ফটাঢোল

সানমিহলি (একান্ত ব্যক্তিগত) – সোমকান্ত শইকীয়া

(১)

শিশু আৰু ৰাজনীতি

দূৰদৰ্শনত দেখুৱালে, বাতৰি কাকতত লিখিলে, ৫/৬ বছৰীয়া শিশু এটাকো কোনোবা ৰাজনৈতিক দল/সংগঠনে প্ৰতিবাদ কৰিবলৈ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি জেঠ মাহৰ প্ৰখৰ ৰ’দত তামোলৰ ঢকুৱাৰ ওপৰত বহুৱাই জুই যেন গৰম পকা ৰাস্তাৰ ওপৰত চোঁচোৰাই লৈ ফুৰিলে। শিশুটোৱে নিশ্চয় উপভোগ কৰিলে এই গোটেই ঘটনাক্ৰম, যেনেকৈ আমিও উপভোগ কৰিছিলোঁ আজিৰপৰা ৬৬ বছৰ আগতে, স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত প্ৰত্যক্ষভাৱে অংশ ল’বলৈ পায়৷

১৯৫২ খৃঃত স্বাধীন ভাৰতৰ নতুন সংবিধান গৃহীত হোৱাৰ পাছত গোটেই দেশ জুৰি লোকসভা আৰু বিধানসভাৰ কাৰণে একেলগে প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। আমি তেতিয়া প্ৰাথমিক বিদ্যালয়ৰ “খ” মানৰ ছাত্ৰ। বয়স ৬/৭ বছৰৰ অধিক নহ’ব। এতিয়া দূৰদৰ্শনত দেখুওৱা শিশুটোৱে যি পৰিস্থিতিত ৰাজপথত “প্ৰতিবাদ” কৰিবলৈ বাধ্য হ’ল, সেই একে পৰিস্থিতিত আমিও ৬/৭ বছৰতে প্ৰত্যক্ষভাৱে বিশেষ ৰাজনৈতিক দলৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ অভিজ্ঞতা অৰ্জন কৰিবলৈ পালোঁ। কথাটো এনে ধৰণৰ, ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত প্ৰথমটো সাধাৰণ নিৰ্বাচন। স্বাভাৱিকতে ৰাজনৈতিক নেতাসকলৰ মাজত যিমান উৎসাহ উদ্দীপনা, সেই একে উদ্দীপনা কিন্তু জনসাধাৰণৰ মাজত নাছিল৷ নিৰ্বাচন কি, ভোটাধিকাৰ কি, এই সম্পৰ্কে জনসাধাৰণ সিমান সচেতন নাছিল। অৱশ্যে গাঁও অঞ্চলত স্থানীয় “স্বাধীনতা সেনানী” সকলে ৰাইজক যথেষ্ট প্ৰভাৱান্বিত কৰিছিল আৰু তেওঁলোকৰ পৰামৰ্শ মতেই ভোট পৰ্বত অংশ ল’বলৈ আগুৱাই আহিছিল। আমাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু আন দুজন শিক্ষক তেতিয়াৰ একমাত্ৰ বহুলভাৱে পৰিচিত দলটোৰ নেতৃস্থানীয় লোক আছিল৷ লগতে, স্কুলৰ সন্মুখতে পঞ্চায়ত চেক্ৰেটাৰীৰ ঘৰ। গতিকে আমাৰ স্কুলখনত এটা নিৰ্বাচনী আৱহাৱা চলি আছিল। এই আপাহতে স্কুলৰ “ক” মানৰপৰা তৃতীয় শ্ৰেণীলৈকে সকলো কণ কণ ল’ৰা ছোৱালীয়ে প্ৰত্যক্ষ ৰাজনীতিত অংশ লোৱাৰ এক বিৰল অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ল।

নিৰ্বাচনলৈ ১৫ দিনমান থকাৰেপৰা প্ৰতিদিনে সকলো ল’ৰা ছোৱালীকে বৰ পুখুৰীৰ পাৰতে থিয় কৰাই দুটা সমান্তৰাল শাৰী কৰে। (উল্লেখ্য যে আমাৰ প্ৰাথমিক স্কুলখন গাঁৱৰ ৰাজহুৱা বৰ পুখুৰীটোৰ পাৰতে অৱস্থিত) তাৰপাছত সেই শাৰী দুটাৰ দুয়ো কাষে গাঁও আৰু নগৰৰো দুই এজন নেতাই হাতে হাতে পতাকা আৰু যুৱলিৰে সৈতে এহাল বলদ গৰুৰ চিন থকা বেনাৰ, লগতে ডাঠ কাগজৰ একোটা “হৰ্ণ” লৈ গোটেই মৌজাটোত (৫/৬ মাইল) শোভাযাত্ৰা কৰে৷ এই শোভাযাত্ৰাৰ সময়ত ডাঙৰবিলাকে চিঞৰে, “আমাৰ ভোটৰ চিন কি?” আমি চিঞৰো, “যুৱলিৰে সৈতে এহাল বলদ গৰু৷”
: ভোট দিব ক’ত?
: যুৱলিৰে সৈতে বলদ গৰু য’ত৷
এনেকৈ শোভা যাত্ৰা কৰি কৰি যেতিয়া টীয়ক কেন্দ্ৰ পাওঁগৈ তেতিয়া এখন দোকানত সুমুৱাই আমাৰ হাতে হাতে এমুঠিকৈ কেঁচা বুট মাহ দি যায়৷ আমি তাকে অমৃত পোৱা যেন পাওঁ আৰু কেঁচা বুট চোবাই চোবাই সন্ধ্যা সময়ত ঘৰ সোমাওঁহি৷ এনেকৈয়ে দেশৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনতে শিশু হৈও প্ৰত্যক্ষ ৰাজনীতি কৰাৰ বিৰল অভিজ্ঞতা লাভ কৰিলোঁ৷ ইমানতো কোনোবাই ক’বনে, ছাত্ৰই প্ৰত্যক্ষ ৰাজনীতি কৰাটো দোষণীয়?

এতিয়া এই শিশুটোক চোঁচৰাই ফুৰাটোও এক প্ৰকাৰ ৰাজনীতিয়েই নহয় জানো?

(২)

“মেট্ৰিকৰ খবৰ” (এচেৰেঙা সোঁৱৰণি)

আমি সেই সময়ৰ GAUHATI UNIVERSITY (গৌহাটী ইউনিভাৰ্চিটি) ৰ শেষৰটো MATRIC পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ৷ তাৰ পিছৰ বছৰৰপৰা মাধ্যমিক শিক্ষা পৰিষদ, অসমক মাধ্যমিক শিক্ষান্ত পৰীক্ষাটো পৰিচালনা কৰাৰ দায়িত্ব অৰ্পণ কৰা হয়৷ “চীন-ভাৰত” সীমা বিবাদৰ অগ্নিগৰ্ভা পৰিবেশ তেতিয়াও ভালকৈ শাম কটা নাছিল৷ স্কুল কলেজবোৰত প্ৰায় গোটেই দিন ছাত্ৰ ছাত্ৰীসকলে “পেৰেড” কৰি থকাৰ দৃশ্য সততে দেখা গৈছিল৷ তেনে এটা পৰিবেশতে মাৰ্চ-এপ্ৰিল মাহৰ (৬৩) প্ৰথম সপ্তাহতে মেট্ৰিক পৰীক্ষা সমাপ্ত হৈছিল। বহাগ মাহটো পাৰ হোৱাৰ পিছৰপৰা ককাইদেউৰ লগত খেতিৰ কামত সমানে লাগি গ’লোঁ। আজৰি সময়ত মামা এজনৰ ঘৰলৈ গৈ আব্দুল মালিক চাৰ, লক্ষ্মীনন্দন বৰা, পদ্ম বৰকটকী আদি অসমীয়া সাহিত্যিকৰ ভালেকেইখন উপন্যাস পঢ়াৰ উপৰিও ৰবীন্দ্ৰনাথ ঠাকুৰৰ “একুৰি একটা গল্প” নামৰ কিতাপখনো পঢ়িলোঁ৷ জুলাই মাহৰ ভিতৰতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি জানিছিলোঁ। কিন্তু সঠিক তাৰিখটো জনা নাছিলোঁ। অৱশ্যে, তেতিয়াৰ দিনত আজি কালিৰ দৰে আগতীয়াকৈ বেছি প্ৰচাৰ নহৈছিল। দৈনিক বাতৰি কাকতৰ সংখ্যাও কম আছিল। আকাশবাণীৰ (ৰেডিঅ’) বাহিৰে দূৰদৰ্শনতো নাছিলেই৷ নগৰ অঞ্চলত মানুহে ঘুনুক-ঘানাককৈ কিবা গম পাইছিল যদিও গাঁও অঞ্চলত একো উমঘাম নাছিল। জুলাই মাহৰ ১২ নে ১৩ তাৰিখে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল৷ আনদিনাৰ দৰেই সেইদিনাও পথাৰত প্ৰখৰ ৰ’দত কোৰ মাৰি আছিলোঁ৷ পথাৰত থাকোঁতেই গাঁৱৰে ককাইদেউ এজনে চিঞৰ মাৰি ক’লে বোলে, “ঐ ল’ৰা, মই টীয়কলৈ গৈছিলোঁ, শুনি আহিছোঁ তহঁতৰ হেনো মেতিকৰ ৰিজল দিছে৷” মই ককাইদেউক কৈ টীয়কৰ ফালে ওলাই যাম বুলি ভাবি পথাৰৰপৰা ঘৰলৈ আহিলোঁ। ঘৰত বৌৱে চৰিয়া এটা লৈ আগ দিনা ৰাতি ঘৰৰ চালেৰে পৰা পানী টুকি আছে, একো খবৰেই নাই। মই ৰিজাল্ট দিয়াৰ কথা ক’লতো কোনো প্ৰতিক্ৰিয়া নাই। তেতিয়াৰ দিনত গাঁওবোৰত এইটোৱেই আছিল সুলভ দৃশ্য। নিৰ্বিকাৰ, নিৰুদ্বিগ্ন! আজিৰ দৰে উৎসৱমুখৰ পৰিবেশৰ কথা কল্পনাতীত৷ এইখিনিতে এটা কাকতলীয় ঘটনাৰ বিষয়ে উনুকিয়াই থওঁ।
মই আগদিনা নখ কাটিবলৈ NUMBER ব্লেড এখন উলিয়াই অন্যমনস্কভাৱে তাত লিখি থোৱা আখৰকেইটা পঢ়ি আছিলোঁ। ব্লেডখনত বৰফলাত HML আখৰকেইটা লিখা আছিল। যিহেতু যিকোনো দিনতে ফলাফল ঘোষণা কৰিব বুলি জানোৱেই, মোৰ মনত খেলালে এই তিনিটা বিষয়ত যদি লেটাৰ পাই যাওঁ কিমান যে ভাল লাগিব৷
M — Mathematics
H — History
L — Sanskrit
খন্তেকলৈ মনত খেলালে যদিও কথাটোত গুৰুত্ব দিয়া নাছিলোঁ, কাৰণ তেতিয়াৰ দিনত এটা বা দুটা বিষয়ত লেটাৰ পোৱাৰ কথাও ভাবিবলৈ টান, তেনেক্ষেত্ৰত ৩ টা বিষয়ত লেটাৰ পোৱাৰ কথা ভবাটো বাতুলামীহে। ৰিজাল্ট ল’বলৈ যাবলৈ ওলাই এটা সমস্যাত পৰিলোঁ। মেট্ৰিক দিবলৈ বুলি কিনা একমাত্ৰ লংপেণ্টটো পিন্ধিব নোৱৰাকৈ ফাটি আছে। কি কৰা যায় এতিয়া! বৌৱে ক’লে বোলে, বোপাইৰ (ককাইদেউক বৌহঁতে বোপাই বুলি মাতে) চুৰিয়াখনকে পিন্ধি যা৷ চুৰিয়াখনো অলপ মদৰুৱা ৰঙৰ হৈ লেতেৰা হৈ আছে। নিৰুপায় হৈ তাকে পিন্ধি ওপৰত হাফ কামিজ চোলাটো পিন্ধি দুপৰ বেলিকা ওলাই গ’লোঁ৷ গৈ দেখিলোঁ স্কুলৰ সন্মুখত ৰাস্তাতে বহুত ল’ৰা জুম বান্ধি আছে আৰু মোক দেখি সকলোৱে চিঞৰ বাখৰ লগালে, তিনিটা লেটাৰ, তিনিটা লেটাৰ। তেতিয়ালৈকে কোনেও নভবা কথা। বাতৰি-কাগজ কিনিবলৈ পইচা নথকা কাৰণে লগৰ ল’ৰা এজনে (স্বৰ্গীয় অনিল দত্তৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ) মোৰ ৰোল নম্বৰটো দেখুৱালে T- 16017 (HML)।
মোৰ আচৰিত হোৱাৰ পাল। আগদিনা ব্লেডখনত যিটো ক্ৰমত আখৰকেইটা দেখিছিলোঁ সেই একেটা ক্ৰমতে মোৰ নম্বৰটোৰ কাষতে বন্ধনীৰ ভিতৰত আখৰ তিনিটা লিখি থোৱা আছে! মোৰ চকুকে মই যেন বিশ্বাস কৰিবলৈ টান পালোঁ৷ লগৰ প্ৰায়বোৰ ল’ৰাই মোক আহি আগুৰি ধৰিলেহি৷ অলপ সময় সিহঁতৰ লগতে থাকি অনিলৰ লগতে ঘৰলৈ বুলি ৰাওনা হ’লোঁ। আনকি স্কুলৰ ফালেও পাক নামাৰিলোঁ। স্কুলৰ কোনো শিক্ষককো লগ নাপালোঁ। আজিকালি যি উৎসৱমুখৰ পৰিবেশ দেখা যায়, তাৰ চিন মোকাম দেখিবলৈ পোৱা নগৈছিল তেতিয়াৰ দিনত৷ ঘৰলৈ আহিও একেই নিমাওমাও অৱস্থা, যেন একো হোৱাই নাই৷ কোনো খবৰ কৰিবলৈ অহা মানুহ নাই। তেতিয়ালৈকে গাঁও অঞ্চলত সেই পৰম্পৰাই গা কৰি উঠা নাছিল৷ পিছদিনাৰপৰা আকৌ আগৰ দৰেই দৈনন্দিন কামবোৰ কৰি কলেজত পঢ়াৰ সপোন দেখা আৰম্ভ কৰিলোঁ৷ এয়াই মোৰ মেট্ৰিকৰ ফলাফল ঘোষণাৰ দিনটোৰ ডুখৰীয়া সোঁৱৰণি৷

(৩)

এটা আধলিৰ দুঃস্বপ্ন

কাহিনীৰ আৰম্ভণিতে এটা কথা কৈ ল’ব লাগিব, মই বৰ দুখীয়াৰ ঘৰৰ ল’ৰা আছিলোঁ; ইমানেই দুখীয়া আছিলোঁ যে এল পি স্কুললৈ “ক”, “খ” শ্ৰেণীত ঠাণ্ডা দিনত ডিঙিত কাপোৰ এখন ভৰিলৈকে পৰাকৈ বান্ধি দি ঘৰৰপৰা পঠিয়াইছিল, জাৰ আৰু লজ্জা, দুয়োটা নিবাৰণ কৰিব পৰাকৈ৷ কিতাপ নাছিল। লগৰ ল’ৰাই ফাটিলে পেলাই দিয়া কিতাপ বুটলি আনি পঢ়িছিলোঁ। ফলিৰ নামত আছিল এটা ভগা টুকুৰা; আৰু বছৰৰ প্ৰায় ছমাহ কেতিয়াবা একো নোখোৱাকৈ বা কেতিয়াবা ভীমকল এটাৰ লগত পানী এবাটি খাই স্কুললৈ গৈছিলোঁ৷ কিন্তু সম্ভৱ ভগৱানে পৰোক্ষভাৱে এটা উপকাৰ কৰিলে। স্কুলত নাম লগোৱাৰপৰা শিক্ষা সাং কৰালৈকে শ্ৰেণীত সদায় প্ৰথম হৈছিলোঁ৷ ইয়াৰ লগতে সম্পৰ্ক, মই ক’ব খোজা “এটা আধলিৰ দুঃস্বপ্ন” নামৰ এই সঁচা কাহিনীটোৰ৷

আমাৰ দিনত ষষ্ঠ শ্ৰেণীৰ কেইজনমান ল’ৰা ছোৱালীক বৃত্তি পৰীক্ষাৰ বাবে বাছি দিয়ে। তেওঁলোকে বছৰেকীয়া পৰীক্ষাৰ সলনি বৃত্তি পৰীক্ষা দিয়ে, বাকীবোৰে আন শ্ৰেণীৰ দৰেই বছৰেকীয়া পৰীক্ষা দিয়ে৷ যিহেতু বৃত্তি পৰীক্ষাটো এটা গুৰুত্বপূৰ্ণ পৰীক্ষা, গতিকে বৃত্তি দিবলগীয়া ছাত্ৰ ছাত্ৰীকেইজনে পৰীক্ষাৰ এমাহমানৰ আগতে শিক্ষক শিক্ষয়িত্ৰীসকলক চাহ মিঠাই খুউৱাৰ পৰম্পৰা আমাৰ স্কুলত প্ৰচলিত আছিল৷ এই উদ্দেশ্যেৰে আমাৰ বৃত্তিৰ বাবে পঠোৱা ৬ জন ল’ৰাই গাইপতি ২.৫০ (আঢ়ৈ) টকাকৈ তুলিবলৈ ঠিক কৰিলে৷ ল’ৰাকেইজনৰ মুখীয়ালজনে মোক ২.৫ টকাৰ ঠাইত ৫০ পইচা অৰ্থাৎ আধলি এটা দি তেওঁলোকৰ লগত সহযোগ কৰিবলৈ ক’লে৷ সেই মুহূৰ্তৰপৰাই মোৰ আৰম্ভ হ’ল “এটা আধলিৰ দুঃস্নপ্ন”। ঘৰত বৌক ক’লোগৈ। (আমি মাক বৌ বুলি মাতিছিলোঁ) বৌৱে হালধিৰ টেকেলীত বিচাৰি সাঁচতীয়া এক অনীয়া ৮ টা হিচাপ কৰি দিলেহি৷ ময়ো আনন্দ মনেৰে গৈ আঠটা এক অনীয়া পইচা মুখীয়াল ছাত্ৰজনক দিলোঁগৈ৷ তাৰ পিছত দিন এটা ঠিক কৰি চাৰ – বাইদেউসকলক পানীখোৱা ছুটীতে চাহ আৰু চিঙ্গৰা খুওৱাৰ বন্দোৱস্ত কৰা হ’ল৷ সেই অনুসৰি নিৰ্দিষ্ট দিনটো আয়োজন কৰা হ’ল৷ সেইখিনিলৈকে সকলো ভালেই গৈছিল৷ কিন্তু অঘটনটো ঘটিল “পানী খোৱা ছুটীত৷” সেইদিনা লগৰ বাকীকেইজন ল’ৰাৰপৰা মই ফালৰি কাটি আছিলোঁ, কাৰণ ২.৫০ টকাও দিব নোৱাৰি মোৰ মনটো বৰ মৰি আছিল৷ মই টীয়ক নৈৰ পাৰত গোটেই পানীখোৱা ছুটীৰ সময়খিনি মন মাৰি অকলে বহি আছিলোঁ৷ পানী খোৱা ছুটী শেষ হোৱাৰ আগমুহূৰ্তত মুখীয়াল ল’ৰাজনে গৈ মোক এক অনীয়া এটা ঘূৰাই দি ক’লে, “সোমকান্ত তোমাৰ এই এক অনীয়াটো আমি চলাব নোবাৰিলোঁ, তুমিয়েই ৰাখি থোৱা৷” পইচাটো ভালকৈ চাই দেখিলোঁ যে পইচাটো ঘঁহনি খাই খাই একেবাৰে মিহি হৈ গৈছে। পইচাটোৰ গাত কোনো আখৰ বা আন প্ৰতীক চিহ্নৰ চিন মোকাম নাই৷ গতিকে চৰতীয়াটো সঁচাই অচল৷ মোৰ অৱস্থা কি হ’ব পাৰে ভাবি চাওক৷ মই কি ঠগ? প্ৰৱঞ্চক? মই মৰ্মান্তিক আঘাত পালোঁ, কিন্তু কাক ক’ম কোনে পতিয়াব! কিন্তু, এটা কথা আজিলৈকে মই বুজি নাপালোঁ, শ্ৰেণীৰ প্ৰথম স্থানত থকা ছাত্ৰজন বাকী ৫ জন ছাত্ৰৰ লগত উপস্থিত নোহোৱা কথাটো এজনো শিক্ষকৰ চকুত নপৰিল কিয়? লগৰবোৰে বাৰু মোৰ বৰঙণি সিহঁততকৈ কম হোৱাৰ বাবে মোৰ অনুপস্থিতিত গুৰুত্ব দিয়া নাই, কিন্তু শিক্ষকসকলেতো নাজানে! শ্ৰদ্ধেয় শিক্ষকসকলেতো চাহ খোৱাৰ সময়ত মোৰ অনুপস্থিতিৰ কথা মন কৰিব লাগিছিল!

