স্পিৰিট কল – সংগীতা ফুকন
হাইস্কুলৰ দেওনা পাৰ হৈ কলেজীয়া জীৱনৰ পাতনি মেলা সময়ৰ কথা । কলেজীয়া বতাহ এজাক গাত বাৰুকৈয়ে লাগিছে । ক্লাছ শেষ হোৱাৰ লগে লগেই আমি কেইগৰাকী মান বান্ধৱী গছৰ তলত বহি সদায়েই ৰসাল আড্ডাত বহোঁ।কোনো কোনোৰ জীৱনত আকৌ সপোনৰ ৰাজকোঁৱৰেও অগাদেৱা কৰিছেহি।হেনে হেন ৰোমান্টিক সময়ত স্বাভাৱিকতেই সপোনৰ ৰাজকুমাৰৰ লগত ভৱিষ্যত জীৱন কটাব পাৰিব নে নাই, যি আশা লৈ কলেজত ভৰি দিছো সেই আশা বাস্তৱত ৰূপায়িত হ’ব নে নাই ইত্যাদি কৰি বিভিন্ন ধৰণৰ মনোস্কামনা।
এতিয়া কথা হ’ল সেই মনোস্কামনা বোৰ বাস্তৱায়িত হ’ব নে নাই তাক জনাৰ উপায় কি? ভগৱানৰ যে কি কিৰিপা! ঘৰত এদিন কথাৰ প্ৰসংগত সৰুবৌৰ লগত তেওঁ ইউনিভাৰ্চিটি হোষ্টেলত কৰা স্পিৰিট কলৰ কথা ওলাল ।সেই শব্দটোৰ সৈতে সেইদিনাই প্ৰথম পৰিচয় হোৱাৰ বাবে কিনো হয় তাকে বৌৱে কোৱাখিনি খুউব মনোযোগেৰে শুনিলোঁ ।আঁতিগুৰি মাৰি কথাখিনি শুনি লৈ পিছদিনা কলেজৰ সময়লৈ অপেক্ষা কৰাৰ সময় আৰু ক’ত!লগে লগে ফোনৰ ৰিচিভাৰৰ বুটামত আঙুলিৰ পৰশ পৰিলেই। “ঐ কৃষ্ণা! আমাৰ সৰুবৌৱে মোক আজি বিৰাট ইনটাৰেষ্টিং বস্তু এটাৰ বিষয়ে ক’লে জাননে?ভৱিষ্যতে হ’বলগীয়া কথা হেনো খুউব ভালকৈ কৈ দিব পাৰে।” পৰভুৰ কিৰিপাত যেনিবা মহাশয়াইও কাৰোবাৰ পৰা সেইবিধৰ বিষয়ে থূলমূল আভাস এটি কৰবাৰ পৰা পাই থৈছিল।বিশদ ভাৱে নজনাৰ বাবে মুখ মেলাৰ সৎ সাহসকণ কৰা নাছিল ।মই বৰ্ণনা কৰাৰ লগে-লগে তেওঁ মোৰ লগত উজান দি কেতিয়াকৈ আমি সেইফেৰা কাম নিজৰ দ্বাৰা কৰিম তাকে লৈ ফোনতে গুণাগথাঁ কৰি পাছ দিনা হোৱালৈ অধীৰ অপেক্ষাৰে বাট চাই নিশাটি পাৰ কৰিলোঁ ।ৰাতি সেই দিনা যেন শেষেই নহয় ।কেইবাবাৰো সাৰ পাই বেৰৰ ঘড়ীলৈ চকু ।একেজনাৰ কিৰিপাতে যেনিবা ৰাতিটোৰ অন্ত পৰি ৰাতিপুৱাল।আজিলৈকে সময়ৰ পিছে পিছে ঢপলিওৱা অমুকী যেনিবা সেইদিনা আনদিনাতকৈ সোনকালে গৈ কলেজত উপস্থিত । অলপ সময়ৰ পিছত বাকী কেইগৰাকী আইও আহি উপস্থিত হোৱাৰ লগে-লগেই গভীৰ আলোচনাত বহি গ’লো ।এতিয়া প্ৰথম কথা হ’ল কৰ্ম ভাগি ক’ত পৰীক্ষা মূলক ভাৱে কৰা হ’ব।যিহেতু ঠাইটুকুৰা হ’ব লাগিব নিজান।বহুত ভাবি গুণী অমুকীৰ জন্মঘৰখনকেই ঠিক কৰা হল।ভবামতেই কাম।