ফটাঢোল

বিভিন্নজনৰ একলম – বৰ্ণালী ফুকন

পোনপ্ৰথমে আলোচনীখনৰ সম্পাদনাৰ দায়িত্বত থকা সকলোলৈকে আন্তৰিক অভিনন্দন জনালোঁ৷ শুভ আৰু সফল হওক এই যাত্ৰা৷ প্ৰথমৰে পৰা এতিয়ালৈ গ্ৰুপটোৰ এটা কথাই মোক আকৰ্ষিত কৰি আহিছে সেইয়া হৈছে ইয়াৰ প্ৰতিজন সক্ৰিয় সদস্যই আলোচনীখন সৰ্বাঙ্গ সুন্দৰ কৰিবলৈ যেন বদ্ধ পৰিকৰ৷ মানুহক হাস্য-ব্যংগ ৰচনাৰে হহুঁৱাব পৰাটো এটি কলা৷ যান্ত্ৰিকতাৰে ভৰা পৃথিৱীত নিৰ্দোষ হাস্যৰস আৰু কটু ব্যঙ্গৰ জৰিয়তে আমাক হাঁহিৰ খোৰাক যোগাইছে এই “ফটা ঢোল আলোচনী”খনে৷ কোনোবাই যদি জীৱনৰ জটিল পাকচক্ৰত পৰি হাঁহিবলৈ পাহৰিছে তেন্তে আহক, ‘ফটা ঢোল’ আলোচনীখনে আপোনাক হাঁহিৰ খোৰাক যোগাব৷ প্ৰতিখন আলোচনীতে বহুতো বিখ্যাত সাহিত্যিকৰ ব্যঙ্গ ৰচনাৰাজিয়ে সৌষ্ঠৱ বঢ়াইছে৷ প্ৰতিখন আলোচনীৰ সম্পাদকৰ নীৰৱ সাধনাৰ ফচল এই ‘ফটা ঢোল’ আলোচনী৷ এই আলোচনীখনিয়ে জীৱনৰ দুখবোৰ পাহৰাই এখন আছুটীয়া অনিন্দ্য সুন্দৰ হাঁহিৰ পৃথিৱীৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এই লেখাৰ যোগেদি আলোচনীৰসমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ৷ শেষত এয়াই ক’ম -“জয়তু ফটা ঢোল”।

☆★☆★☆

One comment

  • ৰিণ্টু

    সুন্দৰ মতামতটোৰ বাবে অশেষ ধন্যবাদ বাইদেউ। আপোনালোকৰ আশিস আমাৰ চালিকা শক্তি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *