ফটাঢোল

ডিক্লেয়াৰ – মিতালী চহৰীয়া

এদিন প্ৰণৱদাই অফিচৰ পৰা আহি দেখে যে, দুদিনমানৰ আগতে ভূটানৰ পৰা পুহিবলৈ বুলি অনা ভূটীয়া কুকুৰটো বাৰাণ্ডাখনত লাং খাই পৰি আছে৷ লৰচৰ একো নাপাই লগে লগে প্ৰণৱদাই কুকুৰটোক গাড়ীত তুলি আমাৰ পশু চিকিৎসকৰ চেম্বাৰলৈ লৈ গ’ল৷

প্ৰণৱদা : ছাৰ ছাৰ চাওকচোন, মোৰ মৰমৰ কুকৰটোচোন কিবা হঠাতেই মাত বোল নোহোৱা হৈ পৰি থাকিল৷ আপোনাৰ ওপৰতেই ভৰষা আৰু৷

ডাক্তৰ : (ষ্টেথোস্কোপডাল দুবাৰমান লগাই চাই) বুজিছে আই এম চৰি। আপোনাৰ কুকৰটো ব্ৰট ডেথ৷ সেই যে শ্ৰীদেৱী বাথৰুমত পৰি আছিল আপোনাৰ কুকুৰটোৰ কেচটো ঠিক তেনেকুৱাই হ’ল৷

প্ৰণৱদা : নাই নাই! আপুনি ক’লেই হ’ব নেকি? একো টেষ্ট চেষ্ট নকৰাকৈ কেনেকৈ ডেথ ডিক্লেয়াৰ দিলেহে?

ডাক্তৰে ‘আৎসা’ বুলি কৈ ৰূমৰ ভিতৰলৈ সোমাই গ’ল৷ অলপ পাছত তেওঁৰ পোহনীয়া দেশীয় লেব্ৰাডোৰ কুকুৰটো লৈ আহিল আৰু প্ৰণৱদাৰ মৃত কুকুৰটোৰ দেহটো শুঙিবলৈ দিলে৷ আকৌ ৰুমৰ ভিতৰলৈ সোমাই গৈ এইবাৰ মেকুৰীজনী আনি একেদৰেই কুকুৰটো শুঙিবলৈ দিলে৷ প্ৰণৱদাই থৰ লাগি কাণ্ডবোৰ চাই থাকিল।

ডাক্তৰে অলপ পাছত কাগজ এখন লিখি প্ৰণৱদালৈ আগবঢ়াই ক’লে, “এয়া লওক আপোনাৰ কুকুৰটোৰ ডেথ চাৰ্টিফিকেট ৰেডি । টকা পাঁচশ দিয়ক আৰু লৈ যাওক ডেডবডি।”

প্ৰণৱদা : (আচৰিত হৈ) পাঁচশ টকা কিয় হে?

ডাক্তৰ : মই ডিক্লেয়াৰ দিওঁতে মানিলে 50 টকাতেই হ’লহেঁতেন৷ এতিয়া মই লেবৰেটৰি টেষ্ট (লেব্ৰাডোৰ কুকুৰ) আৰু কেট স্কেন (মেকুৰীটো) কৰিলো৷ গতিকে পাঁচশ টকা দিয়ক আৰু কুকুৰটো লৈ যাওক।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *