ফটাঢোল

আশাবাদী গাধ – হেমন্ত ভট্টাচাৰ্য

বহুদিনৰ পাছত অন্য এখন ঠাইত চাৰ্কাচ দেখুৱাবলৈ গৈ এটা গাধই তাৰ বন্ধু,আনটো গাধক লগ পালে । মুকলি মনেৰে জংগলৰ ঘাঁহ খাই,মুক্ত জীৱনৰ সোৱাদ পাই প্ৰথমটো গাধ তেতিয়ালৈকে বেচ নোদোকা হৈ পৰিছিল । তাৰ আগৰ চেহেৰাই সলনি হৈ ডেকা গাধৰ দৰে হৈছিল । সেই কাৰণে দুই নম্বৰ গাধই প্ৰথমে তাক চিনিবই পৰা নাছিল । কিছু কথা-বতৰা হোৱাৰ পাছতহে দুই নম্বৰ গাধই এক নম্বৰ গাধক চিনি পালে ।

প্ৰাৰম্ভিক কথা-বতৰাৰ পাছত এক নম্বৰে দুই নম্বৰৰ স্বাস্থ্যৰ এই অৱনতিৰ কাৰণ সুধিলে । কাৰণ দুয়ো সম-বয়সীয়া যদিও দুই নম্বৰৰ স্বাস্থ্য এতিয়া আশী বছৰীয়া বৃদ্ধ গাধৰ দৰে । সেয়ে এক নম্বৰে ইমান আলোচনা-বিলোচনাৰ পাছতো সিদিনা ৰাতি দুই নম্বৰ কিয় পলাই নগ’ল জানিব বিচাৰিলে ।

এক নম্বৰ – বন্ধু,সিদিনা ৰাতি ওলাই গৈ তোমাৰ বাবে বহু সময় অপেক্ষা কৰিলোঁ । কিন্তু তুমি নাহিলা । কিয় নাহিলা বাৰু ?
দুই নম্বৰ – বন্ধু আমি সকলোৱে এক আশাত বন্দী । আশা লৈয়ে আমি জীয়াই আছোঁ ।
এক নম্বৰ – কিন্তু বন্ধু, তোমাৰ আশা কি বাৰু ?
দুই নম্বৰ – “বন্ধু, আমাৰ চাৰ্কাচ পাৰ্টিত যে এজনী শ্লীম ফিগাৰৰ, বব কাট চুলিৰ ,ওঁঠত লিপষ্টিকসনা ধুনীয়া ছোৱালী আছে,তোমাৰ মনত আছেনে ? তাই যে সদায় এডাল ৰছিৰ ওপৰেৰে হাতত বাঁহৰ লাঠি এডাল লৈ খোজকঢ়া খেল এটা দেখুৱায়-তোমাৰ মনত আছে চাগে । সেই ছোৱালীজনীক ৰিং মাষ্টৰে সদায়ে কয় ভালকৈ খেল দেখুৱাবলৈ । আৰু সদায় ধমক দি কয় যে “যিদিনাই খেল দেখুৱাওতে ৰছিৰ পৰা পৰিবি,সিদিনাই তোক গাধৰ লগত বিয়া দিম৷” বন্ধু,এদিন নহয় এদিনতো তাই ৰছিৰ পৰা পৰিবই । আৰু চাৰ্কাচত গাধ বুলিবলৈ এতিয়া মইহে আছোঁ । গতিকে চাঞ্চ এতিয়া মোৰেই আছে ৷ আৰু সেইকাৰণেই সেইদিনা ৰাতি ওলাই নগ’লোঁ বন্ধু৷”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *