ফটাঢোল

বৰলীৰ দুখ – তৃষ্ণা সোনোৱাল

বৈদ্য দুখ জানেনে মোৰ? বৈদ্য দুখ! এনে হেন লাজ আৰু দুখ বৰলা জীৱনতে পাবলৈ ফটা বিধাতাই লিখি থৈ গৈছে৷ একুৰি বিশ দিন ৰোহ ঘৰত সোমাই আজি মুকলি আকাশখন চাইছোঁ৷

ফটামুখে কেছটো কওঁ দেই, পঢ়ি ইমচ’নেল হৈ চকুপানী ওলাই গ’লে মোৰ কিন্তু দোষ নাই৷

ছয়বছৰ হৈছে মোৰ পোনাহঁতক ক-ক-ম-ম শিকোৱা কামত সোমোৱা৷ ইমান মৰম লাগে ঔ পোৱালিবোৰক। যিফালে গঢ় দিব খোজো, সেই ফালেই হাউলি দিয়ে৷ আয়েতো এশ পুত্ৰৰ গান্ধাৰী মাতৃ বুলি মোক উপাধি প্ৰদান কৰিছিলেই৷ পুত্ৰ পুত্ৰীহঁতৰ গৌৰৱেৰে ফুলি থাকোঁতেই লাগিল জগৰ৷

স্কুলৰ লগতে লাগি আছে অংগনৱাড়ী চেণ্টাৰটো৷ সপ্তাহে পষেকে তালৈ গাঁৱৰ ন-মাতৃ আৰু হ’বলগীয়াবোৰ চেক আপলৈ আহি থাকে৷
আহক বাৰু, মোৰ একো অসুবিধা নাই৷ কিন্তু সেইদিনা আহিল বিশেষ এগৰাকী৷ আমাৰ গোটেই পুত্ৰ-পুত্ৰীমখাৰ মাজত লাগিল হুৱাদুৱা৷ ক্লাছ ৰুমৰপৰা গোটেইবোৰ চেণ্টাৰৰ দুৱাৰমুখত, খিৰিকী কাষত হাজিৰ হৈ ভূত চোৱাদি চাইছে সেইগৰাকীক৷ মই বেত এডাল লৈ, (উপচ, কাকো নক’ব দেই) মানে, পইণ্টাৰ এডাল লৈ টেঁটু ফালি চিঞৰিলো, ‘বোলো সোণামুৱাহঁত ক’ত বিহু গাই ফুৰিছ, আহ এইফালে বিহু ইয়াতো দেখিবি’৷
নাই বুজিছেনে ইমান টেঁটু ফালি চিঞৰাৰ পাছতো সোণামুৱাহঁতৰ লৰচৰ নাই৷ ‘কিনো চাই পগলা হ’ল ঐ সোণামুৱা’ বুলি ময়ো জনসমাগমৰ ভিৰ ফালি নিৰ্দিষ্ট গৰাকীৰ ওচৰত থিয় দিলোগৈ৷

উৱা এইজনীচোন লিলিমাই! মোৰ প্ৰথম বেটচৰ ছাত্ৰী এইজনী৷ “হাউ, তই ইমানজনী হ’লিনে! হ’লিতো হ’লি, এই বয়সতে বিয়াও পাতি ল’লি!” আমি গোটেই কেইগৰাকী শিক্ষয়িত্ৰীয়ে মূৰে কপালে হাত দিলো৷ অংগনবাড়ী বাইদেউগৰাকীয়ে তাইৰ প্ৰেমকাহিনী বিৱৰি ক’লে৷ কিনো কৰিম, বাইদেউহঁতে সংসাৰজ্ঞান দুআষাৰ মান দিলে, ময়ো অলপ অচৰপ উপদেশ দি ঘূৰিলো৷

ৰ’ব ৰ’ব কথা এইখিনিতে শেষ নহয়৷ আচল ‘জেক’টো দিলে মোৰ সোণামুৱাহঁতে৷
মই বোলো এই সুযোগতে অলপ ভাষণ দি লওঁ, “হ’ব দেহাহঁত লিলিমাইৰ জীৱন কাহিনী দেখিলি নহয়। এতিয়া ভালকৈ পঢ়া শুনা কৰ যাতে আগলৈ তহঁতৰ তাইতকৈ ভাল অৱস্থা হয়৷”

ফুচফুচীয়া মেল তুংগত তেতিয়া সিহঁতৰ৷ মই বোলো, “মোকো শুনাচোন মেলৰ বিষয়”৷

গোটেইবোৰৰ স্বয়ম্ভু প্ৰতিনিধি এটাই টেপেচকৈ মাত লগাল, “নৰে বাইদৌ, ইথি লিলিমাইকেতো চাদী হৈ গেলক, চুৱাও হৈ গেলক৷ তুমি বাইদৌ হৈকে চাদী নিহৈয়েক যে, বেটী চুৱাগিলাই বাত কৰিছে, বাইদৌটা এতনা বৰ হৈয়েক লাগে, একটা চুকৰা নি পতাই পাৰলা৷”

শপত খাই কৈছোঁ জীৱনত ইমান লাজ পোৱা নাছিলো, যিমান সেইদিনা পালো৷

বেচেৰী বৰলী বাইদৌ চক, চক, চক৷
সোণামুৱা ৰক্ ৰক্ ৰক্৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *