ফটাঢোল

বাটে ঘাটে – চম্পক শৰ্মা

১২০৮৭ শতাব্দী এক্সপ্ৰেছ খন ৰঙিয়াৰ তিনি নম্বৰ প্লেটফৰ্ম সোমাই গৈ মানে চিফুং পেছেঞ্জাৰ খন দুই নম্বৰ প্লেটফর্মত ৰৈ আছিল। দৌৰা দৌৰিকৈ গৈ ট্ৰেইন খনত উঠি দিলোঁ। ট্ৰেইন খনত যাত্ৰী কম। খিৰিকিৰ কাষৰ ছিট এটাত বহি মোবাইলত সময় চালোঁ, ঠিক টাইম মতে ট্ৰেইন চলি আছে। শতাব্দী খনহে এডভান্স সোমাইছে।

“আৰে চম্পক, তুই এইখানে”

চিনাকী চিনাকী লগা মাত এটাত ঘূৰি চালোঁ, হয়, ভবা জনেই হয়। সেইজন নৰেন দা। আলিপুৰত লগ পাইছিলোঁ। সদাহাস্যমুখী নৰেন দা গাজা কোৱাত পাকৈত। এনেকুৱা ৰস লগাই কথাবোৰ কয়, বিশ্বাস নকৰি নোৱাৰি। আৰু সাধাৰণ কথা এটাও তেখেতৰ মুখত শুনিলে হাঁহি হাঁহি পেটৰ নাৰী ডাল ডাল হয়।

নৰেন দাৰ ওচৰত বহি খবৰ খাটি ললো। আলিপুৰত থকা বন্ধু বোৰৰ খবৰ ললো। এনেয়ে কলো, নৰেন দা আপুনি কিন্তু সলনি হৈছে দেই। আগৰ নৰেন দা আৰু হৈ থকা নাই।নৰেন দা কিছু সময় মনে মনে থাকিল। খিৰিকিৰে বাহিৰলৈ চাই ক’লে সময়ে সকলোকে সলনি কৰি পেলাই ও চম্পক।

কিয়, কি হ’ল কওক চোন,

দীঘলীয়া হুমুনিয়াহ এটা এৰি নৰেন দাই কলে, মই আৰু বেছিদিন জীয়াই নাথাকো বুজিছ। আজি কালি সদায় মদ খাব লাগে।

আচৰিত হৈ গলো। সুধিলো- কিয়?

আৰু কথাষাৰত কিবা ৰহস্যৰ গোন্ধ পালো। নৰেন দাই আগতেও মদ খাইছিল। কিন্তু সদায় খোৱা নাছিল। সদায় খোৱা আৰু সদায় খাব লগা হোৱাৰ মাজত পাৰ্থক্য আছে।

নৰেন দাৰ হাত খনত ধৰি সুধিলোঁ, নৰেন দা কি হৈছে কওকচোন।

মোৰ অনুৰোধ এৰিব নোৱাৰি কৈ গ’ল নিজৰ জীৱনৰ এটি সৰু কাহিনী।

আজিৰ পৰা দুবছৰ মান আগৰ কথা, আলিপুৰত তেতিয়া ডুৱাৰ্ছ মেলা চলি আছিল। বৌৱেৰাহঁতক লৈ গৈ মেলা চাব যোৱাৰ কথা। পিছে আমাৰ চাকৰি বোৰৰ কথা জানাই নহয়, কেতিয়া ক’ত যাব লাগে ঠিক নাথাকে। সেই দিনাও ছাৰৰ লগত এঠাইত যাব লগা হল। উভতি আহোঁতে সন্ধিয়া ধাবা এখনত ছাৰ সোমাল। লগত ঠিকাদাৰ দুজন। দামী মদ এবটল উলিয়াই আৰম্ভ কৰি দিলে। ময়ো তাৰে দুই পেগ খাই ঘৰ আহি পাওঁ মানে ল’ৰা-ছোৱালী হাল টোপনিয়ে গল। আৰু বৌৱেৰাই ইতিমধ্যে লক্ষ্মী দেৱীৰ “মোট” সলাই কালী দেবীলৈ পৰিৱৰ্তন হৈছে। বিভিন্ন শব্দৰে মোক থকা সৰকা কৰি থাকোঁতেই মুখত নিষিদ্ধ দ্ৰব্যৰ গোন্ধ পাই আৰু উগ্ৰ হৈ উঠিল। মই কিন্তু লগে লগে মিছা মাতিলো। ঘটনা শেষত ইমান দূৰলৈ গ’ল যে মই ল’ৰা-ছোৱালীহঁতৰ শপত খাই মদ নোখোৱা বুলি কব লগা হ’ল। কিন্তু নিজৰ ল’ৰা-ছোৱালীৰ মিছা শপত খাবটো নোৱাৰি। তাতে সৰু কথা এটা ইমান ডাঙৰ কৰি পেলোৱা বাবে খঙত ডাঙৰ ভুল এটা কৰি পেলালোঁ।

কি কৰিলে, নৰেন দাৰ মুখলৈ চাই সুধিলো।

বুজিছ, মোৰো বহুত খং উঠিছিল, টোপনি যোৱা লৰা ছোৱালী হাল সাৰ পাই গৈছিল। খঙতে কৈ দিলো,

” খাইছোঁ, কি হল তাতে। মোৰ পইছাৰে খাইছোঁ। তোৰ পইচাৰে খোৱা নাই নহয়। এই চা, লৰা ছোৱালী হালৰ শপত। আজিও মদ খাইছোঁ। কাইলৈও খাম। সদায় খাম”

ঘটনাটো তাতেই সমাপ্ত নহ’ল বুজিছ। এইযে ল’ৰা-ছোৱালী হালৰ শপত খালো সদায় মদ খাম বুলি,এতিয়া এদিন মদ নাখালেই বৌৱেৰাই গালি পাৰে। ঘৰত যদি ল’ৰা-ছোৱালীৰ কিবা অসুখ হয় মোক মদ নাই খোৱা বুলি সন্দেহ কৰে। অলপ যদি জ্বৰ উঠে মোক ফোন কৰে, ইয়াৰ অলপ জ্বৰ উঠিছে, আপুনি অলপ মদ খাই আহক চোন। নোৱাৰি বুজিছ, এনেকৈ সদায় সদায় মদ খাব। এনেকৈ আৰু কিমান দিন জীয়াই থাকিম ক’। কিযে তিৰোতা এজনী পালোঐ। তই পিছে এই কথাবোৰ কাকো কৈ নুফুৰিবি। তই কাৰণেহে ক’লো। সকলোকে এইবোৰ কথাটো কব নোৱাৰি।

নাৰেনদাই উদাস মনে বাহিৰলৈ চাই আৰু এটা হুমুনিয়াহ এৰিলে।

আৰু মই বিশ্বাস অবিশ্বাসৰ দোমোজাৰ মাজত থাকিয়েই নৰেন দাৰ পৰা বিদায় ললো।

কাহিনী অভি বাকী হায় মেৰে দোষ্ট।
ট্ৰেইনৰ পৰা নামি নেট অন কৰোঁতেই এটা অচিনাকি নম্বৰৰ পৰা হোৱাটছ আপত এটা মেছেজ পালো। তাত লিখা আছিল
“গাজাটো কেনে লাগিল, মই নৰেন সূত্ৰধৰ”

☆★☆★☆

2 Comments

  • তামূলী।

    মই আগতেই কৈছো, এতিয়াও কওঁ You are genius, so please তোমাৰ গল্প বোৰ কিতাপ আকাৰে উলিয়াই দিয়া.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *