ডাক্তৰৰ চিঠি – ব্ৰহ্মানন্দ পাতিৰি
এবাৰ আমাৰ ডাক্তৰ চাহাবৰ পো’ষ্টিং ইন্দু বাইটিহঁতৰ গাঁৱৰ ফালে হ’ল। বাইটি সৰবৰহী, তাতে চেলিব্ৰেটি। সকলোৱে চিনি পায় আৰু! এদিন আমাৰ ডাক্তৰ বাবুৰ কাম কৰা ল’ৰাটো ‘দেচ’ গ’লগৈ। ৰাতিপুৱা মেগী চেগী খালে। দুপৰীয়াৰ বাবে ইন্দু বাইটিৰ ঘৰত খোৱাৰ প্লেন কৰিলে। ফোনালে এয়াৰচেল। একো নাই। লৰা-লৰিকৈ প্ৰেছক্ৰিপশ্বন শ্লিপত দুপৰীয়া ভাত খাম বুলি চিঠি এখন লিখি ৱাৰ্ড বয়টোৰ হাতত দি বাইটিৰ ঘৰলৈ পঠিয়াই দিলে। বাইটিয়ে এনে চিঠি পায় অবাক! একো বুজি নাপালে। ল’ৰা-ছোৱালীক পঢ়িব দিলে, নাই একো বুজি নাপালে। ডাক্তৰে লিখা বুলি কাষৰ ফাৰ্মাচীৰ যদুলৈ পঠিয়াই দিলে। সিয়ো বহু সময় পঢ়ি তিনিটা টনিকৰ বটল দি পঠিয়াই দিলে, এটা আইৰণ, এটা কেলচিয়াম আনটো ফলিক এচিড। বাইটি বিন্দাচ। দুপৰীয়া দুটামান বজাত ডাক্তৰ কাইটি হাজিৰ,-
“বাইটি কি বনাইছে আজি?”
“ঔ আই কি বনামনো, খবৰ নাই, খাতি নাই!”
“বাইটি চিঠি এখন পঠিয়াইছিলো নহয় মই..”
“ঔ আই, সেইখন চিঠিহে আছিল নেকি? আমি বুজি নাপাই ফাৰ্মাচীলৈ পঠিয়াইহে এইকেইটা অনালো।
“বাইটি, তাত ভাত খাম বুলি লিখা আছিল।“
☆★☆★☆