ফটাঢোল

নাঙঠ – সোণটো ৰঞ্জন বৰুৱা

কালি বহুদিনৰ পাছত মোৰ একালৰ বন্ধু ৰমেনৰ সৈতে সাক্ষাৎ হ’ল৷  মাজতে বহুদিন চহৰৰ পৰা বাহিৰত থকা হ’ল,নিজা ব্যস্ততাৰ বাবে তাৰ সৈতে যোগাযোগ একেবাৰে নাছিল বুলিবই পাৰি৷ কিন্তু ই কি? ইমান পৰিৱৰ্তন? একালৰ সেই আছাম টাইপৰ ঘৰৰ ঠাইত এতিয়া অট্টালিকা৷ বৌক জোৰোণত মাত্ৰ ৰূপৰ চেইন এডাল দিয়া মানুহটোৰ দেহৰ সোণৰ অলংকাৰে বাপ্পী লাহীড়ীকো চেৰ পেলাব৷ সদায় এখন ভগা চাইকেল কোবাই অফিচলৈ অহা-যোৱা কৰা মানুহটোৰ চোতালত কেইবাখনো বিদেশী গাড়ী৷ আৰু চেহেৰা? ক’ৰ সেই কেটেংমেটেং জেওৰা খুঁটি আৰু পকা-বগৰীৰ দৰে আজিৰ চেহেৰা৷ সঁচা কথা ক’বলৈ হ’লে তাৰ পৰিৱৰ্তন দেখি মোৰ ভুল ঠিকনাত আহিলোঁ যেনেই সন্দেহ হৈছিল৷ আকৌ এবাৰ ঠিকনাটো নিশ্চিত কৰিহে তাৰ ঘৰলৈ সোমাই গ’লোঁ৷ অৱশ্যে মোৰো পৰিচয় দিয়াতহে সি মোক চিনি পালে আৰু ভিতৰলৈ মাতি নিলে৷ চাহ-তামোল খাই পঢ়ি থকা দিনৰ কথা ওলাল৷ কিবাকিবি কথা পাতি থাকিলেও মোৰ মনত তাৰ এই আকস্মিক উত্থানৰ কথাই বাৰেপতি মনলৈ আহি আছিল৷
শেষত ৰ’ব নোৱাৰি সুধিয়েই পেলালোঁ-
“তোৰ চাকৰিৰ ধনেৰে কেনেকৈ ইমানবোৰ কৰিলি? মোৰ দেখোন মাহটো চলাবলৈকে দিগদাৰ হয়গৈ৷ গাড়ী-ঘৰতো বাদেই দিলোঁ৷”
“চাকৰি কেতিয়াবাই এৰিলোঁ নহয়। এইবোৰ চব বিজনেছৰ উপাৰ্জন!”- সি হাঁহি এটা মাৰি লাহেকৈ উত্তৰ দিলে৷
“ৱাহ! কি বিজনেছত ধৰিলি, তামাম ইনকাম দেখোন?”
“লোনৰ বিজনেছ!”-সি সংক্ষিপ্ত উত্তৰ দিলে।
“লোন?” -আচৰিত হৈ সুধিলোঁ৷
“মানে বেংকৰ লোন দিয়া এজেন্ট?” তাৰ বিজনেছৰ বিষয়ে মই এইবাৰ অলপ নিশ্চিত হ’লোঁ৷
“না ভাই, এজেণ্ট নহয়,লোন লোৱাৰহে বিজনেছ৷ মই আজিকালি বিভিন্ন ঠাইৰ পৰা লোন লওঁ!”-মোৰ সেই ভুল ভাঙি সি স্পষ্টকৈ তাৰ ব্যৱসায়ৰ কথা ক’লে৷
“হা?…… এইটো কি ব্যৱসায়? প্ৰথম বাৰ শুনিলোঁ৷ আইডিয়াটো ক’ত পালি?”
“হাঃ হাঃ হাঃ….. বৰ তামাম বিজনেছ এইটো৷ মোৰ মতে ভাৰতত লোন লোৱাৰ সমান ডাঙৰ বিজনেছ আৰু একোৱেই নাই। ইয়াৰ আইডিয়াটো আমাৰ সেই পেটুৱাকাইৰ পৰাই পালোঁ৷”
“পেটুৱাকাই মানে সেই যে ….?”
“হয়,ঠিকেই ধৰিছ৷ তাৰ পৰাই৷ এবাৰ সি মোৰ পৰা বিশহাজাৰ টকা লৈছিল৷ লওঁতে কৈছিল; তিনি-চাৰি দিনতে ঘূৰাই দিব। পিছে সেই তিনি-চাৰিদিন আজিও নাহিল৷ ধাৰে লোৱাৰ বাবে এই তিনি-চাৰিদিন যে তিনি-চাৰি জনম, এই কথাষাৰ তাৰ পৰা টকা ওভোতাই বিচাৰোঁতেই বুজি পালোঁ৷ দুই-এদিনৰ মূৰে-মূৰে ৰাষ্টাত লগ পালেই বিচাৰি থাকোঁ-সি কিবা নহয় কিবা বাহানা দেখুৱাই পিছুৱাই দিয়ে৷ এদিন লাগিবই বুলি টানকৈ কোৱাত সি যিকেইষাৰহে ক’লে,তেতিয়াই এটা কথা বুজি পালোঁ।”
“কি?” মাজতে মাত লগালোঁ৷
“টকা ধাৰে দিওঁতাৰ সমান ডাঙৰ মহাত্মা আৰু কোনো নাই৷ টকা ধাৰে দিয়া মানুহ অত্যন্ত ধৈৰ্যশীল,দয়ালু,উদাৰ, ক্ষমাশীল হয়৷ নিজৰ লাভালাভৰ কথা চিন্তা কৰি,নিজৰ মান-অহংকাৰ একাষৰীয়া কৰি টকা উদ্ধাৰ অভিযানত নামিব লগা হয়৷ নিজৰ ধাৰে দিয়া টকাখিনিৰ বাহিৰে সেইসময়ত সকলোৰে প্ৰতি নিৰ্মোহ হ’বলগীয়া হয়৷যেতিয়া পেটুৱাই মোক গালি দিয়াৰ দৰে কৰিছিল সেই মুহূৰ্তত নিজেই নিজকে বুজাইছিলোঁ ‘শান্ত হৈ থাক, শান্ত। নিজৰ টকা পাবলৈ আছে।’ তাৰ কথাত উত্তেজিত নহৈ বুদ্ধদেৱৰ দৰে শান্তস্বৰে উত্তৰ দিলোঁ, ‘পেটুৱাকাই, হ’ব আৰু, মই আৰু গালি খাবলৈ নাই৷’ এই বুলি সেইদিনা তাক যাবলৈ দিলোঁ।”
“তাৰ পাছত,টকাখিনি ঘূৰাই পালিনে?”
“তাৰ পাছত,বন্ধ বাৰ এটাত তাৰ ঘৰলৈ গ’লোঁ টকা বিচাৰি৷ সি ভিতৰৰ পৰা ওলাই আহিল আৰু…”
“অ…”
“নিজৰ চোতালত কানি-কাপোৰ খুলি মোক চিঞৰি চিঞৰি ক’লে, ‘চা মোৰ ওচৰত টকা-পইছা একো নাই,  এতিয়া তই যি কৰ তোৰ কথা!’ মই গামোচা এখন আনি তাক পিন্ধাই দি যিমান পাৰোঁ বিনয়ৰে ক’লোঁ ‘একো কথা নাই পেটুৱা কাই, এতিয়া তই সমস্যাত আছ। মই পাছত আকৌ আহিম।’ এইবুলি নিজৰ মনৰ সন্তুষ্টিৰ বাবে গামোচাখনৰ সূতা এডালকেই ছিঙি লৈ ঘূৰি আহিলোঁ।”
“তাৰ পাছত?”
“এনেকৈ বহুতবাৰ বিচাৰি গ’লোঁ, পিছে নিষ্ফল৷ এদিন অ’চি ছাৰকো কৈ চালোঁ, উলিয়াই দিলে ৫০-৫০ কৰি ল’ম বুলি৷”
“অ’চি ছাৰে উলিয়াই দিলেনে?”
“মোৰ কথা শুনি অ’চি ছাৰে অলপপৰ ভাবি ক’লে যে তেখেতৰ পৰাও পেটুৱাই কেইহেজাৰমান ধাৰ লৈ থৈছে৷ থানালৈ আনি দুমাৰমান দিয়াৰ পাছতো উলিয়াব পৰা নাই৷ মোৰ টকা উলিয়াই দিয়াৰ সলনি তেখেতে মোকহে ওলোটাই তেখেতৰ টকাখিনি উলিয়াই দিবলৈ ক’লে৷ টকাখিনি উলিয়াব পাৰিলে তেখেতেহে হেনো ৫০-৫০ কৰিব৷”
“বাপৰে ই দেখিছোঁ বাঘৰ আগতেল খোৱা৷ তাৰ পাছত?টকাখিনি পালিনে?”
“আৰে ভাই, তই টকাৰ পাছত লাগি আছ’। টকা বাদ দে,  মোৰ ব্যক্তিত্বলৈ অহা পৰিৱৰ্তনলৈ চকু দে৷ মানুহৰ যি ব্যক্তিত্বৰ পৰিৱৰ্তন বেদ,শাস্ত্ৰ বছৰ-বছৰ ধৰি পঢ়াৰ পাছত হয়, সেই পৰিৱৰ্তন কোনো ব্যক্তিক টকা ধাৰে দিয়া মাত্ৰকে হৈ যায়৷ তাৰ পাছত মই পেটুৱাৰ প্ৰেমত পৰিলোঁ৷ কোনে কয়-ধাৰে প্ৰেমৰ সূত্ৰ ছিঙে বুলি,মোৰ মতে দীৰ্ঘম্যাদী ধাৰ প্ৰেমৰ সেঁতুহে। পেটুৱাই মদ খালে,মদ খালে হ’ব পৰা পৰিণামবোৰ মনলৈ আহি গা জিকাৰ খাই যায়৷ যদি সি ৰাতি ঘৰলৈ ঘূৰা গম নাপাওঁ মোৰ টোপনি নাহে৷ যেতিয়া সি ঘূৰি অহা গম পাওঁ তেতিয়াহে মনটোৱে সান্ত্বনা পায় যে মোৰ টকাখিনিৰ মালিকটো ঘৰলৈ ঘূৰি আহিল বুলি৷ টকাৰ বাবেই সি মোৰ বাবে মূল্যৱান সম্পদলৈ পৰিণত হ’লগৈ !”
“টকাখিনি ওভতাই পালিনে?”তাৰ কথাৰ মাজতে সুধিলোঁ৷
“নাই,পিছৰখিনি শুন৷ তই জানই আগৰে পৰাই মই ৰাজনীতিৰ লগত জড়িত৷ এতিয়াৰ এম.পি.জনৰ লগতো খুব ভাল সম্পৰ্ক৷এদিন তেওঁৰ লগত কথাপাতি থাকোঁতে ধাৰ দিয়াৰ অভিজ্ঞতাৰ বিষয়ে তেওঁ কৈ থাকোঁতে মই মোৰ এই কাহিনীটো ক’লোঁ৷”
“তাৰমানে শেষত তোৰ টকা এম পি চাৰে উলিয়াই দিলে৷”
“আৰে ভাই,তইতো পাক্কা ভাৰতীয়। তোৰ এতিয়া চিন্তা,ধাৰে দিয়া টকা ওভতাই পালোঁনে নাই৷ কিন্তু কথাৰ আৰম্ভ কৰিছিলি মোৰ বিজনেছৰ বিষয়ে জানিবলৈহে….. ”
তাৰ কথা শুনি নিজেই লাজ পালোঁ৷ সঁচাকৈয়ে কথা পাতি থাকোঁতে আলোচনাৰ মূল বিষয়টো একদম পাহৰি গৈছিলোঁ৷ অধিক লাজ পোৱাতকৈ চুপচাপ তাৰ কথা শুনিবলৈ ল’লোঁ৷
“তেওঁ মোৰ কথা চুপচাপ শুনি শেষত হাঁহি মাৰি ক’লে ‘কি চক্ৰত মাথা মাৰি আছা তুমি?’ মই ক’লোঁ-আপুনি হাঁহিছে,ইফালে মোৰ টকা মৰা পৰাৰ ভয়ে খুলি খাইছে৷ টকা উলিয়াবলৈ যাওঁতে মোৰ আৰু কেইহেজাৰমান গ’লগৈ৷ মোৰ কথা শুনি এম পি ছাৰে ক’লে-“তুমি মোক ইলেকচনত বহুত সহায় কৰিছিলা৷ এই ধাৰে দিয়া কাহিনীটো অলপ বেলেগ দৃষ্টিৰে চোৱাচোন৷ ভৱিষ্যত ধাৰে লোৱাসকলৰ বাবেহে৷ দেশলৈকে চোৱা,টকা-পইচা টেকন’লজি সকলো আনৰ পৰা ধাৰে লৈহে আমি আমাৰ দেশৰ ভৱিষ্যত তৈয়াৰ কৰিছোঁ৷ দেশৰ ডাঙৰ ডাঙৰ বিজনেচমেনবোৰ চোৱা,সকলো লোনত ডিঙিলৈকে পোত খাই আছে। সেইবোৰৰ দৰে লাইফ লাগে যদি লোন লোৱা।”

তেখেতৰ কথা শুনি লোন নলওঁ বুলি ক’বলৈহে পালোঁ, তেওঁ অট্টহাস্য কৰি কৈ উঠিল,“কিয়? ভয় লাগে?শুনা,লোন ল’বলৈ ভয় কৰা,আনক ধাৰে দি বোজা উঠোৱা,সেই ধন উদ্ধাৰ কৰিবলৈ তাঁত-বাতি কৰা, এইবোৰ চব মিডল ক্লাছ মানুহৰ লক্ষণ৷ যদিহে মিডল ক্লাছৰ পৰা ওপৰলৈ যাবলৈ মন আছে কালিলৈ আইডি প্ৰুফ আৰু দুখন পাছপৰ্ট চাইজৰ ফটো লৈ আহি যাবা৷ বাট মই দেখুৱাই দিম।”
“আইডি,ফটো…….এইবোৰ মাজলৈ কেনেকৈ সোমালহি?”
“ময়ো ছাৰক তাকেই সুধিছিলোঁ৷ পিছে ছাৰে মোক যিখিনি বুজালে সঁচাকৈয়ে যে ইমানদিনে মিডলক্লাছ হৈয়েই আছিলোঁ সেয়া ভালদৰেই বুজি পালোঁ৷ আমাৰ দৰে মানুহৰ আগত যদি স্বয়ং ভগৱানো প্ৰকট হৈ ‘কি লাগে ল’ বুলি কয় ৰিক্স লোৱাৰ ভয়ত আমি নিত্য প্ৰয়োজনীয় বস্তুকেইটাতকৈ অধিক একো বিচাৰিব নোৱাৰিম৷”
“তাৰপাছত?”চৰম কৌতূহলেৰে প্ৰশ্ন কৰিলোঁ৷
“ছাৰে কিবা কৃষি-যোজনা এটাত মোক দুইলাখ টকাৰ লোন দিয়াই দিলে৷ দুয়ো আধা-আধা ভগাই ল’লোঁ।”
“কৃষি যোজনা? তই জানো পথাৰলৈ যাৱ? লোন কেনেকৈ মাৰিলি পাছত?”
“ছাৰৰ ওচৰত কাৰোবাক কৃষক বনোৱাৰ সকলো ৰাষ্টা আছে৷ মোৰ দৰে বহুত কৃষক তেখেতে পুহি ৰাখিছে৷ প্ৰথমে লোন ঘূৰাই দিবলৈ গৈছিলোঁ যদিও ছাৰে হাঁহি হাঁহি এতিয়াই দিব নালাগে বুলি নিশ্চিন্তে থাকিবলৈ কৈছিল৷ পিছৰ বাজেটত আমাৰ লোন মাফ হৈ গ’ল৷ তাৰ পাছতে আকৌ ছাৰৰ সহযোগত যুৱ উদ্যোগৰ আঁচনিত বিশ লাখ টকাৰ লোন ল’লোঁ।”
“বিশ লাখৰ লোন? ওভতাই দিলি কেনেকৈ? টকাৰ পৰিমাণ শুনি মোৰ চিঞৰ ওলোৱা যেন হ’ল৷”
“হাঃহাঃ ওভতালোঁ৷ সম্পূৰ্ণ লোন বীমাৰ টকাৰে মাৰি দিলোঁ৷”
“বীমাৰ টকা?”
“অ’,বীমাৰ টকাৰে, যুৱ উদ্যমীৰ নবনোৱা ফেক্টৰীত নলগা জুই লগাই!”-  ৰমেনৰ মুখত দুষ্ট হাঁহি৷

তাৰ পাছত আকৌ ছাৰৰ লগতেই এক্সপাৰ্ট-ইম্পৰ্টৰ বিজনেচ বুলি এক কোটিৰ লোন ল’লোঁ৷ সেইটোও কিবাকিবি কৰি শেষ কৰিলোঁ৷ ছাৰে কয় লোন ল’লে বৃহৎ পৰিমাণত ল’ব লাগে৷ সৰু-সুৰা লোন ল’লে পৰিয়ালে দায়িত্ব ল’ব লাগে,কিন্তু বৃহৎ লোন হ’লে দেশে দায়িত্ব  লয়৷তাৰ পাছত পছিশ কোটিৰ লোন ল’লোঁ।” “পছিশ কোটিৰ লোন……..ওভতাই দিবি কেনেকৈ?” টকাৰ পৰিমাণ শুনিয়েই মোৰ ডিঙি শুকাই গ’ল৷
“হম….কিবা এটা কৰিমগৈ,মেনেজাৰেও কমিছন খাই থৈছে বাবে ইমান চিন্তা কৰা নাই৷”
“তথাপিও যদি দিব লগা হয়?”
“ছাৰে মোৰ পাচপৰ্ট বনাই দিলে৷ কৈছে বৃহৎ লোন লোৱাৰ পাছত বিদেশ ভ্ৰমণৰ যোগ পৰে হেনো৷ তেতিয়া ফুৰিবলৈ যামগৈ!”
“আৰু যদি যাবলৈ সুবিধা নাপাৱ?ধৰা পৰি যাৱ?”
“ধৰা পৰাৰ সম্ভাৱনা শূন্য,পূৰা চেনেল ফিটিং আছে৷ তথাপিও যদি ধৰা পৰোঁ-পেটুৱাকাই জিন্দাবাদ! ময়ো নাঙঠ হৈ কৈ দিম-মই দেউলীয়া, কি কৰ কৰ……..৷”

☆★☆★☆

5 Comments

  • তৃষ্ণা সো.

    কি লিখিছে!!!! ব্যংগৰ কি সুন্দৰ চোক।

    Reply
  • ৰাজদ্বীপ বৰা

    সুন্দৰ ব্যংগ ! অনাগত দিনত আৰু আশা কৰিলোঁ !

    Reply
  • এইটো কিন্তু সাংঘাতিক হৈছে!

    Reply
  • ৰাস্না বৰা

    বৰ ভাল লাগিছে পঢ়ি।

    Reply
  • অনুৰূপ মহন্ত

    অতি সুন্দৰ মানৰ ব্যঙ্গ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *