অঘাইতং পিৰিতি নীলাম্বৰ – সদানন্দ দত্ত
আহুতলীৰ ৰখীয়া হৈ হাফঁলুটোত থকা টঙীঘৰটোত বহি থাকোঁতেই কৰবাৰপৰা পিৰিতি নীলাম্বৰ আহি ওলাল৷ বহুদূৰত থাকোঁতেই সি চিনি পাই কলে “সৌজনীক দেখিছ? সেইজনীৰ মুখখন বৰ চোকা৷ তাই মোক কালি বহুত বেয়া বেয়া গালি দিলে৷ তই ইয়াৰ পৰা চাই থাকিবি, আজি তাইক মই কি কৰোঁ৷”
মই একো কবলৈকে নাপালোঁ৷ সি ৰাস্তাটোৰ ওচৰতে থকা ডাঙৰ জৰীগছজোপাৰ ফালে গ’ল আৰু বান্দৰ বগোৱাৰ দৰে উঠি ওপৰ পালেগৈ৷ কি কাৰণে উঠিল আৰু কি কৰিব একো নুবুজি তাক চাই ৰলোঁ৷ সি উঠি গৈ গছজোপাৰ বহু ওপৰৰ ফেৰেঙণি এটাত ৰৈ থকা দেখিলোঁ৷
দলংখন পাৰ হৈ গাভৰুজনী জৰী গছজোপাৰ ওচৰ চপাৰ সময়তে মোৰ বুকুত ধপধপনি বাঢ়িল৷ নীলাম্বৰক অঘাইটং বুলি ওচৰৰ গাঁৱৰ মানুহেও জানে৷ সি কৰা বহুকেইটা বেয়া কাম গাৱঁৰ ৰাইজমেল বহি আলোচনা কৰি মিমাংসা কৰিবলগীয়া হৈছিল৷ মোৰ মনত বৰ ভয় ভাৱ এটি হৈছিল, পিছে গছত উঠা দেখি সেই ভাৱ আঁতৰি গল৷ জৰীগছজোপাৰ ঠিক তল পাওঁতেই নীলাম্বৰে দীঘলকৈ উকি এটা মাৰিলে আৰু লগে লগে এৰি দিলে প্ৰস্ৰাৱৰ ধাৰ৷ কোনে চিঞৰিলে বুলি তাই ওপৰলৈ চালে আৰু তেতিয়াই তাইৰ মুখত, গাৰ কাপোৰত পেচাব পৰি গ’ল৷ তাই দৌৰিবলৈ ধৰিলে যদিও সিও এৰি দি থাকি তাইক একেবাৰে তিয়াই দিলে৷ তাই কান্দি কান্দি ঘৰলৈ ঘূৰি গলগৈ৷
সি লৰালৰিকৈ নামি আকৌ মই থকা হাঁফলুটোৰ ফালে দৌৰি আহিল৷ এইবোৰ দেখি মই হাঁফলুৰ পৰা নামি ঘৰৰ ফালে যাবলৈ ধৰিলোঁ৷ সিও দৌৰি আহি লাঠি এডাল জোকাৰি কলে—”ঐ তই ক’ত যাৱ৷ চা তই দেখি আছিলি৷ কাকো নকবি৷ তাই কৈ ফুৰক, তই নকবি৷ ক’লে তোৰ পিঠি ফালিম৷”
মই কাণত ধৰি উঠ বহ কৰি কলোঁ মই কাকো নকওঁ৷ মোৰ ভয় লাগিছে৷ ককায়েক কেইটা আহি মোক সুধিব৷ গতিকে পলাই যাওঁ৷ ঘৰলৈ যাওঁগৈ৷ গৰুৱে ধান খালেও খাওক৷”
সি ক’লে –“ঠিক, তই ঠিক বুদ্ধি কৰিলি৷ তই যা, তাই ঘৰ পায়গৈ মানে গৰুবোৰ খেদি হাবিৰ ফালে মই নিম৷ তই কাকো একো নকবি৷ সোনকালে যা৷ ক’লে পিটন খাবি৷”
সেইখিনি ঠাই এৰি ঘৰৰ ফালে খৰখোজে গলোঁ যেন মোৰ শৌচাচাৰ কৰাৰ আহ্বানহে আহিল৷
দিনৰ এঘাৰ মান বজাত ভয়ে ভয়ে আকৌ আহুতলীৰ টঙীঘৰৰ কাষলৈ গলোঁ৷ ওচৰত কোনো নাই, গৰুও ওচৰলৈ ধান খাবলৈ নাহিল৷ মনটোৰ পৰা ভয় ভাৱটো আঁতৰি গল৷ লগত নিয়া উপান্যাসখন মেলি কেইবাটাও অধ্যায় পঢ়ি ইফালে সিফালে চাওঁ বুলি মূৰটো ডাঙি যি দেখিলোঁ মোৰ জীৱ উৰি গল৷ ন মান বজাত স্কুললৈ যোৱা গাভৰুজনীৰ ককায়েক দুটাই দুখন দা লৈ মোৰ আগত হাজিৰ৷ থক থককৈ কঁপি থকা দেখি ডাঙৰজনে ক’লে –”তুমি ভয় নকৰিবা৷ তোমাক নাকাটো৷ তাক কাটিম৷ তোমাক চিনি পাইছোঁ, তুমি উমা দদাইৰ ল’ৰা৷ তোমালোকৰ ককাইহঁতো ভাল৷ তুমি কোৱা কোন আছিল সেইটো, আমাৰ ভনীৰ গাত মুতাটো৷ তুমি ভয় নকৰিবা, ভাই, দা কেইখন তাত থৈ আহ, ই ভয় খাইছে৷ ই আমাক সঁচা কথা কব৷ ভনীয়ে এইটো টঙীঘৰৰ পৰা গৈ গছত উঠা দেখিছিল৷ তুমি সঁচা কোৱা কোন আছিল সি, তুমি নহয়৷ ভয় নকৰি কোৱা৷”
মোৰ দুয়োফালে দুজন বহি ললে৷ ময়ো ভাবিলোঁ সঁচাকথা কৈ দিয়াই ভাল৷ নীলাম্বৰে পিটিবহে, নেকাটে৷ এইকেইজনে কাটিবলৈ ধৰিলে ৰক্ষা কোনে কৰে৷ সঁচাকথা কৈ দিলোঁ৷ তেওঁলোকে মোৰ পৰা নীলাম্বৰৰ নাম, তাৰ বাপেকৰ নাম সুধি ললে৷ কেনেকৈ সি মোৰ ওচৰলৈ আহি কি ক’লে আৰু কি কৰিলেগৈ কৈ দিলোঁ৷ ভায়েকটোৱে অবাইচ মাত মাতি কবলৈ ধৰিলে –“মাক বাপেকহঁতে তাৰ কটা মূৰটো নি সকাম পাতিবলৈ কবিগৈ৷ য’তে পাম তাক তাতে কাটিম৷ পিছে কোনটো পাষণ্ড ধৰিবই পৰা নাই৷ সিহঁতৰ সব নপঢ়া ধদুৱা৷ তাহাঁতৰ ঘৰৰ এটাক পালেই হ’ল৷ কাটি দুচেও কৰিম৷ পলাই ক’ত সাৰিব ( অবাইচ)৷ “সি দাখন লৈ হাঁফলুটোৰপৰা নামি গল৷ ককায়েকে মোৰ পিঠিত লাহে লাহে ঢকাকেইটামান মাৰি ক’লে –”দদাইৰ লৰাবোৰ ভাল৷ তুমি ভালকৈ পঢ়িবা, ককায়েৰহঁতৰ দৰে পঢ়িবা৷ এইবোৰ বেয়া সংগ নলবা৷”
এনেকুৱা বুজনি দি ককায়েকজনো নামি গল হাঁফলুটোৰপৰা৷ সিহঁত নামি যোৱাত দীঘলকৈ উশাহ এটা ললোঁ৷
আবেলি দুইমানবজাত নীলাম্বৰৰ ককায়েক সোণকণ আহি মোৰ টঙীঘৰত হাজিৰ হল৷ তেওঁ আহিয়েই চোলাটো খুলি পিঠিটো চাবলৈ দিলে৷ পিঠিটোত চিঁৰাল ফাঁট দিলে৷ দেখি অবাক হলোঁ৷ বহুত ঘাঁ পিঠিখনত, ঠায়ে ঠায়ে দ গাঁত৷ তেজবোৰ বৈ আছিল৷ কোনে ইমানবোৰ ঘাঁ লগালে বুলি জানিবলৈ সুধোঁতে সি কলে –”সেইবোৰ পাতিম বাৰু৷ তই এতিয়া গেন্ধালিবন এখিনি আনি ইয়াতে খুন্দি ঘাঁবোৰত লগাই দে৷ তেজবোৰ গৈ আছে, বহুত গল৷ তই সোনকালে কৰ৷”
ময়ো গুৰুত্ব বুজি দৌৰাদৌৰি লগাই তাৰ পিঠিত বন দৰবৰ প্ৰলেপ দিলোঁ৷ কিছু সময় পিছত তেজবোৰ ৰ’ল৷ সি মোৰ টঙীঘৰটোত শুই শুই বিষ বেদনাত উস্ আস কৰি কৰি বহুপৰ ৰ’ল৷ বহুপৰ আমি একো কথা পতা নাছিলোঁ৷ তাৰ ভায়েকে কৰা বেয়া কামটোৰ বেয়া প্ৰভাৱত ককায়েকজনে মাৰ খালে৷ এবাৰ সেঁহাই সেঁহাই কলে—”আমাৰ শনিটোৱে লোকৰ ছোৱালীৰ মুখত মুতিছিল নেকি সাদৌ৷”
মই যি দেখিছিলোঁ ককায়েকজনক কৈ দিলোঁ৷ ছোৱালীজনীৰ ককায়েক দুজনে আগবেলা মোক যে কাটিবলৈ আহিছিল সেই কথাও কলোঁ৷
এইবাৰ তেওঁ কবলৈ ধৰিলে –”বুজিছ সাদৌ, আয়ুসত চাউল আছিলে বুলি বাচি গলোঁ৷ হাবিৰ পৰা খৰি আনি থাকোঁতেই আগচি ধৰিলে৷ সিহঁতৰ সৰুটো বৰ অঘাইটং৷ সি নামানেই৷ মোৰ ডিঙিটো কাটিবলৈ কাঠৰ ডাঙৰ টুকুৰা এটাত পাতি ললেই৷ ককায়েকটোৱে বচালে৷ ঘপিয়াবলৈ লওঁতে মাজতে ঠিয় হৈ দিলে৷ ককায়েকে ক’লে –”ইয়াক ঘৰলৈ লৈ ব’ল৷ ভনীয়ে ইয়াৰ মুখত মুতিব, তাৰ পিছত কাটিবি ভাই৷”
সি ঠিক আছে বুলি ক’লে আৰু লাঠি এডাল কাটি আনি মোক গুৰুলা গুৰুলকৈ মৰিয়াই তাহাঁতৰ ঘৰৰ ফালে টানি নিলে৷ মই ভাবিলোঁ বাচি গলোঁ৷ সিহঁতে মোক কাৰ পুতেক সুধিলে৷ দেউতাৰ নামটো কবলৈহে পালোঁ আৰু একো নুশুধি এই গতি কৰিলে৷”
“তাৰ পিছত কি হল”-মই ভয়ে ভয়ে সুধিলোঁ৷
ককাইজনে আকৌ কবলৈ ধৰিলে৷ সিহঁতে চৰিয়াই ভুকুৱাই আনি আনি ভনীয়েকক চিঞৰি মাতিলে –“ঐ ভনী আহ, তোৰ মুখত মূতাটো ধৰি আনিছোঁ ৷ ইয়াৰ মুখত তইও মূতহি৷”
বুইছ সাদৌ, ককাই-ভাই ইমান নিলাজ! মুখত অকল অবাইচ মাত৷ মই একো কৰা নাই বুলি কাবৌ কৰিলোঁ, ফল নধৰিলে৷ দুয়োটাই ধৰি দিছে, ভনীয়েকক কৈছে মূতিবলৈ৷ ককায়েকহঁতৰ ধমকি খাই আহিল তাই পিন্ধা কাপোৰ ডাঙি৷ কোনোবা এটাই মোক ক’লে -“খা৷ মূত খা৷ অথনি ভনীৰ মুখত মূতিছিলি, এতিয়া তাই মূতিব৷ খাই ল’ হেপাঁহ পলুৱাই৷ তাৰপিছত তোৰ ডিঙি যাব৷ বলি দিম তোক আজি!”
উস্ ঈশ্বৰ বাচি গলোঁ৷ ভনীয়েকে মূতিবলৈ লৈ মোৰ মুখলৈ চাই ক’লে -“এইটো নহয়, মুখত কেনেকৈ মূতিম৷ এইটোৱে মোৰ গাত মূতা নাছিল৷ ইহঁতৰ বেলেগ এটা আছে৷”
এইবাৰ চৰ কেইটামান দি সুধিলে –”তোৰ ঘৰৰ কোন ইমান অঘাইটং যে মৰিবলৈ মন গ’ল৷ আমাৰ ভনীৰ মুখত মূতে৷ ক’ ভালে ভালে৷ মই জানিলোঁ ভাই নীলাম্বৰৰ কাম৷ সি কেনেকুৱা দেখিবলৈ, ওখ কিমান আদি সুধিলে৷ ছোৱালীজনীয়ে ক’লে –“এইটো নহয়৷ সিটোক মই চিনি পাওঁ৷ ৰাস্তাত আগচি বেয়া বেয়া কথা কৈছিল, তাক গালি দিছিলোঁ৷ তাক ভালকৈ চিনি পাওঁ৷”
বুজিছ সাদৌ, তোৰ তেনেকুৱা ভায়েৰ আছে বুলি কৈ আকৌ থলামুৰি কেইটামান দিলে৷
চিধাচিধি ঘৰলৈ যা নহলে মৰি থাকিবি বুলি কৈ এৰি দিলে৷ মূৰটো ঘূৰোৱা যেন পাই তোৰ ইয়ালৈ আহিলোঁ৷ ব’ল, এতিয়া মোক ঘৰত থৈ আহ, গৰু নায়েই দেখোন৷ এনেয়ে ভয় লাগি আছে৷ বহুত তেজ গ’ল৷ তেজ নো কি, ডিঙিটোকে গৈছিল, বাচি গলো৷
গধূলিৰ আগে আগে সিহঁতৰ ঘৰ পালোগৈ৷ আমি গৈ পোৱা সময়তে পাছফালে নীলাম্বৰক দেখি ককায়েকৰ খং উঠিল৷ কাকো একো কবলৈকে নাপালে৷ হাতত লাঠি এডাল লৈ নীলাম্বৰক উধাই মুধাই মৰিয়াই বাগৰাই দিলে৷ ৰচী এডালেৰে বান্ধি হাঁহৰ গৰাঁলত ভৰাই দুৱাৰখন বন্ধ কৰি দিলে৷ নীলাম্বৰৰ মাকে চিঞৰ বাখৰ কৰি এৰুৱাই দিবলৈ চেষ্টা কৰিছিল যদিও একো কৰিব নোৱাৰিলে৷ ময়ো এৰুৱাই দিবলৈ নাচালো৷ সি যি বেয়া কাম কৰিছিল তাৰ ফল পাব লাগে৷ ককায়েকৰ ডিঙিটো গৈছিলেই, এনেয়ে ইমানকৈ মাৰ খালে৷ তাক মাৰণ দিয়াই ভাল৷
মই বৰমাক কি হৈছিল কবলৈ মুখখন মেলো বুলি ভাবোতেই খোৱাং বজাৰৰ পৰা বৰদেউতা আহি পালেহি৷ বৰমাই চিঞৰি কান্দি কৈ দিলে কেনেকৈ নীলাম্বৰক ককায়েকে মৰিয়াই মৰিয়াই আধামৰা কৰিলে আৰু হাঁহৰ গৰাঁলত ভৰাই থৈছে৷ কথা শুনি বৰদেউতাই বজাৰলৈ ভাৰ নিয়া কাণমাৰিডাল লৈ আনৰ মাৰ খাই আধামৰা হোৱা মাজুপুতেকক মৰিয়াবলৈ ধৰিলে৷ এইবোৰ চাই থকা কথা নহয় বুলি নিজৰ ঘৰলৈ ভিৰাই লৰ মাৰিলোঁ৷
☆★☆★☆