ফটাঢোল

গাড়ী – মৌচুমী গগৈ

বিমলাই বহুদিনৰে পৰা মানুহজনক এখন নিজাকৈ সৰু গাড়ী কিনাৰ কথা কৈ আহিছে কিন্তু মানুহজনে কোনোদিনেই কথাটোত গুৰুত্ব দিব নোখোজে৷ একমাত্ৰ ছোৱালীজনীয়েও ঘৰত থাকোঁতে দেউতাকক গাড়ী এখন কিনাৰ কথা কৈ কৈ একো ফল নাপাই সেই হেপাঁহ বুকুত লৈয়েই শহুৰেকৰ ঘৰো শুৱনি কৰিলেগৈ৷ গোটেই দিনটো নিজৰ দোকানত হিচাপ-নিকাচত ব্যস্ত থকা মানুহজনে সকলো ক্ষেত্ৰতে অঙ্ক মিলাইহে কামবোৰ কৰিব খোজে৷ যেন দুটকাৰ ঠাইত কেনেবাকৈ তিনি টকা খৰচ কৰিলে গোটেই পৃথিৱীখন ওলট-পালট হৈ যাব৷
কিন্তু সেইদিনা ৰাতি দোকানৰ পৰা আহি হঠাতে বিমলাক ক’লে যে, “হেৰা, তুমি যে সদায় কৈ থাকা, ঘৰত গাড়ী এখন লাগে বুলি ময়ো এতিয়া লৈ লওঁ বুলি ভাবিছো৷” কথা শুনি বিমলাৰ ফূৰ্তিৰ অন্ত নাই৷ হওক তেওঁ, ভগৱানে যে মানুহজনক এইকণ সুমতি দিলে৷ পিছে কি গাড়ী কিনিবনো বুলি সুধিলেই, তুমি দেখিবা নহয় চাই থাকা বুলিহে কয়৷ বিমলাইও ভাবিলে, বেছিকে সুধি নথকাই ভাল, আকৌ নলওঁ বুলি কৈ দিলে চেতেপ হ’ব৷ ওচৰ-চুবুৰীয়াবোৰকো বিমলাই কথাটো কাণ চুৱালেই ইতিমধ্যে৷ জীয়েকেও গম পাই আহিম বুলি খবৰ দিলেই৷

নিৰ্দিষ্ট দিনাখন মানুহজনে ওচৰৰে গাড়ী চলাব জনা সম্পৰ্কীয় ভতিজাটোক লগত লৈ গাড়ীখন আনিব গ’ল৷ বিমলাই ঘৰৰ কাষতে থকা নামঘৰটোত শৰাই এখনো আগবঢ়াই আহিল৷ পিচবেলা চাৰিমান বজাত বাহিৰত গাড়ীৰ হৰ্ণৰ শব্দ শুনি বিমলা লৰালৰিকৈ ওলাই আহিল৷ আহোঁতে থাল এখনত চাকি এগছ, ধূপ আৰু পানী এঘটি আনিবলৈ নাপাহৰিলে৷ কিন্তু বাহিৰত আহি গাড়ী দেখি বিমলাৰ মুখখন কেহৰাজ বৰণীয়া হ’ল কাৰণ বিমলাই এইকেইদিন সপোনত দেখি থকা এখন ধুনীয়া সৰু গাড়ীৰ ঠাইত এইখন এখন মিনি ভেনহে দেখোন৷ পিছফালটো খোলা আৰু আগফালে ড্ৰাইভাৰ ছীটৰ লগতে আৰু দুজন বহিব পাৰি৷
আনফালে মানুহজনে ৰণ জিকি অহাৰ দৰে বুকুখন দুই ইঞ্চিমান ফুলাই আহি বিমলাক ক’লে, “হেৰা কেনেকুৱা লাগিছে কোৱা আকৌ?”
তাতেই থৰ লাগিলা যে৷ সেইদিনা আমাৰ গাৱঁৰ ৰমেনে এইখন কিনাৰ পিছত বহুত সুবিধা হৈছে বুলি কোৱা কাৰণে ময়ো এইখনকে কিনিম বুলি ঠিক কৰিলো৷ এতিয়া আৰু তোমাৰ চিন্তা নাই৷ তুমি ফুৰিবলৈও যাব পাৰিবা আৰু মই দোকানৰ বস্তুবোৰ টাউনৰ পৰা আনিব পাৰিম৷ বিমলাই উঠি অহা খঙটো মনতে সামৰি গাড়ীখনৰ চকাকেইটাত পানী অলপমান দি ক’লে, “হব দিয়ক, মই যে এইখনত উঠি ক’তো যাবলৈ নাই দেই, আপুনিয়ে যাব৷” এইবাৰ মানুহজনে লাহেকৈ হাঁহি এটা মাৰি ক’লে, “আৰে, তুমি কৰবালৈ গলে মই তোমাক এনেকৈ নিনো নহয়, দস্তুৰমত পিছফালে ট্ৰিপাল এখন লগাই চকী এখন পাৰি বহাই নিম৷”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *