ফটাঢোল

ৰেডুৱা – হেমন্ত ভট্টাচাৰ্য

মই তেতিয়া নিচেই সৰু ৷ থাকোঁ নলবাৰীৰ গাঁৱৰ ঘৰত ৷ সেইসময়ত টিভিতো বেলেগ কথা,গাঁৱৰ কোনো ঘৰতে ৰেডিঅ’ও নাছিল৷ দেউতাই ৰে’লৱেত চাকৰি কৰিছিল বাবেই ৰেডিঅ’ এটা কিনিলে৷ ৰেডিঅ’টো কিনাৰ দিনাৰ পৰা আমাৰ যে কি ফূৰ্তি ! স্কুললৈ যোৱা বন্ধ হৈ গ’ল ৷ কেৱল মোৰ বা আমাৰ ঘৰৰ ল’ৰা-ছোৱালীবোৰৰে নহয়,গাঁৱৰ সকলো ল’ৰা-ছোৱালীৰে স্কুললৈ যোৱা বন্ধ হৈ গ’ল ৷
আমাৰ নলবৰীয়া ভাষাত ৰেডিঅ’ক ৰেডুৱা বুলিছিলোঁ৷ ৰেডুৱাটো অনাৰ পিছতো আন এটা লেঠা থাকি গ’ল-তাক ‘ফিট্’ কৰা । তেতিয়া গাঁৱত বিজুলী-বাঁতি নাছিল ৷ আৰু সেই অসুবিধা আঁতৰাবলৈকে ৰেডুৱাটোৰ ডাঙৰ বেটাৰী এটা আছিল, যিটো ৰেডুৱাটোতকৈ অলপহে সৰু ৷ তাৰ পাছত আহিল ‘ফিট্’ কৰাৰ কথা৷ গাঁৱৰ দুজন মানুহে আমাৰ বাৰীৰ পৰা একেবাৰে পোন চাই জাঁতি বাঁহ দুটা কাটি আনি চোতালৰ দুইমূৰে পুতিলে ৷ তাৰ পাছত ইটো বাঁহৰ পৰা সিটো বাঁহলৈ দীঘল জালি এখন জোঁটনি দিলে ৷ আৰু শেষত এটা বাঁহৰ পৰা তাঁৰ এডাল আনি ৰেডুৱাটোৰ নিৰ্দিষ্ট ঠাইত সংযোগ কৰিলে ৷ তাৰ পাছত ৰেডুৱাটোৰ এটা ছুইচ পকাবলৈ ধৰিলে ৷ পিছে বহুসময় পকোৱাৰ পাছতো ৰেডুৱা নাবাজেহে নাবাজে । ইপিনে আমি সৰুবোৰ অধৈৰ্য হৈ পৰিছোঁ৷
এসময়ত যেনিবা ৰেডুৱাই ‘পেট’কৈ এবাৰ মাতিলে৷ আমাৰ যে কি ফূৰ্তি ! পকাওতে পকাওতে শেষত ৰেডুৱাই ভালদৰে কাম কৰা হ’ল । তাৰ পাছত আৰু আমাক কোনে পায় !
সেই যে ৰেডুৱা এবাৰ চলিবলৈ আৰম্ভ কৰিলে,তাৰপিছত আৰু বন্ধৰ নাম গোন্ধ নাই ৷ ৰাতিপুৱা সাতমান বজাৰ পৰা ৰাতিলৈকে ৰেডুৱা চলি থাকে । চুবুৰীৰ সকলো ল’ৰা-ছোৱালীৰ কামেই হ’ল-ৰেডুৱা শুনা ৷ আমি সৰুবোৰৰ লগতে গাঁৱৰ বুঢ়া-মেঠাবোৰৰো এটা কাম বাঢ়িল । পুৱাৰে পৰা ৰেডুৱাটো চাবলৈ,শুনিবলৈ গাঁৱৰ মানুহৰ লানি-নিছিগা সোঁত৷ ৰেডুৱাত কি চলিছে ডাঙৰ কথা বা দৰকাৰী কথা নহয়৷ কেৱল চলি থাকিব লাগে৷ খুৰাই ৰেডুৱাটো চলাই দি চোতালত ঢাৰি পাৰি দিয়ে ৷ মানুহবোৰে সেই ঢাৰিত বহি ৰেডুৱা শুনে৷ আমাৰ সৰুবোৰৰ লগতে গাঁৱৰ ডাঙৰবোৰো এইটো ভাবি আচৰিত হৈছিল কিদৰে এটা যন্ত্ৰই কথা ক’ব পাৰে বা গান গাব পাৰে ৷
আমি ৰেডুৱাত কিছু মন-পৰশা গান শুনিছিলোঁ৷ তেতিয়া কল্পতৰু,গীতিমালিকা আৰু ‘আকৌ শুনো আহক’ নামৰ কিছু গানৰ অনুষ্ঠান আছিল ৷ শিশুসকলৰ বাবে আছিল দেওবাৰৰ ‘অকণিৰ মেল’৷ মহিলাৰ বাবে ‘আইদেউৰ বুলনি’ ৷ তাৰোপৰি আছিল কৃষিজগত,নাট্যানুষ্ঠান আদি ৷
এতিয়াও বহু মানুহৰ ঘৰত ৰেডিঅ’ আছে বা পুৱা-গধূলি ৰেডিঅ’ শুনে ৷ কিন্তু আগৰদৰে আদৰ এতিয়া আৰু নাই ৷ হয়তো আৰু কিছুবছৰৰ পাছত ৰেডিঅ’ মিউজিয়ামতহে চাব লাগিব ৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *