ফটাঢোল

মাহবোৰৰ পদ্য – প্ৰাঞ্জল শ‌ইকীয়া

বহাগ প্ৰথম মাহ
মনত দুগুণ সাহ
মৰম দিবলৈ
চেনেহীৰ ঘৰলৈ
সঘনাই আহ-যাহ ।

এইবাৰ জেঠ আহিল
গৰম দুগুণে বাঢ়িল
গোটেই পিঠি
ঘামচি উঠি
অৱস্থা কৰিলে কাহিল ।

জন্ম মাহ আহাৰ
মনত স্ফূৰ্টিৰ পাহাৰ
জন্মদিন বুলি
তাইক লগত তুলি
ফুৰিলোঁ ইউ পি, বিহাৰ ।

শাওনৰ গেলা ডাৱৰীয়া
বিয়পি পৰিল মেলেৰিয়া
চিকিৎসা কৰাই
ডিডিটি ছটিয়াই
কোনোমতেহে এৰিলোঁ টান নৰিয়া ।

ভাদ মাহত ল’লোঁ নাম
এৰি দিলোঁ আন কাম
চাকি জ্বলাই
দিলোঁ শৰাই
ফুৰিলোঁ বৰদোৱা বৰপেটা ধাম ।

আহিনে আনিলে শাৰদী বা
ৰংবোৰ উপচি পৰিছে চা
চঞ্চলা ৰূপহী
কোমল কপাহী
দেখিলেই বিয়াকুল হয় যে গা ।

পদূলি মুখত মাহ কাতি
ব্যৱসায়তো জ্বলিল লালবাতি
আমি যে দীন
হৈ উপায়হীন
আৰম্ভ কৰিলোঁ ৰবি খেতি ।

আঘোণৰ সোণালী দিন
বাজিছে সুখৰ বীণ
বান্ধিলোঁ মন
কৰিলোঁ পণ
দুয়ো এক হৈ থাকিম চিৰদিন ।

পুহত লাগিল ঠেঁটুৱৈ জাৰ
ওলাবলৈ সাধ্য কাৰ ?
ঘৰতেই বহি
খালোঁ ধাহি মুহি
গা ধুলোঁ পষেকত মাত্ৰ এবাৰ ।

মাঘৰ বিহুটি আহিল
ধনে ধানে ভৰিল
আগ পিছ নাচাই
মাছে মঙহে খাই
গোটেই মাহলৈ পেট চলিল !

ফাগুনত মোৰ ঠিক হ’ল বিয়া
কৰাই নহ’ল হিয়া দিয়া নিয়া
ছোৱালীজনী এম‌ এ পাছ
কাম বনলৈও নকৰে লাজ
অতদিনে ক’ত আছিলা মোৰ প্ৰিয়া ?

ঘূৰি আহি পুনৰ পালেহি চ’ত
কুলিটিয়ে বাতৰি দিলেহি য’ত
সিজোপা ডাঙৰ শিমলু
তাতেই আগতে ওমলোঁ
ল’ৰালিৰ ধেমালি এৰি আছোঁহি ক’ত ??

☆★☆★☆

7 Comments

  • Anjan Sadhanidar

    পঢ়িলো। ভাল লাগিল পঢ়ি।

    Reply
  • অনুৰূপ মহন্ত

    বঢ়িয়া, মাহৰ কবিতা। ?

    Reply
  • বৰ ধুনীয়াকৈ মিলাইছে, ভাল লাগিল।

    Reply
  • ৰাস্না বৰা

    ইমান ধুনীয়া কৈ মিলিগিল মাহৰ হিচাপ। বঢ়িয়া

    Reply
  • Padma Gogoi

    সঁচাকে ধেমেলীয়া ল’ৰালি দূৰণিত এৰি আমি ক’ত আছোঁহি বাৰু ?

    Reply
  • ramanuj

    বৰ সুন্দৰ..

    Reply
  • nirmali bormudai

    বঢ়িয়া লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *