ফটাঢোল

আমাৰ বীৰেণ – ভাস্কৰ জ্যোতি বৰুৱা

এসাগৰ বিস্তীৰ্ণ সেউজীয়া। দিগন্তত দেখা গ’ল এটা সৰু ক’লা বিন্দু। ভালদৰে লক্ষ্য কৰিলে ধৰিব পাৰি বিন্দুটো চলমান। ক্ৰমাৎ ডাঙৰ হৈ আহিবলৈ ধৰিলে সেই বিন্দুটো। লাহে লাহে চলমান বিন্দুটো সলনি হ’ল মানুহৰ এটা অবয়ৱলৈ। ওচৰ চাপি অহাত স্পষ্ট হ’ল – মানুহজনৰ পেটটো তেওঁৰ মূৰ বা বুকুখনতকৈ প্ৰায় এক-ডেৰ ফুট আগত আহি আছে।
এক বিশাল অঞ্চল জুৰি কৰা মটৰ মাহৰ খেতি পাৰ হৈ আহি এটা প্ৰান্তত এয়া মোৰ সন্মুখত সেই মানুহজন।
“এচিৰা মটৰো চিঙি খোৱা নাই জানেনে?  ৰিয়েল মহন্ত মই, একদম ৰিয়েল। কোনো ভেজাল নাই।”
কথা কেইষাৰ কৈয়ে মানুহজনে এটা উগাৰ মাৰিলে। এটা সৰু মটৰ তেওঁৰ দাঁতৰ ফাকেৰে ওলাই আহি মাটিত পৰি কিছু দূৰ বাগৰি গ’ল। ইফালে সেই উগাৰৰ শব্দ উফৰি খুন্দা মাৰিলেগৈ কিছু আঁতৰত থকা এটা ওখ পাহাৰত। পাহাৰৰ ঠিয় ঢালত ঠেকা খাই উগাৰৰ শব্দ একাধিক প্ৰতিধ্বনিলৈ পৰিৱৰ্তন হৈ উভতি আহিল আমাৰ মাজলৈ।
হঠাৎ কাষৰ নদীখন ফেনে ফুটুকাৰে বাঢ়ি আহিল। আকাশত বিনা মেঘে বজ্ৰপাত আৰম্ভ হ’ল। দেৱতাসকল ওলায় আহি পুস্প বৃষ্টিৰ শৈলীত মটৰৰ বাকলি মানুহজনলৈ দলিয়াবলৈ ধৰিলে। ক’ৰ পৰা জানো কাউৰি এজাক আহি তেওঁৰ মূৰৰ ওপৰত চক্ৰকাৰে ঘূৰি ঘূৰি ৰাউচি জুৰি প্ৰশ্ন কৰিবলৈ ধৰিলে -(এই বাকলিবোৰ) কাৰ কাৰ কাৰ?  ক’ ক’ ক’!
মানুহজন যেন অলপ বিচলিত হ’ল। তথাপি মুহূৰ্ততে নিজক চম্ভালি ললে। তেওঁৰ চিকচিকাই থকা নাকটো মোহাৰি মোক প্ৰশ্ন কৰিলে,-
“কৌতূকটো কেনে পালে?”
নদীখন পূৰ্বৰ শান্ত সমাহিত ৰূপটোলৈ উভতি গ’ল। বজ্ৰপাত বন্ধ হ’ল। মটৰৰ বাকলি দলিওৱা কাৰ্য বন্ধ কৰি দেৱতাসকল ডাৱৰৰ সিপাৰে নোহোৱা হ’ল। কাউৰিজাক আঁতৰি গ’ল।
মানুহজনে পেণ্টৰ পকেটত হাত ভৰাই মোক সুধিলে,–
“দুচিৰামান খাব নেকি?”
মই হেনা-হোচা কৰা দেখি তেওঁ ক’বলৈ ধৰিলে,– “ এহ, লাজ কৰিব নালগে দিয়ক।“
তথাপি মই ল’ব নুখুজিলো।
“আপুনিও যে আৰু! লোভটো যে আপোনাৰ পূৰা আছে, মই নাজানো বুলি ভাবিছে? মই নথকা হ’লে বা মোৰ কেচটো নেদেখা হ’লে ইতিমধ্যেই আপুনিও চিঙিবলৈ আৰম্ভ কৰি নিদিলেহেঁতেননে? এই যে লাজটো, আনৰ ওচৰত কৰাতকৈ নিজৰ ওচৰত কৰিব। নহ’লে আপোনাৰ আৰু মোৰ কোনো পাৰ্থক্য নাই। হয় নে নহয় কওকচোন?” – এই বুলি কৈ মানুহজনে ঢেকঢেকাই হাঁহি তেওঁৰ বাওঁহাতেৰে মোৰ সোঁ-বাউসীত জোৰেৰে এটা থাপৰ মাৰিলে।
সাৰ পাই গ’লো। দেখিলো,- শ্ৰীমতীয়ে বাউসীত কোৱটো দি পেন্দুৱাকৈ চাই আছে।
“ আই পি এল চাওঁ বুলি আহি চাউথ ইণ্ডিয়ান চিনেমা লগাই শুইহে আছাচোন। এনেদৰে মহক নোদোকা কৰি থকাতকৈ শুই নাথাকা কিয়?” – স্বাভাৱিক ভংগীত শ্ৰীমতী খেচখেচাই উঠিল।
“এহ, খেলখন জমা নাছিল। বৰ ল’ স্কৰিং গেম হ’ল। সেয়ে এডভাৰ্টাইজৰ সময়ত চেনেল সলনি কৰোতে কিবা এটা ইণ্টাৰেষ্ট পাই চাই আছিলো চিনেমাখন। কিন্তু হঠাৎ কেতিয়া চকু মুদ খাই গ’ল ক’বই নোৱাৰিলো। তুমি শুই থাকাগৈ যোৱা। মই অলপ পাছত গৈ আছোঁ।“- কথাখিনি কৈ মই চেনেল সলাই আকৌ ষ্টাৰ স্প’ৰ্টছলৈ বুলি ৰিমোৰ্টৰ বুটাম টিপিলো।
ভোৰভোৰাই শ্ৰীমতী গ’লগৈ। মই খেলত মনোনিবেশ কৰোঁ বুলি ভাবোতেই কাষতে থকা ম’বাইলটোত কিটিঙকৈ শব্দ এটা হ’ল। শব্দটো চিনাকি, মেচেঞ্জাৰৰ। কাৰোবাৰ বাৰ্তা এটা আহি সোমাইছে নাইবা “চেচন এক্সপায়াৰ্ড” হৈছে। মেচেঞ্জাৰ খুলি চালো। নাই, “চেচন এক্সপায়াৰ্ড” হোৱা নাই, এটা নতুন বাৰ্তাহে আহি সোমাইছে। নামটো পঢ়ি টোপনিৰ জাল একেকোৱে ভাগিল। বীৰেণৰ বাৰ্তা!
“ফটাঢোল” গোটত নথকাসকলে হয়তো নাজানিব কেনে এক মহান ফেচবুকপ্ৰাণ জীৱনৰ নাম বীৰেণ। গাঁৱত বাস কৰিলেও নগৰীয়া জীৱনৰ সমস্যা, ৰাজনীতি, অৰ্থনীতি, ভূমিনীতি, সমৰনীতি, ক্ৰীড়ানীতি, সাহিত্য (বিশেষকৈ কবিতা), সংস্কৃতিকে ধৰি প্ৰায় সকলোবোৰ বিষয়তে অবাধ বিচৰণ আমাৰ বীৰেণৰ। পেশাত কৃষি কৰ্মত নিয়োজিত যদিও ৰকেট বিজ্ঞান বিষয়ক কথাতো যদি ফেচবুকত বিতৰ্ক হয় তাত ভাগ ল’বলৈ পিচ নুহুহকে তেওঁ। অসমীয়া লিপিত ফেচবুকৰ পুৰণি বিতৰ্ক এটা যদি আপুনি চাৰ্চ কৰে, তেন্তে সেই বিতৰ্কৰ শেষ মন্তব্যটোও বীৰেণৰে হোৱাৰ সম্ভাৱনা সৰ্বাধিক। অৱশ্যে এটা কথা ক’বই লাগিব যে কথা পাতিলে ধৰিব পাৰি – বীৰেন এখন সৰল অন্তৰৰ গৰাকী। মোৰ লগত ফেচবুকৰ মাধ্যমেৰেই চিনাকি। বয়স? যদিও প্ৰকৃত বয়স নাজানো, তথাপি মোৰ অনুমান বীৰেণ মোতকৈ সৰুৱেই হ’ব। সেই বীৰেনেই ৰাতি ১১ বজাত মোক সুধিছে –
“দাদা, কি খবৰ?”
অলপো বিলম্ব নকৰি টাইপ কৰিলো –
“ ভালেই! তোমাৰ?”
“আছোঁ দাদা, “ফেচবুকৰ কুৰুক্ষেত্ৰ”খন শেষ হোৱাৰ পাছত মনেই বহাব পৰা নাই এই সময়খিনি। এনেই আই পি এলকে চাই আছোঁ।
“ময়ো বীৰেণ, খেলকে চাই আছোঁ। বাই দি ৱে ভাল খবৰ এটা আছিল। কওঁনে?”
“কওকচোন শুনো।“
“তুমি “ফটাঢোল”ৰ মজিয়াত তামাম হিট হৈ গ’লাহে। মানুহে “কুৰুক্ষেত্ৰ”খনো খুব ভাল পালে বুজিছা। বিশেষকৈ শেষৰ খণ্ডটো। লাইক-কমেণ্ট বহুত আহিল।“– মই ক’লো।
“শেষ সংখ্যাটো অধিক জনপ্ৰিয় যেন লগা অৱস্থাটো কিন্তু অলপ গণ্ডগোলীয়া দাদা। মোৰ হিচাপত আপুনি মিছাতেই স্ফুৰ্তি কৰিছে।“
“ মানে কি ক’ব খুজিছা?”- আচৰিত হৈ প্ৰশ্ন কৰিলোঁ।
“সেই গায়কসকললৈ মনত পেলাওকচোন দাদা – ষ্টেজত ব’ৰ কৰি থাকে, তথাপি ইটোৰ পাচত সিটো গান গাবলৈ নেৰে। কমিটিৰ মানুহে আহি কাণে কাণে যে ক’ব লগা পৰিস্থিতি হয়। তেওঁলোকেও শেষৰটো গান গাবলৈ ওলাইছো বুলি কওঁতে বা প্ৰো’গেম শেষ কৰোতে মানুহে খুব হাত তালি দিয়ে। আপুনি কি মানুহে তেওঁলোকৰ শেষৰ গানটোৰ আগ্ৰহত বা সেইটো ভাল পাই তেনে কৰে বুলি ভাবে নেকি?”
“ তাৰ মানে তুমি ক’ব খুজিছা যে “ফটাঢোল”ত মানুহে”ফেচবুকৰ কুৰুক্ষেত্ৰ”খনৰ পৰা পৰিত্ৰাণ পাইহে শেষৰটো খণ্ডত বেছি লাইক-কমেণ্ট কৰিলে?”
“দাদা, মোৰ মুখেৰে মানে হাতেৰে টাইপ কৰাবলৈনো কিয় ইমান চেষ্টা কৰি আছে? আপুনি নিজেই বুজকচোন।“
“ সিদিনা কিন্তু এজন পাঠকে কমেণ্টত সেই চিৰিজটো কিতাপ হিচাপে উলিয়াবলৈ উপদেশ দিছে।“–বীৰেণৰ ধাৰণা ভুল বুলি প্ৰমাণ কৰিবলৈ টাইপ কৰি দিলোঁ।
“ আপুনি পিচে কি ভাবিছে? কিন্তু সেইখনতো আপুনি লিখা বুলি ক’ব নোৱাৰি। অলপ এডিট চেডিট কৰি উপস্থাপনহে কৰিছিল।“
“এহ, প্ৰেৰণা ল’লো বুলি উল্লেখ কৰিমতো পাতনিত।“
“মাত্ৰ প্ৰেৰণা?”
