ফটাপ্ৰেম – অনুৰূপ মহন্ত
প্ৰথম কলেজলৈ যোৱাৰ দিনাই আমি ইজন সিজনৰ চকুত পৰিছিলোঁ৷ আন বিলাকতকৈ মই অলপ সোনকালে কলেজ গৈ পাইছিলো আৰু তাইও আহিছিল৷ চুটি চাপৰ যদিও বেচ ধুনীয়া চেহেৰাৰ, লগতে আহিছেও সাজি-কাচি৷ আমাৰ দৰে ডেকাৰ প্ৰথম দেখাতে বুকুৱে ‘ঢৰক ঢৰক’ কৰিবই৷ ক্লাছ ৰুমৰ বাহিৰতে ৰৈ আছিল তাই, হয়তো লগৰ কেইজনী অহালৈ অপেক্ষা৷ মই সৰুৰে পৰাই লাজকুৰীয়া স্বভাৱৰ আছিলোঁ৷ তাতে আকৌ আমাৰ বিভাগো বেলেগ, শাখাও বেলেগ আছিল বাবে মাত দিবলৈ সাহস কৰিব নোৱাৰিলো সেই দিনা৷ ইফালে ইমান ধুনীয়া ছোৱালীয়েনো আমাৰ দৰে গাঁৱলীয়া ল’ৰাক ক’ত পাত্তা দিব বুলি ভাবিও মনে মনে নিজৰ ক্লাছত গৈ বহি থাকিলোঁ৷ এইদৰে কেইবাদিনো পাৰ হ’ল৷ সদায় ভাবো আজি মাতিম, কালি মাতিম কিন্তু সাহসেই নহয়৷ তাইৰ লগত চিনাকি হম, কথা পাতিম বুলিয়ে ঘৰৰ পৰা সোনকালে যাওঁ কলেজলৈ, তথাপি চিনাকি হ’ব পৰা নাই৷ যিদিনা তাই নাহে বা দেৰিকৈ আহে মনটো গধুৰ হৈ পৰে দেখোন৷ এনেদৰে প্ৰায় দুসপ্তাহ মানেই পাৰ হ’ল৷ মোৰ অৱস্থা দেখি হয়তো তাইৰো দুখ লাগিল চাগে৷ এদিন তায়েই মাত দিলে মোক৷ চিনাকি হ’লো দুয়ো৷ তাইৰ নাম নেহা৷ নগাওঁত ঘৰ৷ মোমায়েকৰ ঘৰত থাকি আমাৰ ইয়াৰ কলেজত পঢ়িছেহি৷ ৰাতিপুৱা মোমায়েকৰ লগতে ওলাই আহে তাই কলেজলৈ, মোমায়েকৰ ক’ৰ্টত চাকৰি৷ বৰ ফ্ৰী ছোৱালী৷ মনটো একেবাৰে ‘গাৰ্ডেন গাৰ্ডেন’ কৰিব ধৰিলে৷ সেইদিনাৰ পৰা সদায় আমি দুই এটা কথা পাতিব ধৰিলো৷ আমাৰ শাখা বেলেগ আছিল যদিও ইংলিছ ক্লাছ একেলগে হৈছিল৷ সপ্তাহত দুটা বা তিনিটা ইংলিছ ক্লাছ হৈছিল আৰু মই বৰ আগ্ৰহেৰে ক্লাছকেইটা কৰিছিলো৷ আমাৰ লগৰ ল’ৰা বোৰে প্ৰায়ে ইংলিছ ক্লাছটো ‘বাংক’ মাৰিছিল৷ মই পিছে কেতিয়াও ক্লাছটো ক্ষতি নকৰিছিলো৷ লগৰ বোৰে মোক ‘নেহাৰ লেম’ বুলি জোকাবলৈ ধৰিছিল৷ পিছে মোৰ সেইবোৰলৈ কাণ-সাৰ নাই৷ এনেদৰেই তিনিমাহ পাৰ হ’ল৷ আমি আগতকৈ বহুখিনি ফ্ৰী হ’লো৷ ৰাতিপুৱা দুই এটা কথা পতাৰ উপৰিও মাজে মাজে তাই কেতিয়াবা কেতিয়াবা মোক মাতে আৰু আমি কথা পাতোঁ৷ লগৰ বিলাকে মোক জোৰ দিলে নেহাক প্ৰপ’জ কৰিবলৈ৷ মই পিছে সাহস গোটাব পৰা নাই৷ তাই মুখৰ আগত আহিলেইচোন মোৰ “ফাঁট মেলা বসুমতী পাতালে লুকাও” অৱস্থা হয়৷ ভৰি-হাতকেইটাও পুহমহীয়া ঠাণ্ডাত কঁপাৰ দৰে কঁপে৷ এনেকুৱা অৱস্থাৰে প্ৰপ’জ মাৰিম কেনেকৈ? বহুত চিন্তা কৰি ভাবিলোঁ যে, তাইৰ মোবাইল নম্বৰটো বিচাৰিম আৰু ফোনতে মনৰ কথা ক’ম৷ পিছে নম্বৰ খুজিবলৈও সাহস নহ’ল৷ দুদিন সাহস গোটাই তিনি নম্বৰৰ দিনা তাইক নম্বৰটো বিচাৰিলো৷ তাইও একো আপত্তি নকৰাকৈ দিলে৷ মনটো আকৌ স্ফূৰ্তিত নাচি উঠিল৷ নম্বৰ পালো, কিন্তু ফোন কৰিব পৰা নাই এইবাৰ৷ লগৰ কেইটাই কামুৰি আছে, জোকাইছে ইমান দম নাই নে তোৰ বুলি? মুঠতে অশান্তি৷ লগৰ কেইটাৰ কামোৰ খাই খাই এসপ্তাহ পাছত দেওবাৰৰ দিনা মন বান্ধি ৰাতি ৮.৩০ টা মানত তাইলৈ ফোন লগালো৷ চিনাকিটো দি খা-খবৰ ল’লো৷ তাইৰ কথাৰ পৰাই তাইৰ মনটো স্ফূৰ্তিত থকা বুলি ধৰিব পাৰিলো৷ ময়ো সুযোগ বিচাৰিব ধৰিলো মনৰ কথা ক’বলৈ৷ তেনেতে নেহাই মোক সুধিলে, “ইয়াত বাৰু ভাল কফি পোৱা ৰেস্তোৰাঁ কোনখন? মই এতিয়াও টাউনৰ দোকানবোৰ চিনি নাপাৱেই নহয় ভালকৈ” ৷ মোৰ মনটো নাচি উঠিল৷ মনতে ভাবিলো এই যেন ক’ম- “ব’লা কাইলৈ সকলোতকৈ ভালখনলৈকে লৈ যাম৷ অকল তুমি আৰু মই বহি কফি খাম”৷ ইতিমধ্যে মই সপোন দেখিলোৱে৷ তেনেতে তাই কৈ উঠিল, “কাইলৈ মানে নগাঁৱৰ পৰা মোৰ ফিয়ানচে আহিব৷ আমাৰ ৰিং চেৰিমনি হোৱা কাইলৈ এবছৰ হ’ব যে! সি কফি বৰ ভাল পায়”৷ চিনেমাত দেখুৱাৰ দৰে, খাটলাং কৈ শব্দ কৰি গ্লাছ ভগাৰ দৰে মুহূৰ্ততে মোৰ সপোনবোৰ ভাগি থান বান হ’ল৷ আৰু কিবা কিবি কৈছিল তাই, মোৰ মূৰত একো নোসোমালে৷’ আৰ্জেণ্ট কল এটা আহিছে’ বুলি ফাঁকি মাৰি ফোনটো কাটিলো আৰু তাইৰ নম্বৰটোও দিলিট মাৰিলো৷ এই ভাগ প্ৰেমৰ ইমানতে ইতি পৰিল আৰু৷
☆★☆★☆