হাও ছাৰ, গামচা পি পিন্ধি আছে – তবিবৰ ৰহমান
দুহেজাৰ বাৰ চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহ। এমাহ মান আগতে বৰপেটা জিলাৰ মন্দিয়াৰ পৰা চাৰি কিলোমিটাৰ আঁতৰৰ স্কুল এখনত শিক্ষকৰ চাকৰিত নিযুক্ত হৈছোঁ। সেই সময়ত উজনিৰ লগতে নামনিৰো বিভিন্ন অঞ্চলত বানপানী হৈছে। বৰপেটা জিলাৰো বেছি অংশ বানত ডুব গৈছে। ভিতৰৰ বেছিভাগ ৰাস্তা ভাঙি-ছিঙি যোগাযোগ বিচ্ছিন্ন হৈছে। মোৰ স্কুলখনো বানৰ কবলত পৰিছে। সাত-আঠ দিনমানৰ পিছত স্কুলত পাঠদান কৰিব পৰা হোৱা বুলি হেডছাৰে ফোনযোগে জনালে।
আমি বহুকেইজন লগ হৈ সদায় ঘৰৰ পৰা স্কুললৈ অহা যোৱা কৰোঁ। হেডছাৰৰ পৰা ফোন পাই স্কুললৈ বুলি ঘৰৰ পৰা ছয় বজাতে ৰাওনা হ’লোঁ। বৰপেটা পাইহে গম পালোঁ যে মন্দিয়া যাব লাগিলে কিছু অংশ গাড়ীত গৈ তাৰ পিছত ভেলেংকী নদীৰে প্ৰায় পাঁচ-ছয় কিলোমিটাৰ যন্ত্ৰচালিত নাৱেৰে যাব লাগিব। সঁচা-মিছা প্ৰমাণ চাবলৈ বুলি টাটা মেজিকত উঠি গৈ থাকিলোঁ। শুনা কথা সত্য প্ৰমাণিত হ’ল। জেইলৰ ওচৰৰ পৰা মন্দিয়া যাব লাগিলে নাওঁ বা হেলিকপ্টাৰৰে যোৱাৰ বাহিৰে কোনো উপায় নাই। ৰাস্তাটোও তিনি ঠাই মানত ছিঙা বুলি গম পালোঁ। নাৱেৰে যোৱাৰ কথা ভাবি বুকুখন চিৰিংকৈ উঠিল।
হেড ছাৰক ফোন কৰি সকলো কথা জনোৱাৰ লগতে নাৱেৰে মই যাব নোৱাৰো বুলি ক’লোঁ। হেড ছাৰে কোনো কথা নামানি নাৱেৰে হ’লেও যাবলৈ এক প্ৰকাৰ সকীয়নি দিলে। লগৰ দুই এজন আৰু আন শিক্ষকৰ লগতে অন্য মানুহে নাৱলৈ বুলি খোজ ল’লে। লগৰ এজন আৰু অচিনাকি শিক্ষয়িত্ৰী এগৰাকীৰ সৈতে কি কৰোঁ কি নকৰোঁ এনেদৰে ভাবি ৰৈ থাকিলোঁ।
মনলৈ বিভিন্ন ভাব আহিব ধৰিলে।মইতো ভালদৰে সাতুঁৰিব নাজানোঁ। পুখুৰীতহে অলপ অচৰপ সাতুঁৰিব পাৰোঁ। নদীত মাছ মাৰিব যাওঁ যদিও কিবা হ’লে লগৰ বোৰে বচাব বুলি বিশ্বাস থাকে। ইয়াততো বচাবলৈও কোনো নাই। ইমান সোঁতততো সাঁতুৰিবও নোৱাৰিম। কেইদিনমান আগত হৈ যোৱা ধুবুৰীৰ মেডেৰটাৰীৰ ঘটনা মনলৈ ঘনে ঘনে আহিব ধৰিলে। কেনেদৰে মানুহবোৰ মৰিল। কিমান মানুহৰ মৃতদেহ বংগোপসাগৰত পৰিল, কি কি মাছে খালে। উদ্ধাৰকাৰী সকলে বোলে মৃতদেহ বোৰৰ পেটটো পানীৰ তলতে কাটি দিয়ে, যাতে মৃতদেহবোৰ উদ্ধাৰ নহয়। মৃতদেহবোৰ উদ্ধাৰ হ’লে বোলে কাৰোবাৰ খৰচ বেছি হয়।
ঘৰৰ কথাও মনলৈ আহিল। ঘৰতো “নহৰ ঘৰত হৈছি চলি নাম থ’ব কি বুলি” তেনেকুৱা অৱস্থা। ভনীজনীকো বিয়া দিবলৈ আছে, ককাইও বুঢ়ায়ে হ’ল তাকো ঘৰলৈ ওভোতাই আনি বিয়া পাতি দিব লাগে। মা-বাবাৰ বেমাৰ চাব লাগে। ময়ো গণ্ডা হিচাপত ছোৱালী পতাই, আগতে পতাব নোৱাৰাৰ পোতক তুলিব আছে। ঘৰৰ কাষৰ নদীটোতো এইকেইদিন মাছে পানীয়ে সমানে আহিছে, বস্তা হিচাপত মাছ মাৰি শুকাই থ’বও লাগে। এইফালে আমাৰ চাকৰি বোৰৰো বোলে লফা-থফা নাই, একেবাৰে ধিচকাউ। লাখো কোৰৰো ভাব মনলৈ আহিব ধৰিলে। শেষত চাকৰি মাৰ গুলী বুলি ভাবি হেডছাৰক ফোন লগালোঁ। হেড ছাৰে যিকোনো প্ৰকাৰে স্কুল পাবই লাগিব বুলি ক’লে। মোৰ মূৰটোত “জ্বালিম” চিনেমাৰ অক্ষয় কুমাৰৰ দৰে টিঙিচকৈ কোব মাৰি দিলে। মই ছাৰক খঙতে হেলিকপ্টাৰ এখন পঠাই দিবলৈ ক’লোঁ, অন্যথা স্কুল যোৱাটো নহ’ব বুলি ক’লোঁ। ছাৰে খঙতে ফোন কাটি দিলে। ময়ো ঘৰলৈ উভটি আহিলোঁ।
ঘৰলৈ আহি ৰাতি তিনি চাৰিবাৰ ছাৰলৈ ফোন লগালোঁ।ছাৰে ফোন নধৰেহে নধৰে। এবাৰত পালোঁ। কাইলৈ উৰি হ’লেও স্কুল যাম বুলি ছাৰক কথা দিলোঁ। বৰপেটা গৈ গম পালোঁ মন্দিয়ালৈ গাড়ী চলিছে। মনটো পাতল পাতল লাগিল।দুই কিলোমিটাৰমান এৰি খোজ কাঢ়ি তিনিখন গাড়ী সলাই মন্দিয়া পালোঁ। মন্দিয়ালৈ গৈ টকা দহটা দি চাইকেল এখন লৈ স্কুল বুলি পেদেল মাৰিলোঁ। এক কিলোমিটাৰ মান গৈ দেখিলোঁ প্ৰথম দলংখনৰ দুয়ো পাৰে দুশ মিটাৰমানকৈ পানী। চাৰিওফালে ধবলাই হৈ আছে। ইয়াত এইবাৰ ব’ঠা মাৰা নাওঁ চলি আছে। মনতে ভাবিলোঁ “য’তে বাঘৰ ভয় ত’তে ৰাতি হয়”।
চাইকেল এঠাইত তলা লগাই থৈ নাৱৰ ওচৰলৈ গৈ দেখিলোঁ চাৰিগৰাকী শিক্ষয়িত্ৰীয়ে চিনাকি মানুহ নোহোৱা কাৰণে ৰৈ আছে। তেওঁলোকেও বোধহয় মোৰ দৰে তাগিদা পাইছে, নহ’লে গুৱাহাটীৰ পৰা মোতকৈ আগত আহি নাপালেহেঁতেন। আমাক তিনিজন মানক দেখি তেওঁলোকেও নাৱেৰে পাৰ হ’ম বুলি ঠিৰাং কৰিলে। মৰণত শৰণ দি আমি সাত-আঠজন শিক্ষক শিক্ষয়িত্ৰীয়ে নাৱত উঠিলোঁ। আৰু চানা-পোনাই, ডাঙৰে লগ লাগি পঁচিশ-ত্ৰিশজনমান মানুহ হ’ল। এইফালে চাইকেল, বস্তা কিবাকিবিবোৰটো আছেই। নাও এৰিবৰ হৈছে এনেতে সেইফালৰ পৰা আহি থকা নাও এখন চকুৰ সন্মুখতে বুৰ গ’ল। হাঁহৰ পোৱালিৰ দৰে মানুহবোৰে ইফালে সিফালে সাতুঁৰিব ধৰিছে। ভয়তে একে জাপে নাৱৰ পৰা নামি আহিলোঁ। মই নমাৰ লগে লগে শিক্ষয়িত্ৰী চাৰিওগৰাকী আৰু এজন শিক্ষক নামি আহিলে।
নাৱৰ পৰা নামি ছাৰলৈ ফোন লগালোঁ, ছাৰে ভয় কৰিব লগা একো নাই বুলি কৈ স্কুল যাবলৈ ক’লে। কিবা হ’লে নাৱৰীয়াই উদ্ধাৰ কৰিব বুলি আশ্বাস দিলে। আমি নমাৰ পিছত নাওখন গৈ ভালদৰে সিপাৰ পালে। মনতে ভাবিলোঁ ছেহ! সেইখনত গ’লেও হ’ল হয়। ইতিমধ্যে আমাৰ কাষৰ পৰা শিক্ষকজন আৰু দুগৰাকী শিক্ষয়িত্ৰী ঘৰলৈ উভটিছে। থকা শিক্ষয়িত্ৰী দুগৰাকীয়ে মই গ’লে তেওঁলোকেও যাব বুলি ক’লে। ময়ো কি হয় দেখা যাব বুলি ভাবি পাৰ হ’ম বুলিয়েই ঠিৰাং কৰিলোঁ।
এনেতে স্কুলৰ কাষৰ এজন চিনাকি মানুহৰ কান্ধত এখন আঢ়ৈ হেতীয়া দেখিলোঁ। মনতে ভাবিলোঁ এইখন পিন্ধিব পাৰিলে নাও ডুবিলেও অলপ বাচিবলৈ চেষ্টা কৰিব পাৰিম। পেন্ট চাৰ্টেৰে ডুবিলেতো জোট পোত খাই বচাৰ কোনো সুবিধাই নাথাকিব। মই তেখেতৰ পৰা আঢ়ৈ হেতীয়াখন খুজি আনিলোঁ। সকলো লাজ মান কাটি কৰি পেন্ট চাৰ্ট সোলোকাই সেইখন পিন্ধি ল’লোঁ। মোৰ কাৰ্য্য দেখি শিক্ষয়িত্ৰী দুগৰাকীয়ে আচৰিত হৈ নাকে-মুখে সোপা দিলে। মই তেওলোকৰ ফালে চাই ক’লো- মুখত সোপা দিব নালাগে “জান বচোৱা ফৰজ কাম”। কিবা জোট-পোট কমাব পাৰে যদি কমাই লওক-এইবুলি কৈ হাতত জীৱটো টোপোলা বান্ধি লৈ নাৱত উঠিলোঁ। তেওলোকেও উৰ্ণা দুখন টানকৈ মেৰিয়াই মোৰ লগত নাৱত উঠিল।
নাৱত উঠি পেণ্ট চাৰ্ট হাতত লৈ মৰণ লগা মূৰ্গীৰ দৰে মাজতে বহি লৈছোঁ। শিক্ষয়িত্ৰী দুগৰাকীয়েও মোৰ দুয়োফালে বডীগাৰ্ডৰ দৰে বহি লৈছে। কিবা হ’লে বচাব দিয়ক, মোৰ ফালে চাই এজনীয়ে ক’লে। ময়ো ক্ষীণ হাঁহি এটা মাৰি নিশ্চিত থাকক বুলি ক’লোঁ। মনতে ভাবিলোঁ কিবা হ’লে মই নিজেই বাচিম নে নাই একো ঠিক নাই, তাতে এই দুজনীয়ে আকৌ মোকেই ভৰসা কৰিছে। নাও চলিব ধৰিছে। নাও যিমানেই আগবাঢ়িছে সিমানেই মোৰো বুকুৰ ভিতৰত জেনেৰেটৰ মেচিন চলিব ধৰিছে। মনতে কলিমা (সৃষ্টিকৰ্তাৰ নাম লোৱা) পঢ়ি আছোঁ। সোঁত বেছি থকাখিনি পাওঁতে ৰাজধানীৰ গতিত মোৰ মুখেৰে জোৰ জোৰকৈ কলিমা ওলাইছে( শিক্ষয়িত্ৰী দুজনীয়ে পিছত কোৱাত হে গম পাওঁ)। নামিব যে লাগে পাহৰিয়েই গৈছোঁ। মানুহবোৰে নামিবলৈ হাল্লা কৰাতহে মনত পৰিল। নামিবলৈ ধৰাত মোৰ স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ এজনে মাত দিলে। হাও ছাৰ, গামচা পিন্ধি আছেন। মই বোলো আচল জনৰে পাল্লাত পৰিলোঁ, যিজনে ইতিমধ্যে মোক পোন্ধৰ-বিশ দিনতে চকুৰে সৰিয়হৰ ফুল দেখুৱাই থৈছে।
☆★☆★☆
3:29 pm
আঢ়ৈ হতীয়া গামোচা পিন্ধি নাৱৰ ওপৰত কলিমা পঢ়িবলগীয়া আপোনাৰ লটিঘটিৰ কাহিনীটো পঢ়ি ভাল লাগিল৷
1:23 pm
ধন্যবাদ জনালোঁ
6:38 pm
ধুনীয়া। আকৌ পঢ়িলোঁ।
11:19 pm
ধন্যবাদ মিতালী
7:15 pm
এইটো তামাম এডভেন্সাৰ আছিল তবিব৷ পিচে সাতোৰ শিকা হ’লনে?
11:20 pm
ধন্যবাদ দাদা। হোৱা নাই হে দাদা।
7:40 pm
আঢ়ৈহেতীয়া খন সলাবলে ঠাই আছিল নে শিক্ষয়িত্ৰীৰ আগতে সলিলা !!!!
11:21 pm
আৰালত সলাইছোঁ দাদা