ফটাঢোল

কৃষি-কৰ্মত ডাকৰ বচন – ইলি তালুকদাৰ

প্ৰবাদ-প্ৰতিম ডাক পুৰুষৰ জন্ম কেতিয়া বা তেওঁৰ কেনেদৰে মৃত্যু হৈছিল এই বিষয়ে কোনো তথ্য নাই । এইজনা ডাক পুৰুষৰ বচন সমগ্ৰ পূৱ ভাৰততে বিখ্যাত। অসমীয়া, বঙালী, বিহাৰী, উৰিয়া এই আটাইবোৰে তেওঁক নিজৰ নিজৰ ঠাইৰ পণ্ডিত বুলি দাবী কৰি আহিছে। অসমতে ওপজক বা বংগ বিহাৰতে ওপজক,ডাকৰ বচনৰ প্ৰয়োগ বহুল আৰু ব্যাপক। গতিকে ক’ব পাৰি এসময়ত অসম,বংগ, বিহাৰ আৰু উৰিষ্যাৰ কলা-সংস্কৃতিৰ লগত ভাষাৰ সমন্বয় ঘটিছিল।

বহুতৰ মতে আকৌ ডাক নামৰ ব্যক্তিয়েই নাছিল। তেওঁলোকৰ মতে বহু কালৰ পৰা চলি অহা অৰ্থপূৰ্ণ প্ৰবচনবোৰ এগৰাকী লোকৰ নামত প্ৰচাৰ কৰা হৈছিল আৰু সেই লোকজনেই আছিল ডাক। “বাংলা লোক সাহিত্য” নামৰ বিখ্যাত গ্ৰন্থৰ লেখক আশুতোষ ভট্টাচাৰ্যৰ মতে-ডাক কোনো ব্যক্তিৰ নাম নহয়,এক শ্ৰেণীৰ বৌদ্ধ তান্ত্ৰিক সাধককে ‘ডাক’ বোলা হৈছিল।

ডাকৰ বচনবোৰ একো একোটা মুকুতাসদৃশ। শব্দ, ছন্দ, যুক্তি আদিৰ বাবে এই বচনবোৰ অতি আকৰ্ষণীয় ৰূপত দেখা যায়। এই বচনবোৰ ফকৰা-যোজনা, পটন্তৰ আদিৰ ৰূপত সিঁচৰতি হৈ আছে।

ডাকৰ বচন এটা বিষয়ত বেদৰ বাণীসদৃশ, সেয়া হৈছে কৃষি-কৰ্ম। কৃষি-কৰ্মত অসমীয়া খেতিয়কে আজিও ডাকৰ বচন আখৰে-আখৰে পালন কৰিবলৈ চেষ্টা কৰে।

ডাকৰ বচনসমূহৰ পৰা কৃষি সংক্ৰান্ত কেইটামান বচন  :

সংস্কৃত পণ্ডিতে লিখি থৈ গৈছে –
“বাণিজ্যে বসতি লক্ষ্মী।
তদৰ্দ্ধং কৃষি কৰ্মণি ।।
তদৰ্দ্ধং ৰাজ্য সেৱায়াং।
ভিক্ষায়াং নৈৱ নৈৱ চ।”

অৰ্থাৎ,বেহা-বেপাৰত লক্ষ্মী বিৰাজ কৰে৷ তাৰে আধা কৃষি-কৰ্মত,তাৰো আধা ৰাজ-কাৰ্যত, কিন্তু ভিক্ষা-বৃত্তিত লক্ষ্মী কেতিয়াও নাহে। অৱশ্যে এতিয়া ভিক্ষা-বৃত্তি বা দান-গ্ৰহণৰ জৰিয়তে ডাঙৰ ডাঙৰ অনুষ্ঠান,প্ৰতিষ্ঠানবোৰ প্ৰতিষ্ঠা হ’ব লাগিছে। আজিকালি উমৈহতীয়া কামবোৰত দান-গ্ৰহণ অপৰিহাৰ্য৷

অতীত কালত অসমীয়া মানুহে বাণিজ্যৰ একো ভূকে নাপাইছিল। দুই-এজন আছিল যদিও আগৰ দিনত অসমীয়া ব্যৱসায়ী নাছিল বুলিবই পাৰি।
অসমীয়া লোক ‌সাধাৰণতে কৃষি-কৰ্মত বিশ্বাসী আৰু ভাতৰ ওপৰতে নিৰ্ভৰশীল।
অসমীয়া লোকৰ ধাৰণা-যাৰ নাই ধান,তাৰ নাই মান। যাৰ নাই গৰু, সি সবাতোকৈ সৰু৷
কথাতেই কয় –
“জকৰাই পঁইতাই দুসাঁজ খাবা
সৰুৱে বৰে দুহাল বাবা।”
অসমীয়াৰ মতে শাকে-শোকোতাই ভক্ষণ, সি পুৰুষৰ লক্ষণ। লোণ তেলেৰে ভাত অলপ হ’লেই অসমীয়াৰ হয়। গতিকে ধান খেতিয়েই অসমীয়াৰ মূল খেতি।
“ধন, ধান, পাণ,
এই তিনিয়ে ৰাখে মান।”
ধনৰ আৱশ্যকতাৰ বিষয়ে কাকো বুজাব লগা নাই। গাঁৱত এটা কথাই আছে,বোলে-ধন থাকিলে ৰজাৰ ৰাণীকো বান্দী বনাব পাৰি। অৰ্থাৎ ধনৰ দ্বাৰা সকলোকে বশ কৰিব পাৰি। সেইবাবে সংস্কৃত পণ্ডিতে কৈছে –
ধনাৎ ধৰ্ম্মং ততঃ সুখম।

এইবাৰ আহিল ধানৰ কথা। কোৱা হয় ‘ধান আছে যাৰ,মান আছে তাৰ। গিৰী কৰে ধনে, গিৰী কৰে ধানে, গিৰী কৰে পাণে।’ আকৌ সোণ-ৰূপেৰে কি কাজ কৰোঁ, ভাত নাখালে ভোকত মৰোঁ।
সেইবাবে ডাকে কৈছে –
“ধানৰ মাজত ধান্যৰ শোভন।
ধান্য নহ’লে তেখনে মৰণ।।
এতেকে কৃষিক কৰিবা সাৰ।
কৃষিতে দুৰ্ভিক্ষে হ’বা নিস্তাৰ।।”

যদিও ই বৰকৈ নাখাটে, তথাপিও নিজৰ ভঁৰালৰ পুৰণি চাউল বছৰলৈকে খোৱাজনক আজিও গঞাই মানী লোক বুলি গণ্য কৰে।

ধান খেতিৰ উৎপাদন বঢ়াবলৈ মানুহে আগৰ দিনতো অত্যন্ত কষ্ট কৰিছিল। বিভিন্ন উপায়েৰে শস্যৰ মাজলৈ নি পানী সংৰক্ষণ কৰিছিল। জলসিঞ্চন প্ৰণালীত কোৱা হয়-

“আহিন কাতিত ৰাখিবা পানীক,
যেনেকৈ ৰাখে ৰজাই ৰাণীক।
আলিৰ ওপৰে দিবা আলি,
খেতি নহ’লে ডাকক পাৰিবা গালি।”

কি ধানৰ বাবে মাটিত কিমান পানীৰ প্ৰয়োজন, কি ধানৰ গোছ কিমান আঁতৰত ৰুব লাগে, ডাকৰ বচনত ইয়াৰো উল্লেখ আছে –

“আহু ৰুবা খোজত বুৰি,
শালি ৰুবা বেগত জুৰি।
যেৱে দেখা আঁঠুৰ ওপৰ পানী,
তেৱে গোছ দিবা হাতক ছানি,
যেৱে দেখা নহ’ব শালি,
তেৱে পাৰিবা ডাকক গালি।”

অৰ্থাৎ আহু ধানৰ বাবে পানী বেছি নালাগে, শালি ধানৰ বাবে তাতকৈ বেছি পানী লাগে, আঁঠুৱনীয়া পানীত এহাত দূৰে দূৰে গোছ দিব লাগে।

ধানৰ পথাৰৰ সুন্দৰ দৃশ্য চাবলৈও অসমীয়া খেতিয়কে নাপাহৰে। সেইবাবে কোৱা হয় –
“আহু চাবা গধূলি, শালি চাবা পুৱা।
জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা।।”