চকু কাণ মুদি কলেজৰ ক্লাছ দুটা কৰি তিনি নম্বৰ ক্লাছ আৰম্ভ হোৱাৰ আগতেই ফৰিং চিটিকা দি তিনিজনীয়ে তিনিখন Impact চাইকেল লৈ আহি নিৰ্দিষ্ট গন্তব্য স্থান দিশে ধাৱমান। সময়তকৈ আগতে ঘৰলৈ অহাৰ বাবে ঘৰৰ সদস্য সকলৰ প্ৰশ্নবাণৰ মুখামুখি হোৱাৰ আগতেই মোৰ পঢ়া ৰূমটোৰ দুৱাৰৰ হুক লাগিল।প্ৰয়োজন হোৱা বস্তু বোৰ কলেজৰ পৰা আহোঁতেই যোগাৰ নকৰাৰ ভুলটো অৱশ্যে কৰা নাছিলোঁ ।বন্ধ ৰূমৰ মজিয়াখন অকণমান মুকলি কৰি এগৰাকীয়ে আলমাৰি এটাত ভেজা দি তিনিওগৰাকীয়েও প্ৰায় ত্ৰিভূজ এটাৰ আকৃতিত কৰ্ম ভাগিৰ বাবে সাজু হ’লো।ওপৰত নাম উল্লেখ কৰা গৰাকীয়ে স্পিৰিট অহা যোৱা কৰাৰ পথ সহ সুন্দৰকৈ স্পিৰিট কলৰ ডায়েগ্ৰামটো আৰ্ট পেপাৰ এখনত অংকন কৰি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিলে। মম ,আইনাৰ গিলাচ পেপাৰ খনৰ ওপৰত লৈ তিনিওগৰাকীৰ তিনি আঙুলিৰ টিপা গিলাচ টোক বহনৰ দায়িত্ব দি গভীৰ প্ৰাৰ্থনাত নিমগ্ন । এক মিনিট, দুই মিনিট, তিনি মিনিট…. কেইমিনিট হৈছে নাজানো ‘ধুপুছ্ছ্’! উচপ্ খাই কৃষ্ণা আৰু মই চকু মেলি দিলোঁ । দেখিলোঁ আলমাৰিৰ ওপৰত থকা প্ৰকাণ্ড ফটো এলবাম এটা আহি আলমাৰিত ভেজা দি বহা গৰাকীৰ মূৰৰ ওপৰত পৰি কান্ধেদি খহি আহি ককালত আঁউজি ৰৈছেহি।কিন্তু আইমাতৃগৰাকী ইমানেই ধ্যানত নিমগ্ন যে সাত ফুট উচ্চতাৰ পৰা আহি পাঁচ কিলো ওজনৰ এলবামটোৱে মৰা খুন্দাকো পৰোৱা নকৰি একান্ত মনে ধ্যানত নিমগ্ন ।জানোছা আগন্তুকে তেওঁৰ মূৰৰ ওপৰতেই টক্কৰটো মাৰি অহাৰ সম্ভেদ দিছেহি।মুঠৰ ওপৰত একান্ত মনে আত্মাক কৰা আহ্বান ।ইফালে আমাৰ দুজনীৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম ।কিমান হাত কঁপাই কঁপাই গিলাচটোত আঙুলিৰ টিপা দি থাকিম।কোনোবা এপাকত মোৰ হেঁচিঠেলি থোৱা হাঁহিটো অবাধ্য হৈ বাহিৰলৈ ওলাই আহিল ।’ফাউচ্চ’! লগে-লগে দ্বিতীয় গৰাকীৰো মোৰ লগত পূৰ্ণ সহযোগ চলিল ।মুঠতে হাঁহিত মজিয়াতে বাগৰি পৰিলোঁ ।ভেজা দি থকা গৰাকীয়ে সেমেনা সেমেনিকৈ কৈ উঠিল, “তহঁতে হাঁহিলে কি হ’ব, মইহে জানিছো মূৰটো কিমান বিষাই আছে!মই লৰচৰ কৰি দিলে আত্মা অসন্তোষ্ট হব বুলি হে একো কোৱা নাই।”
স্পিৰিট কল কৰি ভূত-ভৱিষ্যতৰ বিষয়ে জনাৰ মনৰ কামনা সিমানতেই অন্ত পেলাই ভৱিষ্যতলৈ এটি ৰসাল অভিজ্ঞতাৰ টোপোলা আহৰণ কৰি থোৱাৰ বাবে যেনিবা আজি টোপোলাৰ গাঁঠি খোলাৰ সুবিধা কণ পাই মোৰ আজৰি সময়খিনি সুন্দৰকৈ পাৰ হৈ গ’ল।
☆★☆★☆