ফটা প্ৰেম – হৃষিকেশ ডেকা
যৌৱনে আমনি কৰাৰ বয়স৷ মনে মোৰ লগৰী বিচাৰে৷ মনত নানা কল্পনা, কেনেবাকৈ এজনী পতাই লগৰবোৰৰ দৰে ডেটিং মৰাৰ ভাগ্যনো কেতিয়াকৈ আহিব, কেতিয়ানো গাতে গা লগাই বহি এষাৰ মনৰ কথা পাতিবলৈ পাম! এনেকুৱা ভাৱনা এটালৈ ফেচবুকাই থাকোঁতে কিমান ৰাতি হ’ল গমেই পোৱা নাছিলো৷ ধুনু ধুনু ছোৱালীবোৰৰ প্ৰফাইল খুঁচৰি ভাললগা কেইজনীৰ লগত নিজকে ৰিজাই থাকোঁতেই ফোনটো বাজি উঠিল৷ অচিনাকি নম্বৰ এটাৰ পৰা ফোন৷ প্ৰথমবাৰ ৰিচিভ নকৰিলো৷ দ্বিতীয়বাৰ আকৌ ফোন৷ ৰিচিভ কৰিলো৷ ফোনত ছোৱালীৰ মাত৷ মাতটোও চিনাকি নহয়৷ মই সুধিলো- কোন ?
ছোৱালী- হৃষিকেশ নেকি?
মই – অ হয়৷ আপুনি কোন?
( আসঃ ছোৱালীয়ে ফোন কৰিছে৷ তাকো নিশা ন বজাত৷ পুলকিত হৈ পৰিলো৷ মাতটো যিমান পাৰি কোমল কৰিবলৈ যত্ন কৰিলো৷ মুখতো হাঁহি৷ যেন তাই মোক দেখিহে আছে৷ )
ছোৱালী- মই কৰৱী
মই- কোন কৰৱী ?
ছোৱালী- মোক চিনিয়ে পোৱা নাই?
মই – অ নাই পোৱা৷ মোক কেনেকৈ চিনি পায়? ছোৱালী- আপোনাক মই আগতেই লগ পাইছো৷ আচৰিত কথা! মোক লগ পাইছে৷ মই কিন্তু ধৰিবই পৰা নাই৷ ছেহ, কোন আছিল বাৰু? সিদিনা যে বাছত কাষৰ চিটত বহি যোৱা ধুনীয়া ছোৱালীজনী নহয়তো৷ ধুৰ তাই কেনেকৈ হ’ব? তাইকচোন মাতিবকে নোৱাৰিলো৷ ফোন নম্বৰ দিয়া-লোৱা দূৰৰ কথা৷ মাত্ৰ ভাবিহে গৈ থাকিলো গোটেই বাটটো৷ কোন হ’ব বাৰু? এনেকৈ প্ৰায় বিশ মিনিটমান কথা পতিলো৷ কথা পতা হ’ল৷ মই আকৌ ফেচবুকত ব্যস্ত হৈ পৰিলো৷ লগতে চিন্তাও কৰি আছো-মোক চিনি পাইছে কিন্তু মই চিনি পোৱা নাই ! টিং কৈ শব্দ কৰি মেচেজ এটা আহিল৷ সেইটো নম্বৰৰ পৰাই আহিছে খুলি চালো৷ গুড নাইট৷ আসঃ চকু মুদ খাই গ’ল৷ ছোৱালীৰ মেচেজ৷ ইমান নিশা৷ ভাবিলো ছোৱালীজনী মোৰ প্ৰেমত পৰিছে৷ ৰ’বলৈ নাই পটাপট্ প্ৰতি গুড নাইট দি দিলো৷ গোটেই নিশা টোপনি নাহিল৷ বাৰে বাৰ মবাইলটো চাওঁ – আৰু মেচেজ আহিছে নেকি বুলি ৷ চিলমিল টোপনি অকণ আহিছিলহে৷ পুৱা সাত মান বাজিছিল চাগৈ “টিং“৷ আকৌ তাইৰ নম্বৰৰ পৰা মেচেজ আহিল- ‘গুড মৰ্ণিং’৷ মোৰ দিল খুচ৷ কলেজলৈ যাবলৈ ফিটিং হৈ শেষ বাৰৰ বাবে ড্ৰেচিঙৰ মুখত থিয় হৈছো৷ ফোনটো বাজি উঠিল৷ তাইৰ ফোন৷ নিজকে বিশ্বাস কৰিবলৈ টান লাগিল৷ ভাবিলো ছোৱালীজনী মোৰ প্ৰেমত সঁচাকৈ পৰিল৷ মাতটোও যে তাইৰ – কি মিঠা!
ছোৱালী- হেল্লো, কি কৰি আছা?
মই- কলেজলৈ যাবলৈ ওলাই আছোঁ৷
ছোৱালী- বাৰু, পিছত কথা পাতিম৷
মই – ঠিক আছে কৰৱী৷
নম্বৰটো চেভ কৰিলো৷ কলেজলৈ গ’লো৷ ক্লাছত চাৰে কি ক’লে একো মূৰত নোসোমাল৷ মনত পাকঘূৰণি খাই থাকিল এটা নাম – কৰৱী, কৰৱী……৷ মোৰ মনটো কিবা ভাল লাগি গ’ল৷ মনতে ভাবিবলৈ ধৰিলো ছোৱালীজনীক মই ক’ত লগ পাইছিলো? গধূলি আকৌ ফোন কৰিলে৷ কথা পাতিলো৷ আচৰিত হৈছো, তাই মোক বাৰে বাৰে ফোন কৰি আছে যে কিয়? নিশ্চয় তাইৰ মোক লগ কৰাৰ মন চাগে৷ মই পিছদিনা ৰাতিপুৱা ফোন কৰিলো ।
“হেল্লো, কি কৰি আছা?”
“এনেই আছোঁ । “তুমি ক’ত আছা?” “গুৱাহাটীত।” (মনতে ভাবিলো, আৰে!ময়োতো গুৱাহাটীতে৷ তাইক লগ নকৰোঁ কিয়? ) সুধিলো, “মোক লগ কৰিব পাৰিবানে?” তাই বোলে,”ওঁ৷” মনটো উত্তেজিত হৈ পৰিল, সুধিলো, “কেতিয়া লগ পাম? কোনদিনা লগ কৰিবা? “ তাই বোলে, ” এতিয়া নোৱাৰিম৷ বিহুত লগ কৰিম”৷ বিহুলৈচোন আৰু তিনিমাহ আছে৷ আশাত চেঁচাপানী পৰিল৷ ‘নাই মোমাইতকৈ কণা মোমায়েই ভাল’ বুলি মনটোক বুজালো৷ তিনিমাহহে৷ এই তিনিমাহত ফোনাফোনি, মেচেজ মেচেজ চলি থাকিল৷ মোৰ কল্পনাও বেলুনটোৰ দৰে ফুলি ভেমেচা হৈ গৈ থাকিল৷ তাই নামটোহে ক’লে৷ পৰিচয় দিয়া নাই৷ লগ পালে দিব হেনো৷ ঠিক আছে, মই বিহুৰ দিনটোলৈ অপেক্ষা কৰিলো৷ মাজত আৰু দুমাহ বাকী৷ বিহুৰ দিনা ক’লৈকো নগ’লো । ৰূমতে কটালো৷ তাই আহিব৷ মই ঠিকনা দিলো ৰূমৰ৷ বুকুত সাতটামান ধান বনা মিল একেলগে চলিল৷ আহিছে৷ গেটত অট’ ৰখোৱাৰ শব্দ৷ লৰালৰিৰৈ ড্ৰেচিঙত এবাৰ চাই চুলি কেইডাল ঠিক কৰি ল’লো৷ ছটফটীয়া খোজেৰে যি জনী ছোৱালী সোমাই আহিল তাই আন কোনো নহয়৷ কৰৱী৷ সেইজনী একেখন বেঞ্চতে বহি এল পি স্কুলত পঢ়া কৰৱী৷ একেটা বগৰী দুয়োটাই ভগাই খোৱা কৰৱী৷ প্ৰায় আঠ বছৰলৈ আমি লগা-লগি হোৱা নাছিলো৷ দেউতাক চাকৰিসূত্ৰে বদলি হৈ যোৱাত হেৰাই গৈছিল৷ এতিয়া গুৱাহাটীত পঢ়িবলৈ আহিছে৷ মোৰ আটাইতকৈ অন্তৰংগ বান্ধৱী তাই৷ তাইৰ লগত প্ৰেম? অসম্ভৱ৷ পিঠিত বাঘ ঢকা এটা মাৰি তাই ক’লে – “কোন বুলি ভাবিছিলি? চাচপেন্স দিম বুলিয়েই আচল চিনাকি দিয়া নাছিলো বুদ্ধু”৷ মই কপাল চপৰিয়ালো, “হায়ৰে মোৰ কঁপাল! হায়ৰে মোৰ প্ৰেম!”
☆★☆★☆