নীলবৰ্ণ শৃগাল – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য
:মোৰ বাকী কিমান দিবলৈ আছে চোৱাচোন ভাইটী,আজি বহাগৰ ১ তাৰিখ যিহেতু তোমাৰ তাত থকা বাকীখিনিৰ হিচাব নিকাচটো আজি কৰাই ভাল হ’ব।
:”যোৱা তিনিবছৰমান পইচা দিয়াই নাই নহয় আপুনি দাদা,মুঠ ষোল্ল শ টকা দিবলগীয়া আছে আপোনাৰ”, দোকানৰ বাকী লিখা বহীখন চাই দোকানীজনে ৰমেন শৰ্মাক ক’লে।
:আচ্ছা,কাটি দিয়া আগৰখিনি,আৰু এইখন লিষ্টত লিখা বস্তুখিনিও ভৰাই দিয়া।
পইচাটো পোৱাৰ আশাত বেচেৰা দোকানীজনেও নতুন বস্তুকেইবিধ প্লাষ্টিকৰ মোনা এখনত ভৰাই আথে বেথে শৰ্মাৰ হাতত তুলি দিলে।
:নতুন খাতাখনত পুৰণিয়েই নতুনেই একেলগ কৰি লিখি থোৱা,বেচি বাকী হোৱা নাই দিয়া,মাত্ৰ ষোল্ল শ টকাহে”,কথাখিনি কৈয়েই অলপ দূৰৈত ৰৈ থকা কোনোবা এজনক মাত লগাই লগাই ৰমেন শৰ্মা আতৰি গ’লগৈ।
এনেকুৱাই চালু মানুহ এই ৰমেন শৰ্মা।নিমিষতে অইনক বুৰ্বক বনাই নিজৰ সুবিধা আদায় কৰি ল’ব জানে।
টকা পইচাৰ ক্ষেত্ৰত যে কোনোমতেই বিশ্বাস কৰিব নোৱাৰি এই শৰ্মাক।অঞ্চলটোৰ মানুহবোৰে শৰ্মাৰ স্বভাৱৰ কথা জানিলেও সন্মুখত মুখ ফুটাই একো ক’ব নোৱাৰে,ৰাজনৈতিক প্ৰভাৱশালী লোক তেওঁ,মিনিষ্টাৰৰ সোঁহাত বুলিয়েই জানে সকলোৱে।
শৰ্মাৰ ঘৰত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বিভিন্ন ধৰণৰ মানুহৰ আহ যাহ।কোনোবাই যদি চাকৰি বিচাৰি গৈছে,কোনোবাই বৰাক ভেলীৰ পৰা কামৰূপলৈ চাকৰিৰ বদলিকৰণৰ কামত গৈছে, আকৌ কোনোবা ঠিকা ঠুকলিৰ হিচাব নিকাচৰ কামত গৈছে।মুঠৰ ওপৰত ঘৰত বহিয়েই শৰ্মাই এখন অঘোষিত চৰকাৰ চলাই আছে।
শৰ্মাৰ দ্বাৰা উপকৃত হোৱাবোৰে মোটা অংকৰ উপঢৌকন দি সন্তুষ্টি লাভ কৰিছে,নোহোৱাবোৰে দিয়া পইচা ঘূৰাই লোৱাৰ তাগিদাত সদায় এবাৰ এবাৰ দৰ্শন দি আছে।কাম হ’লেও নহ’লেও শৰ্মাই কিন্তু কাকো এৰা নাই।ঘৰত যিয়ে গৈছে পইচা সকলোৰে পৰা লৈছে আৰু ঘূৰাই দিয়াৰ কথা ওলালেই কিবা কিবি নতুন আশা দেখুৱাই দিনবোৰ পিছুৱাই আছে।
শৰ্মাৰ ঘৰৰ ওচৰতে থকা পাণ দোকানখনেই আমাৰ ল’ৰাবিলাকৰ আড্ডাৰ স্থল হোৱাত তেনেকুৱা মানুহবোৰ দেখাৰ সৌভাগ্য আমাৰো হৈছে।সেইদিনা দোকানৰ সমুখতে তিনিজন আদহীয়া মানুহৰ মাজত ঘুচিয়াঘুচি লাগোতেহে শৰ্মাৰ নতুন নতুন বহুবোৰ কাহিনী জনাৰ সৌভাগ্য হ’ল আমাৰো।
তিনিওজন মানুহেই বোলে জনস্বাস্থ্য কাৰিকৰী বিভাগত বহুবছৰ আগৰপৰাই চাকৰি কৰি আছিল দৰমহা নোপোৱাকৈ,কোনোবাই শৰ্মাক এবাৰ লগ ধৰিব ক’লে।শৰ্মাৰ তাত যে আহিল,এনেই সুদা হাতখন লৈ আহিলেই কিবা শৰ্মাৰ দৰ্শন পাবনে,দুদিনমান উভতি গ’ল।পিচত প্ৰত্যেকেই নগদ এক লাখকৈ আনি পাণ তামোলৰ সৈতে শৰ্মাৰ শ্ৰীচৰণত আগবঢ়ালে,দৰ্শনো পালে, প্ৰতিশ্ৰুতিও পালে।পিচে প্ৰতিশ্ৰুতিটোহে পিছুৱাই পিছুৱাই গৈ থাকিল যোৱা দুবছৰ ধৰি।
ঘৰত লগ পালেও হেনো শৰ্মাই কয়,তোমাৰ নামটো প্ৰথমতে আছে,এইবাৰ নতুন তালিকাখন ওলালেই তোমাৰ চাকৰি খাটাং।তিনিওজনেই শৰ্মাৰ তালিকাখনৰ বেলেগে বেলেগে প্ৰথম স্থানতে আছে।সেইদিনা কিবা চাগে দিনেই বেয়া আছিল,তিনিওজন শৰ্মাৰ ঘৰ ওলাল একেসময়তে,শৰ্মা পলাল।শৰ্মাৰ ঘৈণীয়েকৰ পৰা বেলেগে বেলেগে নিজৰ নিজৰ হ’বলগীয়া চাকৰিকেইটাৰ স্থিতি জানি লৈ বাহিৰ ওলাইছিলেই,তাতেই লাগিল নহয় কেৰোণটো।
প্ৰথমজনে সুধিলে দ্বিতীয়জনক, বোলে, আপোনাৰ কামটো হ’লগৈনে,বহুদিনৰ পৰা আপোনাকো ইয়াত আহি থকা দেখিছো।
:নাই হোৱা।হ’বহে দুই এদিনতে!প্ৰথমতে আছে বুলি কৈছে মোৰ নামটো।
:ভাল হৈছে দিয়ক,মোৰটোও দুই এদিনতে হব বুলিছে।মোৰো প্ৰথমতে আছে বুলি গম পাইছো।
তৃতীয়জনেও মাত লগালে, বোলো, মোৰো জনস্বাস্থ্য কাৰিকৰী বিভাগত প্ৰথমতে নামটো আছে বুলি কৈছে,দুই এদিনতে হ’ব লাগে এইবাৰ কামটো।
প্ৰথমজনে জাঙুৰ খাই উঠিল,কি কথা ক’ব আহিছেহে,জনস্বাস্থ্য কাৰিকৰীত প্ৰথম নাম মোৰহে,আপুনি আকৌ ক’ৰ পৰা ওলাল?
প্ৰথম আৰু তৃতীয়জনে তৰ্কা তৰ্কি কৰি থাকোতেই দ্বিতীয়জনে বোলে,ৰ’বচোন কাজিয়া নকৰিব,সেইটো বিভাগত প্ৰথম নাম মোৰহে আছিল,আপোনালোক দুজন ক’ৰ পৰা সোমাল ইয়াত?
প্ৰচণ্ড ঘুচিয়াঘুচি তিনিওজনৰ মাজতে কাৰ নাম হ’বলগীয়া চাকৰি লিষ্টখনৰ প্ৰথমতে থাকিব তাকে লৈ।কেৰম খেলখন আধাতে বন্ধ কৰি আমি চেঙেলীয়াকেইটাই কাজিয়াখন ভাগি দিলো।বোলো হওকেই দিয়কচোন আগতে আপোনালোকৰ চাকৰিকেইটা,কাজিয়া কৰিব লাগে কাৰ লগত আৰু কৰি আছে কাৰ মাজত?
এনেকুৱা মানুহবোৰ দেখি দেখি পাণদোকানীজন আৰু আমিবোৰ অভ্যস্ত হৈ গৈছো।সদায় ভাবো,কিমান মানুহ ঠগ খায় অথচ নতুন নতুন মানুহ সদায় আহিয়েই আছে।কেতিয়াবা ভাবো কৈয়েই দিওঁ নেকি মানুহবোৰক যে বেছি আশা কৰি শৰ্মাৰ পিচত নিজৰ কষ্টোপাৰ্জিত পইচাকেইটা শৰাধ কৰাতকৈ ঘৰতে মাটি বাৰি আছে যদি খেতিকেই কৰকগৈ।
সেইদিনা এজন আহি পাণদোকানখনত তামোল এখন খোৱাৰ চলেৰে সুধিলে,’ৰমেন শৰ্মাই চাকৰি বাকৰি দিব পাৰে নেকি কিবা?’,বোধহয় সেইজনাও পইচা ঘূৰাই পাবলগীয়া।দিয়াৰ আগততো কোনেও নোসোধে,সকলোৱে মনে মনে নিজৰ কামটো আদায় কৰিব পাৰিলেই হ’ল বুলিয়েই ভাবে।পিচতহে পইচা ঘূৰাই নাপাই ঠগ খোৱাৰ নিশ্চয়তা কিমান তাকে জানিবলৈ আহি ওচৰে পাজৰে থকা মানুহক সোধে।
মই মানুহজনক কিবা ক’ম বুলি ভাবোতেই পাণদোকানীজনেই সুধিলে তেখেতক,”কিমান টকা পায়,কেতিয়া দিছিল?”
লাজ লাজকৈ মানুহজনে ক’লে, বোলে, দুই লাখ দিছিল যোৱামাহত কিবা এটা কামৰ কাৰণে,এতিয়া পইচাটো ঘূৰাই নিব লাগে সোনকালে,কামটো হোৱাৰ আশা দেখা নাই বোলে তেখেতে।
:শুনক দাদা,মই ষোল্ল শ টকা যোৱা তিনিবছৰ ধৰি পোৱা নাই,তাতে আপোনাৰ দুই লাখ, আৰু দিয়াও বেচিদিন হোৱা নাই।আপুনি আৰু দুবছৰমান পিচত খবৰ কৰাই ভাল হব নেকি?এতিয়াৰপৰা আহি থাকিলে অহা যোৱাৰ খৰছহে বেচি হোৱাৰ সম্ভাৱনা আছে।
:”কামটোও কৰিব নোৱাৰিব চাগে ন মোৰ”,হতাশাৰ সুৰতেই মানুহজনে সুধিলে।
:”নীলা শিয়ালৰ সাধুকথাটো জানে নে বাৰু দাদা”,মইয়ে পিচফালৰ পৰা মাত লগালো।
:জানো জানো,সেই যে শিয়ালটো নীলৰ থালত পৰি জংঘলত সোমাওঁতে সকলোৱে নতুন বনৰজা বুলি মানি লৈছিল আৰু পিচত লগৰ শিয়ালবোৰে হোৱা দিওঁতে ধৰা পৰি বাকীবোৰ জন্তুৰ হাতত তাৰ প্ৰাণবায়ু গৈছিল।
:অ,সেইটোৰ দৰেই!আমাৰ এইজনাও নীলবৰ্ণ শৃগালেই হয়,আপোনালোকে ৰজা বুলি ভুল কৰি থাকিলে আমিনো কি কম?
এটা দীঘল হুমুনিয়াহ কাঢ়ি মানুহজন লাহে লাহে আঁতৰি গ’ল।
☆★☆★☆