বাকী থাকিল পাণ। পাণ অসমীয়া সমাজত অপৰিহাৰ্য। আলহী আহিলে অসমীয়া মানুহে পোনপ্ৰথমে তামোল-পাণৰ বঁটাখন যাঁচে। পূজা-পাৰ্বণত আগ-গুৰি কটা তামোল-পাণ আগবঢ়ায়। মানুহে তামোলৰ লগত পাণ খাওঁতেও আগ-গুৰি কাটি ঠাৰিবোৰ চাঁচি পেলাইহে খায়। আয়ুৰ্বেদিক শাস্ত্ৰ মতে-
“পৰ্ণাগ্ৰে জায়তে ব্যাধিঃ,
পৰ্ণমূলে দৰিদ্ৰতা।
জীৰ্ণ পৰ্ণে হৰেদায়ুঃ,
সিৰৌ বুদ্ধিৰ্বিনাশনঃ৷”

অৰ্থাৎ পাণৰ আগ খালে ব্যাধিগ্ৰস্ত হয়, গুৰিডোখৰ খালে দৰিদ্ৰ হয়, শুকোৱা পাণ খালে আয়ুস কমে আৰু সিৰবোৰ খালে বুদ্ধি নাশ হয়।

বাৰীত তামোল-পাণ ৰুওতে কিমান দূৰে দূৰে ৰুব লাগে সেয়াও ডাকৰ বচনত পোৱা যায় –

“সাতত পাতল,পাঁচত ঘন।
ছয়ত তামোল নদন বদন।।”
অৰ্থাৎ ছয়হাত দূৰে দূৰে তামোলৰ পুলি ৰুলে বাৰী নদন-বদন হয়।

আকৌ তেওঁৰ মতে –
“নালাগে তামোল লাগে।
লাগে তামোল নালাগে।।”
অৰ্থ হ’ল ইডাল তামোলৰ পাত সিডালত লাগি থাকিব নালাগে। তেতিয়া তামোলৰ ফল ভাল হয়।

তামোলৰ লগত আকৌ পাণৰ কথা আহিল-

“ষোল চাহত মূলা, তাৰে আধা তুলা।
তাৰে আধা ধান, বিনা চাহত পাণ।।”
অৰ্থাৎ মূলা খেতিৰ বাবে মাটি বহুবাৰ চহাই বালিৰ নিচিনা কৰিব লাগে, কঁপাহ গছৰ বাবে তাৰে আধা, ধানৰ বাবে মাত্ৰ চাৰি চাহ আৰু পাণৰ যিহেতু শিপা বেছি তললৈ নাযায়, সেয়ে পাণৰ কাৰণে মাটি চহাবই নালাগে। ‘তামোল  গছত বগোৱা পাণ চাবলৈকে ভাল’-ভূপেন হাজৰিকাদেৱৰ গীততো আছে। সেয়া ডাকৰ বচনতো পোৱা যায় –

“গছৰ শোভা ডাব, বাৰীৰ শোভা পাণ।
গাঁৱৰ শোভা ভাল মানুহ, আগতে ধৰে মান।।”

“আগফালৰ শুৱনি কাকিনি তামোল,
পাছফালৰ শুৱনি পাণ।
বৰঘৰৰ শুৱনি জীয়ৰী ছোৱালী,
উলিয়াই দিবলৈ টান।।”

ধান আৰু পাণ বাৰিষাৰ খেতি। ডাকৰ বচনত কোৱা হয় –
“এক শাওনে ধান,
তিনি শাওণে পাণ।”
অৰ্থাৎ ধানৰ ফচল বছৰটোৰ ভিতৰত। কিন্তু পাণ ছিঙিব পৰাকৈ কমেও তিনি বছৰ লাগে।

আঢ্যৱন্ত কৃষকে পুৰণি ধানহে ব্যৱহাৰ কৰে। পুহ মাহত আহু, জেঠ মাহত শালি ভাল কৃষকেহে খাব পাৰে।

“পুহত আহু, জেঠত শালি,
তেৱেসে জানিবা গৃহস্থালি।
ওপৰে যিমান তলে সিমান,তাকে বোলে ছিৰি,
ন সাঁচি পুৰণি খায়, তাকে বোলে গিৰী৷”
ফলেৰে ভৰা বাৰী আৰু পুত্ৰৱতী নাৰী-বহুত সাধনাৰ ফলতহে পোৱা যায় বুলি অসমীয়া জন-সমাজৰ এটা ধাৰণা। অসমীয়াৰ মানত ফলৰ ৰজা হ’ল কল। গাঁৱত পকা ভীমকলৰ লগত ভজা পিঠাগুৰি সানি খাদ্য হিচাপে গ্ৰহণ কৰে। সুস্বাদু আৰু স্বাস্থ্যৰ বাবে উপকাৰী এই খাদ্য শিশুকো খুওৱা হয়। ডাকৰ মতে বাৰীখনত –

“তিনিশ ষাঠি জোপা ৰুবা কল,
মাহেকে পষেকে চিকুনাবা তল।
পাত পচলা লাভত খাবা,
লংকাৰ বণিজ হাততে পাবা।”

অৰ্থাৎ নদন-বদন বাৰী পাবলৈ কমেও তিনিশ ষাঠি জোপা কল থাকিব লাগে লগতে তল-গুৰিবোৰ  পৰিষ্কাৰ কৰি ৰাখিব লাগে।

কেনেকৈ কল ৰুব লাগে, তাকো ডাকৰ বচনত পোৱা যায় –
“এহাত এমুঠন কলৰ পোত,
তেহে চাবা কলৰ গোট।
জালুকত গোবৰ, পাণত মাটি,
কলপুলি ৰুবা তিনিবাৰ কাটি।”
অৰ্থাৎ কল তিনিবাৰ লগাৰ পাছত  কলপুলি  তাৰ পৰা তুলি নি অইন ঠাইত ৰুব লাগে। কাৰণ মাটি টুকুৰাৰ সাৰ কমি যায়।

সকলো কল গছত একে প্ৰকাৰৰ সাৰ ভাল  হয়। ডাকৰ মতে –
“আঠীয়াত গোবৰ, মনোহৰত জাবৰ।
পুৰাত খাই, মালভোগ ছাঁই।”

পুৰাত খাইৰ অৰ্থ হ’ল খাৱৈ কাটি তাৰ পাৰত পুৰা কল ৰুব লাগে।
ভাদ মাহৰ বাদে বছৰৰ আটাইকেইটা মাহতে কলগছ ৰুব পাৰি। ডাকৰ মতে –

“ভাদত কল কৰি ৰোপণ,
সবংশে মৰিল লংকাৰ ৰাৱণ৷”

ডাকৰ মতে আহিনত পকা কল, পুহ মাহত জুইত পোৰা কল খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী।

“ভাদত ওল, আহিনত কল।
কাতিৰ কচুত বাঢ়ে বল।।”

পথাৰত বিভিন্ন বতৰৰ খেতি কৰা হয়। খেতি কেনেকৈ কৰিব লাগে ডাকে তাৰো বিধান দিছে –

“ঘন সৰিয়হ, পাতল মাহ,
মুগৰ তলত চৰে হাঁহ,
আৱৰণ দি ৰুবা কঁপাহ।”

মাহ ৰুবলৈও সময় দিয়া আছে –

“ভাদৰ চাৰি আহিনৰ চাৰি,
মাহ ৰুবা যিমান পাৰি।”
অৰ্থাৎ ভাদৰ শেষৰ চাৰিদিন আৰু আহিনৰ প্ৰথম চাৰিদিন মাহ খেতিৰ বাবে উত্তম সময়।

কুঁহিয়াৰৰ খেতিও অসমীয়াৰ প্ৰধান খেতিৰ অন্যতম। ইয়াৰপৰা পোৱা গুৰ জলপানৰ লগত ব্যৱহাৰ হয়। অৱশ্যে কুঁহিয়াৰ খেতিৰ বাবে যথেষ্ট কষ্ট কৰিব লগা হয়। সেইবাবে ডাকে কৈছে –
“ছয় পো ছয় নাতি,
তেহে কৰিবা কুঁহিয়াৰ খেতি৷”
অৰ্থাৎ বহু বেছি মানুহ গোট খাইহে কুঁহিয়াৰ খেতি কৰিব পাৰে।

ঘৰ আৰু বাৰী কেনেকৈ সাজিব বা ৰাখিব লাগে ডাকৰ বচনত তাকো পোৱা যায় –

“পূৱে হাহ, পশ্চিমে বাঁহ,
উত্তৰে গুৱা, দক্ষিণে ধুৱা।”

দক্ষিণ দিশ সদায় মুকলি ৰাখিব লাগে, পূৱফালে পুখুৰী, পশ্চিমত বাঁহ আৰু উত্তৰে বাৰীখন হোৱা উচিত।
ঘৰৰ সন্মুখত তেতেলি,পাছফালে ঔৰ গছ স্বাস্থ্যৰ বাবে হানিকাৰক।
ডাকৰ মতে –
“পূৱে তেতেলি,পশ্চিমে ঔ,
সেইঘৰ মানুহ মৰিল নে নৌ৷”

পদূলিমূৰত সিজু, আকণ, বাহক, তুলসী ৰুব লাগে। এই গছবোৰ থাকিলেহেনো বেমাৰ-আজাৰ কম হয়৷ পদূলি মূৰত মুঢ়াগছ হেনো থাকিব নালাগে৷ ডাকৰ মতে –

“আটীয়াত কঁঠাল মাজত আম,
তেৱে জানিবা বাৰীৰ কাম।
পূৱে ভানু, পশ্চিমে ছায়া,
উত্তৰে গুৱা, দক্ষিণে ধুৱা৷”
ডাকৰ মতে ঘৰ এটা সাজোতেও কিছুমান কথাত মন দিব লাগে যেনে –
“পূৱা-পশ্চিমাকৈ সাজিবা ঘৰ,
অকাল মৃত্যুৰ নাহিকে ডৰ৷
পূবে ভঁৰাল, পশ্চিমত গঁৰাল,
উত্তৰে চৰু, দক্ষিণে গৰু।
পশ্চিমে বাঁহ, পূবে বেঁত,
উত্তৰে তামোল দক্ষিণে খেত।”

বছৰৰ মাহকেইটাৰ কোনটো মাহত কি কি বস্তুৰ জুতি ল’ব লাগে তাৰো নিৰ্দেশ আছে ডাকৰ বচনত –

“জেঠত দৈ, আহাৰত খৈ, (আখৈ)
শাওণত মৰাপাট খাবা গৈ।

ভাদত ওল, আহিনত কল,
কাতিৰ চকুত বাঢ়িব বল।

আঘোণ মাহত খাবা চৰাই,
পুহত পিঠা, মাঘত কৰাই।

ফাগুনত মধু, চ’তত ঔ, বহাগত বৰ,
ইয়াক খালে পুৰুষৰ গুচে কৰ্ম – জড়৷”

ডাকৰ বচনবিলাক বিশেষকৈ কৃষি-কৰ্মৰ লগত জড়িত হৈ আছে। কিন্তু তেওঁৰ মতে খেতিয়কে যিমানেই কষ্ট নকৰক কিয়, বতৰে বিধি-পথালি দিলে কোনো খেতিয়েই ভাল হ’ব নোৱাৰে৷তেওঁৰ মতে-

“কি কৰিব চাহ – চালনা,
যদিহে কৰে বতৰ কেনা।
ৰ’দে-বৰষুণে সমানে পায়,
তেবেসে কৃষিৰ লাভক পায়৷”

এইজনা ডাক পুৰুষৰ হেনো কম বয়সতে অপঘাত মৃত্যু ঘটে। কোৱা হয়-ব্ৰহ্মপুত্ৰ নদীত সাঁতুৰি-নাদুৰি থাকোঁতে কোনো দুষ্ট সংগীয়ে পানীৰ তলত হেঁচা মাৰি ধৰাত তেওঁৰ মৃত্যু হয়। ভূত-ভৱিষ্যত সকলো ক’ব পৰা লোকজনে নিজৰ মৰণৰ কথা গম নাপালে।
সেইবাবে আজিও লোকে কয় –

“জনম, বিবাহ, গমন, মৰণ,
ডাক পুৰুষৰো নহ’ল স্মৰণ।
জন্ম লগ্ন যাত্ৰা যোৰা,
বৰাহ মিহিৰেও নাপালে ওৰা৷”

(সহায় লৈ)

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *