ওচৰ পাইছিলোগৈ৷

উপসংহাৰ : আই.আই.টি.য়ে সঁচা অৰ্থত শিক্ষা কি, কিয় আৰু কেনেকৈ বুজাই দিয়ে৷ মোৰ দৰে চঞ্চল এটাকো শিকাই দিলে সময়ৰ মূল্য! শিকাই দিলে দায়িত্ববোধ! বুজি পাইছিলো সেইখনত পঢ়াৰ যোগ্যতা মোৰ কোনো কালেই নাছিল৷ কপালৰ বলতহে এইকণ সুযোগ পাইছিলো। তাৰ বাবে মই চিৰঋণী৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *