ফটাঢোল

অসমীয়া লেখকৰ সমস্যা ‘গেছ’ – সমুদ্ৰ কাজল শইকীয়া

এই সময়ৰ অসমীয়া কবিতাৰ সমস্ত সমস্যাৰ গুৰিতে হৈছে গেছ৷ আমাৰ বেছিভাগ মানুহেই সময়মতে খোৱা-বোৱা নকৰে৷ কৰিলেও খাদ্যাভ্যাস স্বাস্থ্যসন্মত নহয়৷ ফলত ডেকা বুঢ়া সমন্বিতে বেছিভাগ অসমীয়া মানুহেই এচিডিটি সমস্যাৰে আক্ৰান্ত৷ আশ্চৰ্যজনকভাবে অসমেই একমাত্ৰ দেশ য’ত দুজন ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে দেখা হ’লেও পাতনিসূচক কথা হিচাপে পেটত গেছ হোৱাৰ কথা পাতি ভাল পায়৷ “এহ নক’ব বুইছেনে, কালি ৰাতিৰে পৰা পেটত গেছেই গেছ” – যেনিবা গেছ এটা উদযাপন কৰিবলগীয়া বস্তুহে৷ গেছ এনে এটা বস্তু যিটো নোখোৱাজনৰো হয়, বেছিকৈ খোৱাজনৰো হয়৷

সি যি কি নহওক অন্যান্য যিকোনো বেমাৰ অথবা বেমাৰৰ উপসৰ্গতকৈ গেছ হোৱাটো জঘন্যতম এই কাৰণেই যে ইয়াৰ ফলত কৰ্মোদ্যম নোহোৱা হয়৷ আলস্যই আৱৰি ধৰে৷ জীৱন আৰু জগতৰ প্ৰতি মোহ নোহোৱা হয়৷ মানসিক সন্তুলন ঠিকে নাথাকে, আজি ইকথা, কালি সিকথা৷ [আগদিনা সমালোচকক কাম নোহোৱা মহাপণ্ডিত বা বুদ্ধিজীৱি বুলি গুৱাল গালি পাৰি পিছদিনা আকৌ অসমীয়া কবিতাৰ সমালোচক নাই বুলি বিননি তুলিব পাৰে৷ আগদিনা নিজকে ‘অৰাজনৈতিক’ বুলি ঘোষণা কৰি পিছদিনা আকৌ যশপ্ৰাপ্তিৰ খাটিৰত সামাজিক-দায়বদ্ধতা প্ৰকাশ কৰি দিব পাৰে৷ ] গেছ থকা মানুহৰ খাবলৈ যেনেকৈ মন নোযোৱা হয়, গেছ থকা মানুহে হাগিও সুখ নাপায়৷ জীৱনৰ প্ৰতি এনে বিতৃষ্ণা, বিৰাগ আৰু অনিহাৰ ফলতে এইচাম পেটত গেছ হোৱা বা গেছ থকা কবিৰ কবিতাত বিৰহৰ চকুপানীৰ ঢল বয়৷ জীৱনৰ পৰা আৰু বাস্তৱৰ পৰা পলাবৰ যিমান বাট বিচাৰিব পাৰি এইসকলে সেইবোৰ বাট বিচাৰি ফুৰে৷ বাস্তৱিকতে এই পলায়নৰ বাট হিচাপেই খেনোৱে কবিতা লিখাত ধৰে৷ যিসকল এইবোৰ উপসৰ্গকলৈ সচেতন তেওঁলোকে আকৌ নিজৰ অনিহাখিনিক ঢাকিবলৈ পথাৰ, সেউজীয়া, অৰণ্য আদিৰ কথা ক’বলৈ আৰম্ভ কৰে৷ সেইবোৰত মাটিৰ গোন্ধ থাকে৷ ইংৰাজীত যেনেকৈ মাটিকো Soil বুলি কোৱা হয়, গু-কো Soil বুলিয়ে কোৱা হয়৷ সেয়েহে কেতিয়াবা মাটিৰ গোন্ধ থকা কিছুমান কবিতাৰ পৰা গু গু গোন্ধ ওলোৱাটোও স্বাভাৱিক৷ অসমীয়া মানুহৰ এগাল এগাল ভাত খাই হোৱা গেৰেলা পেটত যিমান দিনলৈকে গেছ হৈ থাকিব সিমান দিনলৈকে অসমীয়া কবিতাৰ বিশেষ কিবা উন্নতি হ’ব বুলি ক’ব নোৱাৰি৷ অসমীয়া কবিতাৰ যদি উন্নতি হোৱাটো বিচাৰে প্ৰথমতে পেটত গেছ হোৱাৰ সমস্যাটো দূৰ কৰি লোৱাটো ভাল।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *