খুড়া আৰু বিস্কুট – প্ৰণৱ সিংহ
পুৱাই পুৱাই সম্বন্ধীয় খুড়া এজন আহে পামলৈ৷ আহিয়েই একাপ চাহ বিচাৰে৷ কিন্তু যিমানেই ভাল নহওক, সদায় কিবা নহয় কিবা এষাৰ ক’বয়৷ কেতিয়াবা যদি কয় ‘চেনি কম’ কেতিয়াবা ‘এখনহে বিস্কুট দেখোন, কৃপণ তই, কাপটো ভালকৈ ধুব নোৱাৰ’ ইত্যাদি ইত্যাদি৷ মুঠতে ঋণাত্মক চিন্তাৰ ভাগবতৰা কৰাত তেওঁ অকণো কৃপণালি নকৰে৷ কাম থাকিলে কেতিয়াবা ৰাতি দেৰিকৈ শুব লগা হয়, গতিকে ৰাতিপুৱা উঠোতেও দেৰি হয়৷ মানুহজন পাঁচ বজাতেই আহি দুৱাৰত ঢকিয়াইহি, ‘খেতি কৰিবলৈ আহিছ ৭ বজালৈকে শুই থাকি! ফলাবি খেতি কৰি৷’ বয়স আৰু সন্মানৰ কথা ভাবি তেওঁক একো ক’বও নোৱাৰো৷ কেতিয়াবা এনেকুৱা লাগে যেন কুকুৰ জপাই দিওঁ নেকি মানুহজনৰ পাছত? নাই, আহোঁতে আহোঁতে তেওঁ কুকুৰটোৰো চিনাকি হৈ গ’ল৷
অৱশেষত সুদিন আহিল৷ আনদিনাৰ দৰে সেইদিনাও আহি বহিলহি৷ মোক কাঢ়া নিৰ্দেশ দিলে চাহ একাপ ভালকৈ বনাবলৈ৷ লগতে ক’লে, “চেনি বেছি নিদিবি৷ বিস্কুট সৰহকৈ দিবি৷” চাহ কাপ বনাই দিয়াৰ পাছত সদায় সোধাৰ দৰে সুধিলো, “চাহ কাপ ভাল হৈছেনে খুড়া?”
একেই উত্তৰ, “চাহ কাপ ফুলকৈ দিব নোৱাৰ? আৰু অলপ চাহ দিলে কি তোৰ হাজাৰ টকা যায় নেকি? বিস্কুটটো ভাল৷ খাই ভাল লাগিছে৷ আৰু দুটামান আনি থ’বি।”
মই বোলো মনতে, “হে হৰি প্ৰশংসা শুনিলো যে৷ এইষাৰ শুনিবলৈ কাণখন কিমান দিন ৰৈ আছিল।”
প্ৰশংসা শুনি কিবা এষাৰটো ক’ব লাগিব। ক’লো,
“খুড়া এই বিস্কুটটো কুকুৰটোৱে ( প্ৰহৰী ) খাই খুউব ভাল পায়৷ সেইকাৰণে তালৈ আনিছিলো।”
ভবাই নাছিলো এই বাক্যশাৰীৰ ইমান শক্তি আছে বুলি৷ কৈছিলো কাৰোবাক, গাত পাতি ল’লে কোনোবাই৷ কথাটো এনেকুৱা হ’ল ফোন কৰিছিলো বিশ্বনাথ চাৰিআলিলৈ, লাগিল বাইহাটা চাৰিআলিত৷ এইষাৰ শুনাৰ পাছত মানুহজন আৰু নৰ’ল, চিধাই বাট ল’লে ঘৰলৈ৷ যি গ’ল গ’লেই পামত আজিলৈকে দেখা দিয়া নাই!
বেচেৰা খুড়া!
☆★☆★☆