বুৰী নজৰ আপ লৌগৌঁ’কৌ’ স্বাগত – নাজিয়া হাছান
ৰেডিঅ’টো শুনা মই আজিলৈকে এৰা নাই। তাহানিতে, মানে মই কেঁচুৱা মইনাজনী হৈ থাকোতে, মায়ে হেনো মোক শুবলৈ দি কাণতে ৰেডিঅ’টো লগাই থৈছিল। শুনি শুনি হেনো মই কেতিয়া টোপনি গৈছিলোঁ ময়েই নহয়, মায়েও গমকে নেপাইছিল বোলে! এতিয়াও মানে মোৰ সেই অভ্যাসটো চলায়ে ৰাখিছোঁ। ৰেডিঅ’ শুনি শুনি ঘৰৰ কাম সোপা কৰি থাকোঁ। পুৰণা দিনবোৰ গ’লেও, কিয় জানো মোৰ ৰেডিঅ’টো শুনিলে পুৰণা দিনবোৰ আকৌ আশে-পাশে ঘূৰি ফুৰা যেন লাগে চোন অ’! বেছিয়েই ইম’চ’নেল হ’বলৈ গ’লো নেকি বাৰু? বেলেগ কথা এটাৰ কাৰণেহে আচলতে ৰেডিঅ’ৰ কথাটো লিখিবলৈ লৈছিলোঁ পাই! মিছাতে বকবকাই ফুৰিছোঁ ইমানবোৰ কৈ কৈ..। মানুহে সেইকাৰণেটো বেছি কথা কোৱা মানুহৰ ওচৰলৈ আহিবলৈ টান পায়। বুজিও নুবুজো যে! অলপ আত্মধোৱনো কৰি দিলোঁ বাৰু দিয়ক। দায়-দোষ ধৰিব নেলাগে। চাঞ্চ পাই! আচল কথাটো কৈছোঁ দেই শুনোকচোন এতিয়া..।
সিদিনা। মানে দেওবাৰে দুপৰীয়া। ৰেডিঅ’টোত মিহি মিহি কৈ গান বাজি আছিল। মাদাৰ্চ ডে’ৰ গান। শুনি শুনি মই পাঁচলি কাটি আছিলোঁ। আজি কালিনো আৰু শুনি শুনি টোপনি যোৱাৰ সময় আছেনে মোৰ! তাতে আকৌ কি বুলি কয়, চানডে’! বুজিছেই নহয়। অ’! গানৰ মাজতে হঠাৎ এটা জো’ক শ্ৰোতাসকললৈ বুলি প্ৰো’গ্ৰেমটোত আগবঢ়াই দিলে। তাকেই! জো’কটোকেটো শুনাবলৈ গৈছোঁ আকৌ! শুনক এতিয়া।
দুজন হিন্দী ভাষী গ্ৰাহক আৰু ব্যৱসায়ীৰ ফোনত কৰা আলাপ দেই!
“গ্ৰাহক: হেল্ল’ বাৰ্মাজী।
পেইন্টাৰ: হাঁ জী। হাঁ জী। বো’লিয়ে না।
গ্ৰাহক: অকে.. বাৰ্মা জী, মেৰেকো’না এক নেম্প্লেট বনোৱানা থা।
পেইন্টাৰ : হাঁ জী। বলীয়েনা। উচমে ক্যা লিখনা হে?
গ্ৰাহক: লিখনা হে কি বুৰী নজৰ তেৰা…
পেইন্টাৰ: ( গ্ৰাহকৰ কথাটো সম্পূৰ্ন কৈ নুশুনাকৈ ব্যৱসায়ী গৰাকীয়ে ক’বলৈকে ধৰিলে…)
আচ্ছা আচ্ছা! তেৰা মোঁহ কালা। য়েহি লিখনা হে না? হ জায়েগা।
গ্ৰাহক: আৰে নেহি নেহি। বাৰ্মা জী, বাৰ্মা জী! য়ে মত লিখনা।
পেইন্টাৰ: তৌ? ক্যা লিখনা হে তৱ?
গ্ৰাহক: লিখনা কি..”বুৰী নজৰ আপ লৌগৌঁ’কৌ’ স্বাগত”
পেইন্টাৰ: আচ্ছা! য়ে লিখনা হে? য়ে কিউ? (আচৰিত হৈ)
গ্ৰাহক:(ব্যৱসায়ীৰ সুৰ বুজি গ্ৰাহকে লগে লগে তেওঁক বুজাবলৈ ধৰি…)
বাৰ্মা জী! বাৰ্মা জী! জী আপ পৰেশ্বন মত হৌ’না। এক্সুৱেলি হম আঁখ কা স্পেচিএলিষ্ট হে না! ইছিলিয়ে নজৰ খাৰাপৱালে লৌগৌঁ’কৌ’ দিল চে স্বাগত কৰকে এইছে লিখনা হে! চামজ গায়ে হে না আপ?
☆★☆★☆