এই কথাটোৱে সেই কিশোৰ বয়সতে মোৰ মনত গভীৰ আঘাত দিছিল আৰু বৰঙণি অন্যসকলৰ লগত সমানে দিব নোৱৰাৰ অপৰাধবোধে মোক মানসিকভাৱে কোঙা কৰি পেলাইছিল৷ এই ঘটনাটোৰ বহুত দিনৰ পিছলৈকে মই মূৰ তুলি লগৰ ল’ৰাৰ লগত কথা পাতিবলৈও সাহস গোটাব পৰা নাছিলোঁ৷ তেতিয়াই বুজি পাইছিলোঁ, দৰিদ্ৰতাৰ বোজা কিমান দুৰ্বিষহ৷

(৪)

“তিক্ত- সিক্ত অভিজ্ঞতা”

মই চাৰি বছৰ বয়সতে প্ৰাথমিক স্কুললৈ গৈছিলোঁ। কাৰণ, আমাৰ ঘৰৰপৰা স্কুলৰ দূৰত্ব তেনেই কম আছিল। পাঁচটা পদূলি পাৰহৈ আমাৰ গাঁৱৰ ৰাজহুৱা বৰ পুখুৰীটো পায়; আৰু সেই পুখুৰীৰ পূব দক্ষিণ পাৰতে আছিল আমাৰ L পেটাৰ্ণৰ স্কুলখন৷ ওচৰতে হ’লেও স্কুলখন দেখিলে আমি স্কুললৈ নোযোৱাবোৰে বৰ ভয় কৰিছিলোঁ৷ আমাৰ স্কুলৰ প্ৰধান শিক্ষকজন ইমান কাঢ়া আছিল যে তেখেতৰ এছাৰিৰ পিটনত ল’ৰা ছোৱালীবোৰে গগন ফলা চিঞৰ সোধাইছিল আৰু আমি বৰ পুখুৰীত গা ধুবলৈ গৈ প্ৰায় সদায়েই সেই চিঞৰবোৰ শুনিবলৈ পাইছিলোঁ৷

অৱশ্যে প্ৰথম দিনা স্কুললৈ যাবলৈ বিশেষ আপত্তি কৰা নাছিলোঁ, কাৰণ “ক” শ্ৰেণীত
’বৰ মাষ্টৰে’ নপঢ়াই বুলি ঘৰত আমাক পতিয়ন নিয়াইছিল৷ খালি গাতে ডিঙিৰ পৰা ভৰিলৈকে পৰাকৈ এখন দুজপীয়া কাপোৰ ডিঙিত বান্ধি দি স্কুললৈ নি বৌৱে নামটো লিখাই থৈ আহিলগৈ৷ কিতাপ-ফলি হাতত একো নাই, মাথো কলঠৰুৱাৰ কঠ এখন, বহিবলৈ৷ বাকী ১০/১৫ টামান ল’ৰা ছোৱালীৰ লগত একেলগে কঠখন পাৰি বহুৱাই থৈ বৌ গুছি গ’ল৷

প্ৰথম দিন বুলি মোক একো সোধা নাই। স্কুলো নিয়মীয়াকৈ বহা নাই তেতিয়ালৈকে৷ মনে মনে বহি আন শ্ৰেণীৰ ল’ৰা ছোৱালীবোৰক পঢ়ুওৱা চাই আছোঁ৷ তাৰ মাজতে লক্ষ্য কৰিছোঁ যে কোনোবা ল’ৰা বা ছোৱালী বাহিৰলৈ যাব লগা হ’লে “পাছ” লৈ যাব লাগে৷ পাতল কাঠৰ চলি এটুকুৰা ঘূৰণীয়াকৈ কাটি “পাছ” সাজি দিয়া হৈছে৷ পাছ মাথো এটাহে। যেই কোনো সময়ত এবাৰত এজনহে বাহিৰলৈ যাব পাৰে। সেইজন ঘূৰি আহি পাছটো ৰাখিলেহে আন কোনোবা এজনে দৰকাৰ হ’লে বাহিৰলৈ যাব পাৰিব৷ স্কুল ঘৰটোত চাৰি বেৰৰ বাহিৰে মাজত কোনো বেৰ নাছিল। ’ক’ মানৰপৰা ’তৃতীয়’ শ্ৰেণীলৈকে একে লগে আঁৰ বেৰ নোহোৱাকৈ নিজৰ নিজৰ শ্ৰেণীত বহি পঢ়িব লাগে৷ আৰু বাহিৰলৈ যোৱা “পাছ”টো সদায় প্ৰধান শিক্ষকৰ টেবুলত থাকে৷ এটা কথা স্বীকাৰ কৰোঁ যে সৰুতে মই অত্যন্ত লাজকুৰীয়া আৰু ভয়াতুৰ আছিলোঁ৷ গতিকে, মোৰ যেতিয়া “বাহিৰলৈ যোৱা”ৰ প্ৰয়োজন হ’ল, মোৰ ভয়তে অণ্ঠ-কণ্ঠ শুকাই যোৱাৰ অৱস্থা হ’ল৷ কিছু সময় যেনে তেনে সহ্য কৰি থাকিলোঁ, কিন্তু বাঢ়নী পানীক বাধা দি ৰাখিব কোনে? এটা সময়ত মই বহা কঠখনৰ তলৰপৰা এটা পানীৰ সোঁত বৈ গৈ ওচৰত বহা ল’ৰাটোক ভীতিগ্ৰস্ত কৰি তুলিলে আৰু ল’ৰাটোৱে এটা প্ৰাণ-কাতৰ চিঞৰ মাৰি উঠিলে, “চাৰ, পানী, পানী”। বৰষুণ বাদল নোহোৱা শীত কালিৰ ফৰকাল বতৰত ক’ৰপৰা পানী আহিল চাবলৈ বুলি “সৰু মাষ্টৰ” ল’ৰাটোৰ ওচৰ পালেহি৷ আৰু অলপো কাল বিলম্ব নকৰি তেখেতে বানপানীৰ উৎস আৱিষ্কাৰ কৰিলেহি আৰু “বন্যা ত্ৰাণ”ৰ উদ্দেশ্যে এই অভাজনক কঠ সহিত স্ব গৃহলৈ পঠিয়াই দিলে৷

এনেকৈয়ে প্ৰথম দিনৰ স্কুল গমনৰ “তিক্ত- সিক্ত” অভিজ্ঞতা লৈ ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিলোঁ৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *