ফটাঢোল

ব্ৰেণ্ডেড কাপোৰ বনাম বেণ্ডেজ কাপোৰ – খাণ্ডিল্য নয়ন শইকীয়া

বিহু পালেহি। সকলো ফালে উথপথপ্ পৰিবেশ৷ আমাৰ দৰে ডেকাৰ আজিকালি বিহু মনত লাগক বা নালাগক, দেহত কিন্তু লিভাইছৰ পেণ্ট চাৰ্ট, পুমাৰ জোতা আদি লাগিবই লাগিব৷ ফেন্সিলৈ বজাৰ কৰিবলৈ ওলাইছোঁ। লগত দেউতাই দিয়া তিনি হাজাৰ আৰু মাৰপৰা কুটুৰি কুটুৰি লোৱা উপৰঞ্চি দুই হাজাৰ টকা৷ লগত ওলাল লংগ’টিয়া দোষ্ট৷ মনত ভাবিলো নতুন কাপোৰৰে বিহু বুলি পুৰা লেভেল দি চেল্ফি তুলিম আৰু ফেচবুকত আপলোড কৰিম৷ ল’ৰাবোৰৰ হিংসা লাগিলেও উপায়ন্তৰ হৈ মুখখন মেলি থকা ইমজি, ৱাও আৰু ছোৱালীবোৰে লাভ ৰিয়েকচন দিব৷ উৱাও! ভাবিয়েই দেখোন বুকুখন কিবা ধক্ ধক্ কৰা যেন লাগিল৷

ফেন্সিৰ গলি গলি ঘূৰিলো, কাপোৰ পছন্দ কৰিব নোৱাৰিলো। ক’ৰবাত যদি চাইজ মিলে, ক’ৰবাত ৰং অপছন্দ, ক’ৰবাত আকৌ দামেই নিমিলে৷ চ’তৰ ৰ’দে দুইটাকে বাৰুকৈয়ে চেপিছে, ঘামে ধুৱাই দিছে৷ তাতে ভূতৰ ওপৰত দানহ পৰাদি তাৰ গাৰ পৰা ওলোৱা ভেকেটা ভেকেট গোন্ধে মোৰ পেটৰ নাড়ী উলিয়াই অনাৰ উপক্ৰম কৰিছে। তথাপিও উপায় নাই আৰু সিয়েইটো মোৰ একমাত্ৰ “ছোলেৰ ধন্ন’।”
বহুত বিচাৰ খোচাৰ কৰিও একো নোপোৱাত, সি বোলে, “ইয়াত নহ’ব আৰু বিগ বাজাৰলৈ যাওঁ ব’ল।” ময়ো তাৰ কথাত ‘ঔকে’ বুলি কৈ বিগবাজাৰ অভিমুখে বাছলৈ বুলি দীঘল খোজ দিলো৷ বিহু বুলি ইমান ভিৰ গাড়ীবোৰত।
“পল্টন বজাৰ, ভঙাগড়, দিছপুৰ” বুলি যি হ’লেও খালী বাছ এখনৰ হেণ্ডিমেনৰ চিঞৰ শুনি চিটি বাছখনতেই দিলো দীঘল জাপ। গাড়ীখন চলি যোৱাত ভাৰসাম্য ৰাখিব নোৱাৰি ভৰি মোচোকা খাই পৰিলো৷ অসহ্য বিষত মুখৰ পৰা লগে লগেই গেঙনি বাহিৰ হ’ল৷ লংগ’টিয়াই অটো এখন আনি ওচৰতে থকা ডাক্তৰৰ চেম্বাৰ এখনলৈ লৈ গ’ল৷ এক্সে-ৰে কৰাত ধৰা পৰিল যে হাড় এডাল ভাঙিল। ডাক্তৰে ভৰিটোত বৰ ধুনীয়াকৈ প্লাষ্টাৰ মাৰি দি পঠালে৷ পাঁচ হাজাৰ টকা ভৰিটোত পিন্ধোৱা বগা কাপোৰকণে খালে৷ দেহি ঐ, গোটেই দেহাটোৰ বাবে কাপোৰ কিনিবলৈ যাওঁতে অকল ভৰিটোত মানুহে প্লাষ্টাৰ নাম দিয়া বগা কাপোৰকণ মেৰিয়াই ঘৰ পালোহি৷

ভৰিটোৰ ফটো আপলোড কৰি যেতিয়া ফেচবুকত ষ্টেটাছ দিলো, ল’ৰামখাৰ হাঃ হাঃ হাঃ ৰিয়েকচন আৰু কি কমেণ্ট! উফ! কোনোবাটোৰ যদি “বেছি হ’ল নেকি?” কোনোবাটোৰ আকৌ “দিনতেই ধৰিছিলি নেকি?” ইত্যাদি৷ ধুনীয়া আপী মখাই চকুৰ পানী ওলোৱা ৰিয়েকচন দিলে। অ’ মোৰ কলীয়া গোঁসাই অ’, কি দিন দেখুৱালা! ক’ত বিহুৰ বজাৰ কৰিবলৈ গৈছিলো আৰু এতিয়া ক’ত বিষৰ কোবত জপ কৰিবলগীয়া হৈছে!

অৱশেষত অনুভৱ কৰিলো যে, কলীয়া গোঁসায়ে মোক এইবাৰো হিংসা কৰি “ব্ৰেণ্ডেড কাপোৰ ইজ ইকুৱেল টু ২০ টকাৰ বেণ্ডেজ কাপোৰ” বুলি সমীকৰণটো আগৰপৰাই মিলাই থৈছিল।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *