ফটাঢোল

সোঁৱৰণিত হেপাঁহৰ “অসম জাতীয় বিদ্যালয়” – ড০ময়ূৰী শইকীয়া

সোঁৱৰণি কেতিয়াবা বৰ মনোৰম হয়৷ যদি নিৰ্দ্দিষ্ট ঘটনাটোৰ ৰোমন্থনে আমাক আনন্দিত কৰিব পাৰে, সজীৱ কৰি তুলিব পাৰে আমাৰ মনোজগত৷ তেনে মনোৰম সোঁৱৰণিত এনে লাগে যেন ঘটনাটো এই মূহুৰ্ত্ততহে ঘটিছে আৰু আমি প্ৰত্যক্ষ কৰি আছোঁ৷ তেনেকুৱা মোৰ জীৱনত ঘটা দুটা ঘটনাৰ বিষয়ে আজি লিখিম৷

২০০৪-২০০৫ বৰ্ষৰ কথা৷ মই তেতিয়া গুৱাহাটীৰ নুনমাটিস্থিত “অসম জাতীয় বিদ্যালয়”ৰ শিক্ষয়িত্ৰী৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে উন্নত ৰিজাল্টেৰে অসমৰ আগশাৰীৰ স্কুলখনৰ ভিতৰ চ’ৰাটোও (আন্ত:গাঠনি) অতিশয় সুন্দৰ৷শিক্ষক-শিক্ষয়িত্ৰীৰ লগত ছাত্ৰ-ছাত্ৰী আৰু পৰিচালনা সমিতিৰ এনে এক আত্মিক সম্পৰ্ক আছে যিটোৱে স্কুলখনৰ সকলো সদস্যকে এটা পৰিয়াল কৰি বান্ধি ৰাখিছে৷এই আত্মিয়তাখিনি সেইখন স্কুল এৰি অহাজনেহে মোৰ বোধেৰে বেছি উপলব্ধি কৰিব পাৰিব৷মই যেতিয়া স্কুলখনত যোগদান কৰোঁ তেতিয়া এম এ পৰীক্ষাৰ ৰিজাল্ট ওলাইছে মাত্ৰ৷বয়সো কম,অভিজ্ঞতাও শূন্য৷বুকুত ভয় বান্ধি স্কুলখনত সোমালো কিন্তু এনে লাগিল কোনো দেখোন মোৰ অচিনাকি নহয়,ইমান আপোন সকলো৷ইমান ডাঙৰ স্কুল অথচ প্ৰত্যেকেই প্ৰত্যেকৰ সকলো খবৰ জানে৷সুখ-দুখৰ সমভাগী৷শিক্ষকসকল ইমান আপ-টু-ডেট৷

প্ৰথমে মই ৰন্ধা-বঢ়া কৰি অসুবিধা পাওঁ বাবে আৰু সেই সময়ত বি এড পঢ়ি আছিলো বাবেও চান্দমাৰী কলনীৰ এটা প্ৰাইভেট হোষ্টেলত আছিলো৷সহকৰ্মী সকলে বুজালে যে,স্কুলখনৰ ওচৰতে ঘৰ এটা ভাৰা লৈ থাকিলে সময় বাচিব,টকাও বাচিব৷ৰন্ধাবঢ়া দুদিনমান কৰিলেই এক্সপাৰ্ট হৈ যাম৷মইও ভাবিলো কথাটো বেয়া নহয়৷এগৰাকীয়ে নুনমাটিৰ গণেশ মন্দিৰ পথত এটা ঘৰ বিচাৰি উলিয়ালে৷উল্লেখনীয় যে, সেই সময়ত সেই পথটোক “অসম জাতীয় বিদ্যালয়”ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ কলনী বুলি কলেও ভুল নাছিল৷ঘৰটোত পাঁচটা ৰূম, দুটা পাকঘৰ কৰিব পৰাৰ সুবিধা থকা৷গতিকে মোৰ হোষ্টেলৰে ৰূমমেটজনী আৰু মই তিনিটা ৰূম ল’লো৷তাই তেতিয়া এটা টিভি চেনেলত কাম কৰি আৰু মোৰ নিচিনাকৈ হোষ্টেলত থকা আন এগৰাকী মোৰ সহকৰ্মীয়ে দুটা ৰূম ল’লে৷পাকঘৰ দুটা যদিও বেলেগ, সদায় একেলগেই খোৱা-বোৱা হয়৷ওচৰতে পৰিয়ালসহ থকা সহকৰ্মী সকলৰ ঘৰতো ৰাতিৰ সাঁজ কেতিয়াবা চলি যায়৷বিশেষকৈ আমি বৰলা-বৰলী সকলে প্ৰায়েই কোনোবা এজনৰ ঘৰত ৰাতিৰ খানাটোৰ আয়োজন কৰো৷খানা মানে বিশেষ একো নাই, মাংস হ’লেই হ’ল৷এদিন স্কলতে আলোচনা হ’ল ৰাতি আমাৰ ঘৰত হাঁহৰ মাংস খোৱা হ’ব৷এজনে হাঁহ অনাৰ দায়িত্ব ল’লে৷কথাটো ইতিমধ্যে স্কুলত জনাজনি হৈ গ’ল৷পৰিয়াল থকা দুগৰাকীমান বাইদেউৰ দুখো লাগিল কিয় বিয়া হ’লো বুলি৷আবেলিৰ পৰা আমাৰ ঘৰত হাঁহ খোৱাৰ প্ৰস্তুতি চলিছিল৷যিজনে হাঁহ আনিব তেওঁ সময়ে সময়ে ম’বাইল ফোনত এচ এম এচ দি আছে যে “হাঁহ কিনা হ’ল”,”মই এতিয়া ৰাজীৱ ছাৰৰ ঘৰত”,”মই এতিয়া বৰঠাকুৰ দাৰ প্ৰেছত”,”আৰু আধা ঘন্টাৰ ভিতৰত পামগৈ,”বাকী যোগাৰবোৰ কৰি থব লাগে” ইত্যাদি ইত্যাদি৷ সন্ধিয়া পাৰ হ’ল, সাত বাজিল, আঠ বাজিল, ন- বাজিল মাংস আহি নাপায়হে নাপায়৷ফোনৰ উপৰি ফোন যায় আমাৰ ফালৰ পৰা৷সিফালৰ পৰা এটাই উত্তৰ “এই পালোগৈয়ে”৷অৱশেষত আমাৰ অপেক্ষাৰ অন্ত পেলাই বাৰান্দাত তেওঁৰ পদধ্বনি শুনা গ’ল৷আমি ব্যস্ত হৈ পৰিলোঁ৷এজনীয়ে মাংসখিনি ধুবলৈ বুলি বেগটো টানোতে দেখো বেগটোৱে লৰচৰ কৰিছে৷আমি হতবাক৷ হাঁহ বাহকে ক’লে-তেওঁ হাঁহটো কাটি বাছি আনিব লাগিছিল বুলি নাভাবিলেই৷কি কৰা যায় এতিয়া৷ছোৱালীৰ মেচ,তাতে ৰন্ধা-বঢ়াত আমি ওস্তাদ,চুৰি-কটাৰী কেইখনৰ বাহিৰে একো নাই৷ওচৰত থকা বাকী কেইজনৰ ঘৰতো হাঁহ এটা খাব পৰাকৈ সাজু কৰি তুলিব পৰা সুবিধাখিনি নাই৷ইফালে ন-বাজি গ’ল৷আমাৰ অসন্তুষ্টি আৰু অসহায় অৱস্থাটো উপলব্ধি কৰি হাঁহ বাহকে কিবা এটা সুবিধা কৰিব পাৰি নেকি চাওঁগৈ বুলি পুনৰ ওলাই গ’ল৷আধা ঘন্টা মানৰ পাছত কটা মাংসৰ টোপোলা এটা আগবঢ়াই দিলেহি যদিও অতি দুখেৰে জনালে যে,মাংসখিনি ব্ৰইলাৰ কুকুৰাহে৷দোকান পোহাৰ ইতিমধ্যে সকলো বন্ধ হৈ গৈছিল৷কোনোমতে ব্ৰইলাৰ মুৰ্গী বেচা বেপাৰী এজনক লগ পালে আৰু তেওঁকে হাঁহটো গতাই ব্ৰইলাৰ মুৰ্গী মাংসকে লৈ আহিল৷আমিও ব্ৰইলাৰ মুৰ্গী মাংসকে হাঁহি স্ফূৰ্তিৰে হাঁহৰ মাংস বুলিয়েই খালো৷কিন্তু পিছদিনা স্কুলৰ প্ৰতিটো কমন ৰূমত টিচাৰ্ছৰ মাজত সৰৱ আলোচনা চলিল জে ময়ূৰীহঁতে ব্ৰইলাৰ হাঁহ খালে৷

সেই সময়ছোৱাৰ আন এটা ঘটনা হ’ল এনেধৰণৰ — মোৰ ভাতৃ প্ৰতীম বন্ধু বৰ্তমান গুৱাহাটী মহাবিদ্য়ালয়ৰ সহকাৰী অধ্যাপক ধৰণী লাহনেও “অসম জাতীয় বিদ্যালয়”ত শিক্ষক হিচাপে যোগদান কৰিলে৷ধৰণী মোৰ স্বামী বৰ্তমান ছয়দুৱাৰ কলেজৰ সহকাৰী অধ্যাপক ড০ ভাস্কৰজ্যোতি গগৈৰো আন্তৰিক বন্ধু৷ভাস্কৰ আৰু মই ইউনিভাৰ্বিটিত সহপাঠী আছিলো৷তেতিয়াই আমাৰ প্ৰেমৰো সূত্ৰপাত৷ধৰণীৰ লগতো মোৰ ভাস্কৰৰ জৰিয়তে চিনাকি৷দুয়োৰে ঘৰ ডিগবৈত৷ ভাস্কৰে সেইখিনি সময়ত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত শিক্ষকতা কৰি আছিল৷স্কুল কলেজ ছুটি হোৱাৰ পিছত আমি সদায় লগ হওঁ৷ধৰণী লাহনো সদায় আমাৰ লগত থাকে৷পঢ়ি থকা দিনৰ পৰা আমি তিনিও তেনেকৈ ফুৰো৷কেতিয়াবা বিশেষ কাম থাকিলেহে  ধৰণী আমাৰ লগত নাথাকে৷ধৰণীয়ে আমাৰ সান্নিধ্য পাবৰ বাবেই হওক বা আমি ধৰণীৰ সান্নিধ্য পাবৰ বাবেই হওক  একেলগে খোজ কাঢ়ি,বাছত উঠি, অটোত উঠি ফুৰাৰ উপৰিও একেখন ৰিক্সাতে তিনিওটা উঠি ফুৰিছিলো৷এতিয়া ভাবি আচৰিত হওঁ যে তিনিটা কেনেকৈ ৰিক্সাত উঠিছিলো আৰু মানুহে বাৰু কি বুলি ভাবিছিল আমাক৷কেতিয়াবা ধৰণী আৰু ভাস্কৰৰ কথা শুনি ৰিক্সাৱালাইও  হাঁহি হাঁহি কথা কবলৈ আৰম্ভ কৰিছিল৷

এদিন ধৰণীয়ে নিজৰ কিবা কাম থকাৰ বাবে আমাৰ লগত যোৱা নাছিল৷কিন্তু স্কুলৰ কাম এটাত মোক হোষ্টেলত লগ কৰিবলৈ আহিব বুলি ফোনত জনালে৷কথা হ’ল যে, মই যিহেতু ওলাই যামেই সেয়ে সি অলপ দেৰিকৈ আিব৷হোষ্টেলত ছোৱালীবোৰ সোমোৱাৰ লাষ্ট সময় আছিল সন্ধিয়া ছয় বজা৷মই ফুৰি আি ফ্ৰেচ হোৱাৰ আগতেই ধৰণীলৈ এচ এম এছ এটা দিলোঁ৷ তাৰপিছত বাথৰূমত সোমালো৷আৰু এচ এম এচ টো আছিল এনেধৰণৰ “ভাস্কৰ গ’ল তুমি আহা”৷বাথৰূমৰ পৰাই মবাইল ফোনটোৰ ৰিং শুনিলোঁ৷পিছত আহি কৰিম বুলি প্ৰথমবাৰ ওলাই নাহিলো৷কিন্তু ৰিং বন্ধ হোৱাৰ নামেই নোলোৱা দেখি ঘৰত কিবা হ’ল নেকি ওলাই আহি দেখো ভাস্কৰৰ ফোন৷ফোনটো ধৰাত সিফালৰ পৰা ভাস্কৰৰ মাতটো অনুচ্চ স্বৰত ভাঁহি আহিল “তুমি মই অহাৰ পিছত কাৰোবাক লগ কৰিবলৈ মাতিছিলা নেকি?”মই “অ” বুলি কোৱাত পুনৰ সুধিলে লাহেকৈ “কাক”?মই “ধৰণীক” বুলি কোৱাৰ লগতে “কিয় সুধিলা” বুলি সোধাত এইবাৰ হাঁহি হাঁহি ক’লে “অ সেই মেচেজটো মোলৈহে আহিল৷মই আকৌ ভয় খাই গ’লো নহয়৷মই ধৰণীৰ লগতে চাহ খাই আছো৷তাকো কোৱা নাই একো৷দুয়োটা গৈ আছো বাৰু তোমাৰ ওচৰলৈ বুলি ফোনটো থ’লে৷বহু সময় একে ঠাইতে বহি ভাবি থাকিলো “বিশ্বাসেই সম্পৰ্কত মূল ভেঁটি৷”পিছে পিছদিনা সহকৰ্মী সকলৰ মোক দেখি মৰা হাঁহিবোৰেহে বৰ অস্বস্তিত পেলাইছিল৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *