ফটাঢোল

বজাৰ নুবুজা নখৰ গাঁথা – নৱজিৎ বৈশ্য

মোৰ নখবোৰ বাঢ়ি গৈ আছে
মোৰ নখবোৰে পোখা মেলিছে

প্ৰতিটো হত্যা-ধৰ্ষণ-লুণ্ঠন
প্ৰতিটো যুদ্ধজনিত ক্ষুধাজনিত মৃত্যুত
মোৰ নখবোৰ বাঢ়ে
মোৰ নখবোৰে পোখা মেলে

কুৰি শতিকাৰ শেহৰফালে উপজিও
মোৰ নখবোৰে বজাৰ নুবুজে

অথচ
একেটা নাদৰে পানী খাই
একেটা নাদৰে আকাশত
একেটা সপোনকে অঁকা কবিতাই
বজাৰ বুজিছে
বজাৰক আপোন কৰিছে
তাইৰ কোনো উদ্বিগ্নতা নাই

তাইৰ নিৰুদ্বিগ্নতাত বাঢ়ে
মোৰ গোঁৱাৰ অভিমান

বিক্ৰীযোগ্য নীলাৰ জীনচ্ আৰু
আমদানিকৃত সেউজীয়াৰ স্পোৰটিং পিন্ধি
তাই বজাৰলৈ যায়
ওঁঠত বিপ্লৱৰ বিজ্ঞাপন বোলাই
তাইৰ কোনো উদ্বিগ্নতা নাই

বিক্ৰীযোগ্যতাৰ ৰঙ্গশালাত
তাইৰ ঈৰ্ষনীয় অৱস্থিতিৰ সন্তুষ্টি
ৰ’দ-চশমাৰে ঢাকি
প্ৰত্যাভূক্তিযুক্ত সুখৰ পেকেট কিনে তাই

তাইৰ মতে
নখৰ সমস্যাৰে জৰ্জৰিত কবিবোৰ
একো-একোটা লুজাৰ-
“পৃথিৱী জুৰি নখৰ ৰমৰমীয়া বজাৰ
আৰু ঘৰখনৰ বজাৰ কৰিবলৈও
তোমাৰ পকেটত পইচা নাই
লুজাৰ
লুজাৰ
লুজাৰ!”

আজিকালি ৰ’দ-চশমা নিপিন্ধাকে
তাই ৰ’দত নোলায়
যি ৰ’দত ফাটিছিল তাইৰ হেপাহৰ ডালিম
সেই ৰ’দৰ প্ৰখৰতাত তাই অত্যুক্ত হয়

নিষ্পাপ মডেলৰ এ-চি গাড়ী এখনত
ঘুৰি ফুৰে তাই, শীতল স্বচ্ছতাৰ মাজেদি
কৃষ্ণাভ এখন পৃথিৱীলৈ চাই
তাইৰ কোনো উদ্বিগ্নতা নাই

ইফালে বাঢ়ি গৈ আছে জ্যামিতিক হাৰত
বজাৰ নুবুজা নখৰ গোঁৱাৰ অভিমান
আৰু তাৰ আঁচোৰত ক্ষত-বিক্ষত হৈ
বাঢ়ি গৈ আছো মই
জীৱনৰ পৰা মহাজীৱনলৈ…

☆★☆★☆

9 Comments

  • ভাল লাগিল

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল দাদা

    Reply
  • Mitali Saharia

    ভাল লাগিল দাদা।

    Reply
  • হেমন্ত কাকতি

    বাহ! কি সুন্দৰ!

    Reply
  • ভাল লাগিল দাদা ৷ কিন্তু কিবা অলপ বুজিবলৈ থাকি গ’ল যেন লাগিছে ৷

    Reply
  • ভাল লাগিল দাদা।

    Reply
  • ৰামানুজ

    সাংঘাতিক আপোনাৰ .অৰ্.থবহ xobdo srinkholor poyubhar…

    ভাল লাগিল

    Reply
  • গীতিকা শইকীয়া

    কি সাংঘাতিক অৰ্থবহ শব্দৰ সমাহাৰ! কেবাবাৰো পঢ়িলো। বাৰে বাৰে থমকি ৰৈ ভাৱি আছো কিমান গভীৰ উপলব্ধি হ’লে এনেকৈ প্ৰকাশ কৰিব পাৰে। বহুত ভাল লাগিল।

    Reply
  • Nabajit Baishya

    আপোনালোকৰ মন্তব্যৰে অনুপ্ৰানিত হ’লো৷ আটাইলৈ ধন্যবাদ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *