ফটাঢোল

মোৰ অংকৰ ফৰ্মূলা আৰু টিউচনৰ ছাৰ – হেমা সন্দিকৈ বৰগোঁহাই

স্কুলত থাকোঁতে অংক একেবাৰে নোৱাৰিছিলোঁ৷ সেইবাবে দুখজনক নম্বৰো পাইছিলোঁ৷ স্কুলতে হওক,ঘৰতে হওক অংকৰ ছাৰ কেইজনক চকুপাৰি দেখিব নোৱাৰিছিলোঁ৷ স্কুলতেই অংক কৰি মোৰ মূৰ বিষায়;তাতে মা-দেউতাহঁতে ঘৰতো অংকৰ ছাৰ এজনক নিয়োগ কৰিলে,এই বিষয়ত মোক পণ্ডিত বনাবলৈ৷ তেখেত দেউতাৰ বাল্যবন্ধু আৰু আবিয়ৈ৷ অলপ জমনিও৷ দেউতাই বন্ধুৰ পিঠিত ঢকিয়াই ক’লে-“দোস্ত,মোৰ ছোৱালীয়ে মেট্ৰিকৰ দেওনাতো পাৰ কৰিব পৰাকৈ অংকত বনাই দে৷” বন্ধুৱেও ক’লে-“হ’ব৷ তই চিন্তা নকৰিবি৷ এই পাৰিব মই পঢ়ালে৷” সিপিনে মোৰ অৱস্থা কাহিল হোৱাৰ উপক্ৰম হ’ল৷ অংক কৰোঁতে কৰোঁতে বমি কৰোঁ যেন লাগি যায়৷ কটা ছাৰটো !! হ’ল বুলিনো তিনিঘণ্টা-চাৰিঘণ্টা অংক পঢ়াইনে?? মনতে ভাবোঁ-“আই বোপাই ঐ,তহঁতি মোক কিহৰ দুখত ইমান শাস্তি দিছ? জয়মতীয়েও কিজানি গাত গৰম পানী পেলাওতে ইমান কষ্ট পোৱা নাছিল;যিমান কষ্ট মই অংক কৰোঁতে পাইছোঁ৷ চাউদাঙকেইটা ক’ৰবাৰ !”
এদিনৰ কথা ৷ মোৰ বহীখনত অংক শিকাই থাকোঁতে ছাৰে এপাকত বহীখন লুটিয়ালে৷ হঠাতে শেষ পৃষ্ঠাত বস্তু এটা দেখি ছাৰ চক খাই উঠিল৷
মোক সুধিলে-“ঐ ছোৱালী, কি কৰিছ এইবোৰ….?”
মই বোলোঁ-“কিনো ছাৰ??”
“এইসোপা কাৰ মূৰটো লিখি থৈছ? ছাৰৰ ভাষ্য৷
মই চাব বিচৰাত ছাৰে বহীখন দাঙি দেখুৱাই দিলে৷ মুখত কৌতূহল লৈ মই চালোঁ৷ মই অংকৰ এটা নতুন ফৰ্মূলা আৱিষ্কাৰ কৰি থৈছিলোঁ;যাতে বিষয়টো আমোদজনক হয় মোৰ বাবে৷ ‘এ প্লাছ বি হ’ল স্কুৱাৰ ইজুকেলটো টোৱাইছ এবি প্লাছ বি স্কুৱাৰ’ৰ ফৰ্মূলাটো মন ভাল লগাবলৈ ‘ল’ৰা প্লাছ ছোৱালী হলস্কুৱাৰ ইজুকেলটো ল’ৰা স্কুৱাৰ প্লাছ টোৱাইছ ল’ৰা-ছোৱালী প্লাছ ছোৱালী স্কুৱাৰ’ বুলি লিখি থৈছিলোঁ৷ সেইটো ফৰ্মূলাকে ছাৰে দেখি গ’ল৷ তাৰপিছত ছাৰে প্ৰশ্নবোধক হৈ মোৰ মুখলৈ চাই আছে৷
মই ক’লোঁ-“ছাৰ মই এনেই এনেকৈ বনাই চাইছিলোঁ আক’৷”
ছাৰে ক’লে-“তাৰ মানে তই চেকেণ্ড আৰ্যভট্ট হ’বলৈ গৈ আছ৷”
মোৰ মূৰটো পাক খাই আছিল৷ মইও খঙৰ ভমকত দিলোঁ কৈ-“নহয়৷ মই তেওঁৰ ঘৈণীয়েক হ’বলৈ গৈ আছোঁ৷” তাৰপিছত অলপ সময় তেওঁ তভক লাগি থাকিল৷ তাৰপিছত চিঞৰি চিঞৰি মোৰ আই-বোপাইক মাতিব ধৰিলে৷ তেওঁলোকেও ‘কিনো হ’ল’ বুলি উধাতু খাই আহিল৷
ছাৰে তেওঁলোকক উদ্দেশ্যি ক’লে-“বোলে তহঁতৰ ছোৱালী অংকত বনি গ’ল৷ মোৰ আৰু পঢ়াবৰ দৰকাৰ নাই৷ অংকত ফৰ্মূলা বনাই দিলে ভাই৷”
মা-দেউতাই বুজি পোৱা নাই৷ মোৰ মতে বুজি পাবও নেলাগে তেওঁলোকে৷ এই ফৰ্মূলাই মোক তিনিবছৰ দিন কিদৰে খুলি খুলি খাইছে তেওঁলোকে কি বুজিব৷ গতিকে শেষবাৰৰ বাবে সেইটোকে লম্ফ-জম্ফ কৰি বনাই লৈ মেট্ৰিকটো পাছ কৰিলোঁ আৰু দীঘল দি বিদায়ী সেৱা এটা জনাই তেখেতক তাতে এৰি দিলোঁ৷ যি এৰিলো,এৰিলোঁ৷ আজিলৈকে ঘূৰি চোৱা নাই৷ পাছে চাকৰিৰ বাবে দিয়া পৰীক্ষাবিলাকত সি পুনৰ আহি দিগদাৰ দিয়েহি৷ তেতিয়া ছাৰলে মনত পৰিলে মনটো বেয়া লাগি যায়৷ লটিঘটিৰ লগতে কমখন বিজুলীৰ ‘ঝটকা’ খালেনে ছাৰে মোৰ পৰা !

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *