ফটাঢোল

আজৱ পৃথিৱীৰ আজৱ খবৰ – নৱনীতা বৰ্মন

সঁচাকৈয়ে এই পৃথিৱীখন বিচিত্ৰ আৰু বিচিত্ৰ ইয়াৰ মানুহ নামৰ প্ৰাণীবিধ৷ আচলতে সকলো মানুহৰে চিন্তা ভাৱনা, মানসিকতা, আচাৰ-ব্যৱহাৰ পৃথক হোৱাটো স্বাভাৱিক৷ কথাখিনিৰ পাতনি এইকাৰণে মেলিলো কাৰণ আজি মাৰ্ছীক স্কুলৰপৰা আনিবলৈ যাওঁতে বহুদিনৰ মূৰত এগৰাকী অনা অসমীয়া পৰিচিত মহিলাক লগ পালো৷ কথাৰে মানুহৰ পেট ভৰাই দিয়া মহিলাগৰাকীক লগ পাই এই কথাৰ পাতনি মেলিবলগীয়া হ’ল৷ আগতে প্ৰায়ে মাৰ্ছীক পাৰ্কলৈ লৈ গ’লে মহিলাগৰাকীক লগ পাওঁ৷ ভাবী ভাবীকৈ একেবাৰে কথাৰে মুহি পেলাই মানুহগৰাকীয়ে৷ অৱশ্যে নিজৰ জীয়ৰী আৰু পুত্ৰক লৈ মোৰ তালৈ বহুদিন আহিছেও আৰু যোৱাৰ সময়ত সদায় এটাই আপত্তি, “ভাবী আমাৰ ঘৰলৈ নাযায়েয়”। এনেকুৱা কৰে যেন মই নোযোৱা কাৰণে দুখতে কান্দিহে দিব৷

ময়ো কথাটো ভাবি এদিন আবেলি মাৰ্ছীৰ লগত তেওঁৰ ঘৰলৈ যাবলৈ ওলালো৷ যোৱাৰ সময়ত একো খাই নগ’লো। সন্ধিয়াৰ সময় যিহেতু, চাহকাপ ভদ্ৰ মহিলাৰ সৈতে খাম বুলি ভাবি ওলালো৷ মোক তেওঁৰ ঘৰত দেখি যেন তেওঁৰো উলাহে নধৰা অৱস্থা৷ ভাবীক ক’ত ল’ব ক’ত থ’ব৷ মাৰ্ছীও সিহঁতৰ ছোৱালীজনীৰ লগত খেলাত ব্যস্ত৷ মহিলাগৰাকী মোৰ লগত কথাৰ মহলা মৰাত ব্যস্ত৷ এনেদৰে আধা ঘণ্টা গ’ল, এক ঘণ্টা গ’ল, ঠিক ডেৰ ঘণ্টা হওঁ হওঁ৷ তেওঁ কলিকতাৰপৰা দিল্লী হৈ একেবাৰে ডুবাইও পালেগৈ, পিছে মোৰহে অণ্ঠ কণ্ঠ শুকাই আহিছে৷ পানীও নাই, চাহো নাই। চৰ্বতৰ আশা বাৰু নকৰিলোৱেয়৷ মই বোলো আৰু দহমিনিট মান বহিম, তাৰপিছত গুছি যাম৷ এইফালে তাই মোক ক’বলৈ সুবিধা নিদি নিজৰে গুণ বৰ্ণনাত ব্যস্ত৷ মাৰ্ছীও খেলাত ব্যস্ত৷ হায় ৰাম! দুঘণ্টাই হৈ গ’লচোন৷ মোৰো লাহে লাহে ধৈৰ্যৰ বান্ধ ছিঙি আহিছিল। মাৰ্ছীক মাতি ময়ো আহিবলৈ ওলালো৷ মই আহিবলৈ ওলোৱা দেখি তাই সাত জাপ মাৰিলে। মানে ভাবীক একো নোখোৱাকৈ কেনেকৈ যাবলৈ দিব৷ মোক বহিবলৈ দি ভদ্ৰ মহিলা এইবাৰ পাকঘৰত৷ হায় ৰাম! তেওঁ দেখোন ওলাই নাহে হে নাহে! ময়ো পাকঘৰৰপৰা কিবা গোন্ধ ওলাইছে নেকি তাৰ সন্ধানত৷ অলপ পিছত দুটা গ্লাছত ৰঙা জাতীয় কিবা চৰ্বত আৰু এখন প্লেটত চাৰিখন 50-50 বিস্কুট লৈ মোৰ ওচৰত হাজিৰ৷ মোৰো বৰ পিয়াহ লগাত চৰ্বত গিলাছ সময়ৰ অলপো অপচয় নকৰি উঠাই ল’লো৷ অকণমান মুখত দিছোহে মাত্ৰ! উফ! মোৰ দেখোন চৰ্বতখিনি তললৈও নাযায়; ওপৰলৈও নাহে৷ ইমান যে বেয়া লাগিছে৷ সেয়া বোলে তেওঁ ঘৰতে তৈয়াৰ কৰা গোলাপৰ চৰ্বত৷ মুখখন বেয়া লগা দেখি বোলো এখন বিস্কুটকে খাওঁ বুলি হাত মেলোতে কোন পাকত জানো ভদ্ৰ মহিলাৰ ছোৱালীজনীয়ে প্লেটখন লৈ দৌৰিলে টলকিবই নোৱাৰিলো৷ এইবাৰ আৰু অলপো দেৰি নকৰি মাৰ্ছীক লৈ ঘৰলৈ বুলি উভটিলো৷ তেওঁ কিন্তু আহিবৰ সময়ত “ভাবী যাতে আকৌ আহে” বুলি ক’বলৈ নাপাহৰিলে৷ ময়ো কাণত ধৰিলো বোলো তোৰ ঘৰলৈ মই মৰিলেও নাযাওঁ আৰু।

মানুহ গ’লে যে কেৱল লুচি ভাজি বা পোলাও মাংসই খুৱাব লাগিব, তেনে কোনো কথা নাই৷ বহু মানুহ দেখিছো চাহ একাপ দিবলৈ হ’লেও শৰীৰৰ এটা অংশ খহি পৰা বুলি ভাবে৷ বহু মানুহ পাইছোঁ আভিজাত্যৰে ভৰপূৰ, কিন্তু তেওঁলোকৰ ঘৰলৈ গ’লে তাত থকা সময়খিনি নাযায় নুপুৱাই সদৃশ হয়৷ কিছুমান মানুহৰ ঘৰলৈ আকৌ বাৰে বাৰে যাবলৈ মন যায় তেওঁলোকৰ ঘৰৰ সামগ্ৰিক পৰিবেশৰ কাৰণে৷ বহুত মানুহ আছে যিয়ে কেৱল আপোনাক বহুৱাই লৈ নিজৰ কথা, বংশ পৰিয়ালৰ কথা কৈ থাকিবলৈ ভাল পায়৷ কিন্তু আগন্তুকৰো যে ক’বলৈ কিবা থাকিব পাৰে অলপো ভাবি নাচায়৷

মোৰ মাৰ এগৰাকী সম্পৰ্কীয় ভাগিনীয়েক৷ উজনি অসমৰ ফালে বিয়া হ’ল৷ তাইক বিহু পূজাতহে লগ পোৱা যায়৷ যিবাৰেই গুৱাহাটীলৈ আহে আমাৰ ঘৰলৈ আহিবই আৰু যাবৰ সময়ত সদায় দুখ কৰি যায় যে উজনি অসমৰ ফালে তাইক বিয়া দিয়াৰ কাৰণে কোনেও তাইৰ খবৰ ল’বলৈ নাযায়৷ মাৰো বেয়া লাগে৷ সেয়ে এবাৰ ভাইটী আৰু দেউতা যোৱাতো ঠিক কৰিলে৷ যিহেতু ভাইটীৰ ভাল বন্ধু এজনো তাত থাকে, গতিকে এদিন বন্ধুৰ তাত থাকি, এদিন ভাগিনীয়েকৰ তাত থাকি উভতি অহাৰ কথা ভাবিলে৷ কথা মতেই কাম৷ সময়ত গৈ দুয়ো বন্ধুৰ ঘৰ পালে৷ ইমান সুন্দৰ পৰিবেশ আপ্যায়ন৷ খুব সুন্দৰকৈ সময়খিনি অতিবাহিত কৰি দেউতাহঁত ভাগিনীয়েকৰ ঘৰ পালেগৈ৷ এইখিনিতে উল্লেখ কৰা ভাল যে ভাগিন জোঁৱাই পেছাত ইঞ্জিনিয়াৰ৷ দেউতা আৰু ভাইটীক দেখি অাথেবেথে বহিবলৈ দিলে৷ ভাত হোৱালৈকে জোঁৱাইৰ লগতে কথা পাতিবলৈ দিলে৷ জোঁৱাইয়ো আকৌ কম কথা কোৱা মানুহ৷ ঘণ্টাত এটা বা দুটাহে শব্দ পাৰ হয়৷ মাজতে ভাগিনীয়েকে দেউতাহঁতে নিয়া মিঠাইৰে চাহ দি গ’ল৷ এইবাৰ আহিল ভাতৰ পৰ্ব৷ ভাত, দাইল, কেইপিছমান তিয়ঁহৰ চকল আৰু এটা বাটিত মাংস৷ দেউতাৰ প্ৰেচাৰ, ডায়বেটিছ থকাৰ কাৰণে মাংস তেনেকৈ নাখায়৷ তথাপি ভোকৰ ভাত বুলি মাৰ ভাগিনীয়েকৰ ঘৰৰ ভাতসাজ তৃপ্তিৰে খালে৷ ভাত খোৱাৰ মাজে মাজে ভাগিনীয়েকে উনুকিয়াই থাকিল, “আজি চিম্পলকৈয়ে ৰান্ধিছোঁ দিয়ক৷ ভাইটীৰ ঘৰত যে সাংঘাতিক আয়োজন হ’ব গম পায়।” যিহেতু জোৱাঁইৰো ঘণ্টাত এটা শব্দহে বাহিৰ হয়; কুটকুটাই দিলেও হাঁহিব নাজানে, লগতে দেউতাহঁত যোৱাৰ বাবে মানুহঘৰত বেছি উৎসাহো নেদেখি তেওঁলোক পুনৰ বন্ধুৰ ঘৰলৈ ঘূৰি আহিল আৰু পিছদিনা গুৱাহাটীলৈ ঘূৰি আহিল৷ আহিবৰ সময়ত ভাইটীয়ে বন্ধুৰ মাক দেউতাকক চাৰ্ট আৰু শাৰী এখনো দি আহিল৷ ওৰে বাটচোৱা তেওঁলোকে মাথো এটা কথাই ভাবি আহিল, গুৱাহাটীৰপৰা শিৱসাগৰলৈ প্ৰথমবাৰ যোৱা মানুহৰ বাবে যদি “চিম্পল”কৈ ৰান্ধে, ওচৰ পাজৰৰ মানুহ আহিলে বা কি দিয়ে!

আচলতে বহুত মানুহ এনেকুৱা থাকে। নিজৰ তেজৰ সম্পৰ্ক নাথাকিলেও আপোন হৈ যোৱা যায়৷ তেওঁলোকৰ ব্যক্তিত্বই এনেভাবে মোহিত কৰে (ডেকা, বৃদ্ধ) যে বাৰে বাৰে লগ পাবলৈ মন যায়; তেওঁলোকৰ ঘৰলৈ যাবলৈ মন যায়৷ মোৰ মাৰ ঘৰত এনেকুৱা কেইঘৰমান ভাৰাতীয়া আছিল যাৰ লগত সম্পৰ্ক এতিয়া নিজৰ তেজৰ সম্পৰ্কতকৈও ওপৰত৷ আচলতে মানুহৰ মানসিকতাৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰে৷ তাৰ লগতে মানুহঘৰৰ সামগ্ৰিক বাতাবৰণ, পৰিবেশৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰে। সৰুৰেপৰা ল’ৰা ছোৱালী এইবোৰ দেখি শুনিয়েই ডাঙৰ হয়৷ কাৰণ বহুতো পৰিয়ালত দেখা যায় মাক দেউতাকে নিজে দকচি খাই কাম কৰা মানুহজনক হয়তো লঘোণে ৰাখে, নহ’লে দিনৰ খাদ্য ৰাতি খাবলৈ দিয়ে৷ সেয়ে সৰুৰেপৰাই ল’ৰা ছোৱালীক জীৱন সম্পৰ্কে এটা সঠিক দিশৰ সন্ধান দিয়াটো মাক দেউতাকৰ নৈতিক দায়িত্ব বুলি ভাবো৷

আজি মোৰ পুৰণি কথা এটা মনত পৰিল৷ আচলতে কেতিয়াবা পুৰণি কথাবোৰে আমাক বৰকৈ আমনি কৰি থাকে।

তেতিয়া মই হয়তো পঞ্চম, ষষ্ঠ মানত পঢ়ি আছোঁ আৰু বাইদেউ হয়তো অষ্টম মানত৷ আমি দুয়োজনীয়ে গান শিকিছিলো৷ অৱশ্যে পিছলৈ গৈ গান আধৰুৱা হৈ থাকিল৷ সেয়ে আমি সুৰ নহৈ বেসুৰ অসুৰহে হ’লো৷ আমাৰ লগতে আমাৰ ওচৰৰ এজনী ছোৱালীও গৈছিল গান শিকিবলৈ। ছোৱালীজনী মোতকৈ ডাঙৰ আৰু বাইদেউতকৈ সৰু আছিল৷ কিন্তু সকলোতে বেছি বেছি দেখুওৱা তাইৰ এটা স্বভাৱ আছিল৷ তাইৰ প্ৰতিটো কথাতে এনেকুৱা অনুভৱ হৈছিল তাই নজনা কথা নাই। মানে তাই স্মাৰ্টনেছৰ ভাণ্ডাৰ৷ গানৰ স্কুলতো তাই আগতে গাব; সুৰ আগতে লগাব। পাৰিলে তায়েই মেদাম হ’ব৷ সেয়ে মনে মনে তাইক বহুতে ভালো পোৱা নাছিল৷

এদিন আমি গানৰ ক্লাছলৈ গৈ থাকোঁতে এটা আচৰিত ঘটনা ঘটিল৷ আমি গৈ থকা ৰাস্তাটোত সন্মুখৰপৰা দুজন ল’ৰা আহি আছিল৷ ঠিক আমি ল’ৰা দুজনৰ সন্মুখ পোৱাৰ লগে লগে তাৰে এজন ল’ৰাই আমাৰ লগত গান শিকিবলৈ যোৱা ছোৱালীজনীৰ গালত এক চৰ জোৰকৈ মাৰি দিলে আৰু যাবৰ সময়ত সকীয়াই থৈ গ’ল এনে কাম যাতে দ্বিতীয়বাৰলৈ নকৰে৷

সেই সময়ত আমি হতভম্ব। হায় হায়! কি হৈ গ’ল! বাইদেৱে মোৰ মুখলৈ চালে, মই তাইলৈ চালো আৰু চৰ খোৱা ছোৱালীজনীয়ে আমাৰ দুয়োলৈকে চালে৷ কাৰণ সেই সময়ত তাই লাজে খঙে জৰ্জৰিত৷ কিবা সোধাতো সেইসময়ত উচিত নহয় বুলি ভাবি আমি তাইক একো নুসুধিলো৷ কিন্তু আমাক আচৰিত কৰি তাইয়ে আৰম্ভ কৰিলে, “মই আচলতে তাৰ ভায়েকক নকল কৰোতে পৰীক্ষা হলত ধৰাই দিলো৷ সেয়ে ককায়েকে লাজ পাই মাৰিলে৷ বাদ দিয়া।” তাই সহজভাৱে কথাখিনি কৈ দিলে যেন একো হোৱাই নাই! অৱশ্যে আমাৰ দুয়োজনীকে বাৰে বাৰে মিনতি কৰিবলৈ নেৰিলে যাতে কথাটো কাকো নজনাওঁ৷

আমি তেনেকুৱা কেতিয়াও নাছিলো যে বেলেগৰ কথা আনক কৈ ফুৰিম৷ আমি কাকোৱে কথাটো নক’লো আৰু আজি আমি তিনিওগৰাকী বিয়া হ’লো৷ এখন এখন সংসাৰ হ’ল৷ বহুত পৰিৱৰ্তন হ’ল। কিন্তু পৰিৱৰ্তন নহ’ল সেই ছোৱালীজনীৰ মানসিকতাৰ৷

বহু বছৰৰ বিৰতিৰ মূৰত তাইক লগ পালো৷ খবৰ সুধিলে, ক’ত থাকো কি কৰো৷ তাৰ পিছত সুধিলে, ‘বাইদেউ ক’ত থাকে?’ মই বোলো কাটাৰত থাকে৷ ক’বলৈহে পালো, কিমান যে কথা ক’লে! ‘তালৈ কিয় গ’ল! তাত মানুহক তালিবানী শাস্তি দিয়ে, তিৰোতাবোৰে সদায় বোৰ্খা পিন্ধি থাকিব লাগে! কিয় বাহিৰলৈ যাব লাগে!’ মই বোলো, ভিনদেউৱে ৰিফাইনেৰীত সুযোগ পাইছে; কেইজনে পাই তেনে সুযোগ? এএএএএ বুলি দীঘলীয়া সুৰেৰে মোক আচৰিত কৰি তেওঁ ক’বলৈ ধৰিলে, ‘কি কৰিবহে ইমান টকা!’ মই বোলো আজিৰ দিনত কাক টকা নালাগে আৰু সকলো কাম মানুহে টকা পইছাৰ কাৰণে নকৰে। লগতে ক’লো তাত বাইদেউহঁতে বোৰ্খা পিন্ধিব নালাগে৷ তাই জিঞ্চ, স্কাৰ্ট, আনকি তাত হোৱা বিহুত মেখেলা চাদৰো পিন্ধে৷ নাই তেওঁ মোৰ কথা নুশুনি নিজৰখিনিকে ক’বলৈ ধৰিলে। মই বোলো আপুনি ইমান জানে দেশখনৰ কথা। নিশ্চয় গৈছে৷

“এ, কি কৰিমহে তাত গৈ! কি চাম কাছাৰত!”
– এইবুলি কৈ তেওঁ গুছি গ’ল৷

মই সেই ঠাইতে শিল পৰা কপৌ হৈ থাকিলো৷ যিগৰাকী মানুহে দেশখনৰ নামেই শুদ্ধকৈ ক’ব নাজানে, কাটাৰৰ ঠাইত কাছাৰ বুলি কয়, তেওঁৰে  আকৌ বৰ বৰ কথা! হায়! মানুহৰ মানসিকতা! তাৰমানে ঠাই সম্পৰ্কে, ভাষা সংস্কৃতি সম্পৰ্কে জ্ঞান নাথাকিলেও ক’বলৈ নেৰে! ইমান বছৰৰ পিছতো স্বভাৱৰ পৰিৱৰ্তন নহ’ল৷

(ঘৰলৈ আহোঁতে ভাবি ভাবি আহিলো, চেহ! সেই তাহানিতে তেওঁক চৰ মৰাৰ কথাটো মানুহৰ আগত কৈহে দিব লাগিছিল নেকি? কিন্তু আমি যে ঘৰৰপৰা সেই পৰিবেশ পোৱা নাই। সেয়ে নোৱাৰো উফাইদাং মৰা কথা ক’বলৈ। হে ভগৱান, এই নাৰীক সুমতি দিয়া! কৃষ্ণহে আৰু!)

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *