ভালপোৱাৰ তেজ – উজ্জ্বল দিপ্লু গগৈ
যোৰহাট জে.বি. কলেজৰ কোনোবা এটা দুপৰীয়া:
আৰ্টছৰ ল’ৰা এজন, জুল’জী ডিপাৰ্টমেণ্টৰ ছোৱালী এজনীৰ প্ৰতি,-
“মোক তুমি কিয় ভাল নোপোৱা, মোৰ হাত কাটিলেও ৰঙা তেজ ওলাব, তোমাৰো ৰঙা তেজেই ওলাব, মাত্ৰ আমাৰ মন দুটা মিলাব পৰাটোহে আচল কথা৷”
ছাত্ৰী: বান্দৰ, তেজৰ কথা ক’বলৈ আহিছ’? মোৰ ব্লাড গ্ৰুপ A-, তোৰ ব্লাড গ্ৰুপ কি? ক’ মিলিবনে তোৰ গ্ৰুপ? য’ত ত’ত তেজৰ কথা মিলাবলৈ নাহিবি বুইছ’!
জুল’জী ৰকড্ আৰ্টচ শ্বকড্৷
☆★☆★☆