“ বাদ দিয়াহে সেইবোৰ কথা। অলপ বেছি কপি প্ৰিণ্ট কৰিম। তেতিয়া দামটো অলপ সস্তা ৰাখিব পৰা যাব। ৰাইজৰ উপকাৰ হ’ব। তুমি কি কোৱা?” – প্ৰসংগ সলনি কৰিবলৈ যত্ন কৰিলোঁ।
“বেছিকৈ প্ৰিণ্ট কৰালে কিতাপৰ দাম সস্তা বাৰু হ’ব, কিন্তু সেই কিতাপখন পঢ়িলে পাঠকৰ কিবা লাভ হ’ব বুলি ভাবেনে?”
“হৌৰা, এশ-দেৰশ টকা মানুহে এনেই বেয়া তেলত ৰন্ধা ৰাস্তাৰ কাষৰ ফাষ্ট ফুড খাই উৰুৱাই নিদিয়ে জানো?”
“ দাদা, তুলনাটো সঠিক নহ’ল। খোৱা বস্তুৰ লগত খোৱা বস্তুৰ তুলনা কৰক আৰু কিতাপৰ লগত কিতাপৰ।“
“মানে?” – মই প্ৰশ্ন কৰিলোঁ।
“ ফাষ্ট ফুড খোৱাতকৈ আপেল কিনি খালে যেনেকৈ ভাল খাদ্যত টকা খৰচ কৰা বুলি ক’ব পাৰি, ঠিক তেনেকৈ কিতাপৰ দোকানত অন্য লেখকৰ ভাল কিতাপ নিকিনি সেই টকাৰে আপোনাৰখন মানুহে কিয় কিনিব তাৰ উত্তৰ প্ৰথমে বিচাৰক।“
“ অ’, তাৰমানে তুমি ধৰিয়েই ল’লা ন’–“ ফেচবুকৰ কুৰুক্ষেত্ৰ”খন মই সঠিক ৰূপত দাঙি ধৰিব পৰা নাই?” – অলপ ক্ষোভেৰেই টাইপ কৰিলোঁ।
“ ধেই ভুল নুবুজিব অ’। যুক্তিসংগত কথা ক’লে আজিকালি মানুহে বেয়াই পায়। আপুনিও কি কেৱল প্ৰশংসা শুনিবলৈহে ৰৈ আছিল নেকি? তেনেহ’লে এইখিনি পঢ়ক – “ৱাও ভাস্কৰদা, গ্ৰেট নিউজ। শুভেচ্ছা থাকিল দেই”।“
“এনেকুৱা তোষামোদো বিচৰা নাই বাৰু!“
“ বাৰু বাৰু বাদ দিয়ক এইবোৰ, এনেই কিমান কপি মান ছপা কৰাৰ কথা ভাবিছিলে?” – বীৰেণৰ প্ৰশ্ন।
“ এই ধৰা ২০০০ কপি মান। আমাৰ গ্ৰুপটোত ১৩০০০ জন মান সদস্য আছে নহয়। কমেই হৈছে ন’?” – মই সুধিলো।
“এভাৰেজ লাইক কিমান পাইছিল চিৰিজটোত।“
“এই ধৰা ৫০ টা মান হ’ব। তদুপৰি সকলো পঢ়ুৱৈয়ে লাইক-কমেণ্ট নকৰে নহয়।“
“খিক।“
“হ’ল কি?”
“দাদা বেয়া নাপাব,ফেচবুকত কিতাপ সম্পৰ্কীয় আপডেট, বিতৰ্ক চাই চাই হোৱা ধাৰণাৰ পৰা ক’ব পাৰোঁ – এভাৰেজ লাইক ৫০ আছিল যদি ১০ জন মানে স্ব-ইচ্ছাই কিনিব। ২০ জন মানে কিনিব আপুনি বেয়া পাব বুলি। অন্য দহজনে গ্ৰুপৰ সদস্য হোৱা বাবে আপোনাক উৎসাহ দিয়াটো তেওঁলোকৰ নৈতিক দায়িত্ব বুলি গণ্য কৰি কিনিব, কিন্তু কোনো দিন কিতাপখন খুলি নপঢ়িব। ইয়াতকৈ কিন্তু বেছি বিক্ৰী গ্ৰুপৰ সদস্যৰ মাজত আশা নকৰিব দেই। বেছি আক্ৰমণাত্মকভাৱে বেচিবলৈ গ’লে মানুহ পলাবলৈহে ল’ব আপোনাৰ পৰা।“
“কিতাপ প্ৰকাশ কৰিলে মোৰ বাবে সকলো কথা কি অকল ঋণাত্মক হ’ব বুলিয়েই ভাবা নেকি?”
“এটা কথা ধনাত্মক হ’ব অৱশ্যে।
“ কি? “– শুনিবলৈ মই আগ্ৰহেৰে অপেক্ষা কৰিলোঁ।
“ মই যদি আপোনাক ভুল বুজা নাই, আপুনি বুঢ়া হ’লে চেনেল তেনেল ফিট কৰি হ’লেও সাহিত্যিক পেঞ্চন ল’বই ল’ব। তেতিয়া ভৱিষ্যতে পেঞ্চন ল’বৰ বাবে প্ৰয়োজন হোৱা কিতাপৰ সংখ্যাটোৰ পৰা এখন কমি থাকিব। পিচে প্ৰকাশক পাব জানো?”
“ ধেই, কামোৰ দিছা ন’? পাব্লিছাৰ নাপালে কিতাপ কিন্তু নিজে টকা খৰচ কৰি হ’লেও প্ৰকাশ কৰিমেই মই, কৈ থলো তোমাক।“
“আগতীয়া শুভেচ্ছা জনালোঁ দাদা। মাত্ৰ ঘৰত অলপ ঠাই উলিয়াই থ’ব। বিক্ৰী নোহোৱা কিতাপৰ দ’ম ৰাখিব লাগিব নহয়।“
“ হ’ব বাৰু। আৰু কিবা ক’বা? যিমানে বেয়াকৈ ক’লেও মোক বিচলিত কৰিব নোৱাৰিবা।“- মই লিখিলোঁ।
“আপোনাৰ উৎসাহ মানিছোঁ দাদা। ইমানেই যদি সংকল্পবদ্ধ, কিতাপ উন্মোচনী সভাত আপুনি দিব লগা ভাষণটো ঠিক কৰক আৰু!”
“এহ, নক’বা দিয়া, সেইটোলৈহে মোৰ আচল ভয়টো, মোৰ প্ৰকৃত শংকাৰ কাৰণ। ভাষণ-চাষণ দিব নিশিকিলোৱেই নহয়! সৰুতে লগৰ ল’ৰাই যেতিয়া আকস্মিক বক্তৃতা, তৰ্ক প্ৰতিযোগিতাত ভাগ লৈছিল, তেতিয়া সেইবোৰৰ পৰা পলাই ফুৰিছিলোঁ।“
“ অনুশীলনৰ বাবে দুষাৰমান ক’বলৈ চান্স এটা উলিয়াওক আক’ এতিয়া।– বীৰেণৰ উপদেশ।
“গুৱাহাটীত ৰাস্তা ভেটি জেঠ-আহাৰমহীয়া পতা বিহুৰ মঞ্চ এখনৰ পতাকা উত্তোলনৰ সময়ত বিহুৰ তাৎপৰ্য আৰু সেই অনুষ্ঠানটো পতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ক’বলৈ চান্স এটা লওঁ নেকি? ৰাতিপুৱা মানুহ দুনুহো তেনেকৈ নাথাকে। লাজো কম লাগিব।“
“ দাদা, আমাৰ বিহুৱাই পথাৰত নাঙল ধৰিলেগৈ। বাদ দিয়ক, সেইবোৰলৈ নাযাব।ফটো উঠাইলৈ কোনোবাই যদি পিচত ফেচবুকত তাচ্ছিল্য কৰে?”
“তুমি মানুহটো সকলো কথাতে ইমান নিগেটিভ কিয় হে?”
“ দাদা, আমাৰ গাঁৱত এষাৰ কথা চলে –
“বীৰেণৰ কথা নুশুন নীৰেণ
টানত পৰি কিয় হীৰেণ।”
“মানে?”
“অলপ ৰ’ব। মই টাইপ কৰিছোঁ। কাহিনীটো অলপ দীঘল।“– বীৰেণে ক’লে।
মই অপেক্ষা কৰিলোঁ। কেইটামান বিন্দু উঠা-নমা কৰিবলৈ ধৰিলে। এটা সময়ত উপঙি উঠিল তলৰ কথাখিনি,-
“নীৰেণ আমাৰ গাঁৱৰ এটা মস্ত তামোল চুৰ। মই ইমান বাধা দিওঁ, বুজাওঁ। নাই, নেমানে সি। এদিন হ’ল কি – হীৰেণ গাওঁবুঢ়াৰ বাৰীত তামোল চুৰ কৰিবলৈ গৈছিল সি। তামোল এজোপাত উঠিছেহে মাত্ৰ, আহিল নহয় গাওঁবুঢ়াৰ খটৰনাক কুকুৰ কালুৱে খেদি! কালুৱে ভুকি ভুকি নীৰেণ উঠা গছজোপাৰ তলৰ পৰা আঁতৰি নোযোৱা হ’ল। শেষত নীৰেণে নিজেই গাওঁবুঢ়া দাইটিক চিঞৰি চিঞৰি মাতি আনিহে ৰক্ষা পাইছে। তেতিয়াৰ পৰা আমাৰ গাঁৱত এই ডাইলগটো চলি গ’ল।“
“ কি কৰোঁ তেতিয়া হ’লে? তুমিয়েই কোৱানা বীৰেণ।“– মই টাইপ কৰিলোঁ।
“ আপুনি ধনী নে?”
“ মাহৰ শেষতো মোৱা মাছ এপোৱা কিনি খাব পাৰো আৰু।“
“নহ’ব। মোছো আপোনাৰ নাই কিজানি?”
“নাই, পকিলে কাৰণে উঠাই দিলোঁ।“
“বুজিছোঁ। এটা কাম কৰক -শিল্পী সাহিত্যিকে পিন্ধা এটা ভাল কুৰ্তা নাই যদি কিনক। জিন্স পেণ্ট আৰু চছমা আছেই নিশ্চয়! কলাত্মক ছবি থকা ভাল কাপোৰৰ মোনা এটা যোগাৰ কৰক।“
“উৱা এইবোৰ কি কৈছা? মোৰ বাকপটুতা নবঢ়াই এইবোৰ পিন্ধি কি হ’ব? “- আচৰিত হৈ মই প্ৰশ্ন কৰিলোঁ।
“কৈ আছোঁ ৰ’ব।“
মই অপেক্ষা কৰিলোঁ। আকৌ বিন্দু তিনিটা উঠা-নমা কৰিবলৈ ধৰিলে। বীৰেণে টাইপ কৰি আছে।
“আমাৰ গাঁৱত কয় – ’নাই পু ধনী, নাই পু লনী, নাই পু গোঁফে, নাই পু মুখে।’ আপুনি ধনী, লনী, গোঁফে আৰু মুখে কোনোফালেই নাই। এতিয়া চেষ্টা কৰিব পাৰে এক মাত্ৰ পোচাক পাতিৰেহে।“
“ বুজিছো, ’ইনটেল লুক’ এটা দিব লাগিব ন’? অৱশ্যে অকল লুকতেই কাম নচলিব। অকণমান অতিৰিক্ত পৰিশ্ৰমৰ প্ৰয়োজন হ’ব।“
“কি কৰিব? “- বীৰেণে প্ৰশ্ন কৰিলে।
“ বেছি কথা ক’ব নালাগিব ভাষণত। মুখস্থ তুখস্থ কৰি হ’লেও অভিনয়ৰ প্ৰলেপ সানি এষাৰ কথাই ভালকৈ ক’বলৈ যত্ন কৰি লাগিব –“যেতিয়া বুকু ভৰি থাকে, কথাৰে নিজক প্ৰকাশ কৰিবলৈ তেতিয়া শব্দৰ অভাৱ হয়”। তদুপৰি গহীন এচাট দি থাকিব লাগিব গোটেই মিটিঙখনত। তেতিয়া মানুহে ধৰিব নোৱাৰিব মই প্ৰকৃততে কিমান পানীৰ মাছ। মোৰ মৌনতা বা গম্ভীৰতাত মানুহে জ্ঞানীৰ লক্ষণ নিজে নিজে বিচাৰি ল’ব। সেই যে আমি চছমা পিন্ধিলেই চোকা ল’ৰা বুলি ভাবো, তেনেকুৱা কেচ আৰু।“
“উম্ বুজিছোঁ।“
“ঠেংক ইউ বীৰেণ। মূল আইডিয়াটো দিয়াৰ বাবে। তুমি ল’ৰাটো সঁচাই টেলেণ্টেড দেই। কিয় যে গাঁৱত সোমাই আছা?”
“আপুনি টাউনত থাকিও কিবা ফালি থকা কথা বাতৰি কাগজ বা টিভিত এতিয়ালৈকে অহা নাই অৱশ্যে।“
“বৰ জেগাত দিয়াহে তুমি!“
“হেঃ হেঃ হেঃ নিজৰ বুলি। আচ্ছা, কথা এটা কওকচোন – বিদেশত বক্সিং খেলিওতো বহুত টকা উপাৰ্জ্জন কৰিব পাৰি, নহয় জানো?”
“অঁ, প্ৰ’ফেচনেল বক্সিঙত চেম্পিয়ন হ’ব পাৰিলে টকাই টকা।“
“ হাৰিলেওতো টকা নাপায় জানো?”
“পায়।“
“ তেনেহ’লে মই যদি ৱৰ্ল্ড চেম্পিয়নক চেলেঞ্জ কৰোঁ আৰু প্ৰথম ঘোঁচা খোৱাৰ আগতেই খেল হাৰিলো বুলি এৰি দিওঁ, তেতিয়া টকা পাম নে?” – বীৰেণৰ প্ৰশ্ন।
“চোৱা ভাই, খেল ফিক্সি্ড কৰিবলৈ হ’লেও তুমি এটা পৰ্যায়লৈকে নিজক যোগ্য কৰি তুলিব লাগিব। সেইখন খেল খেলিবলৈ যোগ্যতা আহৰণ কৰিবলৈ তাৰ আগতে বহু খেলত গেজু নকৰাকৈ জিকিব লাগিব। এনেকুৱা কোনো খেল নাই য’ত প্ৰথম খোজৰ পৰাই চিটিং চলে।“
“ তেনেহ’লে এই ধৰণেৰে টকা ঘটাৰ কোনো সুযোগ নাই, ন’?”
“আছে।“
“কওক না।“- বীৰেণে অনুৰোধ কৰিলে।
এইবাৰ মোৰ পাল। বীৰেণক ডাউন দিয়াৰ সুযোগটো হেৰুৱাব নুখুজিলোঁ।
“ৰাজনৈতিক নেতা হোৱা বীৰেণ। যিকোনো ৰাজনৈতিক দলৰ টিকেট লৈ মানুহক কথাৰে মোহাচ্ছন্ন কৰি সৰু-ডাঙৰ নিৰ্বাচন জিকিব পাৰিলেই হ’ল। তাৰ পাচত সকলো নিজৰ অংক। ৰাইজৰ স্বাৰ্থ পাহৰি, দলীয় আনুগত্য ভৰিৰে মোহাৰি প্ৰয়োজনত ঘোঁৰা হৈ দিবা। তেতিয়া টকাই টকা। পঞ্চায়ত নিৰ্বাচন আহিলেই এনে অভিযানৰ শুভাৰম্ভ কৰি দিব পাৰা।“
“চান্স পাই পূৰা বজাইছে ন’? আজিলৈ এৰিছোঁ দিয়ক। দীঘল দি দিওঁ আৰু।“
“ঠিক ঠিক। আই পি এলৰ খেলখনো আজি নজমিল। ময়ো শুই থাকো। বাই, গুড নাইট।“
“গুড নাইট দাদা, কেতিয়াবা এনেকৈ আপোনাৰ ইনবক্সত আহি যাম দিয়ক। বেয়া চেয়া নাপাব দেই।“
“ আৰে কি কথা কোৱা? আহিবা, আহিবা। দিনত নালাগে, এনেকৈ ৰাতিয়েই মোক অনলাইন দেখিলে আহি যাবা।“
মোৰ কথাখিনিৰ তলত এটা “থামছ আপ” দিলে বীৰেণে। মন্তব্য হিচাপে একো নাহিল। বুজিলো, সি ওলাল। ময়ো মেচেঞ্জাৰৰ পৰা ওলাই ম’বাইলৰ ডাটা অফ কৰিলোঁ।

☆★☆★☆

One comment

  • অবিনাশ

    মজা দেই বিৰেণ দা আমাৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *