ফটাঢোল

দাম্পত্য কলহ – ৰাজশ্ৰী শৰ্মা

শ্ৰীমতীয়ে চোফাত বহি পুৱাই পুৱাই পেপাৰ হাতত লৈ, “তুমি যদি কোৱা, জোনটি আনি দিম৷ তুমি যদি কোৱা, নদীতো জাপ দিম৷ ইফ ইউ চে লা লা লি লি, সাগৰো সাঁতুৰিম৷ ইফ ইউ চে ধেং তেং৷”

শ্ৰীমানে পুৱাৰ লাল চাহ দুকাপেৰে থালখন আনি আলফুলে ডাইনিং টেবুলত থ’লে৷ ক’ৰবাত চাহ পৰিলে দাগটো গুচাবলৈ টান৷ ক’লিন মাৰিলেহে যাব৷ গতিকেই সাৱধানতা অৱলম্বন কৰি শ্ৰীমতীৰ ফালে চাই চিঞৰিলে,
“অ’ মহাৰাণী, আঁহা চাহ একাপ খোৱা৷ মোৰ আকৌ ভাতো ৰান্ধিবলৈ আছে৷ পুৱাই পুৱাই ক’ত জোনবাই আনিবলৈ যোৱা?”

শ্ৰীমতী : এহ্, আপুনি এইবোৰ নুবুজে৷ পুৱাই অলপ সময় গান গালে মাতটো সুৰীয়া হয়৷

শ্ৰীমান : কি! সুৰীয়া আৰু তোমাৰ মাত? হঁহুৱালা দেই৷ বোলো এই যে গানটো গালা, মই ক’লেই জোনটো আনিবা, মই ক’লেই নদীত জাঁপ দিবা, সাগৰত সাঁতুৰিবা, এইবোৰ অবাস্তৱ কথা বকি কিবা লাভ আছে নেকি? তাতকৈ যদি গালা হয় তুমি যদি কোৱা, বাচনো ধুই দিম৷ তুমি যদি কোৱা, ভাতো ৰান্ধি দিম, তেতিয়া মানিলোহেঁতেন৷

শ্ৰীমতী : হিঃ হিঃ হিঃ, সেইকাৰণেতো মই তেনেকৈ গোৱা নাই৷ পিছে আপুনিচোন গালে তেনেকৈ, এতিয়া মই যি কওঁ আপুনি কৰিবই লাগিব৷

(শ্ৰীমান পেটে পেটে, ‘‘ইয়াকেই কয় লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি৷ কিহে পাইছিল জানো এইজনীৰ লগত লাগি ল’বলৈ’’)

আকৌ শ্ৰীমতীয়ে বোলে, “বোলো শুনিছেনে, কামটো পিছে এতিয়াই কৰিব লাগিব৷ পিছত পিছত বুলি ঠেলি থ’ব নোৱাৰে কিন্তু৷”

শ্ৰীমান : হ’ব দিয়াহে৷ কিনো পেকপেকাই থাকা? কোৱা কি কাম৷ এক মিনিটত হৈ যাব৷ অমুকা ঘৰুৱা কামত ওস্তাদ বুলি আখ্খা দিছপুৰে জানে৷

শ্ৰীমতী : এ, বৰ একেবাৰে ওস্তাদটো৷ পুৰণি বক্সপালেংখন চাফা কৰিব লাগে৷ অকলে নোৱাৰি, গতিকে আপোনাক কৈছোঁ৷ মা-দেউতাই মৰম কৰি ইমানবোৰ কাঁহৰ বাচন দিছিল, আজিলৈ উলিওৱাৰ সময়েই হোৱা নাই৷ কি বা অৱস্থা হৈ আছে৷ খোলকচোন৷

শ্ৰীমান : আও, তোমাৰ দেউতাই মোক কি বুলি ভাবি ইমান বাচন দিছিলনো? কাঁহী বাতি বাৰু বুজিলো ভাত খাবা বুলি৷ পিছে এই যে ঘটী, চৰিয়া, শংখ, ঘণ্টা, এইবোৰ আকৌ কিয়? আমাৰ ঘৰত কিবা গিলাচ নাই নেকি ঘটীত পানী খাবলৈ?

শ্ৰীমতী : কিবা নিয়ম চাগৈ দিব লাগে৷ আৰু এনেও চবৰে ছোৱালীৰ বিয়াত দিয়েই আৰু নহ’লে নতুন ঘৰত ঘৰৰ মানুহে নক’লেও ওচৰ চুবুৰীয়া বা সম্পৰ্কীয় মানুহে ক’ব যে কইনাই একো নানিলেই৷

শ্ৰীমান : হ’লেও আৰু৷ এইবোৰ দিয়াতকৈ যদি তোমাক অলপ ঘৰুৱা কাম শিকাই পঠিয়ালে হয়! অন্ততঃ পুৱা গধূলি ভাত কেইটা নিজে ৰান্ধি খাবলৈ নালাগিলহেঁতেন৷

শ্ৰীমতী : তাৰমানে আপুনি কি ক’ব বিচাৰিছে মই একো নকৰোঁ? আপুনি ভাত কেইটা ৰান্ধি আজৰি, মই যে কাপোৰ জাপি, বাচন ধুই, ৰুম চাফা কৰি দিনটো আহৰিয়েই নাপাওঁ৷ ইহ্ কথা কয়!

শ্ৰীমান : সেইয়া, তোমাক কিবা এটা ভাল কথা ক’লেই ৰণচণ্ডী মূৰ্ত্তি কিয়নো ধৰা? নিজৰ বুলিহে কৈছোঁ কিবা৷ তেনেকৈয়ে চলিব লাগিব দিয়া, উপায়তো নাই৷ পিছে শুনাচোন, তোমাৰ দেউতাই আমি কি এতিয়াও মান্ধাতা যুগতে আছো বুলি ভাবিছিল নেকি, এইটো দেখোন কলহ৷ বাতৰি কাগজত বান্ধা৷ আমাৰ ঘৰত পানীৰ ব’ৰিং কৰা আছে, তুমি কোনো পুখুৰীৰ পৰা পানী আনিব নালাগে নহয়৷

শ্ৰীমতী : নহয় অ’ মোৰ সোণামুৱা মানুহটো৷ বিয়াত দিয়া বস্তুৰ ভিতৰত সেইটোৱেই মেইন৷ সেইটোৰ এটা বিশেষ নাম আছে, সকলোৱে নাজানে৷

শ্ৰীমান : কিনো?

শ্ৰীমতী : দাম্পত্য কলহ।

শ্ৰীমান : কি!

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *