ফটাঢোল

মুদ্ৰাদোষ – মৌচুমী বৰুৱা

আমাৰ ঘৰৰ ওচৰতে ককা এজন আছে৷ কথাৰ মাজতে “আপোনাৰ” “আপোনাৰ” কৰি থাকে৷ এদিন লগ পাই সুধিলোঁ,-
“ককা ভালনে?”
“নহয় অ ভাল৷ দাঁতবোৰ সৰিল আপোনাৰ৷ তামোল এখনো শান্তিৰে খাব নোৱাৰো কটা আপোনাৰ৷”
“হে হে হে”- মই হাঁহি দিয়া দেখি তেওঁ বেয়াই পালে৷
কালি তেওঁলোকৰ ঘৰৰ গৰু এটাৰ বেমাৰ কাৰণে ডাক্তৰ মাতি আনিলে ডাঙৰ পুতেকে৷ ককাই ডাক্তৰক এনেকৈ বুজাইছে গৰুটোৰ বেমাৰৰ কথা,-
“চাৰ আপোনাৰ গাত মানে পোক হৈছে৷ বেচেৰাটোৰ অৱস্থা দেখি আপোনাৰ মনটো দুখ লাগি আছে৷ আপোনাৰ হাগিবলৈও কষ্ট হৈছে৷”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *